অধ্যায়-১ 

বস্তু বা পদাৰ্থ  

প্রশ্নাৱলীঃ 

(১) তাপৰ পৰিবাহী মানে কি? 

উত্তৰঃ তাপ পাৰ হৈ যাব পৰা পদাৰ্থক তাপৰ পৰিবাহী বোলে।

(২) অস্বচ্ছ পদার্থ কাক বােলে ?

উত্তৰঃ যিবোৰ পদাৰ্থৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে সেইবোৰ পদাৰ্থকে অস্বচ্ছ পদাৰ্থ বোলে।

(৩) সকলাে পদার্থ কিহেৰে গঠিত ? 

উত্তৰঃ সকলো পদাৰ্থ সৰু সৰু কণিকাৰে গঠিত।

(8) গােটা বা কঠিন বস্তু কিয় বৈ  নাযায় ?

উত্তৰঃ কঠিন পদাৰ্থৰ কণিকাবোৰ নিজৰ ঠাই এৰি নাযায়। সেইবাবে গোটা বস্তু বৈ নাযায়।

(৫) জুলীয়া আৰু গেছীয় পদার্থ কিয় বৈ যায় ? 

উত্তৰঃ জুলীয় পদাৰ্থৰ কণিকাবোৰ একে ঠাইতে নাথাকে সহজে এটাইৰ পৰা আন এঠাইলৈ যাব পাৰে। সেইকাৰণে জুলীয়া আৰু গেছীয় পদাৰ্থ বৈ যায়।

(৬) পদাৰ্থৰ কণিকাবােৰৰ মাজত ফাঁক থাকে। এইটো দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰঃ এটা কাঁচৰ গিলাচত পানী অলপ লোৱা। কিমানখিনিলৈ পানী লোৱা হ'ল কিবাহেৰে এটা চিন দিয়া।  পানীখিনিত অলপ চেনি বা নিমখ ঘুটি লোৱা তাৰ পিছত দেখিবা যে চেনিখিনি লাহে লাহেদেখা নোপোৱা হৈ যাব। আমি গম পাম যে চেনিখিনি পানীত মিহিল হ'ল। এতিয়া দাগটোলৈ চোৱা পানীখিনি দাগটোৰ ওপৰলৈ উঠা নাই কিন্তু চেনিখিনি পানীৰ ভিতৰতে আছে। এতিয়া আমি বুজি পালো যে কণিকাৰ মাজত ফাঁক আছে।


(৭) পানীত দ্ৰৱিত হােৱা তিনিবিধ আৰু দ্ররিত নােহােৱা তিনিবিধ পদার্থৰ নাম লিখা। 

উত্তৰঃ পানীত দ্ৰৱিভূত হোৱা তিনিবিধ পদাৰ্থ হ'ল চেনি, নিমখ আৰু ভিনেগাৰ। আৰু পানীত দ্ৰৱিভূত নোহোৱা তিনিবিধ পদাৰ্থ হ'ল হালধি, কেৰাচিন আৰু সৰিয়হৰ তেল।

(৮) নিমখ বা চেনি খােলাকৈ ৰাখিলে কিয় ভিজে?

উত্তৰঃ বায়ুত কিছুমান জলীয় বাস্প মিহলি হৈ থাকে । নিমখ বা চেনি খোলাকৈ ৰাখিলেএই জলীয় ভাপ মিহলি হোৱাৰ ফলত নিমখ বা চেনি খিনি ভিজে। 

(৯) নমনীয়তা মানে কি?

উত্তৰঃ কিছুমান বস্তুক হাতুৰীৰে কোবাই সহজে চেপেটা কৰিব পৰা ধৰ্মটোকে নমনীয়তা বোলে।

(১০) ক’লা ৰঙৰ চছমা ব্যৱহাৰ কৰাৰ সুবিধা কি?

উত্তৰঃ ক'লা ৰঙৰ চছমা পৰিধান কৰা সুবিধা হ'ল সূৰ্য্য়ৰ পোহৰ পোনে পোনে চকুত নপৰে।

(১১) স্বচ্ছ পদার্থ মানে কি? দুবিধ স্বচ্ছ পদাৰ্থৰ নাম লিখা।

উত্তৰঃ যিবোৰ পদাৰ্থৰ মাজেৰে সম্পূৰ্ণকৈ পোহৰ পাৰ হৈ যায় সেইবোৰ পদাৰ্থকে স্বচ্ছ পদাৰ্থ বোলে। উদাহৰণস্বৰূপেঃ কাচ বায়ু।

(১২)  কিছু চেনি অলপ পানীত মিহলি হৈ আছে। চেনিখিনি কেনেকৈ পৃথক কৰিবা? ছবি আঁকিবা।

উত্তৰঃ 


(১৩)  তিনিবিধ পদাৰ্থৰ (যেনে, পানী, বায়ু আৰু কাচৰ) তিনিটাকৈ ভৌতিক ধর্ম লিখা।

উত্তৰঃ পানীঃ ১) পানী কণিকাৰে গঠিত।

      ২) পানীত আন কিছুমান বস্তু মিহলি হয়।

     ৩) পানীৰ মাজেদি তাপ প্ৰৱাহিত হয়।

বায়ুঃ ১) বায়ু স্বচ্ছ।

          ২) বায়ুত আন পদাৰ্থও মিহলি হ'ব পাৰে।

          ৩) বায়ু তাপৰ সু-পৰাৱাহী।

কাচঃ ১) কাচ তাপৰ সু-পৰিৱাহী।

          ২) কাচ স্বচ্ছ।

          ৩) কাচ ঠুনুকা।

(১৪) শুদ্ধ নে অশুদ্ধ : চিন দিয়া।

(ক) ঘােলা পানী পৰিষ্কাৰ পানীতকৈ বেছি স্বচ্ছ। শুদ্ধ / অশুদ্ধ

উত্তৰঃ অশুদ্ধ

(খ) পানী তপতালে কণিকাবােৰৰ মাজত ফাঁক কমে। শুদ্ধ / অশুদ্ধ 

উত্তৰঃ শুদ্ধ

(গ) মাটি পুৰিলে কঠিনতা বেছি হয়। শুদ্ধ / অশুদ্ধ

উত্তৰঃ শুদ্ধ

(ঘ) এগিলাচ পানীত এচামুচ নিমখ মিহলালে পানীখিনিৰ আয়তন বাঢ়ে। শুদ্ধ / অশুদ্ধ 

উত্তৰঃ অশুদ্ধ

(ঙ) ঠুনুকা পদাৰ্থৰ নমনীয়তা বেছি । শুদ্ধ / অশুদ্ধ 

উত্তৰঃ অশুদ্ধ

১৫) ক অংশৰ লগত খ অংশ লগাই বাক্য বোৰ সম্পূন্ন কৰা ।

 

      ক অংশ

       খ অংশ

ৰবৰৰ বল

শিলৰ কঠিনতা

তপতালে লোহাৰ

কাঠতকৈ লোহাৰ


তেলসনা কাগজ

চকমাটিতকৈ বেছি।

ঠুনুকা নহয়।

নমনীয়তা বাঢ়ে।

তাপ পৰিবাহিত বেছি।

কাচতকৈ স্বচ্ছ নহয়

 

 উত্তৰঃ ৰবৰৰ বল                ঠুনুকা নহয় 

             শিলৰ কঠিনতা       চকমাটিতকৈ বেছি

             তপতালে লাহাৰ      নমনীয়তা বাঢ়ে

            কাঠতকৈ লোহাৰ       তাপ পৰিবাহিত বেছি

          তেলসনা কাগজ          কাচতকৈ স্বচ্ছ নহয়




Sri Pallab Jyoti Bora



Post ID : DABP005845