Chapter: 6
মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান
(Mental Health and Mental Hygiene)
প্ৰশ্নাৱলী
উত্তৰ দিয়াঃ
১। মানসিক স্বাস্থ্য কি ?
উত্তৰঃ মানসিক স্বাস্থ্য হ'ল ব্যক্তিৰ সম্পূৰ্ণ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰাখি বিভিন্ন পৰিৱেশত খাপ খুৱাই ল'ব পৰা এক প্ৰক্ৰিয়া।
২। মানসিক স্বাস্থ্যৰ এটা সংজ্ঞা দিয়া ।
উত্তৰঃ মানসিক স্বাস্থ্যৰ সংজ্ঞা হ'ল- মনোবিজ্ঞানী জে. এ. হেডফিল্ডৰ মতে, ' মানসিক স্বাস্থ্য হৈছে সমগ্ৰ ব্যক্তিত্বৰ পৰিপূৰ্ণ আৰু সুশ্ৰাৱ্য কাৰ্য্য'।
৩। মানসিক স্বাস্থ্যবিজ্ঞান কি ?
উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ মনৰ স্বাস্থ্য আৰু ইয়াৰ লগত জড়িত থকা বিভিন্ন দিশ সম্পৰ্কে অধ্যয়ন কৰে। মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিৰ ভাৰসাম্য ব্যক্তিত্ব বিকাশ সাধন কৰি সমাজত সুস্থভাৱে সমাযোজনা সহায় কৰা।
৪। মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা এটা লিখা ।
উত্তৰঃ জে.এ.হেড্ফিল্ডৰ মতে মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা হ'ল, " মানসিক স্বাস্থ্যবিজ্ঞান মানসিক স্বাস্থ্য বজাই ৰখা আৰু মানসিক অসুস্থতা প্ৰতিৰোধ কাৰ্য্যৰ লগত জড়িত।
৫। ক্লিফোর্ড বিয়াৰচে লিখা কিতাপখনৰ নাম কি আছিল ।
উত্তৰঃ ক্লিফোৰ্ড বিয়াৰচে লিখা কিতাপখনৰ নাম হ'ল- ' A mind that found itself '.
৬। প্ৰথম অৱস্থাত মানসিক স্বাস্থ্যবিজ্ঞানে কিহৰ ওপৰত অধ্যয়ন কৰিছিল ?
উত্তৰঃ প্ৰথম অৱস্থাত মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক বিকাৰগ্ৰস্ত সমস্যাৰ বিষয়ে অধ্যয়ন কৰিছিল।
৭। মানসিক স্বাস্থ্যবিজ্ঞানৰ দুটা উদ্দেশ্য লিখা ।
উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য হ'ল-
(১) ব্যক্তিত্ব বিকাশ আৰু জীৱনৰ অভিজ্ঞতা সমূহৰ মাজত সজীৱ হৈ থকা সম্পৰ্ক সমূহৰ বিষয়ে উপযুক্ত বোধৰ বিকাশ ঘটোৱা।
(২) ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্যৰ নিৱাৰণ আৰু উন্নতি ঘটোৱাৰ বাবে কাৰ্য সম্পাদন কৰা।
৮। মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্তৰ্গত দুটা পৰিধিৰ বিষয়ে লিখা ।
উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্তৰ্গত দুটা পৰিধিৰ বিষয়ে তলত অলোচনা কৰা হ'ল -
৯। মানসিকভাবে সুস্থ ব্যক্তিৰ চাৰিটা গুণ উল্লেখ কৰা ।
উত্তৰঃ মানসিকভাবে সুস্থ ব্যক্তিৰ চাৰিটা গুণ হ'ল-
(১) নতুন পৰিৱেশত কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ সুস্থভাৱে সমাযোজনা স্থাপন কৰে।
(২) নিজৰ আত্ম-মূল্যায়ন কৰিব পাৰে।
(৩) বৌদ্ধিক আৰু আবেগিকভাৱে পৰিপক্ক হয়।
(৪) পৰিৱৰ্তনশীল সমাজৰ লগত সুস্থভাৱে সম্পৰ্ক স্থাপন কৰে।
১০। খালী ঠাই পুৰ কৰা
( ক ) মানসিক স্বাস্থ্য হৈছে সম্পূর্ণ আৰু পৰিপূর্ণ বিকাশৰ কাৰ্য্য ।
( খ ) সুস্থ সমাযােজনে সুস্থ আৰু স্বাস্থ্য বজাই ৰাখে ।
( গ ) আত্মজীৱনী A mind that found itself ' নামৰ কিতাপখন লিখিছিল।
উত্তৰঃ কিফোৰ্ড বিয়াৰচ।
(ঘ ) মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য হ'ল সংৰক্ষণ আৰু নিৰাময় ।
(ঙ) চুইটজাৰ আছিল প্ৰথমগৰাকী ব্যক্তি যিয়ে স্পষ্টকৈ মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল ।
( চ) মানসিক স্বাস্থ্যবিজ্ঞানৰ ৰাষ্ট্ৰীয় কমিটিখন গঠন কৰা হৈছিল চনত ।
১১। মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰকৃতি সমূহ লিখা ।
উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰকৃতি সমূহ হ'ল-
(১) মানসিক স্বাস্থ্য বিজ্ঞান এক গতিশীল ধাৰণা।
(২) মানসিক স্বাস্থ্যবিজ্ঞান এক বিকাশশীল আৰু বিজ্ঞানসম্মত বিষয়।
(৩) শাৰীৰিক সুস্বাস্থ্য অবিহনে মানসিক স্বাস্থ্য থাকিব নোৱাৰে।
(৪) মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্য একে বিষয় নহয়।
(৫) মানসিক স্বাস্থ্যবিজ্ঞান, নীতিশাস্ত্ৰ, নৈতিক আদি বিষয়ত পৰা পৃথক।
(৬) মানসিক স্বাস্থ্যবিজ্ঞান ব্যক্তিৰ মানসিক ৰোগ প্ৰতিকাৰ আৰু মানসিক স্বাস্থ্য সংৰক্ষণত বিশেষভাৱে জড়িত।
(৭) মানসিক স্বাস্থ্য মানে সম্পূৰ্ণৰূপে মানসিক ৰোগৰ পৰা মুক্ত হোৱাটো নুবুজায়।
১২। মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ বর্ণনা কৰা ।
উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ তলত বৰ্ণনা কৰা হ'ল-
(১) নিদানমূলক আৰু আৰোগ্যমূলক কাৰ্য ঃ মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ মানলিক ৰোগ, অপসমাযোজন, মানসিক অস্থিৰতা, মানসিক বিকাৰ, মানসিক সমস্যা, অস্বাভাৱিকতা আদিৰ ক্ষেত্ৰত জড়িত থকা বিভিন্ন নিদানমূলক আৰু আৰোগ্যমূলক কাৰ্যসমূহ সম্পাদন কৰে।
(২) প্ৰতিকাৰমূলক / নিবাৰণমূলক কাৰ্য ঃ মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক ৰোগ, অপসমাযোজনৰ সমস্যা, মানসিক বিশৃংখলতা, আদিৰ প্ৰতিকাৰমূলক কাৰ্য্য সম্পাদন কৰে। এনেবোৰ সমস্য়া সমাধানৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি মানুহৰ দেহ-মন ৰোগমুক্ত কৰি সুখী আৰু সুন্দৰ জীৱন-যাপনত সহায় কৰে।
(৩) সংৰক্ষণমূলক/ নিৰাপদমূলক কাৰ্য্য ঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যই ব্যক্তি তথা সমাজ উভয়ৰে কল্য়াণকামী বিকাশ হোৱাটো বিচাৰে। ব্যক্তিয়ে যাতে মনত ভাৰসাম্য ৰক্ষা কৰি সুস্থ, সুন্দৰ আৰু সুখী জীৱন যাপন কৰে আৰু সমাজৰ বিকাশত অৰিহনা যোগাব পাৰে তাৰ পৰিৱেশ মানলিক স্বাস্থ্য বিজ্ঞানে প্ৰদান কৰিব পাৰে।
১৩। মানসিক স্বাস্থ্য বিজ্ঞানৰ নীতিসমূহ চমুকৈ লিখা ।
উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ নীতিসমূহ চমুকৈ তলত আলোচনা কৰা হ'ল-
(১) নিজ নিজ বা আত্মাৰ লগত সমাযোজন নীতি ঃ মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ নিজ 'সত্তা' বা 'আত্মা'-ৰ লগত ভালগৰে পৰিচিত হোৱাত সহায় কৰে। ব্যক্তিৰ ভাৰসাম্য বিকাশ, আত্ম-নিয়ন্ত্ৰণ, আত্ম-আকাংখা, আত্ম-বিকাশ আদিৰ বিষয়ে মানসিক স্বাস্থ্যবিজ্ঞানে প্ৰয়োজনীয় নীতি গঠনত বিশেষ ভূমিকা গ্ৰহণ কৰে।
(২) পৰিৱেশৰ লগত সমাযোজনা নীতি ঃ মানসিক স্বাস্থ্য়বিজ্ঞান ব্যক্তিৰ নিজস্ব প্ৰয়োজন পূৰণ, আবেগিক প্ৰশিক্ষণ,ভাল স্বাস্থ্য ৰক্ষাত আগ্ৰহী, কৰ্মৰ প্ৰতি স্পৃহা, সামাজীকৰণ কৰা, জীৱনৰ সংশয় আৰু বাধাৰ লগত সমাযোজন কৰা, আনক ভালদৰে বুজা অথবা গ্ৰহণ কৰা, জীৱনৰ প্ৰতি ধনাত্মক মনোভাৱ গঢ়ি তোলা, ভগবানৰ প্ৰতি বিশ্বাস ৰখা আদি বিভিন্ন নীতিৰ লগত ওতঃপ্ৰোতভাবে জড়িত যিটোৱে ব্যক্তি পৰিৱেশৰ লগত সুস্থ সমাযোজনত সহায় কৰে।
(৩) মানসিক স্বাস্থ্যৰ আৰোগ্যমূলক নীতি ঃ এই নীতি অনুযায়ী মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক ৰোগ, মানসিক অশান্তি, অস্থিৰতা, অসুস্থ অৱস্থা আদি সম্পৰ্কে ব্যক্তিক বিহিত ব্যৱস্থা প্ৰদান কৰে আৰু পূৰ্বৱস্থালৈ ঘূৰাই আনি স্বাভাৱিক জীৱন যাপনৰ পথ দেখুৱাই দিয়ে।
(৪) মানসিক বিকাৰৰ প্ৰতিকাৰমূলক নীতিঃ এই নীতিয়ে ব্যক্তিৰ অপসমাযোজনৰ বিভিন্ন সামাজিক আৰু ব্যক্তিগত কাৰকসমূহ, প্ৰয়োজন, আকাংখা, প্ৰেৰণা, সংশয়, অভিপ্ৰায়, ক্লান্তি, হতাশ আদি সম্পৰ্কে জ্ঞান প্ৰদান কৰে।
(৫) মানসিক জীৱন সংৰক্ষণ নীতিঃ এই নীতিৰ আধাৰত মানসিক বিজ্ঞান ব্যক্তিৰ পৰিপূৰ্ণ বিকাশ, আবেগিক পৰিপক্কতা, আবেগিক সুস্থিৰতা, সুস্থ দেহ-মন ৰক্ষা, ব্য়ক্তিগত আৰু সামাজিক নিৰাপত্তা আদি দিশৰ লগত জড়িত।
১৪। মানসিক স্বাস্থ্যৰক্ষাত স্কুলৰ ভূমিকা সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী নোহোৱাকৈ আমি কেতিয়াও শান্তিপূৰ্ণ জীৱন অতিবাহিত কৰিব নোৱাৰে। গতিকে বিদ্যালয়সমূহে আমাৰ সমাজৰ ভৱিষ্যতৰ নাগৰিকসকলৰ স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত। মানসিক ৰোগৰ পৰা মুক্তি পোৱাৰ বাবে স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ প্ৰণালীবদ্ধ জ্ঞানৰ প্ৰয়োজন অধিক। স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে মানসিক ৰোগ নিৰাময় কৰাৰ বাবে ল'বলগীয়া উপায়সমূহ জ্ঞান দিয়ে। এই সকলোবোৰৰ বাবে বিদ্যালয়ে তলত দিয়া ভূমিকা সমূহ পালন কৰে-
(১) বিদ্যালয়ে মানৱ শিশুক মনোদৈহিক শক্তি সামৰ্থ্য আৰু গুণাৱলীৰ বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়ায়;
(২) সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিত সহায় কৰে;
(৩) মানসিক জীৱনৰ সমস্যাবোৰ জনাৰ ক্ষেত্ৰত সহায় কৰে;
(৪) ব্যক্তিত্বৰ গুণাৱলী আৰু শক্তি সামৰ্থ্যৰ বিকাশত সহায় কৰা;
(৫) সকলো লোককে আবেগিকভাৱে শক্তিশালী কৰি তোলাত সহায় আগবঢ়ায়;
১৫। মানসিক স্বাস্থ্যৰক্ষাত স্কুলে গুৰুত্ব দিবলগীয়া দুটা বিষয়ৰ কথা উল্লেখ কৰা ।
উত্তৰঃ মানসিক স্বাস্থ্যৰক্ষাৰ স্কুলে গুৰুত্ব দিবলগীয়া দুটা বিষয়ৰ কথা তলত উল্লেখ কৰা হ'ল- ১। শিক্ষকৰ আবেগিক ভাৰসাম্য দৃঢ় হোৱা উচিত। ছাত্র-ছাত্রীৰ মন সুস্থিৰ কৰাৰ
২। শিক্ষক সদায় গণতান্ত্রিক দৃষ্টিভংগীৰ হোৱা উচিত। তেওঁৰ ভূমিকা বন্ধু, দার্শনিক
১৬। মানসিক স্বাস্থ্যৰক্ষাত ঘৰখনৰ প্ৰভাৱৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ মানসিক স্বাস্থ্যৰক্ষাত ঘৰখনৰ প্ৰভাৱৰ বিষয়ে চমুকৈ তলত দিয়া হ'ল-ঘৰখনত ল'ৰা-ছোৱালীৰ নিজৰ পিতৃ-মাতৃ, বাই-ভনী, ভাই-ককাই আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ লগত একেলগে বাস কৰিব লগা হয়। ঘৰখনৰ সকলো সদস্যৰ প্ৰয়োজন, ভাৱ-অনুভূতি, আচাৰ-ব্যৱহাৰ, দৃষ্টিভংগী আদিৰ ক্ষেত্ৰত প্ৰত্যেকে নতুন নতুন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়াত পৰে। এনেক্ষেত্ৰত যদি পিতৃ-মাতৃৰ প্ৰয়োজনীয় জ্ঞান, সচেতনতা, মনোযোগ নাথাকে তেন্তে ল'ৰা-ছোৱালীৰ মানসিক স্বাস্থ্য ক্ষুণ্ন হয়। অত্যধিক আদৰ, উদাসীনতা, অৱহেলা, শাসনধর্মী মনোভাৱ, তিৰস্কাৰ, শৃঙ্খলাৰ অভাৱ আদিয়েও ল’ৰা-ছোৱালীৰ মনত মানসিক অশান্তিৰ সৃষ্টি কৰে। গতিকে পিতৃ-মাতৃয়ে ল’ৰা-ছোৱালীৰ শাৰীৰিক, মানসিক, আবেগিক আদি দিশত পৰিলক্ষিত হোৱা বিভিন্ন প্রয়োজনৰ প্ৰতি গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ বিকাশত সুবিধা প্রদান কৰিব লাগে। ঘৰুৱা পৰিৱেশৰ পৰাই ল'ৰা-ছোৱালীয়ে বৈচিত্র্যময় অভিজ্ঞতা লাভ কৰি জ্ঞান আৰু কৌশল অৰ্জন কৰিব পাৰে। ইয়াৰ বাবে ঘৰুৱা পৰিৱেশ আনন্দময়, স্বাস্থ্যসন্মত আৰু যথোচিত কৰি তোলাটো পিতৃ-মাতৃ বা অভিভাৱকৰ দায়িত্ব।
শিশুৰ মানসিক স্বাস্থ্যৰক্ষাত ঘৰখনে পালন কৰিব লগা কেতবোৰ দায়িত্ব তলত উল্লেখ কৰা হ’লঃ—
১। শিশুৰ সামগ্রিক বিকাশত চকু দিব লাগে।
২। শিশুৰ বিভিন্ন প্রয়োজনবোৰ পূৰণৰ চেষ্টা কৰিব লাগে।
৩। মৰম-ভালপোৱাৰে শিশুৰ সমস্যাবোৰৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগে।
৪। শিশুৰ কৌতূহলী মনৰ প্ৰয়োজনবোৰ পূৰণৰ চেষ্টা কৰিব লাগে।
৫। ঘৰখনত অনুশাসন আৰু নৈতিক পৰিৱেশৰ সৃষ্টি কৰিব লাগে।
৬। শিশুৰ ভয়, ক্রোধ, হিংসা আদি পৰিস্থিতিত যুক্তিসংগতভাৱে সমাধানৰ চেষ্টা কৰিব লাগে।
১৭। মানসিক স্বাস্থ্যৰক্ষাত পিতৃ - মাতৃৰ ভূমিকা সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃমানসিক স্বাস্থ্যৰক্ষাত ঘৰখনৰ প্ৰভাৱৰ বিষয়ে চমুকৈ তলত দিয়া হ'ল-ঘৰখনত ল'ৰা-ছোৱালীৰ নিজৰ পিতৃ-মাতৃ, বাই-ভনী, ভাই-ককাই আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ লগত একেলগে বাস কৰিব লগা হয়। ঘৰখনৰ সকলো সদস্যৰ প্ৰয়োজন, ভাৱ-অনুভূতি, আচাৰ-ব্যৱহাৰ, দৃষ্টিভংগী আদিৰ ক্ষেত্ৰত প্ৰত্যেকে নতুন নতুন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়াত পৰে। এনেক্ষেত্ৰত যদি পিতৃ-মাতৃৰ প্ৰয়োজনীয় জ্ঞান, সচেতনতা, মনোযোগ নাথাকে তেন্তে ল'ৰা-ছোৱালীৰ মানসিক স্বাস্থ্য ক্ষুণ্ন হয়। অত্যধিক আদৰ, উদাসীনতা, অৱহেলা, শাসনধর্মী মনোভাৱ, তিৰস্কাৰ, শৃঙ্খলাৰ অভাৱ আদিয়েও ল’ৰা-ছোৱালীৰ মনত মানসিক অশান্তিৰ সৃষ্টি কৰে। গতিকে পিতৃ-মাতৃয়ে ল’ৰা-ছোৱালীৰ শাৰীৰিক, মানসিক, আবেগিক আদি দিশত পৰিলক্ষিত হোৱা বিভিন্ন প্রয়োজনৰ প্ৰতি গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ বিকাশত সুবিধা প্রদান কৰিব লাগে। ঘৰুৱা পৰিৱেশৰ পৰাই ল'ৰা-ছোৱালীয়ে বৈচিত্র্যময় অভিজ্ঞতা লাভ কৰি জ্ঞান আৰু কৌশল অৰ্জন কৰিব পাৰে। ইয়াৰ বাবে ঘৰুৱা পৰিৱেশ আনন্দময়, স্বাস্থ্যসন্মত আৰু যথোচিত কৰি তোলাটো পিতৃ-মাতৃ বা অভিভাৱকৰ দায়িত্ব।
১৮। মানসিক স্বাস্থ্যৰক্ষাত ঘৰখনে কেনেকুৱা দায়িত্ব পালন কৰিব লাগে সেই সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃমানসিক স্বাস্থ্যৰক্ষাত ঘৰখনৰ প্ৰভাৱৰ বিষয়ে চমুকৈ তলত দিয়া হ'ল-ঘৰখনত ল'ৰা-ছোৱালীৰ নিজৰ পিতৃ-মাতৃ, বাই-ভনী, ভাই-ককাই আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ লগত একেলগে বাস কৰিব লগা হয়। ঘৰখনৰ সকলো সদস্যৰ প্ৰয়োজন, ভাৱ-অনুভূতি, আচাৰ-ব্যৱহাৰ, দৃষ্টিভংগী আদিৰ ক্ষেত্ৰত প্ৰত্যেকে নতুন নতুন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়াত পৰে। এনেক্ষেত্ৰত যদি পিতৃ-মাতৃৰ প্ৰয়োজনীয় জ্ঞান, সচেতনতা, মনোযোগ নাথাকে তেন্তে ল'ৰা-ছোৱালীৰ মানসিক স্বাস্থ্য ক্ষুণ্ন হয়। অত্যধিক আদৰ, উদাসীনতা, অৱহেলা, শাসনধর্মী মনোভাৱ, তিৰস্কাৰ, শৃঙ্খলাৰ অভাৱ আদিয়েও ল’ৰা-ছোৱালীৰ মনত মানসিক অশান্তিৰ সৃষ্টি কৰে। গতিকে পিতৃ-মাতৃয়ে ল’ৰা-ছোৱালীৰ শাৰীৰিক, মানসিক, আবেগিক আদি দিশত পৰিলক্ষিত হোৱা বিভিন্ন প্রয়োজনৰ প্ৰতি গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ বিকাশত সুবিধা প্রদান কৰিব লাগে। ঘৰুৱা পৰিৱেশৰ পৰাই ল'ৰা-ছোৱালীয়ে বৈচিত্র্যময় অভিজ্ঞতা লাভ কৰি জ্ঞান আৰু কৌশল অৰ্জন কৰিব পাৰে। ইয়াৰ বাবে ঘৰুৱা পৰিৱেশ আনন্দময়, স্বাস্থ্যসন্মত আৰু যথোচিত কৰি তোলাটো পিতৃ-মাতৃ বা অভিভাৱকৰ দায়িত্ব।
১৯। মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ অতি বহল। মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক বিশৃংখলা অথবা মানসিক আলোড়নৰ কাৰণসমূহ জনাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। মানসিক স্বাস্থ্য-বিজ্ঞানৰ জ্ঞানৰ সহায়ত মানসিক ৰোগৰ কাৰণবোৰৰ কথা সুন্দৰভাৱে বুজিব পাৰি। মানসিক সমস্যাসমূহ আতৰ কৰাৰ বাবে সংৰক্ষণমূলক উপায়সমূহৰ বিষয়ে জনাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্যবিজ্ঞানে সহায় কৰে। সকলো ধৰণৰ মানসিক বিশৃংখলাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ কাৰণে মানসিক স্বাস্থ্য-বিজ্ঞানৰ জ্ঞান বিশেষভাৱে গুৰুত্বপূৰ্ণ। ইয়ে সুন্দৰ মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধিৰ ক্ষেত্ৰতো সহায় আগবঢ়ায়।
মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা-ব্যক্তিত্বৰ বিকাশৰ প্ৰক্ৰিয়াৰ বিষয়েও সুন্দৰভাবে উপলব্ধি কৰিব পাৰি। প্ৰণালীবদ্ধভাৱে ব্যক্তিত্ব বিকাশৰ উপায় আৰু প্ৰণালীসমূহৰ কথা উপলব্ধিতো মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে সহায় কৰে। মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা সু-সামঞ্জস্য প্ৰক্ৰিয়াৰে ব্যক্তিত্ব বিকাশৰ গুৰুত্ব আৰু প্ৰক্ৰিয়াৰ বিষয়ে জানিব পাৰি। মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা সমাযোজনৰ প্ৰক্ৰিয়াৰ কথাবোৰো ভালদৰে উপলব্ধি কৰিব পাৰি। মানসিক স্বাস্থ্য-বিজ্ঞানে সমাযোজন প্ৰক্ৰিয়াৰ দ্বাৰা নানা ক্ৰিয়া বিধি অৰ্থাৎ মানসিক অথবা প্ৰতিৰক্ষা ব্যৱস্থা যিবোৰ মানসিক উত্তেজনা বা দ্বন্দ্বৰ উপশম ঘটোৱা অথবা সুস্থিৰ মানসিক স্বাস্থ্যৰ বাবে গ্ৰহণ কৰা হয়, সেইবোৰৰ বিষয়ে অধ্যয়ন চলায়। এনে ব্যৱস্থা সমূহ হৈছে- অৱদমন, নিৰোধ, বোধন, অৱৰোহণ, পৰিৱৰ্তন,উন্নীতকৰণ, যুক্তিযুক্তকৰণ ইত্যাদি। সুন্দৰ মানসিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ সকলোবোৰ সমাযোজন প্ৰক্ৰিয়াৰ লগত মানসিক স্বাস্থ্য বিজ্ঞানৰ সম্পৰ্ক আছে। সামগ্ৰিকভাৱে, মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ মূলত প্ৰণালীবদ্ধ মানসিক জীৱনৰ বিকাশ আৰু ব্যক্তিত্ব বিকাশৰ প্ৰক্ৰিয়াৰ লগত গভীৰভাৱে সম্পৰ্কযুক্ত হৈ আছে।
২০। চমুটোক্য লিখাঃ
ক। মানসিক স্বাস্থ্যৰ ধাৰণা ।
উত্তৰঃ সাধাৰণ অৰ্থত, মনৰ স্বাস্থ্য ৰক্ষাৰ নিয়ম-কানুনৰ শাস্ত্ৰকেই মানসিক বিজ্ঞান বোলে। মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ মনৰ স্বাস্থ্য আৰু ইয়াৰ লগত জড়িত থকা বিভিন্ন দিশ সম্পর্কে অধ্যয়ন কৰে। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিৰ ভাৰসাম্য ব্যক্তিত্ব বিকাশ সাধন কৰি সমাজত সুস্থভাৱে সমাযোজনত সহায় কৰা। অর্থাৎ মানসিক স্বাস্থ্যবিজ্ঞান হ’ল এনেকুৱা এটা বিষয় যাৰ দ্বাৰা ব্যক্তিয়ে কেতবোৰ নীতি-নিয়ম বা চৰ্তৰ কথা অনুকৰণ কৰি ব্যক্তিত্ব বিকাশ ঘটাই সমাজত সংগতিপূর্ণভাৱে সমাযোজন কৰিব পাৰে।
খ। মানসিক স্বাস্থ্য বিজ্ঞানৰ অৰ্থ ।
উত্তৰঃ মানসিক স্বাস্থ্য হ’ল ব্যক্তিৰ সম্পূৰ্ণ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰাখি বিভিন্ন পৰিৱেশত খাপ খুৱাই ল’ব পৰা এক প্রক্রিয়া। মানসিক স্বাস্থ্যই ব্যক্তিক সম্পূৰ্ণৰূপে আৰু সুস্থভাৱে জটিল পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সক্ষম কৰি তোলে। মানসিক স্বাস্থ্যই ব্যক্তিক ভিন্ ভিন্ সমস্যাৰ লগত সমাযোজন কৰি ব্যক্তিৰ স্বকীয় গুণ-শক্তিৰ বিকাশত সহায় কৰে
গ। মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশসমূহ ।
উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশসমূহ হ'ল-
(১) ব্যক্তিত্ব বিকাশ আৰু জীৱনৰ অভিজ্ঞতা সমূহৰ মাজত সজীৱ হৈ থকা সম্পৰ্ক সমূহৰ বিষয়ে উপযুক্ত বোধৰ বিকাশ ঘটোৱা।
(২) ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্যৰ নিৱাৰণ আৰু উন্নতি ঘটোৱাৰ বাবে কাৰ্য সম্পাদন কৰা।
(৩) মানসিক অসুস্থতা প্ৰতিকাৰ কৰা।
(৪) মানসিক স্বাস্থ্য ৰক্ষা কৰা।
(৫) মানসিক ৰোগ নিৰাময়ৰ ব্যৱস্থা কৰা।
ঘ। মানসিক স্বাস্থ্যবান লােকৰ বৈশিষ্ট্য ।
উত্তৰঃ মানসিক স্বাস্থ্যবান লােকৰ বৈশিষ্ট্য হ'ল-
(১) নতুন পৰিৱেশত কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ সুস্থভাৱে সমাযোজনা স্থাপন কৰে।
(২) নিজৰ আত্ম-মূল্যায়ন কৰিব পাৰে।
(৩) বৌদ্ধিক আৰু আবেগিকভাৱে পৰিপক্ক হয়।
(৪) পৰিৱৰ্তনশীল সমাজৰ লগত সুস্থভাৱে সম্পৰ্ক স্থাপন কৰে।
Answered By Himashree Bora. & Prabal konwar
Paid E-Notes Available
Only 50 Rupees (Get All Chapter Notes)