👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
ক্ৰিয়া-কলাপ
◯ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ
উত্ৰাৱল = কি কৰোঁ কি নকৰোঁ অৱস্থ
আগভাগ = প্ৰথম বা শ্ৰেষ্ঠ ভাগ; কোনো কামত প্ৰথমে আগ বাঢ়ি যোৱা
একান্তমনে = আন কোনো ফালে মন নকৰাকৈ; একমনে
মুখিয়াল = মুৰব্বী
বিশাৰদ = জনা-বুজা; পাৰ্গত
শলি = বাঁহ, কাঠ,লো আদিৰ সৰু সৰু গোটা দীঘল কাঠী
[ ১] একোটিকৈ বাক্যত উত্তৰ লিখাঁঃ
ক) কমলপুৰ গাঁৱত কিমান বছৰ মূৰত পুতলা নাচ অনষ্ঠিত হৈছিল?
উত্তৰঃ প্ৰায় দহ বছৰ মূৰত।
খ) গাঁওবুঢ়াৰ নাতিয়েকৰ নাম কি?
উত্তৰঃ ৰতন ।
গ) প্ৰাচীন ভাৰতবৰ্ষত পুতলা-নাচ প্ৰচলনৰ কথা উল্লেখ থকা গ্ৰন্থ দুখনৰ নাম কি?
উত্তৰঃ মহাভাৰত আৰু কথাসৰিৎসাগৰ।
ঘ) পুতলাক সংস্কৃত ভাষাত কি বোলা হয়?
উত্তৰঃপুতলাক সংস্কৃত ভাষাত পাঞ্চালিকা বোলা হয়।
ঙ) অসমত প্ৰচলিত কাঠ পুতালাবোৰ কিহৰ সহায়ত গঢ়া হয়?
উত্তৰঃ অসমত প্ৰচলিত কাঠ পুতলাবোৰ কুঁহিলাৰ সহায়ত গঢ়া।
চ) একোটা পুতলা নাচৰ দলত কিমানজনকৈ মানুহ থাকে?
উত্তৰঃ একোটা-পুতলা নাচৰ দলত ছয়-সাত গৰাকীকৈ মানুহ থাকে।
[ ২] তিনি-চাৰিটামান বাক্যত হোৱাকৈ উত্তৰ লিখাঁঃ
ক) পুতলা নাচৰ ইতিহাসৰ বিষয় চমুকৈ লিখাঁ।
উত্তৰঃ পুতলা নৃত্য অসমৰ অতি প্ৰাচীন সাংস্কৃতিক অনুষ্ঠান। অৱশ্যে ইয়াৰ উৎপত্তি কেতিয়া হৈছিল সেইটোহে সঠিককৈ কোৱা টান। সমগ্ৰ পৃথিৱীতেপুতলাৰ নাচৰ প্ৰচলন আছে। ভাৰতবৰ্ষটো প্ৰাচীন কালৰে পৰা এই নাচৰ প্ৰচলন থকাৰ কথা জানিব পাৰি। আকৌ ভাৰতৰ প্ৰাচীন ৰাজ্য পাঞ্চালতে পুতলাৰ উৎপত্তি হোৱা বুলি ভাৰতীয় লোকতে বিশ্বাস কৰে।
খ) পুতলা নাচক মূলতঃ কেইটাভাগত ভাগ কৰা হৈছে আৰু ভাগকেইটা কি কি?
উত্তৰঃ পুতলা নাচ মূলতঃ চাৰিটা ভাগত ভাগ কৰা হৈছে। আৰু ভাগকেইটা হল- কাঠ পুতলা, হাত পুতলা, মাৰি পুতলা আৰু ছাঁ পুতলা।
গ) পুতলা নাচৰ পুতলা কেনেকৈ নচুওৱা হয়?
উত্তৰঃ পুতলাবোৰ বিভিন্ন অংগত কলা সূতাৰে বান্ধি দিয়ে। এই কলা সূতাৰ জৰীৰ সহায়ত পুতলাবোৰ নচুৱাই।
ঘ) পুতলা নাচত দৰ্শক আৰু অভিনেতাৰূপী পুতলাৰ মাজত কোনে, কেনেকৈ সম্পৰ্ক স্থাপন কৰে লিখাঁ।
উত্তৰঃ পুতলা নাচত দৰ্শক আৰু অভিনেতাৰূপী পুতলাৰ মাজত পৰিচালকে, পুতলাই অভিনয় কৰিবলগীয়া আখ্যানটো গীতৰ মাজেৰে পৰিৱেশন কৰি সম্পৰ্ক স্থাপন কৰে।
[ ৩] চমুটোকা লিখাঁঃ
উত্তৰঃ
মহাভাৰত- মহাভাৰত এখন প্ৰাচীন মহা কাব্য । মহৰ্ষী ব্যাসদেৱে এই প্ৰাচীন কাব্য গ্ৰন্থ
ৰচনা কৰিছিল । পুৰনি ভাৰতৰ সকলো কাহিনী ব্যাসদেৱৰ ৰচনা এই মহাভাৰতৰ নামৰ
কাব্য গ্ৰন্থ খনত সুন্দৰ ভাৱে বৰ্নণা কৰা আছে ।
কথাসৰিৎ সাগৰ- ( FOR STUDENTS )
পুতলা নাচৰ সূত্ৰধাৰ- অংকীয়া নাটতৰ দৰে পুতলা নাচটো এজন সূত্ৰধাৰ থাকে ।
এই সূত্ৰধাৰ জন কপোৰৰ আঁৰত লুকাই থাকে কাৰনে তেঁওক দেখা পোৱা নাযায় । এই
সূএধাৰ জনৰ মুখত এটা পেপাঁ থাকে । এই পেপাঁৰ দ্ৱাৰা সূত্ৰধাৰে পুতলাবোৰৰ মাত ওলিযায়
আৰু পুতলাবোৰৰ বিভিন্ন অংগত কলা সূতাঁৰে বান্ধি পুতলাবোৰৰ বিভিন্ন অংগী-ভংগী
দেখুৱাই ।
[ ৪] বিপৰীত শব্দ লিখাঁঃ
ছাঁ - পোহৰ
সৃষ্টি - ধ্বংস
জন্ম - মৃত্যু
ক'লা - বগা
জীৱ - জড়
অভিনেতা - অভিনেত্ৰী
[ ৫] উদাহৰণ চাই বাকীকেইটা কৰাঁঃ
বস্ত্র – বসন।
নাচ – নৃত্য।
পাত – পত্ৰিকা।
নাট – নাটক।
[ ৬] কি বুলি কোৱা হয়ঃ
ক) যিয়ে নাটক ৰচনা কৰে --- নাট্যকাৰ ।
খ) যিয়ে নৃত্য কৰে --- নৃত্যশিল্পী ।
গ) যিয়ে অভিনয় কৰে --- অভিনেতা ।
ঘ) যিয়ে গীতত সুৰ দিয়ে --- সুৰকাৰ।
ঙ) যিয়ে বাদ্য বজায় -- বাদ্যকাৰ।
চ) মঞ্চৰ পিছফাল --- নেপথ্য।
[ ৭] লোকনাট্য অনুষ্ঠান বুলিলে কি বুজা? তুমি জনা কেইবিধমান লোকনাট্য অনুষ্ঠানৰ নাম লিখাঁ।
উত্তৰঃলােক সমাজৰ মাজত পুৰুষানুক্রমে চলি অহা বিশ্বাস, আচাৰ ব্যৱহাৰ,ধর্ম বা ঈশ্বৰ সম্বন্ধীয় চিন্তাক কেন্দ্ৰ কৰি সৃষ্টি হােৱা এক সামাজিক পৰিবেশ্য কলা বা নাট অনুষ্ঠানসমূহকে লােক নাট্য অনুষ্ঠান বােলা হয়।অসমৰ কেইবিধমান লােক নাট্য অনুষ্ঠান হ’ল- , কুশান গান, অংকীয়া নাট, ভাৰী গান, ঢুলীয়া,ওজাপালি, অনুষ্ঠান ইত্যাদি।
[৮] নাটক মঞ্চস্থ কৰা দেখিচানে? নাটক এখন মঞ্চস্থ কৰোঁতে মঞ্চ এখন কেনেকৈ সজায় চমুকৈ লিখাঁ।
( FOR STUDENTS )
[৯] বাক্য ৰচনা কৰাঁঃ
গাঁওবুঢ়া- আমাৰ গাওঁৰ গাঁওবুঢ়া জন অতি সহজ সৰল ।
গায়ন-বায়ন- ভাওঁনা খন পৰিচালনা কৰিবৰ বাবে ওচৰৰ গাঁৱৰ গায়ন-বায়ন সকলক মাতা হৈছে ।
সূত্ৰধাৰ - অংকীয়া নাটতৰ দৰে পুতলা নাচটো এজন সূত্ৰধাৰ থাকে ।
কুঁহিলা- অসমত কাঠ-পুতলা কুঁহিলাৰ সহায়ত গঢ়া হয়।
হেঙুল-হাইতাল- বহাগ বিহুত নাচনীহঁতে হেঙুল হাইতাল বােলাই নিজকে সজায়।
আ-অলংকাৰ- সোণৰ আ-অলংকাৰ বোৰ দেখাত বৰ ধূণীয়া ।
Type Nayan Moni Deka
Check By - Mukesh borah
Post ID : DABP005944