অধ্যায় ১

আমাৰ ৰাজ্য অসম

প্ৰশ্নাৱলীঃ 


১। একোটিকৈ বাক্যত উত্তৰ লিখা। 

ক) অসমৰ প্ৰধান নদী দুখনৰ নাম কি ?

উত্তৰঃ অসমৰ প্ৰধান নদী দুখনৰ নাম হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক।.

খ) প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল ?

উত্তৰঃ প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ।

গ) উত্তৰ-পূব সীমান্ত ৰেল সংমণ্ডলৰ প্ৰধান কাৰ্য্যালয় ক’ত অৱস্থিত?

উত্তৰঃ উত্তৰ-পূব সীমান্ত ৰেল সংমণ্ডলৰ প্ৰধান কাৰ্য্যালয় ঘুৱাহাটীৰ মালিগাঁৱত অৱস্থিত

ঘ) বৰ্তমান অসমত কেইখন জিলা আছে? 

উত্তৰঃ বৰ্তমান অসমত ৩৫ খন জিলা আছে।

ঙ) বৰ্তমান অসমৰ ৰাজধানী ক’ত অৱস্থিত?

উত্তৰঃ বৰ্তমান অসমৰ ৰাজধানী দিছপুৰত অৱস্থিত।

২। চমু উত্তৰ দিয়া।

ক) ৰাজ্য এখন কেনেকৈ গঠন কৰা হয়?

উত্তৰঃ ভহুকেইখন জিলা লগ লগাই ৰাজ্য এখন গঠন কৰা হয়।

খ) অসমৰ সীমাত থকা দুখন বিদেখী ৰাষ্ট্ৰৰ নাম লিখা?

উত্তৰঃ অসমৰ সীমাত থকা দুখন বিদেখী ৰাষ্ট্ৰ হ'ল বাংলাদেশ আৰু ভূটান।

গ) আহোমসকলে কিমানদিন অসমত ৰাজত্ব বা শাসন কৰিছিল? পিছত ইংৰাজে কোন চনৰপৰা কোন চনলৈকে শাসন কৰিছিল?

উত্তৰঃ আহোমসকলে ৫৯৮ বছৰ ৰাজত্ব কৰিছিল আৰু ইংৰাজসকলে ১৭৬৫ পৰা ১৯১৩-১৯১৪ চনলৈ ৰাজত্ব কৰিছিল।

ঘ) ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটো ক’ৰপৰা ক’লৈ গৈছে?

উত্তৰঃ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটো গোৱোলপোৰা জিলাৰ পঞ্চৰত্নৰ পৰা তিনিচুকীয় জিলাৰ চৈখোৱা ঘাটলৈকে গৈছে।


ঙ) অসমৰ কেইটামান পুৰণি কীৰ্তিচিহ্নৰ নাম লিখা।

উত্তৰঃ অসমৰ কেইটামান পুৰণি কীৰ্তিচিহ্নৰ নাম হ'ল- কামাখ্যা মন্দিৰ, মদন-কামদেৱ মন্দিৰ, তেজপুৰৰ অগ্নিগড়, দ-পৰ্বতীয় শিলৰ তোৰণ, উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা শিলালিপি, গুৱাহাটীৰ উমানন্দ মন্দিৰ, শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ, তলাতলঘৰ, শিৱদৌল, জয়দৌল, শিৱসাগৰৰ পুখুৰী, জয়সাগৰ পুখুৰী, নামদাঙ নদীৰ ওপৰৰ শিলৰ সাঁকো ইত্যাদি।


৩। চমু টোকা লিখা।

ক) অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা

উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা এই উপত্যকা অঞ্চল দুটাৰ মাজেৰে সৰু-বৰ বহুতাে নদী বৈ গৈছে। সেয়েহে এই অঞ্চল দুটাৰ মাটি সাৰুৱা। এনে সাৰুৱা মাটিত মানুহে সহজে খেতি-বাতি কৰিব পাৰে। সমান আৰু আহল-বহল হােৱা বাবে যাতায়াত, যােগাযােগ, বেহা-বেপাৰ, শিক্ষা, চিকিৎসা আদিৰ ক্ষেত্ৰত অঞ্চল দুটা সুবিধাজনক। এই অঞ্চলৰ মানুহে খেতি-বাতিৰ বাহিৰেও আন আন উপায়ে সহজে জীৱন-নির্বাহ কৰিব পাৰে। প্রাকৃতিক পৰিবেশেও মানুহক যথেষ্ট সহায় কৰে। সেয়ে এই উপত্যকা অঞ্চলত মানুহৰ জনবসতি ঘন হােৱা দেখা যায়।

খ) অসমৰ পাহাৰীয়া অঞ্চল

উত্তৰঃ আনহোতে পাহাৰবোৰ সাধাৰণতে গছ-গছনি আৰু শিলেৰে ভৰা থিয় আৰু এঢলীয়া। সেয়ে মানুহে সহজে ঘৰ-দুৱাৰ সাজিব নোৱাৰে। খেতিবাতিৰ বাবেও এনে পাহাৰীয় অঞ্চল সুবিধাজনক নহয়। বৰষুণ হ'লেও বা নদ-নদী বা জান-জুৰি থাকিলেও পানীভাগ সহজে তললৈ বৈ আহে। পানী তললৈ বৈ অহাৰ বাবে উপযুক্ত পৰিমাণৰ পানী পাহাৰীয়া অঞ্টলত পোৱা নাযায়। তদুপৰি যাতায়ত-যোগাযোগ, বোহা-বেপাৰ আদিৰ বাবে এনে ঠাই সুবিধাজনক নহয়। এনেবোৰ কাৰণতে পাহাৰীয়া অঞ্চলত মানুহৰ বসতি পাতল বা সেৰেঙা হোৱা দেখা যায়।


গ) অসম নামৰ উৎপত্তি

উত্তৰঃ অতি পুৰণি কালত এই অঞ্চলটোৰ নাম আছিল প্রাগজ্যোতিষ। ৰাজধানীৰ নাম আছিল প্রাগজ্যোতিষপুৰ। এই শব্দটোৰ অৰ্থ হ’ল জ্যোতিষ শাস্ত্ৰৰ চৰ্চা কৰা ঠাই বা নগৰ।

    অন্য এক কাহিনী মতে ইয়াতে এবাৰ শিৱই তপস্যা কৰিছিল। সেই তপস্যা ভংগ কৰিবলৈ স্বৰ্গৰ দেৱতাসকলে কামদেৱ নামৰ এজন দেৱতাক পঠাইছিল। কামদেৱ শিৱৰ তপস্যা ভংগ কৰাত সফল হৈছিল যদিও শিৱৰ কোপ দৃষ্টিত পৰি তেওঁ ভস্ম হৈছিল। কামদেৱৰ পত্নী ৰতিদেৱীয়ে স্বামীক জীয়াই তুলিবলৈ শিৱক তুতি-প্রার্থনা জনালে। শিৱই কামদেৱক পুনৰ জীয়াই তুলিলে, সেই তেতিয়াৰ পৰাই এই ঠাইৰ নাম কামৰূপ হয়।

    ১২২৮ খ্রিষ্টাব্দত চাওলুং চুকাফা নামৰ এজন কোৱৰৰ নেতৃত্বত এদল লােকে পাটকাই পর্বত পাৰ হৈ আহি কামৰূপ ৰাজ্যত প্ৰৱেশ কৰিছিল। তেওঁ বৰ সাহসী আৰু পৰাক্ৰমী আছিল। তেৱেই এই অঞ্চলত এখন ৰাজ্য পাতিছিল। তেওঁৰ সাহসিকতা, বল-বিক্ৰমত মুগ্ধ হৈ স্থানীয় লােকে তেওঁলােকৰ সমান কোনাে নাই বুলি কৈছিল। কালক্ৰমত মানুহৰ মুখত পৰি তেওঁলােক অ-সম⟶অ-হম⟶আহােম বুলি জনাজাত হৈছিল। এই জাতিটোৱে বাস কৰা ঠাইখনেই পিছলৈ অসম নামেৰে জনাজাত হ’ল বুলি জনা যায়।


৪। অসমৰ চাৰিসীমাটো লিখা।

উত্তৰঃ বৰ্তমান অসমৰ উত্তৰেーভূটান আৰু অৰুণাচল প্ৰদেশ, পূবেーঅৰুণাচল প্ৰদেশৰ এটা অংশ, নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য, দক্ষিণেーমিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্য, পশ্চিমেーবাংলাদেশ, মেঘালয় আৰু পশ্চিমবংগ ৰাজ্য।


৫। অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি? প্ৰত্যেকৰে এটি চমু বিৱৰণ দিয়া।

উত্তৰঃ অসমৰ প্ৰাকৃতিক বিভাগ তিনিটা আৰু সেইকেইটা হ'ল ব্ৰহ্মপুত্ৰ নদীৰ উপতক্যা অঞ্চল, বৰাক নদীৰ উপতক্যা অঞ্চল আৰু পাহাৰীয়া অঞ্চল।

ব্ৰহ্মপুত্ৰ নদীৰ উপতক্যা অঞ্চলঃ

    ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা এই উপত্যকা অঞ্চল দুটাৰ মাজেৰে সৰু-বৰ বহুতাে নদী বৈ গৈছে। সেয়েহে এই অঞ্চল দুটাৰ মাটি সাৰুৱা। এনে সাৰুৱা মাটিত মানুহে সহজে খেতি-বাতি কৰিব পাৰে। সমান আৰু আহল-বহল হােৱা বাবে যাতায়াত, যােগাযােগ, বেহা-বেপাৰ, শিক্ষা, চিকিৎসা আদিৰ ক্ষেত্ৰত অঞ্চল দুটা সুবিধাজনক। এই অঞ্চলৰ মানুহে খেতি-বাতিৰ বাহিৰেও আন আন উপায়ে সহজে জীৱন-নির্বাহ কৰিব পাৰে। প্রাকৃতিক পৰিবেশেও মানুহক যথেষ্ট সহায় কৰে। সেয়ে এই উপত্যকা অঞ্চলত মানুহৰ জনবসতি ঘন হােৱা দেখা যায়।


বৰাক নদীৰ উপতক্যা অঞ্চলঃ

    বৰাক নদীৰ উপত্যকাত বাৰিষা অত্যধিক বৰষুণৰ ফলত প্ৰায়েই বানপানী হোৱা দেখা যায়। সমতল অঞ্চলত বানপানীৰ পৰা হাত সাৰিবলৈ নদীৰ দুয়োপোৰে মথাউৰি বন্ধা হয়। বানপানীয়ে কেতিয়াবা মানুহৰ যথেষ্ট ক্ষতি কৰে। আকৌ কেতিয়াবা উপকাৰো কৰে।


পাহাৰীয়া অঞ্চলঃ

    আনহাতে পাহাৰবোৰ সাধাৰণতে গছ-গছনি আৰু শিলেৰে ভৰা থিয় আৰু এঢলীয়া। সেয়ে মানুহে সহজে ঘৰ-দুৱাৰ সাজিব নোৱাৰে। খেতিবাতিৰ বাবেও এনে পাহাৰীয় অঞ্চল সুবিধাজনক নহয়। বৰষুণ হ'লেও বা নদ-নদী বা জান-জুৰি থাকিলেও পানীভাগ সহজে তললৈ বৈ আহে। পানী তললৈ বৈ অহাৰ বাবে উপযুক্ত পৰিমাণৰ পানী পাহাৰীয়া অঞ্টলত পোৱা নাযায়। তদুপৰি যাতায়ত-যোগাযোগ, বোহা-বেপাৰ আদিৰ বাবে এনে ঠাই সুবিধাজনক নহয়। এনেবোৰ কাৰণতে পাহাৰীয়া অঞ্চলত মানুহৰ বসতি পাতল বা সেৰেঙা হোৱা দেখা যায়।

Hirak Jyoti Bora





Post ID : DABP006412