Chapter: 2 

অগতানুগতিক শিক্ষা (Non-formal Education)


১। অগতানুগতিক শিক্ষা কাক বোলে ?

উত্তৰঃ শিক্ষা হৈছে মানুহৰ ক্ৰমাগত বিকাশৰ এক জীৱনযোৰা প্ৰক্ৰিয়া। এক অনুকূল পৰিৱেশত কোনো নিৰ্দষ্ট লক্ষ্য আগত ৰাখি নিৰ্ধাৰিত নিয়ম প্ৰণালী, নিৰ্দিষ্ট শিক্ষা পদ্ধতি, নিৰ্ধাৰিত সময়সূচী, পৰীক্ষা ব্যৱস্থা, অনুশাসন আদিৰ পৰা শিক্ষাৰ্থীক যি শিক্ষা প্ৰদান কৰা হয় তাকে অগতানুগতিক শিক্ষা বোলা হয় ।

স্কুলৰ বাহিৰৰ ল'ৰা-ছোৱালীক আনুষ্ঠানিক শিক্ষা প্ৰদানৰ যি ব্যৱস্থা কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়।

২। অগতানুগতিক শিক্ষাৰ সংজ্ঞা দিয়া ।

উত্তৰঃ বিশিষ্ট শিক্ষাবিদ জে.পি.নায়কে অগতানুগতিক শিক্ষাৰ সংজ্ঞা দাঙি ধৰি কৈছিল যে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়।


৩। অগতানুগতিক শিক্ষাৰ যিকোনাে দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ অগতানুগতি শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য হ'ল-

(১) অগতানুগতিক শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিত শিক্ষা ব্যৱস্থা।

(২) শিক্ষাত তাত্বিক বিষয়সমূহতকৈ ব্যৱহাৰিক আৰু কাৰ্যকৰী বিষয়ৰ ওপৰত এই শিক্ষাত অধিক প্ৰাধান্য দিয়া হয়।

(৩) এই শিক্ষাব্যৱস্থা এক মিতব্যয়ী শিক্ষা ব্যৱস্থা।


৪। যােগাযােগ শিক্ষা মানে কি ? 

উত্তৰঃ যোগাযোগ শিক্ষা মানে হল -  এই শিক্ষা শিক্ষাৰ্থীৰ ইচ্ছা স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়া হয়।  এই শিক্ষা  শিক্ষাৰ্থীয়ে ঘৰতে থাকিয়ে বিভিন্ন মাধ্য়মৰে শিক্ষা গ্ৰহণ কৰিব পাৰে।

উদাহৰণস্বৰূপেঃ কম্পিউটাৰৰ,মবাইল, টি ভি ,ৰেডিঅ আদি বিভিন্ন মাধ্য়মৰে শিক্ষা গ্ৰহণ কৰিব পাৰে। 

৫। যােগাযােগ শিক্ষাৰ দুটা উদ্দেশ্য লিখা ।

উত্তৰঃ যোগাযোগ শিক্ষাৰ দুটা উদ্দেশ্য হ'ল-

১. নিয়মীয়াকৈ শ্ৰেণীত উপস্হিত থকাৰ বিকল্প হিচাপে উচ্চ শিক্ষাৰ সুবিধা।

২. কম ব্যয় আৰু অধিক দক্ষতাৰে উচ্চ শিক্ষাৰ ব্যৱস্হা কৰা।


 ৬। অগতানুগতিক শিক্ষা প্রতিষ্ঠানিক হয়নে ?

উত্তৰঃ অগতানুগতিক শিক্ষা প্রতিষ্ঠানিক হয়।


 ৭। অগতানুগতিক শিক্ষাৰ পৰিসৰৰ অন্তর্ভুক্ত ব্যক্তিসকল কোন কোন ? 

উত্তৰঃঅগতানুগতিক শিক্ষাৰ পৰিসৰৰ অন্তর্ভুক্ত ব্যক্তিসকল হ'ল- অকৃতকার্য যুৱক,দক্ষ কৰ্মী, আৰু শিল্পী, ব্যৱসায়ী আৰু প্ৰযুক্তিবিদ, গৃহিণী, আইনকর্তা, জক কর্মী, শিক্ষক, নেতা, বাধাগ্রস্তসকল, অনুসূচীত জাতি আৰু জনজাতিৰ লোকসকল, লঘুসকল, শিশু শ্রমিক আদি।

৮। যােগাযােগ শিক্ষাৰ ধাৰণা কোনে প্রথম প্রচলন কৰিছিল ?

উত্তৰঃ যোগাযোগ শিক্ষাৰ ধাৰণা  ১৯ শতিকাত ১৮৪০ চনত আইজাক পিটমেন নামৰ শিক্ষাবিদজনে প্ৰথম প্ৰচলন কৰিছিল।


৯। অগতানুগতিক শিক্ষাৰ চাৰিটা উদ্দেশ্য উল্লেখ কৰা ।

উত্তৰঃ অগতানুগতিক শিক্ষাৰ চাৰিটা উদ্দেশ্য হ'ল-

(১) ব্যক্তিসকলক ব্যৱহাৰিক শিক্ষাৰ সুযোগ প্ৰদান কৰি জীৱন ধাৰণৰ গুণগত মানদণ্ডৰ উন্নতি সাধন কৰা অগতানুগতিক শিক্ষাৰ এক প্ৰধান উদ্দেশ্য।

(২)ব্যক্তিসকলৰ আৰ্থ-সামাজিক সাংস্কৃতিক আৰু সৌন্দৰ্যবোধৰ আগ্ৰহ বৃদ্ধি কৰাত সহায় কৰাটো হ'ল অগতানুগতিক শিক্ষাৰ উদ্দেশ্য

(৩) সমাজৰ সকলো স্তৰৰ বিভিন্ন লোক সকললৈ আৰ্থ সামাজিক আৰু আৰ্থ সাংস্কৃতিক দিশত জ্ঞান প্ৰদান কৰা।

(৪) অগতানুগতিক শিক্ষাৰ আন এক লক্ষ্য হ'ল উপাৰ্জন আৰু শিক্ষা আহৰণ কাৰ্য সমান্তৰালভাৱে পৰিচালিত কৰাটো সম্ভৱ কৰি তোলা। 

১০। অগতানুগতিক শিক্ষাই জ্ঞানৰ বিস্ফোৰণৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰে ? 

উত্তৰঃ


১১। বর্তমান সময়ত অগতানুগতিক শিক্ষা কিয় প্রয়ােজনীয় ?

উত্তৰঃমানুহৰ ক্রমবর্ধমান শিক্ষাৰ চাহিদা পূৰণৰ বাবেই অগতানুগতিক শিক্ষাৰে উদ্ভৱ হৈছিল। আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া অনেক ত্রুটি এই শিক্ষাৰ যোগেদি সংশোধন কৰিব পাৰি। শিক্ষাৰ ক্ষেত্ৰখনত অগতানুগতিক শিক্ষাৰ গুৰুত্ব যথেষ্ট। সাম্প্ৰতিক বিশ্বত অগতানুগতিক শিক্ষা এক বহুলভাৱে জনপ্রিয় আৰু প্ৰয়োজনভিত্তিক শিক্ষা ব্যৱস্থা হিচাবে আত্মপ্ৰকাশ কৰি উঠিছে। বৰ্তমান সমাজত ইয়াৰ প্ৰয়োজনীয়তাও বাঢ়ি আহিছে। তলত ইয়াৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা হ'ল। অগতানুগতিক শিক্ষাই শিক্ষিত আৰু অশিক্ষিত সকলোকে শৈক্ষিক আৰু অৰ্থনৈতিক প্রয়োজন পূৰণ কৰিব পাৰে।

১। অগতানুগতিক শিক্ষাই নিৰক্ষৰতা দূৰ কৰি শিক্ষাৰ সাৰ্বজনীনকৰণত এক উল্লেখযোগ্য ভূমিকা গ্রহণকৰে।

২। অগতানুগতিক শিক্ষাই বিভিন্ন বৃত্তিধাৰী লোকসকলৰ বৃত্তিমূলক বিকাশৰ ক্ষেত্ৰত উল্লেখনীয় বৰঙণিআগবঢ়ায়।




 ১২। যােগাযােগ শিক্ষাৰ দুটা ভাল দিশ উল্লেখ কৰা  

উত্তৰঃ যোগাযোগ শিক্ষাৰ দুটা ভাল দিশ হ'ল- 

(১) জীৱনব্যাপী শিক্ষা আহৰণ কৰাত সুযোগ প্ৰদান কৰে।

(২) অৱসৰ সময় সুস্থভাৱে পালনত সহায় কৰে।


১৩। যােগাযােগ শিক্ষাৰ দুটা কুফল উল্লেখ কৰা ।

উত্তৰঃ যোগাযোগ শিক্ষাৰ দুটা কুফল হ'ল-

(১) শিক্ষাৰ্থীসকলৰ মাজত সক্ৰিয়তাৰ অভাৱ পৰিলক্ষিত হোৱা দেখা যায়।

(২) শিক্ষাৰ্থীৰ ব্যক্তিগত প্ৰয়োজনৰ প্ৰতি অৱহেলা কৰা দেখা যায়।


 ১৪। দূৰৱর্তী শিক্ষা মানে কি ? 

উত্তৰঃআধুনিক শিক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অৱদান হ’ল দূৰত্ব শিক্ষা। একবিংশ শতিকাৰ জ্ঞানৰ বিস্ফোৰণৰ এক যথাযোগ্য নিৰাময়ৰ উপায় হ’ল দূৰত্ব শিক্ষা। সাধাৰণ অৰ্থত ক'বলৈ গ'লে ঘৰৰ পৰা বহু দূৰত অৱস্থিত শিক্ষা কৰ্তৃপক্ষৰ লগত যোগাযোগ স্থাপন কৰি শিথিলতাৰ নীতিৰে ব্যক্তিয়ে লাভ কৰা প্ৰয়োজন ভিত্তিক শিক্ষাই হ’ল দূৰত্ব শিক্ষা।


১৫। দূৰৱর্তী শিক্ষাৰ এটা সংজ্ঞা দিয়া । 

উত্তৰঃ জেক্ ফকচে (Jack Fokes) দূৰত্ব শিক্ষাৰ সংজ্ঞা প্ৰদান কৰি কয় যে, “দূৰত্ব শিক্ষা হৈছে শিক্ষা আহৰণৰ পদ্ধতি, যি বিদ্যালয়ৰ চৌহদৰ শিক্ষা ব্যৱস্থাত থকা কেতবোৰ বৈশিষ্ট্যতকৈ পৃথক” (Distance education is a mode of learning with certain characteristics which distinguish it from the campus based mode of learning) 

১৬। দূৰৱর্তী শিক্ষাৰ যিকোনাে চাৰিটা উদ্দেশ্য লিখা ।

উত্তৰঃ দূৰৱৰ্তী শিক্ষাৰ যিকোনো চাৰিটা উদ্দেশ্য হ'ল- 

(১) এই শিক্ষাৰ আন এক উদ্দেশ্য হ'ল-শিক্ষাৰ সাৰ্বজনীনকৰণ কৰা।

(২) প্ৰচলিত শিক্ষা ব্যৱস্থাক বহুমুখী আৰু বৃত্তিমুখী কৰি তোলাও এই উদ্দেশ্য।

(৩) শিক্ষা ব্যৱস্থাৰ গুণগত মানদণ্ডৰ বিকাশ সাধন কৰা এই শিক্ষাৰ আন এক উদ্দেশ্য।

(৪) এই শিক্ষাৰ আন এক উদ্দেশ্য হ'ল ফলপ্ৰসূ আৰু কম খৰচী শিক্ষা প্ৰদান কৰা। সাধাৰণ শিক্ষাৰ তুলনাত দূৰত্ব শিক্ষা কম খৰচী ।

 ১৭। দূৰৱর্তী শিক্ষাৰ যিকোনাে দুটা মূল উদ্দেশ্য লিখা । 

উত্তৰঃ দূৰৱৰ্তী শিক্ষাৰ যিকোনো দুটা মূল উদ্দেশ্য হ'ল-

(১) এই শিক্ষাৰ আন এক উদ্দেশ্য হ'ল-শিক্ষাৰ সাৰ্বজনীনকৰণ কৰা।

(২) প্ৰচলিত শিক্ষা ব্যৱস্থাক বহুমুখী আৰু বৃত্তিমুখী কৰি তোলাও এই উদ্দেশ্য।


১৮। মুক্ত শিক্ষা মানে কি ? 

উত্তৰঃ যি শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে সম্পূৰ্ণ স্বাধীনতা ভোগ কৰিবলৈ সুবিধা পায়, স্ব-ইচ্ছাৰে আৰু স্ব-নিৰ্দেশিতভাৱে শিক্ষা লাভ কৰিব পাৰে, যি শিক্ষা ব্যৱস্থাত শিশুকেন্দ্ৰিক শিক্ষাক গুৰুত্ব দিয়া হয় তেনে শিক্ষাকে মুক্ত শিক্ষা বোলে।


১৯। মুক্ত শিক্ষাৰ যিকোনাে দুটা উদ্দেশ্য লিখা । 

উত্তৰঃ মুক্ত শিক্ষাৰ যিকোনো দুটা উদ্দেশ্য হ'ল-

(ক) জীৱনজোৰা শিক্ষাৰ প্ৰয়োজন পূৰণৰ বাবে এই শিক্ষাৰ যোগেৰে সমাজৰ লোকসকলক সুবিধা প্ৰদান কৰা।

(খ) শিক্ষা ব্যৱস্থাৰ মানদণ্ডৰ উন্নতি সাধন কৰা।

২০। মুক্ত শিক্ষাৰ যিকোনাে তিনিটা উদ্দেশ্য লিখা । 

উত্তৰঃ মুক্ত শিক্ষাৰ যিকোনো তিনিটা উদ্দেশ্য হ'ল-

(ক) জীৱনজোৰা শিক্ষাৰ প্ৰয়োজন পূৰণৰ বাবে এই শিক্ষাৰ যোগেৰে সমাজৰ লোকসকলক সুবিধা প্ৰদান কৰা।

(খ) শিক্ষা ব্যৱস্থাৰ মানদণ্ডৰ উন্নতি সাধন কৰা।

(৩) শিক্ষা আহৰণ আৰু উপাৰ্জন সমান্তৰালভাৱে পৰিচালিত কৰাটো সম্ভৱপৰ কৰি তোলা। 


২১। অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য হ'ল-

(১) অগতানুগতিক শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিত শিক্ষা ব্যৱস্থা।

(২) শিক্ষাত তাত্বিক বিষয়সমূহতকৈ ব্যৱহাৰিক আৰু কাৰ্যকৰী বিষয়ৰ ওপৰত এই শিক্ষাত অধিক প্ৰাধান্য দিয়া হয়।


২২। মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনাে তিনিটা উদ্দেশ্য লিখা । 

উত্তৰঃ মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনো তিনিটা উদ্দেশ্য হ'ল-

(i) শিক্ষাত গণতান্ত্ৰিক ভাৱধাৰাৰ বিকাশ সাধন কৰা এই শিক্ষাৰ অন্যতম উদ্দেশ্য।

(ii) জনসাধাৰণক নতুন জ্ঞান আৰু কৌশল আহৰণৰ সুবিধা প্ৰদান কৰা।

(iii) উচ্চ শিক্ষাক শিক্ষক-প্ৰধানৰ পৰিৱৰ্তে শিক্ষাৰ্থী-প্ৰধান কৰি তোলা।

২৩। মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনাে দুটা উদ্দেশ্য লিখা ।

উত্তৰঃ মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনো দুটা উদ্দেশ্য হ'স-

(i) জনসাধাৰণক নতুন জ্ঞান আৰু কৌশল আহৰণৰ সুবিধা প্ৰদান কৰা।

(ii) উচ্চ শিক্ষাক শিক্ষক-প্ৰধানৰ পৰিৱৰ্তে শিক্ষাৰ্থী-প্ৰধান কৰি তোলা।


 ২৪। ভাৰতৰ প্রথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি ? 

উত্তৰঃ ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয় খনৰ নাম হ'ল- অন্ধ্ৰপ্ৰদেশ নুক্ত বিশ্ববিদ্যালয়।


২৫। IGNOU- ৰ সম্পূর্ণ ৰূপটো লিখা । 

উত্তৰঃ IGNOU- সম্পূৰ্ণ ৰূপটো হ'ল- INDIRA GANDHI NATIONAL OPEN UNIVERSITY.


২৬। ১৯৮৫ চনত স্থাপিত হােৱা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি আছিল ? 

উত্তৰঃ ১৯৮৫ চনত স্থাপন হোৱা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম  ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আছিল।


২৭। প্রথম মুক্ত বিশ্ববিদ্যালয়খন ক’ত আৰু কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰঃ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খন ইংলেণ্ডত আৰু ১৯৬৯ চনৰ ২৩ জুলাই স্থাপন কৰা হৈছিল।


২৮। ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়খন ক'ত আৰু কেতিয়া স্থাপন কৰা হৈছিল ? 

উত্তৰঃ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়খন দিল্লীত আৰু ১৮৮৫ চনত স্থাপন কৰা হৈছিল।


২৯। অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি ৰখা হৈছে ?

উত্তৰঃ অসমৰ স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কৃষকান্ত সন্দিকৈ ৰাজ্যিক মুকলি বিশ্ববিদ্যালয় ৰখা হৈছে।


৩০। খালী ঠাই পুৰণ কৰাঃ

(ক)                চনৰ জুন মাহত মাধ্যমিক শিক্ষা আয়ােগে নিজস্ব প্রতিবেদন দাখিল কৰিছিল । 

(খ)  ড° ডি. এচ কোঠাৰী            আছিল বিশ্ববিদ্যালয় অনুদানৰ অধ্যক্ষ ।

( গ ) ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়ােগে পৰামর্শ দিয়া শিক্ষাৰ গাঁথনিৰ প্ৰক্ৰিয়াটো হ'ল   ১০+ ২+৩              । 


( ঘ ) কোঠাৰী আয়ােগৰ প্রতিবেদনখনৰ প্ৰকৃতভাৱে নামাকৰণ কৰা হৈছে     শিক্ষা আৰু জাতীয় বিকাশ          ।

(ঙ)       ৯ জন          সদস্যৰে আয়ােগখন গঠন হৈছিল । 


৩১। চমুটোকা লিখাঃ

 ( ক ) দূৰবর্তী শিক্ষা

উত্তৰঃ দূৰবৰ্তী শিক্ষা হৈছে দূৰবৰ্তী শিক্ষাৰ পাঠ্যক্ৰম পোন প্ৰথমবাৰৰ বাবে ১৮৪০ চনত চাৰ আইজাক পিটমেনে চমু হস্তলিখন পদ্ধতিত ব্যৱহাৰ কৰিছিল।  দূৰত্ব শিক্ষা হ'ল এনে এক শিক্ষা ব্যৱস্হা য'ত শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অসুবিধা অনুসৰি কোনে পাঠ্যক্ৰম আৰম্ভ আৰু শেষ কৰিব পাৰে। দূৰত্ব শিক্ষা কাৰ্যকৰী কৰিবলৈ হ'লে আত্ম অধ্যয়ণৰ ওপৰত গুৰুত্ব দিব লাগিব।

মূৰেৰ মতে, "দূৰৱৰ্তী শিক্ষা হ'ল বিভিন্ন শিক্ষণ পদ্ধতিসমূহৰ এটি পৰিয়াল স্বৰূপ য'ত শিক্ষণ সংক্ৰান্ত আচৰণ আৰু শিক্ষা গ্ৰহণৰ আচৰণ পৃথকভাৱে সম্পন্ন কৰা হয়। এই আচৰণসমূহ শিক্ষাৰ্থীৰ উপস্হিতিতে সম্পাদন কৰাপ ক্ষেত্রত যোগাযোগ সুচল হ'বৰ বাবে প্ৰয়োজন হোৱা পৰ্য্যাপ্ত সা- সামগ্ৰী, ছপা কিতাপ, ইলেকট্ৰিকেলযন্ত্র শিল্প প্ৰস্তুত আৰু অন্যান্য সমলৰ সহায় লোৱা হয়।"


 ( খ ) মুক্ত বিদ্যালয়

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ বাহিৰত স্বাধীনতা আৰু গতিশীলতাৰ নীতিৰ ওপৰত ভিত্তি কৰি যি শিক্ষানুষ্ঠানে স্কুলীয়া শিক্ষা প্ৰদান কৰে তাকে মুক্ত বিদ্যালয় বোলে। মুক্তবিদ্যালয়ৰ শিক্ষাদান ক্ৰিয়াটো মুক্তভাৱে সম্পন্ন কৰা হয়। শিক্ষাদান প্ৰক্ৰিয়াৰ কোনো আনুষ্ঠানিক ধ্যানধাৰণানাই। ৰেডিঅ', দূৰদৰ্শন, ভিডিঅ', কেছেট, টেপৰেকৰ্ডাৰ আদিৰ লগতে শ্ৰৱন দৰ্শন আহিলাৰ মাধ্যমেৰে শিক্ষাদান কাৰ্যক বাস্তৱ মুখী কৰিতোলা হয়।


 ( গ ) মুক্ত বিশ্ববিদ্যালয় । 

উত্তৰঃ যি বিশ্ববিদ্যালয়ত উপযুক্ত সময়ত শিক্ষাৰ্থীসকলে বিভিন্ন সমস্যাৰ বাবে আনুষ্ঠানিকভাৱে উচ্চ শিক্ষা লাভ কৰিব নোৱাৰিলে তেনে শিক্ষাৰ্থীক নিজৰ সুবিধা, ইচ্ছা আৰু সামৰ্থ্য অনুসৰি উচ্চ শিক্ষা প্ৰদান কৰাৰ যি আনুষ্ঠানিক ব্যৱস্হা তাকে মুক্ত বিশ্ববিদ্যালয় বোলা হয়।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Answered By Himashree Bora.& Prabal Konwar