অধ্যায় ২ 

জাতি  নিৰ্মাণৰ প্ৰত্যাহ্বান



প্ৰশ্নমালাঃ- 

১। দেশৰ বিভাজনৰ বাবে তলত দিয়া কোনটো ভাষ্য ভুলঃ

(ক) ভাৰত বিভাজন দ্বিজাতি তত্ত্বৰ ফল আছিল।

(খ) পাঞ্জাৱ আৰু বংগদেশক ধৰ্মৰ ভিত্তিত বিভক্ত কৰা হৈছিল।

(গ) পূৱ পাকিস্তান আৰু পশ্চিম পাকিস্তান সংলগ্ন হৈ থকা নাছিল।

(ঘ) দেশ বিভাজনৰ আঁচনিত জনসাধাৰণক দেশান্তৰ কৰাৰ এখন আঁচনি অন্তৰ্ভুক্ত কৰা হৈছিল।

উত্তৰঃ (ঘ) দেশ বিভাজনৰ আঁচনিত জনসাধাৰণক দেশান্তৰ কৰাৰ এখন আঁচনি অন্তৰ্ভুক্ত কৰা হৈছিল।


২। তলত দিয়া নীতিসমূহৰ সৈতে ঘটনাসমূহ সংযুক্ত কৰাঃ

(ক) ধৰ্মৰ ভিত্তিত সীমা নিৰ্ধাৰণ 

(ক) ভাৰত আৰু বাংলাদেশ ।

(খ) ভাষাৰ ওপৰত ভিত্তি কৰি সীমা নিৰ্ধাৰণ     

(খ) ভাৰত আৰু পাকিস্তান।

(গ) ভৌগোলিক অৱস্থিতিৰ ওপৰত ভিত্তি       

(গ) ঝাৰখণ্ড আৰু ছত্তিছগড়।

কৰি ৰাষ্ট্ৰৰ ভিতৰতে সীমা নিৰ্ধাৰণ কৰা।

(ঘ) ৰাজনৈতিক আৰু প্ৰশাসনীয় ভিত্তিত         

 (ঘ) হিমাচল প্ৰদেশ আৰু 

ৰাষ্ট্ৰৰ ভিতৰতে পৃথক সীমা নিৰ্ধাৰণ কৰা।               

উত্তৰাখণ্ড।

উত্তৰঃ (ক) ধৰ্মৰ ভিত্তিত সীমা নিৰ্ধাৰণ - (খ) ভাৰত আৰু পাকিস্তান।

(খ) ভাষাৰ ওপৰত ভিত্তি কৰি সীমা নিৰ্ধাৰণ- (ঘ) হিমাচল প্ৰদেশ আৰু  উত্তৰাখণ্ড।

(গ) ভৌগোলিক অৱস্থিতিৰ ওপৰত ভিত্তি কৰি 

ৰাষ্ট্ৰৰ ভিতৰতে সীমা নিৰ্ধাৰণ - (ক) ভাৰত আৰু বাংলাদেশ।

(ঘ) ৰাজনৈতিক আৰু প্ৰশাসনীয় ভিত্তিত

ৰাষ্ট্ৰৰ ভিতৰতে পৃথক সীমা নিৰ্ধাৰণ - (গ) ঝাৰখণ্ড।


৩। ৰাজ্যসমূহৰ নক্সাসহ বৰ্তমান ভাৰতৰ ৰাজনৈতিক মানচিত্ৰ অংকন কৰি তলত দিয়া দেশীয় ৰাজ্যসমূহৰ অৱস্থিতি দেখুওৱাঃ

(ক) জুনাগড়      (খ) মণিপুৰ      (গ) মহীশুৰ        

 (ঘ) গোৱালিয়ৰ 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰিব ।


৪। তলত  দুটা ভাষ্য আছেঃ

বিস্ময়ঃ “দেশীয় ৰাজ্যসমূহ ভাৰতৰ সৈতে চামিল হোৱাৰ লগে লগে গণতান্ত্ৰিক ব্যৱস্থা এই ৰাজ্যসমূহলৈ সম্প্ৰসাৰিত হয়।

ইন্দাৰপ্ৰীতিঃ “মই বিষয়টোত একমত নহয়। কাৰণ, দেশীয় ৰাজ্যসমূহক ভাৰতৰ লগত চামিলকৰণৰ ক্ষেত্ৰত শক্তি প্ৰয়োগ কৰা হৈছিল। গণতন্ত্ৰ স্থাপন কৰা সম্ভৱ কেৱল সহমতৰ যোগেদিহে।“ দেশীয় ৰাজ্যসমূহ চামিলকৰণৰ প্ৰক্ৰিয়া তথা এই বিষয়ত দেশীয় ৰাজ্যসমূহৰ জনগণৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত তোমাৰ মতামত কি?

উত্তৰঃ দেশীয় ৰাজ্যসমূহ চামিলকৰণৰ প্ৰক্ৰিয়াত সকলো ৰাজ্যই সহমত আৰু সমৰ্থন জনাইছিল এনে নহয়। কিছুমান দেশীয় ৰাজ্যই তথা ইয়াৰ জনসাধাৰণে সমৰ্থন কৰিছিল আৰু সহযোগ কৰিছিল আৰু কিছুমানে বাধ্যত পৰি সহযোগ কৰিছিল। উদাহৰণ স্বৰূপে কাশ্মীৰ ৰাজ্যই আৰু তাৰ জনগণে ভাৰত বা পাকিস্তান কোনো দেশৰ লগতে চামিল হ’ব বিচৰা নাছিল। কিন্ত উপায়ন্তৰ হৈ ভাৰতৰ লগত চামিল হ’বলৈ বাধ্য হৈছিল। 

   আনহাতে দেশীয় ৰাজ্যসমূহত তেতিয়া জনগণৰ পৰিৱৰ্তে ৰজাৰহে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু অধিকাৰ আছিল। জনসাধাৰণৰ ইচ্ছা আৰু সিদ্ধান্তৰ অবিহনে ৰজাৰ সিদ্ধান্তই আছিল চূড়ান্ত।হায়দৰাবাদৰ নিজামেও নিজ ৰাজ্যৰ চামিলকৰণৰ পৰিৱৰ্তে স্বাধীন স্থিতি বৰ্তাই ৰাখিবলৈ বিচাৰিছিল।আনহাতে তাৰ জনসাধাৰণে নিজামৰ অত্যাচাৰী শাসনৰ বিৰুদ্ধে বিদ্ৰোহহে কৰিছিল। অৱশেষত হায়দৰাবাদলৈ সেনা প্ৰেৰণ কৰি জনগণক ৰক্ষা কৰে আৰু এনেদৰে শেষত হায়দৰাবাদ ভাৰতৰ লগত চামিল হয়।

  ঠিক তেনেদৰে ভূপালৰ নৱাবেও সংবিধান মহাসভাত অংশগ্ৰহণ কৰিবলৈ অমান্তি হৈছিল। তেনেদৰে জুনাগড় ৰাজ্যইয়ো ভাৰতৰ লগত চামিল নহৈ স্বাধীনভাৱে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্ত তাৰ বহুতো জনসাধাৰণে চামিলকৰণৰ ইচ্ছা কৰিছিল আৰু গণভোটৰ জৰিয়তে জনগণে সংযুক্ত হ’বলৈ ইচ্ছা ব্যক্ত কৰিছিল আৰু এইদৰে শেষত জুনাগড় ভাৰতৰ অন্তৰ্ভুক্ত হয়। 

   দেশীয় ৰাজ্য মণিপুৰৰ ৰজাইয়ো স্বতন্ত্ৰভাৱে থকাৰ ইচ্ছা কৰিছিল কিন্ত তাৰ জনসাধাৰণে চামিল হোৱাৰ ইচ্ছা কৰিছিল। শেষত জনগণৰ ক্ৰমবৰ্ধমান হেঁচাত মহাৰাজাই ১৯৪৮ চনৰ জুনত ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছিল যাৰ দ্বাৰা মণিপুৰ ভাৰতৰ লগত সম্পূৰ্ণৰূপে চামিল হৈ পৰে।

 গতিকে দেখা যায় যে দেশীয় ৰাজ্য সমূহৰ বেছি ভাগ জনসাধাৰণে চামিলকৰণৰ ইচ্ছা আৰু সমৰ্থন কৰিছিল। 

৫। নেহৰুৱে ভাৰতক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কি কি যুক্তি আগবঢ়াইছিল? এই যুক্তিসমূহ কেৱল নৈতিক আৰু আৱেগসৰ্বস্ব আছিল বুলি তুমি ভাবানে? নে এই যুক্তিসমূহত কিছু বিজ্ঞতাও আছিল?

উত্তৰঃ নেহৰুৱে ভাৰতক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে  প্ৰতিষ্ঠা কৰিবলৈ যুক্তি আগবঢ়াইছিল যেঃ

(১) হিন্দু আৰু মুছলমান লোকৰ মাজত একতা আৰু মিলা-প্ৰীতি প্ৰতিষ্ঠা কৰিব লাগিব। জাতি নিৰ্মাণৰ বাবেও এই দুই সম্প্ৰদায়ৰ মাজত একতা অতি গুৰুত্বপূৰ্ণ।

(২) দেশৰ সংখ্যালঘু লোকৰ লগত সৎ আচৰণ কৰিব লাগিব। তেওঁলোকক এক গণতান্ত্ৰিক দেশৰ নাগৰিক সদৃশ নিৰাপত্তা আৰু অধিকাৰ দিব লাগিব।

(৩) ভাৰতৰ সংবিধান মহাসভাই প্ৰস্তুত কৰা সংবিধানৰ দ্বাৰা প্ৰত্যেকজন ভাৰতৰ নাগৰিককে বিকাশ আৰু উন্নয়নৰ সম্পূৰ্ণ সুযোগ-সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰিব লাগিব।

(৪) তাৰোপৰি নেহৰুৱে মত প্ৰকাশ কৰিছিল যে ভাৰতৰ বৈচিত্ৰ্যতাক এডাল নিৰ্দিষ্ট শিকলিৰে বন্ধাৰ যুক্তি নাই। ভাৰতে এনে দৃষ্টিভংগীৰ সৃষ্টি কৰিব লাগে যাৰ দ্বাৰা ই নিজৰ বৈচিত্ৰ্যতাক আঁকোৱালি ল’ব পাৰে আৰু নিজৰ বুলি মানি ল’ব পাৰে। অৰ্থাৎ ভাৰতৰ প্ৰত্যেক অংশই বৈচিত্ৰ্যতাৰ মাজেৰে এক ঐক্যবদ্ধ ভাৰত গঠন কৰিবৰ বাবে আগুৱাই আহিব লাগিব। দেশৰ প্ৰত্যেকটো সংস্কৃতি, ধৰ্মই  স্বতন্ত্ৰভাৱে কাম কৰাৰ উপৰি ঐক্যবদ্ধ শক্তি হিচাপে থিয় দি উঠিব লাগিব। 

           উক্ত ধৰণেৰে জৱাহৰলাল নেহৰুৱে ভাৰতক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যুক্তি আগবঢ়াইছিল। এই যুক্তি সমূহ কেৱল নৈতিক আৰু আৱেগসৰ্বস্ব নাছিল। এই যুক্তিসমূহৰ বিজ্ঞতাও আছিল। কাৰণ দেশত বাস কৰা সকলো জাতি, ধৰ্ম, ভাষা-ভাষী লোকৰ মাজত একতাৰ অবিহনে জাতি নিমাৰ্ণ সম্ভৱ নহয়। ভাৰততো জাতি নিমাৰ্ণৰ বাবে হিন্দু, মুছলমান, শিখ সকলো ধৰ্মৰ মাজত একতা থকাটো অতি প্ৰয়োজন। তদুপৰি দেশত গণতন্ত্ৰৰ প্ৰতিষ্ঠা আৰু অৰ্থনৈতিক উন্নয়ন সাধনৰ বাবে সকলোৰে মাজত একতা আৰু সহযোগৰ অতিকে প্ৰয়োজন। তাৰোপৰি দেশত শান্তি আৰু জাতীয় সংহতি বজাই ৰাখিবৰ বাবে ধৰ্মনিৰপেক্ষ নীতিৰ অতিকে প্ৰয়োজন। সকলো ধৰ্মৰ লোকৰ সমান অধিকাৰ আৰু সন্মানে দেশত শান্তি আৰু সংহতি প্ৰতিষ্ঠা কৰাত আৰু গণতন্ত্ৰক সফল কৰাত সহায় কৰিব। যিহেতু গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ভাৰতে সকলোকে ধৰ্ম, জাতিৰ লোককে সমান অধিকাৰ দিছে।

    গতিকে নেহৰুৰ যুক্তিসমূহত নৈতিকতা আৰু আৱেগ থকাৰ লগতে বিজ্ঞতাও আছে।

৬। স্বাধীনতাৰ সময়ত ভাৰতৰ পূৱ আৰু পশ্চিম অঞ্চলত জাতি গঠন প্ৰক্ৰিয়াই সন্মুখীন হোৱা দুটা মূল পাৰ্থক্য নিৰ্ণয় কৰা।

উত্তৰঃ স্বাধীনতাৰ সময়ত ভাৰতৰ পূৱ আৰু পশ্চিম অঞ্চলত অৰ্থাৎ বংগ আৰু পঞ্জাৱত জাতি গঠন প্ৰক্ৰিয়াই সন্মুখীন হোৱা  দুটা মূল পাৰ্থক্য হ’লঃ

(১)  বংগ আৰু পঞ্জাৱ এই দুই প্ৰদেশে মুছলমান ধৰ্মৰ লোকৰ সংখ্যাগৰিষ্ঠ প্ৰান্তৰ লগত সংযুক্ত হ’ব লগা হৈছিল।  সেয়ে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে নতুন ৰাষ্ট্ৰ পাকিস্তানে দুই প্ৰদেশ চামিল কৰিব , সেয়া হ’ল পূৱ আৰু পশ্চিম পাকিস্তান।

(২) ভাৰতৰ পূব আৰু পশ্চিম দুই ফালৰ সীমান্তত সংখ্যালঘু সকলক কেন্দ্ৰ কৰি সমস্যাৰ সৃষ্টি হৈছিল। লাখ লাখ হিন্দু আৰু শিখ লোক পাকিস্তানৰ অঞ্চলসমূহত আৰু পঞ্জাৱ আৰু বংগৰ ভাৰতৰ ফালৰ অংশত মুছলমানসকল আৱদ্ধ হৈ পৰিছিল য’ত তেওঁলোকৰ ঘৰ-সম্পত্তি এৰাৰ বাদে বেলেগ একো উপায় বা গত্যন্তৰ নাছিল।

৭। ৰাজ্য পুনৰ গঠনত আয়োগৰ কাৰ্য কি আছিল? ইয়াৰ মুখ্য পৰামৰ্শটো কি আছিল?

উত্তৰঃ ৰাজ্য পুনৰ গঠন আয়োগৰ  কাৰ্য আছিল ৰাজ্য পুনৰ গঠন বিষয়টো তথা পৰ্যালোচনা কৰা আৰু ৰাজ্যসমূহৰ চাৰিসীমা নিৰ্ধাৰণৰ প্ৰশ্ন তথা বিষয়সমূহ চোৱাচিতা কৰা।  

       এই আয়োগৰ মূল পৰামৰ্শটো আছিল যে ৰাজ্যৰ চাৰিসীমাসমূহ ভাষাৰ ভিত্তিত পুনৰ নিৰ্ধাৰণ হোৱা উচিত বা  চাৰিসীমাবোৰে ভিন্ন ভাষাৰ চাৰিসীমাক প্ৰতিফলিত কৰাটো উচিত।

৮। জাতি বুলিলে বহুলাংশ এক ‘কল্পনাপ্ৰসূত সম্প্ৰদায়’ ক বুজায় – যি এক সামূহিক ইতিহাস, বিশ্বাস তথা ৰাজনৈতিক আশা-আকাংক্ষাৰ দ্বাৰা ঐক্যবদ্ধ হৈ থাকে। ভাৰতক জাতি হিচাপে প্ৰতিষ্ঠা কৰা বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতক জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ বহুতো বৈশিষ্ট্য আছে। তলত সেইবোৰ আলোচনা কৰা হ’লঃ

(১) ভাৰতক জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ এক মূল বৈশিষ্ট্য হ’ল বৈচিত্ৰ্যৰ মাজত ঐক্য। ভাৰতত বিভিন্ন ধৰ্ম, জাতিয়ে বাস কৰিছিল যদিও বিভাজনৰ পৰ্বৰলৈকে সকলোৰে মাজত মিলাপ্ৰীতি আছিল যিয়ে জাতি গঠনত উৎসাহ দিছিল।

(২) ভাৰতক জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ আন এক বৈশিষ্ট্য হ’ল ভাৰতৰ গণতান্ত্ৰিক আৰু ধৰ্মনিপেক্ষ আদৰ্শ। ই ভাৰতক এক জাতি হিচাপে প্ৰতিষ্ঠা কৰাত ব্যাপক অৰিহণা যোগাইছিল।

(৩) ভাৰতক জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ আন এক বৈশিষ্ট্য হ’ল ভাৰতৰ জাতীয় নেতাৰ নীতি আদৰ্শ যিয়ে ভাৰতক জাতি হিচাপে প্ৰতিষ্ঠা কৰাঁত সহায় কৰিছিল। যেনে জৱাহৰ লাল নেহৰু।

(৪) তদুপৰি ভাৰতৰ ইতিহাস, স্বাধীনতা আন্দোলনৰ ইতিহাসতো সকলো লোক জড়িত আছিল যিয়ে জাতি গঠনত অৰিহণা যোগাইছিল।

    এনদৰে জাতি হিচাপে ভাৰতক প্ৰতিষ্ঠা কৰাৰ বহুতো বৈশিষ্ট্য পৰিলক্ষিত হয়। 

৯। বস্তুনিষ্ঠ প্ৰশ্নাৱলীঃ 

(ক) কোন চনত ৰাজ্য পুনৰ গঠন আয়োগ কাৰ্যকাৰী কৰা হৈছিল?

উত্তৰঃ ১৯৫৬ চনত ৰাজ্য পুনৰ গঠন আয়োগ কাৰ্যকৰী কৰা হৈছিল।

(খ) গোষ্ঠীনিৰপেক্ষ নীতিৰ জন্মদাতা কোন আছিল?

উত্তৰঃ গোষ্ঠীনিৰপেক্ষ নীতিৰ জন্মদাতা আছিল পণ্ডিত জৱাহৰলাল নেহৰু।

(গ) পণ্ডিত নেহৰুৰ লক্ষ্য কি আছিল?

উত্তৰঃ পণ্ডিত নেহৰুৰ লক্ষ্য আছিল ভাৰতৰ বৈচিত্ৰ্যতাৰ মাজেৰে গতি কৰি বা বৈচিত্ৰ্যতাৰ প্ৰতি লক্ষ্য ৰাখি এখন শক্তিশালী ভাৰত আৰু এক শক্তিশালী ভাৰতীয় জাতি গঢ়ি তোলা।

(ঘ) ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰিছিল?

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰিছিল।

(ঙ) কোন চনৰ কোন মাহত ভাৰতক গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল?

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতক গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল।

(চ) কোনটো সংবিধানৰ অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিল।

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিল।

 (ছ) কোন চনৰ কোন মাহত জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ সৈতে চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল?

উত্তৰঃ ১৯৪৭ চনৰ ২৬ অক্টোবৰত জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ সৈতে চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল। 

(জ) কোনখন দেশীয় ৰাজ্যই পোন প্ৰথম সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰিছিল?

উত্তৰঃ মণিপুৰে পোন প্ৰথম সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰিছিল।

(ঝ) ১৯৪৭ চনত ভাৰত বিভাজনৰ আঁৰত থকা তত্ত্বটো কি আছিল? এইটো কোনে উদ্ভাৱন কৰিছিল?

উত্তৰঃ ১৯৪৭ চনত ভাৰত বিভাজনৰ আঁৰত থকা তত্বটো আছিল দ্বি জাতি তত্ব। এইটো উদ্ভাৱন কৰিছিল মুছলমী লীগৰ নেতা মহম্মদ আলী জিন্নাই। 

(ঞ) সংবিধান সমিতিৰ সভাপতি কোন আছিল?

উত্তৰঃ সংবিধান সমিতিৰ সভাপতি আছিল ড° ৰাজেন্দ্ৰ প্ৰসাদ। 

(ট) সংবিধান সমিতিৰ খচৰা সমিতিৰ সভাপতিজনৰ নাম লিখা।

উত্তৰঃ সংবিধান সমিতিৰ খচৰা সমিতিৰ সভাপতিজনৰ নাম বি. আৰ. আম্বেদকাৰ।  

(ঠ) ৰাজ্য পুনৰগঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল।

উত্তৰঃ ৰাজ্য পুনৰগঠন আইন ১৯৫৬ চনত গ্ৰহণ কৰা হৈছিল।

১০। শুদ্ধ নে অশুদ্ধ লিখাঃ

(ক) স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল চৰ্দাৰ বল্লভ ভাই পেটেল।

উত্তৰঃ অশুদ্ধ।

(খ) ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতক গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল।

উত্তৰঃ শুদ্ধ।

(গ) ১৯৪৭ চনৰ ১৪-১৫ আগষ্টৰ মাজনিশা জৱাহৰলাল নেহৰুৱে সংবিধান মহাসভাৰ এখন বৈঠক আহ্বান কৰিছিল।

উত্তৰঃ শুদ্ধ।

(ঘ) স্বাধীনতাৰ পিছত চৰ্দাৰ বল্লভ ভাই পেটেল ভাৰতৰ প্ৰথমজন উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আছিল।

উত্তৰঃ শুদ্ধ।

(ঙ) ৰাজ্য পুনৰগঠন আইনে ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৃষ্টি কৰিছিল।

উত্তৰঃ শুদ্ধ।

(চ) ১৯৫২ চনত অনুষ্ঠিত প্ৰথম সাধাৰণ নিৰ্বাচনৰ সময়ত ১৪ টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আছিল।

উত্তৰঃ শুদ্ধ।

(ছ) ভাৰতত বহুদলীয় ব্যৱস্থা আছে।

উত্তৰঃ শুদ্ধ।

১১। খালী ঠাই পূৰ কৰাঃ

(ক) জনপ্ৰিয় আন্দোলনৰ পিছত ১৯৬০ চনত মহাৰাষ্ট্ৰ আৰু  গুজৰাটৰ  সৃষ্টি কৰা হৈছিল।

(খ) ১৯৭২ চনৰ ২১ জানুৱাৰী  পৰা মেঘালয়ক ৰাজ্য হিচাপে ঘোষিত কৰা হৈছিল।


১২। চমু প্ৰশ্নঃ 

(ক) দেশ বিভাজনে ক্ষতিগ্ৰস্ত কৰা ৰাজ্য দুখনৰ নাম লিখা।

উত্তৰঃ দেশ বিভাজনে ক্ষতিগ্ৰস্ত কৰা ৰাজ্য দুখনৰ নাম হ’ল পঞ্জাৱ আৰু পশ্চিম বংগ।

(খ) দেশ বিভাজনৰ সময়ত কোন দুখন ৰাজ্য ভাগ কৰা হৈছিল?

উত্তৰঃ দেশ বিভাজনৰ সময়ত পঞ্জাৱ আৰু  বেংগল এই দুখন ৰাজ্য  ভাগ কৰা হৈছিল ।

(গ) জাতীয় আন্দোলনৰ নেতাসকলে ধৰ্মনিৰপেক্ষ নীতি অৱলম্বন কৰিছিল। ইয়াৰ দুটা কাৰণ উল্লেখ  কৰা।

উত্তৰঃ জাতীয় আন্দোলনৰ নেতাসকলে ধৰ্মনিৰপেক্ষ নীতি অৱলমম্বন কৰাৰ দুটা কাৰণ হ’লঃ

(১)  ভাৰত এখন গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ য’ত বহুতো ভাষা-ভাষী, জাতি-গোষ্ঠী, ধৰ্মৰ লোক আছে আৰু সকলো লোকৰে ইয়াত সমান অধিকাৰ আছে , 

(২) জাতি নিৰ্মাণৰ বাবে ঐক্যবদ্ধ ভাৰত নিৰ্মাণৰ বাবে হিন্দু-মুছলমান সকলো ধৰ্মৰ, ভাষা-ভাষী লোকৰে একত্ৰিকৰণৰ বাবে নেহৰুকে ধৰি জাতীয় নেতা সকলে ধৰ্মনিৰপেক্ষতা অৱলম্বন কৰিছিল। 

(ঘ) ৰাজ্য পুনৰগঠন আয়োগৰ দুটা প্ৰধান পৰামৰ্শ উল্লেখ কৰা।

উত্তৰঃ ৰাজ্য পুনৰগঠন আয়োগৰ দুটা প্ৰধান পৰামৰ্শ হ’লঃ

(১) ৰাজ্য পুনৰগঠন আয়োগৰ প্ৰধান পৰামৰ্শ আছিল ৰাজ্যৰ চাৰিসীমাসমূহ পুনৰগঠন কৰা।

(২) ৰাজ্য পুনৰগঠন আয়োগে ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয়শাসিত অঞ্চল গঠনৰ পৰামৰ্শ আগবঢ়াইছিল।

(ঙ) কিমানখন ৰাজ্য আৰু কিমানখন কেন্দ্ৰীয়শাসিত অঞ্চল গঠনৰ পৰামৰ্শ ৰাজ্য পুনৰগঠন আয়োগে আগবঢ়াইছিল?

উত্তৰঃ ৰাজ্য পুনৰ গঠন আয়োগে ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয়শাসিত অঞ্চল গঠনৰ পৰামৰ্শ আগবঢ়াইছিল।

(চ) এসময়ত কেন্দ্ৰীয় শাসিত অঞ্চল আৰু বৰ্তমান ৰাজ্যৰ মৰ্যাদা পোৱা দুখন ৰাজ্যৰ নাম লিখা । 

উত্তৰঃ এসময়ত কেন্দ্ৰীয় শাসিত অঞ্চল আৰু বৰ্তমান ৰাজ্যৰ মৰ্যাদা পোৱা দুখন ৰাজ্যৰ নাম হ’ল অৰুণাচল প্ৰদেশ আৰু মিজোৰাম। 

(ছ) জম্মু আৰু কাশ্মীৰৰ ৰজাজনৰ নাম কি আছিল?

উত্তৰঃ জম্মু আৰু কাশ্মীৰৰ ৰজাজনৰ নাম আছিল  হৰি সিং ।

(জ) দেশ বিভাজনৰ সময়ত সাম্প্ৰদায়িক মণ্ডলত বিভক্ত হোৱা দুখন চহৰৰ নাম লিখা।

উত্তৰঃ দেশ বিভাজনৰ সময়ত সাম্প্ৰদায়িক মণ্ডলত বিভক্ত হোৱা দুখন চহৰৰ নাম হ’ল  লাহোৰ আৰু অমৃতসৰ।

(ঝ) স্বাধীনতাৰ পূৰ্বে মুছলীম লীগে ‘দ্বি-জাতি তত্ব’ৰ পোষকতা কৰিছিল। এই তত্বত অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰদুখন কি আছিল?

উত্তৰঃ স্বাধীনতাৰ পূৰ্বে মুছলীম লীগে পোষকতা কৰা ‘দ্বি-জাতি তত্ব’ ত অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰদুখন আছিল ভাৰত আৰু পাকিস্তান।

১৩। (ক) জাতি গঠন প্ৰক্ৰিয়াটো আলোচনা কৰা।

উত্তৰঃ জাতি গঠন প্ৰক্ৰিয়া হ’ল এক প্ৰক্ৰিয়া যাৰ দ্বাৰা এখন দেশৰ সকলো জনসাধাৰণ একত্ৰিত কৰি এক ঐক্যবদ্ধ, সুসংগঠিত, সু-পৰিচালিত, সুশাসিত আৰু গৌৰৱময় ৰাষ্ট্ৰৰ গঠন কৰিব পাৰি। ই এখন ৰাষ্ট্ৰৰ উল্লেখযোগ্য দিশ। ভাৰতত স্বাধীনতাৰ পিছৰ পৰাই জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল যি আছিল ভাৰতৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান। যিহেতু দীৰ্ঘদিনৰ ব্ৰিটীছ শাসন আৰু দেশ বিভাজনৰ ফলত বিভিন্ন জাতি, ধৰ্ম, ভাষা-ভাষী লোকৰ দেশ ভাৰত চিন্ন ভিন্ন হৈ পৰিছিল। সেয়ে জাতি নিৰ্মাণৰ প্ৰক্ৰিয়াত ভাৰতৰ বাবে অন্যতম শক্তিশালী প্ৰত্যাহ্বানটো আছিল জাতীয় ঐক্যতা আৰু ভৌগোলিক অখণ্ডতা প্ৰতিষ্ঠা কৰা আৰু বজাই ৰখা।

    ভাৰতে জাতি নিৰ্মাণৰ পথত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছিল। কিন্ত জৱাহৰলাল নেহৰুৰ শক্তিশালী নেতৃত্বত ভাৰতে এই প্ৰত্যাহ্বানবোৰ বিচক্ষণতাৰে সন্মুখীন হৈ অতিক্ৰম কৰাত সক্ষম হৈছিল। গতিকে জাতি গঠন প্ৰক্ৰিয়াত নেহৰুৰ ভূমিকা উল্লেখযোগ্য। তেওঁৱে বিচক্ষণতা আৰু চতুৰতাৰে সদ্য স্বাধীনতাপ্ৰাপ্ত ভাৰতবৰ্ষৰ জাতি গঠন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছিল। তেওঁ মত ব্যক্ত কৰে যে ভাৰতৰ প্ৰত্যেকটো অংশই বৈচিত্ৰ্যতাৰ মাজেৰে এক ঐক্যবদ্ধ ভাৰতবৰ্ষ গঢ়িবৰ বাবে আগুৱাই আহিব লাগিব। ৰাষ্ট্ৰখনৰ প্ৰত্যেকটো ধৰ্ম, সংস্কৃতিৰ লোকৰে স্বতন্ত্ৰভাৱে কাৰ্য কৰাৰ লগতে ঐক্যবদ্ধ শক্তি হিচাপে থিয় হ’ব লাগিব। ভাৰত বিভাজনৰ সময়ত সমগ্ৰ ভাৰতত এক সংঘাতময় ভয়াৱহ পৰিস্থিতি গঢ়ি উঠিছিল। হিন্দু আৰু মুছলমান ধৰ্মৰ মাজত বিশেষকৈ সংঘাতে আৰু শত্ৰুতাই দেখা দিছিল যিয়ে দেশৰ এক ভয়াৱহ ভৱিষ্যতৰ আগ বতৰা দিছিল। এনে পৰিস্থিতিত হিন্দু আৰু মুছলমান দুই সম্প্ৰদায়ৰ মাজত একতা, সদ্ভাৱ আৰু সম্প্ৰীতি গঢ়ি তোলাতো অতি কঠিন আছিল । কিন্ত হিন্দু আৰু মুছলমানৰ মাজত একতা আৰু মিলা-প্ৰীতি প্ৰতিষ্ঠা কৰাঁতো জাতি গঠনৰ বাবে অতিকে প্ৰয়োজন আছিল। ১৯৪৭ চনৰ ১৫ জুনত ভাৰতীয় জাতীয় কংগ্ৰেছে এক প্ৰস্তাৱ গ্ৰহণ কৰে যে ভাৰতৰ অন্তৰ্গত কোনো ৰাজ্যই স্বতন্ত্ৰতা ঘোষণা কৰি পৃথক হোৱাৰ অধিকাৰ নাই। জৱাহৰলাল নেহৰুৱেও স্পষ্ট মত প্ৰকাশ কৰি কয় যে কোনো বিদেশী ৰাষ্ট্ৰই ভাৰতবৰ্ষৰ কোনো ৰাজ্যৰ স্বতন্ত্ৰতা বা স্বাধীনতাক স্বীকৃতি দিলে তাক ভাৰতে অবন্ধুত্বপূৰ্ণ বুলি গণ্য কৰিব। ই ইয়াকে সূচায় যে জাতি গঠন প্ৰক্ৰিয়াত কোনো বাহিৰা শক্তিয়ে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিলে ভাৰতে উপযুক্ত ব্যৱস্থা অৱলম্বন কৰিবলৈ অলপো কুন্ঠাবোধ নকৰিব।  নেহৰুৱে জাতি নিৰ্মাণ প্ৰক্ৰিয়াত প্ৰয়োজন অনুযায়ী দৃঢ় স্থিতি লৈছিল আৰু প্ৰয়োজন অনুযায়ী নৰম দৃষ্টিভংগী দাঙি ধৰিছিল। তেওঁৰ এটাই উদ্দেশ্য আছিল যে ভাৰতৰ বৈচিত্ৰ্যতাৰ মাজেৰে গতি কৰি এক শক্তিশালী ভাৰত গঢ়ি তোলা আৰু এক শক্তিশালী ভাৰতীয় জাতি নিৰ্মাণ কৰি তোলা।

    জাতি গঠন প্ৰক্ৰিয়াত ভাৰতে মুখ্যতে তিনিটা প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছিল সেয়া হ’লঃ

(১) জাতি গঠন প্ৰক্ৰিয়াত ভাৰতৰ সন্মুখত প্ৰথমটো প্ৰত্যাহ্বান আছিল দেশখনৰ বিশাল আয়তন আৰু বৈচিত্ৰ্যতা । ই ৰাষ্ট্ৰখনৰ ভৱিষ্যৎতলৈ শংকাৰ সৃষ্টি কৰিছিল।

(২) জাতি গঠন প্ৰক্ৰিয়াত ভাৰতে সন্মুখীন হোৱা দ্বিতীয় প্ৰত্যাহ্বানটো হৈছে ভাৰতত গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰা। 

(৩) জাতি গঠন প্ৰক্ৰিয়াত ভাৰতে সন্মুখীন হোৱা তৃতীয়টো প্ৰত্যাহ্বান আছিল দেশৰ মুষ্টিমেয় লোকসকলৰ পৰিৱৰ্তে সমষ্ট জনগণৰ বিকাশ আৰু মংগল নিশ্চিত কৰা।

 এনে প্ৰত্যাহ্বান সমূহকো অতিক্ৰম কৰি নেহৰুৰ নেতৃত্বত জাতীয় নেতাসকলে ভাৰতত জাতি গঠন প্ৰক্ৰিয়াটো চলাই নিছিল আৰু বহু দূৰ সফলতা অৰ্জন কৰিছিল আৰু ভাৰতক এক স্বাধীন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক সংযুক্ত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত সক্ষম হৈছিল। 

(খ) জাতি গঠনৰ যিকোনো চাৰিটা কাৰক ব্যাখ্যা কৰা।

উত্তৰঃ জাতি গঠনৰ চাৰিটা কাৰক হ’লঃ

(১) জাতি গঠনৰ এক প্ৰধান  কাৰক হ’ল বৈচিত্ৰতাৰ মাজত ঐক্যতা। সকলো জাতি, ধৰ্ম, ভাষা-ভাষী লোকৰ মাজত একতা জাতি গঠনৰ বাবে অতিকে প্ৰয়োজন।

(২) জাতি গঠনৰ আন এক মুখ্য কাৰক হ’ল এখন সুসংগঠিত সংবিধান যিয়ে দেশৰ সকলো লোকৰে গ্ৰহণযোগ্য হ’ব আৰু সকলোকে সমান সন্মান, সা-সুবিধা, মৰ্যাদা প্ৰদান কৰিব।

(৩) জাতি গঠনৰ অন্য এক কাৰক হ’ল দেশৰ অৰ্থনৈতিৰ উন্নয়ন। যাৰ দ্বাৰা জাতি গঠন প্ৰক্ৰিয়া ত্বৰান্বিত হ’ব।

(৪) জাতি গঠনৰ আন এক কাৰক হ’ল মানৱ অধিকাৰ ৰক্ষা আৰু আইনৰ শাসন প্ৰৱৰ্তনৰ অনুষ্ঠান যিয়ে সকলোৰে অধিকাৰ আৰু সুৰক্ষাৰ ব্যৱস্থা কৰিব।

            এনেদৰে জাতি গঠনৰ বহুতো কাৰক আছে।

(গ) স্বাধীনতাৰ পাছত হায়দৰাবাদ ৰাজ্য ভাৰত সংঘৰ অংগ হ’ল—আলোচনা কৰা।

উত্তৰঃ পূৰ্বতে হায়দৰাবাদ ভাৰতবৰ্ষৰ এক বৃহত্তৰ দেশীয় ৰাজ্য হিচাপে আছিল। ৰাজ্যখনৰ অধিকাংশ জনসাধাৰণে আছিল হিন্দু সম্প্ৰদায়ৰ আৰু তাৰ বিপৰীতে উচ্চ সামৰিক-অসামৰিক বিষয়াসকল আছিল মুছলমান ধৰ্মীয়। হায়দৰাবাদৰ নিজামে দেশত ৰাজ্য গঠনৰ সময়ত হায়দৰাবাদৰ স্বতন্ত্ৰ স্থিতি বজাই ৰাখিব বুলি ঘোষণা কৰে। ১৯৪৭ চনৰ নৱেম্বৰত ৰাজ্যখনৰ নিজাম আৰু ভাৰত চৰকাৰৰ মাজত ভাৰত বিভাজনৰ পূৰ্বৰ স্থিতি বৰ্তাই ৰখাৰ বাবে এক স্থিতাৱস্থা চুক্তি স্বাক্ষৰিত কৰে। এই চুক্তি অনুসৰিয়ে ভাৰত চৰকাৰে ১ বছৰৰ কাৰণে ৰাজ্যখনৰ প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা আৰু যোগাযোগ এই ক্ষেত্ৰকেইটা নিয়ন্ত্ৰণৰ কৰ্তৃত্ব অৰ্জন কৰে। হায়দৰাবাদৰ নিজামে কিন্ত এই চুক্তিৰ প্ৰতি বিশেষ মনোযোগ আৰু আনুগত্য দেখুওৱা নাছিল। নিজামে ভাৰতৰ পৰিৱৰ্তে পাকিস্তানৰ প্ৰতিহে গুৰুত্ব দিছিল আৰু সম্পৰ্ক গঢ়ি তুলিছিল। নিজামৰ বিৰুদ্ধে আৰু তেওঁৰ অত্যাচাৰৰ বিৰুদ্ধে ৰাজ্যখনৰ জনসাধাৰণ বিশেষকৈ তেলেংগানাৰ কৃষকসকলে বিদ্ৰোহৰ সূচনা কৰে। সেই সময়তে নিজামে উগ্ৰ সাম্প্ৰদায়িকতাবাদী আৰু ভাৰতবিৰোধী সংস্থা মজলিছ-ইতেহাদ-উল-মুছলিমিনৰ নেতা কাছিম ৰাজভিৰ প্ৰৰোচনাত পৰি আগৰ প্ৰতিনিধি সভা ভাঙি নতুনকৈ ৰাজভি আৰু তেখেতৰ অনুগামীসকলক একত্ৰিত কৰি এক প্ৰতিনিধি সভা গঠিত কৰে। উগ্ৰ সাম্প্ৰদায়িকতাবাদী ৰাজাকাৰ নামেৰে অৰ্ধ সামৰিক বাহিনীয়ে ৰাজভিৰ নেতৃত্বত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত নিৰ্মমভাৱে অন্যায়-অত্যাচাৰ কৰিবলৈ ধৰে। ফলত ভাৰতীয় চৰকাৰে ৰাজ্যখনৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ ব্যৱস্থা অৱলম্বন কৰে। তথাপি কিন্ত হায়দৰাবাদৰ নিজাম পৰিৱৰ্তন নহ’ল, আনকি তেওঁ ভাৰতৰ বিৰুদ্ধে যুদ্ধৰহে তৈয়াৰী কৰে।

    শেষত ভাৰত চৰকাৰে ১৯৪৮ চনৰ ১৩ ছেপ্তেম্বৰত হায়দৰাবাদ ৰাজ্যলৈ ভাৰতৰ সেনাবাহিনী প্ৰেৰণ কৰে। ১৮ ছেপ্তেম্বৰত ভাৰতৰ সেনা ৰাজ্যখনৰ মহানগৰত প্ৰৱেশ কৰে। তাৰ পিছত ১৯ ছেপ্তেম্বৰত ৰাজভিক কৰায়ত্ব কৰা হয়। অৱশেষত হায়দৰাবাদ ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতবৰ্ষৰ লগত সম্পূৰ্ণভাৱে সংযুক্ত হয়। পৰৱৰ্তি সময়ত ৰাজ্য পুনৰ গঠন আইন ১৯৫৬ অনুযায়ী ৰাজ্যখন তিনিটা ভাগত বিভাজিত হৈ বোম্বাই, অন্ধ্ৰপ্ৰদেশ আৰু মহীশূৰৰ লগত সংলগ্ন হৈ পৰে।

   উক্ত ধৰণেৰে হায়দৰাবাদ ৰাজ্য স্বাধীনতাৰ পাছত ভাৰত সংঘৰ অংগ হৈ পৰে।

(ঘ) ভাৰত বিভাজনৰ সময়ত সমুখীন হোৱা চাৰিটা সমস্যা আলোচনা কৰা।

উত্তৰঃ ১৯৪৭ চনৰ বিভাজনৰ সময়ত ভাৰতে বহুটো সমস্যাৰ সন্মুখীন হৈছিল। তাৰে মুখ্য চাৰিটা সমস্যা হ’লঃ-

(১) ভাৰতে বিভাজনৰ ফলত সন্মুখীন হোৱা এক অন্যতম সমস্যা হ’ল বিভাজনৰ ফলত ধৰ্ম, ভাষা আৰু সংস্কৃতিক কেন্দ্ৰ কৰি বিভক্ত হৈ পৰা অঞ্চল তথা ৰাজ্য সমূহক একত্ৰিত কৰি সংযুক্ত ভাৰত গঠন কৰাঁতো। যি ইমান সহজ নাছিল। বিভাজনৰ ফলত যিহেতু গোটেই দেশ চিন্ন ভিন্ন হৈ পৰিছিল।

(২) বিভাজনৰ সময়ত ভাৰতে সন্মুখীন হোৱা আন এক সমস্যা হ’ল বিভাজনৰ সময়ত ভাৰতৰ প্ৰতিটো প্ৰান্ততে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল। বিভিন্ন ধৰ্মীয় সম্প্ৰদায় যেনে- হিন্দু, মুছলমান, শিখসকলৰ মাজত পৰস্পৰ নৃশংস হত্যা আৰু সংঘাতৰ সৃষ্টি হৈছিল। 

(৩) ভাৰত বিভাজনৰ সময়ত ভাৰতে সন্মুখীন হোৱা আন এক ডাঙৰ সমস্যা হ’ল ভাৰতত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰা আৰু সকলো জাতি, ধৰ্ম, ভাষা-ভাষী লোকৰ বাবে গ্ৰহণযোগ্য আৰু প্ৰযোজ্য এখন সংবিধানৰ প্ৰস্তুত কৰা। কাৰণ সকলো ভাৰতৰ দৰে এখন বৈচিত্ৰ্যতাৰে পূৰ্ণ দেশত সকলো শ্ৰেণীৰ জনগণকে সমান মৰ্যাদা, সুযোগ-সুবিধা, অধিকাৰ প্ৰদান কৰা এখন সংবিধান প্ৰস্তুত কৰাঁতোআৰু সকলোকে সন্তষ্ট কৰাঁতো ইমান সহজ নহয়।

(৪) বিভাজনৰ সময়ত সদ্য স্বাধীনতা প্ৰাপ্ত ৰাষ্ট্ৰ হিচাপে ভাৰতে সন্মুখীন হোৱা এক মুখ্য সমস্যা হ’ল জাতি গঠন। বিভাজনৰ ফলত চিন্ন ভিন্ন হৈ পৰা বিভিন্ন ধৰ্মৰ, বিভিন্ন শ্ৰেণীৰ লোকক একত্ৰিত কৰি এক সংযুক্ত ভাৰত গঢ়াতো নৱ স্বাধীনতাপ্ৰাপ্ত ৰাষ্ট্ৰখনৰ বাবে এক বৃহৎ সমস্যা আছিল।

   উক্ত ধৰণৰ সমস্যাসমূহে ভাৰত বিভাজনৰ সময়ত দেশখনে সন্মুখীন হ’ব লগা হৈছিল।

(ঙ) স্বাধীনতাৰ পিছৰ ছয়টা দশকত জাতীয় সংহতি গঠনৰ চাৰিটা ব্যৱস্থা আলোচনা কৰা।

উত্তৰঃ স্বাধীনতাৰ পিছৰ ছয়টা দশকত জাতীয় সংহতি গঠনৰ বাবে বহুতো ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। তাৰে ৪ টা ব্যৱস্থা তলত আলোচনা কৰা হ’লঃ 

(১) ভাৰতৰ স্বাধীনতাৰ পিছত জাতীয় সংহতি গঠনৰ বাবে গ্ৰহণ কৰা এক ব্যৱস্থা হ’ল জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোৰে বাবে সাবৰ্জনীন নাগৰিকত্বৰ ব্যৱস্থা ।

(২)স্বাধীনতাৰ পিছত জাতীয় সংহতি গঠনৰ বাবে দেশৰ সংবিধানত বহুতো ব্যৱস্থাৰ অন্তৰ্ভুক্ত হয় যেনে ধৰ্মনিৰপেক্ষতা, সকলোৰে বাবে সমান মৰ্যাদা, সমান স্বাধীনতাৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ আদি যি ভাৰতৰ সকলো জাতি, ধৰ্ম, ভাষা-ভাষী লোকক সমান অধিকাৰ আৰু মৰ্যাদা প্ৰদান কৰিব যাৰ দ্বাৰা জাতীয় সংহতি গঠনত সহায় হ’ব।

(৩) জাতীয় সংহতি ৰক্ষাৰ বাবে সংখ্যালঘু সম্প্ৰদায় সমূহৰ নিৰাপত্তা আৰু সুৰক্ষা অতিকে প্ৰয়োজন। তাৰ বাবে স্বাধীনতাৰ পিছত দেশৰ সংবিধানত বহুতো ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰা হয় আৰু বিশেষভাৱে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰা হয় যাৰ দ্বাৰা সংখ্যালঘু, অনুসূচীত জাতি-জনজাতিসমূহৰ বিশেষ মৰ্যাদা তথা সুৰক্ষাৰ ব্যৱস্থা কৰা হয়।

(৪) স্বাধীনতাৰ পৰৱৰ্তি সময়ত জাতীয় সংহতি গঠনৰ বাবে গ্ৰহণ কৰা আন এক ব্যৱস্থা হ’ল সকলোৰে বাবে ধৰ্মীয় অধিকাৰ আৰু আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ন্যায়ৰ ব্যৱস্থা কৰা হ’ল।

  উক্ত ধৰণেৰে স্বাধীনতাৰ পিছৰ ছয়টা দশকত জাতীয় সংহতি গঠনৰ ব্যৱস্থা গ্ৰহণ কৰা হয় ।

(চ) দেশীয় ৰাজ্য মণিপুৰ, ভাৰতৰ সৈতে কেনেদৰে চামিল হয়।

উত্তৰঃ ভাৰতৰ স্বাধীনতাৰ কিছুদিন আগতে দেশীয় ৰাজ্য মণিপুৰৰ ৰজা বোধচন্দ্ৰ সিঙে ভাৰত চৰকাৰৰ লগত মণিপুৰ ৰাজ্যৰ আভ্যন্তৰীণ স্বতন্ত্ৰণা বজাই ৰখাৰ প্ৰতিশ্ৰুতিৰ ভিত্তিত এক চৰ্তসম্বলিত চুক্তি স্বাক্ষৰিত কৰিছিল। ৰাজ্যখনৰ জনগণৰ বৰ্দ্ধিত হেঁচাত পৰি মহাৰাজাই শেষত ১৯৪৮ চনৰ জুন মাহত ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰে যাৰ দ্বাৰা মণিপুৰ সাংবিধানিক ৰাজতন্ত্ৰলৈ পৰিৱৰ্তিত হয়। উল্লেখযোগ্য যে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ নীতিৰ আধাৰত নিৰ্বাচন অনুষ্ঠিত কৰা মণিপুৰ ৰাজ্যই দেশৰ ভিতৰত প্ৰথমখন ৰাজ্য। 

   মণিপুৰৰ বিধানসভাত ৰাজ্যখনক ভাৰতৰ লগত সংযুক্ত কৰাৰ বিষয়ত তীব্ৰ বাদ-বিবাদৰ সৃষ্টি হৈছিল। মণিপুৰ ভাৰতত চামিল হোৱাতো ৰাজ্যিক কংগ্ৰেছ দলে সমৰ্থন কৰাৰ বাদে বাকী সকলো ৰাজনৈতিক দলে চামিলকৰণৰ বিৰোধিতা কৰিছিল। অৱশেষত ভাৰত চৰকাৰে ১৯৪৯ চনৰ ছেপ্তেম্বৰত ৰাজ্যখনৰ মহাৰাজা বোধচন্দ্ৰ সিঙক চামিলকৰণ চুক্তি স্বাক্ষৰিত কৰোৱাত সফল হয়। ইয়াৰ পিছতে মণিপুৰ ভাৰতৰ লগত সম্পূৰ্ণভাৱে চামিল হৈ পৰে।

           উক্ত ধৰণেৰে দেশীয় ৰাজ্য মণিপুৰ ভাৰতৰ সৈতে চামিল হয়।

(ছ) ১৯৫৩ চনত নিযুক্ত কৰা ৰাজ্য পুনৰগঠন আয়োগৰ ফলাফল আলোচনা কৰা।

উত্তৰঃ ১৯৫৩ চনৰ ২৯ ডিচেম্বৰত ৰাজ্যবোৰৰ পুনৰ গঠনৰ বিষয়ে পৰ্যালোচনা কৰিবৰ বাবে ৰাজ্য পুনৰ গঠন আয়োগৰ নিযুক্তি কৰা হয়। আয়োগখনে সিদ্ধান্ত গ্ৰহণ কৰে যে ৰাজ্যবোৰৰ চাৰিসীমাই বিভিন্ন ভাষাৰ চাৰিসীমাক প্ৰতিফলিত কৰিব লাগে।আয়োগৰ  এই প্ৰতিবেদন মৰ্মে ৰাজ্যসমূহৰ পুনৰ গঠন আইন, ১৯৫৬ গ্ৰহণ কৰা হয় যাৰ ওপৰত ভিত্তি কৰি ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ গঠন কৰা হয়। এই আইনে কিন্ত দেশৰ সকলো জনগণক সন্তষ্টি দিব নোৱাৰিলে।ফলত প্ৰধানকৈ সংখ্যালঘু আৰু ৰাজ্যসমূহৰ চাৰিসীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত সংঘাত তথা উদ্বিগ্নতাই দেখা দিয়ে। যেনে- বোম্বাইত গুজৰাটী আৰু মাৰাঠী ভাষাৰ লোকৰ মাজত সংঘাতৰ সৃষ্টি হয় য’ত বহুতো লোকৰ মৃত্যু হৈছিল। শেষত বোম্বাই ৰাজ্য বিভক্ত হৈ গুজৰাট আৰু মহাৰাষ্ট্ৰ নামেৰে দুই পৃথক ৰাজ্যৰ সৃষ্টি হয়। ঠিক তেনেদৰে পঞ্জাৱত আকালি দলটোৱে এক পৃথক পঞ্জাৱীভাষী ৰাজ্যৰ দাবী উশ্থাপন কৰি আন্দোলনৰ সূচনা কৰে আৰু তাৰ ফলতে ১৯৬৬ চনত ৰাজ্যখনৰ বিভাজন ঘটি পঞ্জাৱ আৰু হাৰিয়ানা দুই ৰাজ্যৰ সৃষ্টি হয়। ৰাজ্য পুনৰ গঠন আইন অনুসৰিয়ে হায়দৰাবাদ তিনিটা ভাগত বিভাজিত হৈ ক্ৰমে অন্ধ্ৰপ্ৰদেশ, বোম্বাই আৰু মহীশূৰৰ লগত সংলগ্ন হয়। শেহতীয়াকৈ তেলেংগানা ৰাজ্য ভাষাৰ ভিত্তিত গঠন হৈছে। ভাষাৰ ভিত্তিত গঠন হোৱা ৰাজ্যবোৰে বৈচিত্ৰতা আদৰ্শৰ গ্ৰহণযোগ্যতাক বুজায়। ভাষাৰ ভিত্তিত এইদৰে ৰাজ্যসমূহৰ গঠনৰ দ্বাৰা সম্প্ৰদায়ৰ সকলো শ্ৰেণীৰ লোকৰ প্ৰতিনিধিত্বৰ প্ৰতিফলন ঘটিছে। কেৱল যে ভাষাৰ ভিত্তিতে ৰাজ্য গঠন হৈছে তেনে নহয়, অন্যান্য কাৰণ যেনে সুকীয়া আঞ্চলিক সংস্কৃতি বা আঞ্চলিক ভাৰসাম্যহীনতা আদিৰ অভিযোগৰ ভিত্তিতো ৰাজ্যৰ গঠন হৈছে । যেনে- ছত্তীছগড়, ঝাৰখণ্ড, উত্তৰাঞ্চল আদি।

   ১৯৫৩ চনত নিযুক্ত কৰা ৰাজ্য পুনৰগঠন আয়োগ ফলাফল এনেধৰণৰে আছিল।

(জ) দেশীয় ৰাজ্য হায়দৰাবাদ ভাৰতৰ সৈতে কেনেদৰে চামিল হয়।

উত্তৰঃ হায়দৰাবাদ পূৰ্বতে ভাৰতবৰ্ষৰ এক সৰ্ববৃহৎ দেশীয় ৰাজ্য আছিল। হায়দৰাবাদৰ জনসংখ্যাৰ ৮৫ শতাংশ আছিল হিন্দু সম্প্ৰদায়ৰ কিন্ত তাৰ বিপৰীতে ৰাজ্যখনৰ উচ্চ সামৰিক-অসামৰিক বিষয়াসকল আছিল মুছলমান সম্প্ৰদায়ৰ। হায়দৰাবাদৰ নিজামে ৰাজ্য গঠনৰ সময়ত স্বতন্ত্ৰ স্থিতি বজাই ৰখাৰ কথা ঘোষণা কৰিছিল। তেওঁৰ এই স্থিতিয়ে ভাৰত চৰকাৰৰ বাবে বহুখিনি সমস্যাৰ সৃষ্টি কৰে। শেষত ১৯৪৭ চনৰ নৱেম্বৰ মাহত হায়দৰাবাদৰ নিজাম আৰু ভাৰত চৰকাৰৰ মাজত ভাৰত বিভাজনৰ পূৰ্বৰ অৱস্থা অপৰিবৰ্তিত ৰাখিবৰ বাবে এক স্থিতাৱস্থা চুক্তি স্বাক্ষৰিত কৰা হয়। যি চুক্তি অনুসৰি ভাৰত চৰকাৰে ১ বছৰৰ বাবে ৰাজ্যখনৰ প্ৰতিৰক্ষা, পৰিক্ৰমা আৰু যোগাযোগ এই ক্ষেত্ৰ কেইটাৰ নিয়ন্ত্ৰণৰ কৰ্তৃত্ব অৰ্জন কৰে। 

     ৰাজ্যখনৰ নিজামে কিন্ত ভাৰতৰ প্ৰতি তথা চুক্তিখনৰ প্ৰতি বিশেষ আনুগত্য ৰখা নাছিল। তাৰ বিপৰীতে পাকিস্তানৰ প্ৰতিহে গুৰুত্ব দিছিল আৰু সম্পৰ্ক গঢ়ি তুলিছিল। সেয়ে নিজামৰ বিৰুদ্ধে , তেওঁৰ অত্যাচাৰৰ ৰাজ্যখনৰ জনগণৰ মাজত বিদ্ৰোহৰ উদ্ভৱ ঘটে। মুখ্যতে তেলেংগানাৰ কৃষিকসকল এই বিদ্ৰোহত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে। সেই সময়ত হায়দৰাবাদৰ নিজামে উগ্ৰ সাম্প্ৰদায়িকতাবাদী আৰু ভাৰত বিৰোধী সংস্থা মজলিছ-ইতেহাদ-উল-মুছলিমিনিৰ নেতা কাছিম ৰাজভিৰ প্ৰৰোচনাত পৰি আগৰ প্ৰতিনিধি সভা ভাঙি ৰাজভি আৰু তেখেতৰ অনুগামীসকলক একত্ৰিত কৰি নতুনকৈ প্ৰতিনিধি সভা গঠিত কৰে। ৰাজভিৰ নেতৃত্বাধীন ৰাজাকাৰ নামৰ উগ্ৰ সাম্প্ৰদায়িক অৰ্ধসামৰিক বাহিনীটোৱে জনগণৰ ওপৰত মুখ্যতে হিন্দু ধৰ্মীয় লোকৰ ওপৰত নৃশংসভাৱে অত্যাচাৰ চলাবলৈ ধৰে। ফলত ভাৰত চৰকাৰে ৰাজ্যখনৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ ব্যৱস্থা লয়। তথাপি কিন্ত নিজাম সলনি নহ’ল, আনকি তেওঁ ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ তৈয়াৰীহে কৰে ।

       শেষত ভাৰত চৰকাৰে ১৯৪৮ চনত হায়দৰাবাদলৈ সেনাবাহিনী প্ৰেৰণ কৰে আৰু ২ দিন জোৰা যুদ্ধৰ পিছতে ১৮ ছেপ্তেম্বৰত ভাৰতৰ সেনাবাহিনী ৰাজ্যখনৰ মহানগৰত প্ৰৱেশ কৰে। তাৰ পিছতে ১৯ ছেপ্তেম্বৰ তাৰিখে ৰাজভিক কৰায়ত্ব কৰা হয়। শেষত হায়দৰাবাদ ৰাজ্য ১৯৫০ চনৰ ২৬ জানুৱাৰীত সম্পূৰ্ণভাৱে ভাৰতৰ লগত একত্ৰিত হয়। পৰৱৰ্তি সময়ত ভাৰতৰ ৰাজ্য পুনৰ গঠন আইন ১৯৫৬ অনুযায়ী ৰাজ্যখন তিনিটা ভাগত বিভাজিত হৈ বোম্বাই, অন্ধ্ৰপ্ৰদেশ আৰু মহীশূৰৰ লগত সংলগ্ন হৈ পৰে। 

   উক্ত ধৰণেৰে দেশীয় ৰাজ্য হায়দৰাবাদ ভাৰতৰ সৈতে চামিল হৈ পৰে।

(ঝ) স্বাধীনতাৰ পাছত ভাৰতে তাৎক্ষণিকভাৱে সন্মুখীন হোৱা দুটা প্ৰত্যাহ্বানৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ স্বাধীনতাৰ পাছত ভাৰতে তাৎক্ষণিকভাৱে সন্মুখীন হোৱা দুটা প্ৰত্যাহ্বান হ’ল ক্ৰমে 

(১) শৰণাৰ্থীসকলৰ পুনৰ সংস্থাপনৰ প্ৰত্যাহ্বান আৰু

(২) জাতীয় একতা আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বান কেইটাৰ বিষয়ে তলত আলোচনা কৰা হ’লঃ-

(১) শৰণাৰ্থীসকলৰ পুনৰ সংস্থাপনৰ প্ৰত্যাহ্বানঃ স্বাধীনতা তথা বিভাজনৰ পিছত ভাৰতৰ বাবে আটাইতকৈ উল্লেখযোগ্য প্ৰত্যাহ্বানেই আছিল শৰণাৰ্থীসকলৰ পুনৰ সংস্থাপন । দেশ বিভাজনৰ ফলত নিজ ঘৰ, সম্পত্তি, মাটি-বাৰী হেৰুৱাই নিঠৰুৱা আৰু মানসিকভাৱে ভাঙি পৰা লোকসকলক শৰণাৰ্থী শিবিৰত আশ্ৰয় প্ৰদান কৰা হৈছিল। শৰণাৰ্থীসকলৰ কাৰণে ভাৰতৰ চৰকাৰে ভিন্ন ঠাইত শিবিৰ গঠন কৰে। পশ্চিম পঞ্জাৱ পৰা অহা হিন্দু আৰু শিখ সম্প্ৰদায়ৰ শৰণাৰ্থী সকলৰ কাৰণে চৰকাখনে কুৰুক্ষেত্ৰত এক প্ৰকাণ্ড শিবিৰৰ নিৰ্মাণ কৰে।শিবিৰটোত প্ৰায় তিনি লাখতকৈয়ো বেছি লোক থাকিব লগা হৈছিল। এই ব্যাপক সংখ্যক শৰণাৰ্থীৰ খাদ্যৰ যোগান ধৰাঁতো ভাৰত চৰকাৰৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হিচাপে দেখা দিছিল। এই ক্ষেত্ৰত ভাৰতৰ সেনাই বিশেষ ভূমিকা পালন কৰিছিল। চৰকাৰে পশ্চিম পঞ্জাৱৰ পৰা অহা লোকৰ বাবে প্ৰায় ২০০ টা শিবিৰ নিৰ্মাণ কৰিছিল। তদুপৰি প্ৰত্যেক শৰণাৰ্থী পৰিয়ালৰ কাৰণে ৪ হেক্টৰ মাটি আবন্টন কৰে আৰু শস্যৰ বীজ, সা-সঁজুলি ক্ৰয় কৰিবলৈ ঋণ প্ৰদানৰো পদক্ষেপ লয়। তাৰোপৰি জলন্ধৰত এক পুনৰসংস্থাপন সচিবালয়ৰো প্ৰতিষ্ঠা কৰা হয়।

    উত্তৰ পশ্চিম সীমান্তৰ পৰা অহা অসংখ্য শৰণাৰ্থীক ফৰিদাবাদত পুনৰসংস্থাপন কৰিছিল। ঠিক তেনেদৰে দিল্লীতো অসংখ্য শৰণাৰ্থীলোকে প্ৰৱেশ কৰিছিল। একেদৰে বোম্বাইতো সিন্ধু, পঞ্জাৱ আৰু উত্তৰ-পশ্চিম সীমান্তৰ প্ৰায় ৫০ লাখ শৰণাৰ্থীৰ প্ৰৱেশ ঘটে। কলকাতাতো পূৱ বংগৰ বহু হিন্দু শৰণাৰ্থীয়ে প্ৰৱেশ কৰিছিল। এইধৰণৰ বৃহৎ শৰণাৰ্থীক পুনৰ সংস্থাপন কৰাঁতো আছিল ভাৰতৰ বাবে স্বাধীনতাৰ পিছৰ এক বৃহৎ সমস্যা।

(২)জাতি নিৰ্মাণ বা জাতীয় একতা আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰত্যাহ্বানঃ স্ফাধীনতাৰ পিছৰ প্ৰথম সময়ছোৱাত ভাৰতবৰ্ষই মুখামুখি হোৱা এক প্ৰধান প্ৰত্যাহ্বান আছিল ভাৰতৰ জাতীয় ঐক্যতা আৰু ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা। যিহেতু বিভাজনৰ ফলত চিন্ন ভিন্ন হৈ পৰা লোকক সকলক একত্ৰিত কৰি এক নতুন ভাৰত গঢ়াতো অতি কঠিন আছিল। কাৰণ ভাৰত বিভিন্ন ভাষা-ভাষী, জাতি,ধৰ্মৰ দেশ। বিভাজনৰ ফলত বিভিন্ন জাতি-ধৰ্ম, হিন্দু- মুছলমান, শিখ আদিৰ মাজত বিভেদৰ আৰু শত্ৰুতাৰ সৃষ্টি হয়। সেইবোৰ দূৰ কৰি সকলোৰে মাজত একতা গঢ়ি এক গণতান্ত্ৰিক ভাৰত গঢ়াটো সহজ নাছিল। তথাপি সকলো ৰাজ্য ভাৰতৰ সৈতে চামিল হ’ব বিচৰা নাছিল । কিছুমানে স্বতন্ত্ৰভাৱে ৰ’ব বিচাৰিছিল, কিছুমানে পাকিস্তানৰ লগত চামিল হ’ব বিচাৰিছিল আৰু কিছুমানে ভাৰতৰ পৰাই পৃথক হ’ব বিচাৰিছিল। এনে পৰিস্থিতিত ভাৰতৰ বাবে জাতীয় একতা আৰু ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা অতিকে কঠিন প্ৰত্যাহ্বান আছিল কাৰণ সকলো শ্ৰেণীৰ সকলো জনসাধাৰণৰ ঐক্যতাৰ অবিহনে এইয়া সম্ভৱ নহয়।

(ঞ) ৰাজ্যপুনৰ গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল? এই আইনৰ অধীনত গঠন হোৱা যিকোনো এখন ৰাজ্যৰ নাম উল্লেখ কৰা।

উত্তৰঃ ৰাজ্যৰপুনৰ গঠন ১৯৫৬ চনত গ্ৰহণ কৰা হৈছিল। এই আইনৰ অধীনত গঠন হোৱা এখন ৰাজ্যৰ নাম হ’ল পঞ্জাৱ।

(ট) ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত কংগ্ৰেছ দলৰ আধিপত্যৰ মূল কাৰণ সমূহ হ’লঃ-

(১) স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত কংগ্ৰেছ দলৰ আধিপত্যৰ প্ৰধান কাৰণ হ’ল কংগ্ৰেছ দলৰ দেশৰ স্বাধীনতা আন্দোলনত মূল নেতৃত্ব। কংগ্ৰেছ দলে দেশলৈ স্বাধীনতা ঘূৰাই অনাত অন্যতম ভূমিকা গ্ৰহণ কৰিছিল যাৰ ফলত জনসাধাৰণে এই দলক বিশ্বাস আৰু সমৰ্থন কৰিছিল যিয়ে স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত কংগ্ৰেছ দলৰ আধিপত্য দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছিল।

(২) ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত কংগ্ৰেছ দলৰ আধিপত্যৰ আন এক অন্যতম কাৰণ নেহৰুৰ দৰে শক্তিশালী নেতাৰ উপস্থিতি যিয়ে দেশ খনক এক গতি তথা দিশ দিছিল।

(৩) দেশৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত কংগ্ৰেছ দলৰ আধিপত্যৰ অন্য এক কাৰণ হ’ল জাতি গঠন প্ৰক্ৰিয়াত নেহৰু তথা কংগ্ৰেছ দলৰ শক্তিশালী ভূমিকা। জাতি গঠন প্ৰক্ৰিয়াত নেহৰুৱে মুখ্য ভূমিকা পালন কৰিছিল। তদুপৰি কংগ্ৰেছ দলে ১৯৪৭ চনৰ ১৫ জুনত এক বলিষ্ঠ প্ৰস্তাৱৰ দ্বাৰা ঘোষণা কৰিছিল যে ভাৰতবৰ্ষৰ অন্তৰ্গত কোনো ৰাজ্যৰে নিজৰ স্বতন্ত্ৰতা ঘোষণা কৰি পৃথক হৈ থকাৰ অধিকাৰ নাই।

(৪) তাৰোপৰি কংগ্ৰেছ দলৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত আধিপত্যৰ আন এক কাৰণ হ’ল যে কংগ্ৰেছ দলে ভাৰতত যাতে পুনৰ যাতে বিভাজন নহয় তাৰ বাবে বহু চেষ্টা কৰিছিল আৰু এক ঐক্যবদ্ধ ভাৰত গঢ়াৰো পোষকতা কৰিছিল।

   উক্ত ধৰণেৰে কংগ্ৰেছ দলৰ ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত আধিপত্যৰ বহুকেইটা কাৰণ আছিল।


১৪। ৰচনাধৰ্মী প্ৰশ্নঃ

(ক) ভাৰত বিভাজনৰ সৈতে সম্পৰ্ক থকা ঘটনাসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰত বিভাজনৰ সময়ত দেশত বহুতো শোকাৱহ আৰু দুখজনক ঘটনা সংঘটিত হৈছিল। সেই সমূহ তলত উল্লেখ কৰা হ’লঃ

(১) বিভাজনৰ সময়ত সীমান্তৰ দুয়োটা পাৰতে অমানৱীয়ভাৱে অসংখ্য হত্যাকাণ্ড সংঘটিত হয়। ধৰ্মৰ নামত এটা ধৰ্মৰ লোকে আন ধৰ্মৰ লোকক নৃশংসভাৱে আৰু অমানৱীয়ভাৱে হত্যা কৰে। 

(২) বিভাজনৰ সৈতে জড়িত আন এক ঘটনা হ’ল বহুতো সাম্প্ৰদায়িক মণ্ডলৰ সৃষ্টি। লাহোৰ, কলকাতা, অমৃতসৰ আদি অঞ্চল সাম্প্ৰদায়িক মণ্ডলত বিভাজিত হৈ উঠিছিল। হিন্দু আৰু শিখ ধৰ্মৰ লোকৰ মুছলমান ধৰ্মৰ লোকৰ অঞ্চলত আৰু মুছলমান সম্প্ৰদায়ৰ লোকৰ শিখ আৰু হিন্দু ধৰ্মৰ লোকৰ অঞ্চলত প্ৰৱেশ নিষেধ কৰা হৈছিল। 

(৩) ভাৰত বিভাজনৰ সৈতে জড়িত আন এক ঘটনা হ’ল যে বিভাজনৰ সৈতে জড়িত হিংসাত্মক কাৰ্য-কলাপত প্ৰায় ১০ লাখ লোকৰ মৃত্যু হৈছিল আৰু বহুতো লোক গৃহহীন আৰু চিৰ জীৱনলৈ পংগু হৈ পৰিছিল।

(৪) বিভাজনৰ লগত জড়িত অন্য এক ঘটনা হ’ল যে সীমান্ত পাৰ কৰোঁতে বহুতো মহিলাক ধৰ্ষণ কৰা হয় আৰু দুই সীমান্ততে বহুতো মহিলাক অপহৰণ কৰি নি ধৰ্মান্তৰিত কৰা হয়। বহু ক্ষেত্ৰত এনে মহিলাক ঘৰৰ সন্মান ৰক্ষাৰ হকে নিজ পৰিয়ালৰ লোকে হত্যাও কৰিছিল।

     ভাৰত  বিভাজনৰ  সময়ত এনেসমূহ শোকাৱহ ঘটনাৱলী সংঘটিত হৈছিল।


(খ) ১৯৪৭ চনত হোৱা ভাৰত বিভাজনৰ ফলাফলবিলাক কি কি?

উত্তৰঃ ১৯৪৭ চনৰ ভাৰত বিভাজনৰ এক ভয়াৱহ আৰু শোকাৱহ ফলাফল বা পৰিণতি পৰিলক্ষিত হয়। বিভাজনৰ সময়ত সীমান্তৰ দুয়োটা পাৰতে হত্যা, সংঘাত, বৰ্বৰতাই চূড়ান্ত ৰূপ ধৰিছিল। ধৰ্মৰ ভিত্তিত এটা ধৰ্মৰ লোকে আন এটা ধৰ্মৰ লোকক নিৰ্দয়ীভাৱে হত্যা কৰিব ধৰিছিল। কিছুমান অঞ্চল আনকি সাম্প্ৰদায়িক মণ্ডলত পৰিণত হৈছিল। যেনে- অমৃতসৰ, লাহোৰ, কলকাতা আদি। হিন্দু আৰু শিখ ধৰ্মীয় লোকসকলৰ মুছলমান সকলৰ অঞ্চলত প্ৰৱেশ বন্ধ কৰা হৈছিল । ঠিক তেনেদৰে মুছলমান ধৰ্মীয় লোকসকলৰ হিন্দু আৰু শিখ সকলৰ অঞ্চলত প্ৰৱেশ নিষেধ কৰি দিয়া হৈছিল। ভাৰত বিভাজনৰ ফলত প্ৰায় ৮০ লাখ লোক নতুন সীমান্তলৈ প্ৰব্ৰজন কৰিব লগা হৈছিল। এইদৰে সীমান্ত পাৰ কৰোঁতে অসংখ্য লোকক হত্যা কৰা হয় আৰু বহু মহিলা ধৰ্ষণৰ বলি হয়। আনকি বহতো মহিলাক অপহৰণ কৰি নি ধৰ্মান্তৰিত কৰাও হৈছিল। তদুপৰি অসংখ্য শিশু নিজ পৰিয়াল তথা পিতৃ-মাতৃৰ পৰা পৃথক হৈ পৰিছিল। 

     ভাৰত বিভাজনৰ লগত জড়িত হিংসাত্মক কাৰ্য-কলাপত প্ৰায় ৫ ৰ পৰা ১০ লাখ লোকে মৃত্যু বৰণ কৰিব লগা হয়। বহু লোক গৃহহীন আৰু বহু লোক চিৰদিনৰ বাবে পংগু হৈ পৰে। শেষত ধৰ্মৰ ভিত্তিত ভাৰত বিভাজন ঘটাৰ পিছত নৱ গঠিত ৰাষ্ট্ৰ পাকিস্তানলৈ ব্যাপক সংখ্যক মুছলমান ধৰ্মৰ লোকৰ প্ৰব্ৰজন ঘটাৰ পিছতো বহু মুছলমান লোক ভাৰতত ৰৈ যায়। আনহাতে ধৰ্মৰ ভিত্তিত বিভাজন ঘটাৰ পিছতো কিন্ত ভাৰত এক হিন্দু ৰাষ্ট্ৰত পৰিৱৰ্তিত নহ’ল ,আনকি ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ হিচাপে গঢ়ি উঠিল। 

     ১৯৪৭ চনৰ ভাৰত বিভাজনৰ ফলত এনে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল যি সদায় ভাৰতৰ ইতিহাসত এক শোকৱহ অধ্যায় হৈ ৰ’ব।

(গ) দেশীয় ৰাজ্যসমূহ ভাৰত সংঘৰ চামিলকৰণৰ প্ৰধান বিবেচনাসমূহ কি আছিল? এই কাৰ্যত কোনে ঐতিহাসিক ভূমিকা পালন কৰিছিল?

উত্তৰঃ ব্ৰিটিছ ভাৰত দুটা ভাগত বিভাজিত আছিল। সেয়া আছিল ব্ৰিটিছ ভাৰতীয় প্ৰদেশ আৰু দেশীয় ৰাজ্য। ৰজাৰ শাসিত ৰাজ্যসমূহে হ’ল দেশীয় ৰাজ্য আৰু সেই সময়ছোৱাত ভাৰতত প্ৰায় ৫৬৫ খন সৰু-বৰ দেশীয় ৰাজ্য আছিল। এই ৰাজ্যসমূহত জনগণৰ পৰিৱৰ্তে ৰজাৰহে সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ আৰু ক্ষমতা আছিল যি এটা উল্লেখযোগ্য সমস্যা হিচাপে দেখা দিছিল যাৰ দ্বাৰা ঐক্যবদ্ধ ভাৰত গঠনৰ প্ৰতি ভাবুকি আহি পৰিছিল।দেশ বিভাজনৰ সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ লগে লগে কিছু সংখ্যক দেশীয় ৰাজ্যই কেবিনেট মিছনৰ প্ৰস্তাৱ অমান্য কৰি নিজ ৰাজ্যৰ স্বতন্ত্ৰতা বজাই ৰখাৰ সিদ্ধান্ত লয়। ফলত স্বাধীনতাৰ পৰৱৰ্তি সময়ত ভাৰত পুনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যত বিভাজিত হৈ পৰাৰ আশংকাৰ উদ্ভৱ হয় আৰু গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰতিয়ো ভাবুকি আহি পৰে। অৱশেষত ভাৰতীয় জাতীয় কংগ্ৰেছে ১৯৪৭ চনৰ ১৫ জুনত গ্ৰহণ কৰা এক প্ৰস্তাৱৰ দ্বাৰা ঘোষণা কৰে যে ভাৰতবৰ্ষত চামিল হোৱা কোনো ৰাজ্যৰে  স্বতন্ত্ৰতা ঘোষণা কৰি পৃথক স্থিতি অৱলম্বন কৰি থকাৰ অধিকাৰ নাই। ভাৰতৰ অন্তৱৰ্তীকালীন চৰকাৰখনে ভাৰতত আকৌ যাতে বিভাজনৰ সৃষ্টি নহয় তাৰ বাবে কঠোৰ স্থিতি অৱলম্বন কৰিছিল। 

  চৰকাৰে দেশীয় ৰাজ্যসমূহ ভাৰতত চামিল কৰণৰ ক্ষেত্ৰত তিনিটা বিষয়ৰ ওপৰত  গুৰুত্ব প্ৰদান কৰিছিলঃ

(১) অধিকসংখ্যক দেশীয় ৰাজ্যৰ জনগণে ভাৰতৰ অংশ হ’বলৈ ইচ্ছা কৰিছিল।

(২) কিছুমান অঞ্চলক স্বতন্ত্ৰতা প্ৰদান কৰাৰ দিশত নমনীয় হ’বলৈ চৰকাৰখন সাজু আছিল।

(৩) বিভাজনৰ ঘটনাক্ৰমৰ বাবে ভাৰতৰ ভূখণ্ড নিৰ্ধাৰণ, একত্ৰীকৰণ আৰু সুদৃঢ়কৰণত অধিক গুৰুত্ব আৰু মনোযোগ দিয়া হৈছিল।

     ভাৰতবৰ্ষৰ লগত দেশীয় ৰাজ্যবোৰৰ একত্ৰিতকৰণ বা চামিলকৰণৰ ক্ষেত্ৰত মুখ্যতে দুটা উপায় গ্ৰহণ কৰা হৈছিল। এটা হ’ল যুক্তৰাষ্ট্ৰ চৰকাৰৰ শাসনত থকা অঞ্চল নাইবা ওচৰৰ প্ৰদেশবোৰৰ লগত দেশীয় ৰাজ্যৰ একত্ৰিকৰণ আৰু আনটো হ’ল কেইবাখনো দেশীয় ৰাজ্য একত্ৰিত কৰি বৃহৎ ৰাজ্য গঠন। 

   দেশীয় ৰাজ্য ভাৰত সংঘত চামিলকৰণ কাৰ্যত সেই সময়ৰ ভাৰতৰ উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে ঐতিহাসিক ভূমিকা পালন কৰিছিল।

(ঘ) ভাৰতৰ সৈতে কাশ্মীৰ চামিলকৰণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ  ১৯৪৭ চনৰ ভাৰত বিভাজন তথা ভাৰতৰ স্বাধীনতাৰ সময়ত জম্মু আৰু কাশ্মীৰ এক দেশীয় ৰাজ্য আছিল যাৰ ৰজা আছিল হিন্দু সম্প্ৰদায়ৰ হৰি সিং আৰু অধিকাংশ জনসাধাৰণ আছিল মুছলমান সম্প্ৰদায়ৰ। স্বাধীনতাৰ লাভৰ সময়ত জম্মু আৰু কাশ্মীৰৰ ৰজা হৰি সিঙে ভাৰত নাইবা পাকিস্তান কোনো এখন দেশৰ লগতে একত্ৰিত হ’ব বিচৰা নাছিল, তাৰ পৰিৱৰ্তে তেওঁ ৰাজ্যখন স্বতন্ত্ৰভাৱে থকাটো বিচাৰিছিল। কিন্ত পাকিস্তানৰ মতে জম্মু আৰু কাশ্মীৰৰ অধিকাংশ লোক ইছলাম ধৰ্মীয় হোৱাৰ হেতুকে ই পাকিস্তানৰ লগত চামিল হ’ব লাগে। কিন্ত ৰাজ্যখনৰ জনগণে আৰু তেওঁলোকৰ নেতা শ্বেইখ মহম্মদ আব্দুল্লাই ৰজাৰ শাসনৰ পৰা মুক্তি পাব বিচাৰিছিল, লগতে পাকিস্তাৰ অন্তৰ্ভুক্ত হোৱাৰো বিৰোধিতা কৰিছিল। শেষত ৰজাৰ ইচ্ছা মতেই জম্মু আৰু কাশ্মীৰক স্বতন্ত্ৰভাৱে ৰখা হয়। পাকিস্তানে কিন্ত এই কথা সহ্য কৰিব নোৱাৰিলে আৰু ১৯৪৭ চনৰ অক্টোবৰ মাহত কাশ্মীৰ অধিকাৰৰ উদ্দেশ্যে জনজাতীয় লোক ঠাইখনত প্ৰৱেশ কৰি আক্ৰমণ কৰে। এই আক্ৰমণত ৰজা হৰি সিঙে ভীতিগ্ৰস্ত হৈ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল  লৰ্ড মাউন্টবেটেনৰ ওচৰত সহায় বিচাৰে। ভাৰতে এটা চৰ্তৰ বিনিময়ত ৰজাক সহায় কৰে । ১৯৪৭ চনৰ ২৬ অক্টোবৰত ৰজা হৰি সিঙে ভাৰতৰ লগত চামিলকৰণৰ চুক্তি স্বাক্ষৰ কৰে  আৰু তাৰ পিছতে ভাৰতৰ সেনাই অঞ্চলটো জনজাতীয় আক্ৰমণৰ পৰা ৰক্ষা কৰে।শেষত এই চুক্তিৰ আধাৰতে কাশ্মীৰ ভাৰতৰ সৈতে চামিল হৈ পৰে।


(ঙ)ভাৰত চৰকাৰে কাশ্মীৰ সমস্যা সমাধানৰ কাৰণে কেনে গণতান্ত্ৰিক পন্থা অনুসৰণ কৰিছিল?

উত্তৰঃ ১৯৪৭ চনৰ ভাৰতে স্বাধীনতা লাভ কৰি পিছতে পাকিস্তান আৰু ভাৰত দুই ৰাষ্ট্ৰৰ মাজত কাশ্মীৰক চামিলকৰণক লৈ বহু সংঘাত আৰু সমস্যাৰ সৃষ্টি হয় যাক কাশ্মীৰ সমস্যা নামেৰে অভিহিত কৰা হয়। ভাৰতৰ স্বাধীনতাৰ সময়ত কাশ্মীৰত ৰজাৰ শাসন আছিল আৰু ৰজা আছিল হৰি সিং। ভৌগোলিক অৱস্থিতি আৰু অধিকাংশ জনসাধাৰণ মুছলমান হোৱাৰ বাবে পাকিস্তানে কাশ্মীৰ নিজৰ লগত চামিল হোৱাতো বিচাৰিছিল আৰু বহু চেষ্টা কৰিছিল। আনকি বলেৰে আক্ৰমণ কৰি দখল কৰাৰ চেষ্টা কৰিছিল। ভাৰতেও কাশ্মীৰ ভাৰতৰ লগত চামিল হোৱাতো বিচাৰিছিল কিন্ত বলপূৰ্বকভাৱে নহয় গণতান্ত্ৰিক পদ্ধতিৰে। কিন্ত হৰি সিঙে কোনো ৰাষ্ট্ৰৰ লগতে সংযুক্ত নহৈ স্বাধীন স্থিতি বজাই ৰখাৰ ঘোষণা কৰিছিল। অৱশেষত ১৯৪৭ চনৰ অক্টোবৰত পাকিস্তানৰ আক্ৰমণৰ ফলত ভীতিগ্ৰস্ত হৈ কাশ্মীৰৰ ৰজাই ভাৰতৰ ওচৰত সহায় বিচাৰে । সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড মাউন্টবেটেনে চামিলকৰণ চুক্তিৰ বিনিময়ত কাশ্মীৰক ৰক্ষা কৰে। এই চুক্তি অনুসৰিয়ে কাশ্মীৰ ভাৰতৰ অন্তভুৰ্ক্ত হয় কিন্ত তাৰ পাছতো সমস্যাৰ সম্পূৰ্ণ সমাধান নহ’ল। ভাৰত চৰকাৰৰ নেতৃত্বত কাশ্মীৰৰ সুৰক্ষাৰ বাবে ভাৰতীয় সংবিধানত ৩৭০ নং অনুচ্ছেদ কাশ্মীৰৰ বাবে বিশেষভাৱে অন্তনিৰ্হিত কৰা হ’ল। যি অনুচ্ছেদে কাশ্মীৰক বিশেষ মৰ্যাদা দিছে। আৰম্ভণিতে এই অনুচ্ছেদটো অস্থায়ীৰূপে সংবিধানৰ অন্তৰ্ভুক্ত কৰা যদিও সম্প্ৰতি ই ভাৰতৰ সংবিধানৰ স্থায়ী বৈশিষ্ট্যলৈ পৰিৱৰ্তিত হৈছে।৩৭০ অনুচ্ছেদে আন ৰাজ্যৰ তুলনাত জম্মু আৰ কাশ্মীৰক অধিক স্বাধীনতা দিছে। 

   সংবিধান মহাসভাত চৰ্দাৰ বল্লভভাই পেটেলে ঘোষণা কৰে যে জম্মু-কাশ্মীৰে সন্মুখীন হৈ থকা বিশেষ সমস্যাবোৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতবৰ্ষৰ লগত ৰাজ্যখনক ৰাখিবলৈ বিশেষ ব্যৱস্থাৱলী অৱলম্বন কৰা হ’ল। ৰাজ্যখনৰ বাবে নিজস্ব সংবিধান আৰু পাতাকাৰ ব্যৱস্থাও কৰা হৈছিল। 

    ভাৰত চৰকাৰে কাশ্মীৰ সমস্যা সমস্যাৰ সমাধানৰ বাবে উক্তধৰণৰ গণতান্ত্ৰিক পন্থাই অনুসৰণ কৰিছিল।

(চ) ৰাজ্য পুনৰগঠনৰ আয়োগ কি? ইয়াৰ প্ৰধান পৰামৰ্শাৱলী কি কি আছিল?

উত্তৰঃ অন্ধ্ৰপ্ৰদেশ ভাষাৰ ভিত্তিত এখন পৃথক ৰাজ্য হিচাপে সৃষ্টি হোৱাৰ লগে লগে সমগ্ৰ ভাৰতত ভাষাৰ ভিত্তিত ৰাজ্য গঠনৰ দাবী উঠিবলৈ ধৰিল। তাৰ প্ৰতিক্ৰিয়াৰৃপে ভাৰতৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ১৯৫৩ চনৰ ২৯ ডিচেম্বৰত ৰাজ্যবোৰৰ পুনৰ গঠনৰ বিষয়টো পৰ্যালোচনা কৰিবৰ বাবে এখন আয়োগ গঠন কৰে যাক ৰাজ্য পুনৰগঠন আয়োগ বুলি অভিহিত কৰা হয়। এই আয়োগে বিষয়টো ভালদৰে পৰ্যালোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰে যে ৰাজ্যৰ চাৰিসীমা সমূহে বিভিন্ন ভাষাৰ চাৰিসীমাক প্ৰতিফলিত কৰাটো উচিত। উক্ত প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়ে ৰাজ্যবোৰৰ পুনৰ গঠন আইন, ১৯৫৬ গ্ৰহণ কৰা হয় যাৰ ভিত্তিত ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয়শাসিত অঞ্চল গঠন কৰা হয়।

    ৰাজ্য পুনৰগঠন আয়োগে ৰাজ্যপুনৰ গঠনৰ ক্ষেত্ৰত কিছুমান পৰামৰ্শ ইগবঢ়াইছিল। তলত সেইসমূহ উল্লেখ কৰা হ’লঃ-

(১) ৰাজ্য পুনৰগঠন আয়োগৰ প্ৰধান পৰামৰ্শটো আছিল ৰাজ্যসমূহৰ চাৰিসীমাসমূহৰ পুনৰ গঠন কৰা।

(২) এই আয়োগৰ আন এক পৰামৰ্শ আছিল যে ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয়শাসিত অঞ্চল গঠন কৰা।

এই কেইটা আছিল আয়োগখনৰ প্ৰাথমিক পৰামৰ্শ। তাৰোপৰি ৰাজ্যপুনৰ গঠন আয়োগে ইয়াৰ ১৯৫৫ চনৰ প্ৰতিবেদনত কিছুমান পৰামৰ্শ আগবঢ়াইছিল। সেইসমূহ হ’লঃ

(১) প্ৰচলিত তিনি তৰপীয়া ৰাজ্য ব্যৱস্থাৰ (ক/খ/গ শ্ৰেণী) অন্ত কৰা।

(২) ৰাজপ্ৰমূখ অনুষ্ঠান আৰু পূৰ্বৰ ৰজাশাসনাধীস্ত ৰাজ্যসমূহৰ সৈতে থকা সকলোবোৰ বিশেষ চুক্তিৰ অন্ত হোৱা উচিত।

(৩) সংবিধানৰ ৩৭১ নং অনুচ্ছেদ অনুসৰি ভাৰত চৰকাৰৰ হাতত নিহিত থকা সাধাৰণ নিয়ন্ত্ৰণৰ অন্ত কৰা উচিত।

(৪) কেৱল তিনি খন ৰাজ্যই কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে থাকিব, সেয়া হ’ল—আন্দামান আৰু নিকোবৰ, দিল্লী আৰু মণিপুৰ। বাকী ‘গ’ আৰু ‘ঘ’ শ্ৰেণীৰ অন্তৰ্গত ৰাজ্যসমূহ ওচৰ-চুবুৰীয়া ৰাজ্য সমূহৰ লগত সন্মিলিত হোৱা উচিত। 

   উক্তধৰণৰ পৰামৰ্শাৱলী ৰাজ্যপুনৰ গঠন আয়োগে আগবঢ়াইছিল।

(ছ)স্বাধীনতাৰ সময়ত ভাৰতে জাতি গঠনৰ ফলত সমুখীন হোৱা তিনিটা প্ৰত্যাহ্বান আলোচনা কৰা।

উত্তৰঃ স্বাধীনতাৰ সময়ত ভাৰতে তথা ইয়াৰ জাতীয় নেতৃবৰ্গই জাতি গঠনৰ ফলত প্ৰধানকৈ তিনিটা প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছিল । সেই প্ৰত্যাহ্বান কেইটাৰ বিষয়ে তলত আলোচনা কৰা হ’লঃ-

(১) ভাৰতে জাতি গঠনৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰথম প্ৰত্যাহ্বানটো হ’ল ভাৰতবৰ্ষৰ বিশলতা বা আয়তন আৰু বৈচিত্ৰতা। ভাৰত ভৌগোলিক ক্ষেত্ৰৰ পৰা এখন বৃহৎ আয়তনৰ ৰাষ্ট্ৰ। তদুপৰি ৰাষ্ট্ৰখনৰ বৈচিত্ৰতাও অতি আকৰ্ষণীয়, যিহেতু ইয়াত বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বী, জাতি আৰু বৰ্ণৰ লোকে বাস কৰে। সেয়ে ৰাষ্ট্ৰখনৰ বৃহৎ ভৌগোলিক আয়তন আৰু বৈচিত্ৰতাই সদ্য স্বাধীনতাপ্ৰাপ্ত ভাৰতবৰ্ষৰ ভৱিষৎ সন্দৰ্ভে সংশয় তথা ভয়ৰ সৃষ্টি কৰিছিল। 

(২) ভাৰতে স্বাধীনতাৰ সময়ত জাতি গঠনৰ ক্ষেত্ৰত সন্মুখীন হোৱা দ্বিতীয়টো প্ৰত্যাহ্বান আছিল ৰাষ্ট্ৰখনত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰা যি আছিল এক অতি কঠিন কাৰ্য। ভাৰতবৰ্ষই স্বাধীনতা লাভৰ পিছত যি সংবিধান প্ৰস্তুত কৰিছিল সেইখন সংবিধানে ভাৰতত গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ বাবে সম্পূৰ্ণ চেষ্টা চলাইছিল। সংবিধানখনে ভাৰতত সংসদীয় চৰকাৰ ব্যৱস্থাৰ ওপৰত প্ৰতিষ্ঠিত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ ব্যৱস্থা কৰিছিল যাতে ৰাষ্ট্ৰখনৰ ৰাজনৈতিক ক্ষেত্ৰখনত এক প্ৰতিযোগিতাপূৰ্ণ পৰিৱেশৰ সূচনা হয়, যাৰ দ্বাৰা ভাৰতৰ জনগণে যাতে গণতান্ত্ৰিক শিক্ষা অৰ্জন কৰিব পাৰে।

(৩) ভাৰতৰ জাতীয় নেতৃবৰ্গই জাতি গঠনৰ ক্ষেত্ৰত সন্মুখীন হোৱা তৃতীয়টো প্ৰত্যাহ্বান হ’ল ভাৰতবৰ্ষৰ মুষ্টিমেয় জনগণৰ পৰিৱৰ্তে সমগ্ৰ ভাৰতীয় জনগণৰ বিকাশ আৰু কল্যাণ সুনিশ্চিত কৰা। অৱশ্যে এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবৰ বাবে ভাৰতৰ সংবিধানত সমতাৰ নীতি, সামাজিকভাৱে অনগ্ৰসৰ গোষ্ঠী আৰু ধৰ্মীয় তথা সাংস্কৃতিক সম্প্ৰদায়ৰ বাবে বিশেষ সুৰক্ষা আদি বহু ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হয় যাৰ দ্বাৰা সংবিধানে দেশৰ অধিকাংশ জনগণক ন্যায় প্ৰদানৰ চেষ্টা চলাই। তদুপৰি দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিচালনাৰ বাবে আৱশ্যকীয় কল্যাণমূলক লক্ষ্য তথা উদ্দেশ্যসমূহ পূৰণৰ অৰ্থে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিও সংবিধানখনত সন্নিৱিষ্ট কৰা হ’ল।

    এনদৰে সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি আৰু প্ৰত্যাহ্বান নেওচি ভাৰতৰ জাতীয় নেতৃবৰ্গই সংবিধান প্ৰস্তুত তথা জাতি গঠনৰ প্ৰক্ৰিয়াত আগবাঢ়িছিল।


(জ) দেশ বিভাজনৰ প্ৰক্ৰিয়া আৰু পৰিণাম আলোচনা কৰা।

উত্তৰঃ  দীৰ্ঘকাল জুৰি শাসন চলাই থকা ব্ৰিটীছে শেষত ১৯৪৬ চনৰ ১৯ ফেব্ৰুৱাৰীত ভাৰতৰ হাতলৈ পুনৰ ৰাজনৈতিক ক্ষমতা হস্তান্তৰ কৰিবলৈ ভাৰতৰ ৰাজনৈতিক নেতাসকলৰ লগত আলোচনাত মিলিত হ’বলৈ কেবিনেট মিছনৰ গঠন কৰে। ২৩ মাৰ্চত মিছনে এক পৰিকল্পনা প্ৰস্তুত কৰে যাৰ প্ৰস্তাৱ অনুসৰি ব্ৰিটিছ ভাৰত আৰু দেশীয় ৰাজ্যবোৰ একত্ৰিত কৰি এখন সংযুক্ত ৰাষ্ট্ৰ গঠন কৰা হ’ব; হিন্দু, মুছলমান, সংখ্যাগৰিষ্ঠ ৰাজ্যবোৰক ক্ৰমে ‘ক’ আৰু ‘খ’ শ্ৰেণীত বিভক্ত কৰা হ’ব আৰু বংগ আৰু অসমক ‘গ’ শ্ৰেণীত ভাগ কৰা হ’ব; এই তিনিটা ভাগে নিজৰ বাবে সংবিধান প্ৰস্তুত কৰিব; নতুনকৈ সংবিধান প্ৰস্তুত নোহোৱালৈকে দেশখনৰ প্ৰধান ৰাজনৈতিক দলৰ প্ৰতিনিধি সমূহক একত্ৰিত কৰি এক অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হ’ব। মিছনৰ পৰিকল্পনা অনুযায়ী ১৯৪৬ চনৰ জুলাইত সংবিধান মহাসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হয় যি নিৰ্বাচনত ২১৬ খন আসনৰ ভিতৰত ২১১ খন কংগ্ৰেছ দলে লাভ কৰে। এই কথাত ক্ষুব্ধ হৈ মুছলিম লীগৰ নেতা মহম্মদ আলী জিন্নাই পৃথক পাকিস্তান ৰাষ্ট্ৰৰ বাবে মুছলমান ধৰ্মীয় লোকসকলক প্ৰতক্ষ্য বিদ্ৰোহৰ আবাহন জনায় । এই সংগ্ৰামৰ ফলস্বৰূপে হিন্দু আৰু মুছলমান ধৰ্মীয় লোকৰ মাজত অতি ভয়ানক সংঘৰ্ষৰ সৃষ্টি হয় য’ত অসংখ্য লোকৰ মৃত্যু হয়। এই ভয়াৱহ আৰু নৃশংস সংঘাতে দেশ বিভাজনৰ বিকল্প যে  নাই তাকেই প্ৰতিপন্ন কৰে। 

    ইয়াৰ পিছত মহম্মদ আলি জিন্নাই দ্বি-জাতি তত্ব আগবঢ়াই যি ১৯৪৭ চনৰ ভাৰত বিভাজনৰ মূল কাৰণ হৈ পৰে। দ্বি-জাতি তত্বই হিন্দু আৰু মুছলমানৰ মাজৰ পাৰ্থক্য, বৈসাদৃশ্য আৰু দুইটা যে সম্পূৰ্ণভাৱে পৃথক জাতি তাক বুজাই। এই তত্বৰ আধাৰতে দাবী উশ্থাপিত হৈছিল যে ব্ৰিটীছ ভাৰতৰ মুছলমান প্ৰধান অঞ্চলবোৰ একত্ৰিত কৰি মুছলমানসকলৰ বাবে এক স্বাধীন আৰু পৃথক ভূখণ্ড থাকিব লাগে। ১৯৪৭ চনৰ ৩ জুনত ঘোষণা কৰা মাউন্টবেটেন আঁচনিৰ দ্বাৰা এই দ্বি-জাতি তত্ব আঁচনিয়ে পূৰ্ণতা লাভ কৰে। ইয়াৰ দ্বাৰা মুছলমান ধৰ্মীয় লোকৰ সংখ্যাগৰিষ্ঠ ঠাইসমূহ পাকিস্তানৰ অন্তৰ্ভুক্ত হয়। এনেদৰে বিভাজন প্ৰক্ৰিয়া পূৰ্ণ হৈ উঠে আৰু সংযুক্ত ভাৰতবৰ্ষ ভাৰত-পাকিস্তান দুখন পৃথক ৰাষ্ট্ৰত পৰিণত হয়।

     ১৯৪৭ চনৰ বিভাজনৰ পৰিণাম আছিল অতিকে শোকাৱহ আৰু ভয়াৱহ। বিভাজনৰ সময়ছোৱা ভাৰতৰ ইতিহাসৰ এক অতিকে দুখদায়ক অধ্যায়। বিভাজনৰ সময়ত সীমান্তৰ দয়োটা পাৰত হত্যা, বৰ্বৰতা, সংঘাত আৰু নৃশংসতাই ৰুদ্ৰ ৰুপ ধাৰণ কৰে। ধৰ্মৰ নামত এটা ধৰ্মৰ লোকে আন ধৰ্মৰ লোকক অমানৱীয়ভাৱে হত্যা কৰিবলৈ ধৰিছিল। কিছুমান অঞ্চলটো সাম্প্ৰদায়িক মণ্ডলত বিভাজিত হৈ পৰিছিল। যেনে— অমৃতসৰ, লাহোৰ, কলকাতা আদি। এটা ধৰ্মৰ লোকৰ অঞ্চলত আন এটা ধৰ্মৰ লোকৰ প্ৰৱেশ বন্ধ কৰা হৈছিল। হিন্দু আৰু শিখ ধৰ্মৰ লোকৰ অঞ্চলত মুছলমান সকলৰ আৰু মুছলমান ধৰ্মৰ লোকৰ অঞ্চলত হিন্দু আৰু শিখ ধৰ্মৰ লোকৰ প্ৰৱেশ নিষেধ কৰা হয়। ভাৰত বিভাজনৰ কালত প্ৰায় ৮০ লাখ লোক নতুন সীমান্তলৈ প্ৰব্ৰজন কৰিব লগা হয়। সীমান্ত পাৰ  কৰোঁতে অসংখ্য লোকৰ হত্যা কৰা হয় আৰু বহুতো মহিলাক ধৰ্ষণ কৰা হয়। তাৰোপৰি অসংখ্য মহিলাক অপহৰণ কৰি ধৰ্মান্তৰিত কৰা হয়। দেশ বিভাজনৰ লগত জড়িত হিংসাত্মক কাৰ্যকলাপত প্ৰায় ৫ ৰ পৰা ১০ লাখ লোকে মৃত্যু বৰণ কৰে। বহুতো লোক গৃহহীন হয় আৰু বহু লোক চিৰ জীৱনৰ কাৰণে পংগু হৈ পৰে। অসংখ্য শিশু নিজ পৰিয়াল আৰু পিতৃ-মাতৃৰ পৰা পৃথক হৈ পৰে। শেষত ধৰ্মৰ ভিত্তিতে ভাৰত বিভাজিত হৈছিল। উল্লেখযোগ্য যে নৱ গঠিত ৰাষ্ট্ৰ পাকিস্তানলৈ ব্যাপক হাৰত মুছলমান ধৰ্মৰ লোকৰ প্ৰব্ৰজন ঘটাৰ পিছতো বহু সংখ্যক মুছলমান লোক ভাৰতত ৰৈ যায়।

    বিভাজনৰ পৰিণতি উক্তধৰণেৰে অতি শোকাৱহ আৰু হৃদয়বিদাৰক আছিল।


(ঝ) জাতি নিৰ্মাণৰ ক্ষেত্ৰত নেহৰুৰ দৃষ্টিভংগী কি আছিল?

উত্তৰঃ ভাৰতবৰ্ষৰ জাতি নিৰ্মাণ কাৰ্যত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দৃষ্টিভংগী,  ভূমিকা আৰু  অৰিহণা অতি গুৰুত্বপূৰ্ণ । স্বাধীনতাৰ পিছত একমাত্ৰ নেহৰুৱে ভাৰতক এক শক্তিশালী নেতৃত্ব তথা এক দিশ দিছিল। দেশে স্বাধীনতা লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নেহৰুৱে অতি বিচক্ষণতা আৰু বুদ্ধিমত্তাৰে ভাৰতৰ জাতি গঠন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছিল যি আছিল তেওঁৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান। জাতি গঠনৰ ক্ষেত্ৰত নেহৰুৰ দৃষ্টিভংগী আছিল অতি লক্ষ্যণীয়। নেহৰুৰ কেৱল এটাই লক্ষ্য বা উদ্দেশ্য আছিল যে ভাৰতৰ বৈচিত্ৰতাৰ মাজেৰে গতি কৰি এক শক্তিশালী ৰাষ্ট্ৰৰ গঠন কৰা আৰু এক শক্তিশালী ভাৰতীয় জাতি গঢ় দি তোলা ।

     দেশ বিভাজনৰ সময়ছোৱাত ভাৰতত হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত সংঘাত তথা হিংসাত্মক ঘটনাৰ উদ্ভৱ ঘটিছিল যিয়ে ভাৰতৰ বাবে এক ভয়াৱহ ভৱিষ্যতৰ জাননি দিছিল। এই বিষয়ত নেহৰুৱে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল। তেওঁ ভাৰতৰ জাতি নিৰ্মাণৰ কাৰ্যত হিন্দু আৰু মুছলমান দুই সম্প্ৰদায়ৰ মাজত মিলা-প্ৰীতি আৰু ঐক্যতা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিল তথা পোষকতা কৰিছিল। ১৯৪৭ চনৰ ১৪ আগষ্টৰ মাজৰাতি আয়োজন কৰা সংবিধান মহাসভাৰ ভাষণটো প্ৰধানমন্ত্ৰী নেহৰুৱে ভাৰতৰ ভৱিষৎ সম্পৰ্কে বৰ্ণনা কৰিছিল আৰু মত ব্যক্ত কৰিছিল যে ভাৰতৰ সংবিধান মহাসভাই যিখন সংবিধানৰ প্ৰস্তুত কৰিব, সেই সংবিধানৰ দ্বাৰা প্ৰতিজন ভাৰতৰ নাগৰিকক বিকাশৰ সম্পূৰ্ণ সুযোগা-সুবিধা প্ৰদানৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰিব লাগিব। নেহৰুৱে তদুপৰি ভাৰতৰ জাতি গঠনৰ ক্ষেত্ৰত স্পষ্ট মত প্ৰকাশ কৰি কৈছিল যে কোনো বিদেশী ৰাষ্ট্ৰই ভাৰতবৰ্ষৰ কোনো ৰাজ্যৰ স্বতন্ত্ৰতাক স্বীকৃতি প্ৰদান কৰিলে ভাৰতে তাক অবন্ধুত্বপূৰ্ণ বুলি গণ্য কৰিব।ইয়াৰ অৰ্থ এয়া যে ভাৰতৰ জাতি গঠন কাৰ্যত যদি কোনো বাহিৰা শক্তিয়ে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে তেন্তে ভাৰতে সেই শক্তিৰ প্ৰতি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব। তাৰোপৰি ১৯৫১ চনত ৰ এক ভাষণৰ জৰিয়তে প্ৰধানমন্ত্ৰী নেহৰুৱে মত তথা দৃষ্টিভংগী প্ৰকাশ কৰিছিল যে ভাৰতৰ বৈচিত্ৰতাক এডাল শিকলিৰে বন্ধাটো যুক্তিযুক্ত নহয়।তাৰ পৰিৱৰ্তে ৰাষ্ট্ৰখনে এনে এক দৃষ্টিভংগী গঢ় দিব লাগিব যাৰ দ্বাৰা ভাৰতে এই বৈচিত্ৰ্যতাক আদৰি ল’ব পাৰে আৰু নিজৰ বুলি মানি ল’ব পাৰে। গতিকে দেখা গ’ল যে জাতি নিৰ্মাণৰ কাৰ্যত নেহৰুৱে স্পষ্ট দৃষ্টিভংগী আৰু মত প্ৰকাশ কৰিছিল যে ভাৰতবৰ্ষৰ প্ৰত্যেকটো অংশই বৈচিত্ৰ্যতাৰ মাজেৰে এক ঐক্যবদ্ধ ভাৰত গঢ় দি তুলিবলৈ আগুৱাই আহিব লাগিব আৰু দেশখনৰ সকলো জাতি, ধৰ্ম, সংস্কৃতিয়ে স্বতন্ত্ৰভাৱে কৰাৰ লগতে ঐক্যবদ্ধ শক্তি হিচাপে থিয় হ’ব লাগিব।

    প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ভাৰতৰ জাতি নিৰ্মাণ প্ৰক্ৰিয়াত প্ৰয়োজন অনুসৰি দৃঢ় বা কঠোৰ হৈছিল আৰু প্ৰয়োজন অনুসৰি নৰম দৃষ্টিভংগী প্ৰকাশ কৰিছিল। গতিকে দেখা গ’ল যে ভাৰতৰ জাতি গঠন প্ৰক্ৰিয়াত নেহৰুৰ দৃষ্টিভংগী আৰু অৱদান তাৎপৰ্য্যপূৰ্ণ।

        

(ঞ)স্বাধীনতাৰ সময়ত ভাৰতে গ্ৰহণ কৰিবলগীয়া হোৱা তিনিটা প্ৰত্যাহ্বানৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ স্বাধীতাৰ সময়ত ভাৰতে গ্ৰহণ কৰিবলগীয়া হোৱা তিনিটা প্ৰত্যাহ্বান হ’লঃ

(১) স্বাধীনতাৰ সময়ত ভাৰতে গ্ৰহণ কৰিব লগা এক প্ৰধান প্ৰত্যাহ্বান হ’ল জাতি গঠন বা এক ঐক্যবদ্ধ ভাৰত ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। যিহেতু ভাৰতত বিভিন্ন জাতি, ধৰ্ম, ভাষা-ভাষী লোকে বাস কৰে।বিভাজনৰ ফলত দেশখনৰ সকলো লোক চিন্ন ভিন্ন হৈ পৰিছিল, পৰস্পৰ ভিন্ন ধৰ্মীয় লোকৰ মাজত সংঘাত আৰু শত্ৰুতাৰ সৃষ্টি হৈছিল। এই সকলো বোৰ দূৰ কৰি সকলোকে একত্ৰিত কৰি এখন ঐক্যবদ্ধ ভাৰত প্ৰতিষ্ঠা কৰাঁতো স্বাধীনতাৰ সময়ছোৱাত ৰাষ্ট্ৰ খনৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান আছিল।

(২) ভাৰতে স্বাধীনতাৰ সময়ত গ্ৰহণ কৰিব লগা আন এক অন্যতম প্ৰত্যাহ্বান আছিল ব্ৰিটীছ শাসনৰ ফলত ভাঙি পৰা দেশৰ অৰ্থনীতিক পুনৰ প্ৰতিষ্ঠা কৰা, সবল কৰা আৰু দেশৰ পৰা দৰিদ্ৰতা দূৰ কৰা। যিহেতু ভাৰতৰ দৰে এখন বৃহৎ আৰু দৰিদ্ৰ দেশৰ দৰিদ্ৰতা দূৰ কৰা আৰু উন্নয়নৰ পথত অগ্ৰসৰ হোৱাতো ইমান সহজ নাছিল। তাৰ বাবে সকলো জনগণৰ সমূহীয়া সহযোগিতাৰো প্ৰয়োজন আছিল।

(৩) স্বাধীনতাৰ সময়ত ভাৰতে সন্মুখীন হ’ব লগা আন এক বৃহৎ প্ৰত্যাহ্বান আছিল গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰা আৰু বজাই ৰখা লগতে এখন সৰ্বগ্ৰহণযোগ্য সংবিধানৰ নিৰ্মাণ কৰা। কাৰণ ভাৰত বিভিন্ন জাতি, ধৰ্ম, ভাষী-ভাষী লোকৰ এখন বৃহৎ ৰাষ্ট্ৰ য’ত সকলোৰে সংস্কৃতি, নীতি- আদৰ্শ পৃথক পৃথক । সেইয়ে ইয়াত গণতন্ত্ৰ বজাই ৰখা আৰু এখন সৰ্বসন্মত সংবিধান প্ৰস্তুত কৰাঁতো দেশীয় নেতৃত্বৰ আগত এক বৃহৎ প্ৰত্যাহ্বান আছিল।

  ভাৰতে স্বাধীনতাৰ সময়ত এনে সমূহ প্ৰত্যাহ্বান গ্ৰহণ কৰিব লগা হৈছিল।

(ট) ভাৰত বিভাজনৰ পৰিণতিসমূহ বিশ্লেষণ কৰা।

উত্তৰঃ ১৯৪৭ চনৰ ভাৰত বিভাজনৰ পৰিণতি স্বৰূপে দেশ খনত এক কৰুণ তথা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিভাজনৰ ফলত সীমান্তৰ দুই পাৰতে হত্যা, সংঘাত, নৃশংসতা চূড়ান্তভাৱে বৃদ্ধি পাইছিল। ধৰ্মৰ ভিত্তিত এটা ধৰ্মীয় সম্প্ৰদায়ৰ লোকে আন এক ধৰ্মৰ লোকক দয়াহীনভাৱে হত্যা কৰিবলৈ ধৰিছিল। কিছুমান অঞ্চল আনকি ‘সাম্প্ৰদায়িক মণ্ডল’ত বিভাজিত হৈ উঠিছিল। যেনে— অমৃতসৰ, লাহোৰ, কলকাতা আদি। ইটো ধৰ্মৰ লোক সিটো ধৰ্মৰ লোকৰ অঞ্চললৈ যোৱাতো নিষেধ কৰি দিয়া হৈছিল । হিন্দু আৰু শিখসকল মুছলমান লোক বাস কৰা অঞ্চলত প্ৰৱেশ কৰা বন্ধ কৰা হয়। ঠিক তেনেদৰে মুছলমান লোকৰ হিন্দু আৰু শিখসকলৰ অঞ্চলত প্ৰৱেশ কৰাঁতো বন্ধ কৰি দিয়া হয়। ভাৰত বিভাজনৰ পৰিণতিৰূপে ৮০ লাখ লোক নতুন সীমান্তলৈ প্ৰব্ৰজন কৰিব লগা হয়। এনেদৰে সীমান্ত পাৰ কৰোঁতে অসংখ্য লোকক হত্যা কৰা হৈছিল, বহু মহিলাক ধৰ্ষণ কৰা হৈছিল আনকি তাৰ পিছত কিছুমান মহিলাক হত্যা কৰিও পেলাইছিল। তাৰোপৰি দুই সীমান্তত বহু সংখ্যক মহিলাক অপহৰণ কৰি লৈ বলপূৰ্বকভাৱে ধৰ্মান্তৰিত কৰা হৈছিল। তদুপৰি বহু নিস্পাপ শিশু নিজৰ পৰিয়ালৰ পৰা তথা পিতৃ-মাতৃৰ পৰা পৃথক হৈ পৰিছিল। বিভাজনৰ ফলত সৃষ্টি হোৱা নৃশংসতা আৰু হিংসাত্মক কাৰ্য-কলাপত প্ৰায় ৫ ৰ পৰা ১০ লাখ পৰ্যন্ত লোকে মৃত্যুক সাবটি ল’ব লগা হৈছিল। বহু লোক গৃহহীন হৈ পৰিছিল। আনকি বহুলোক জীৱনৰ কাৰণে পংগু হৈ পৰিছিল। 

    বিভাজনৰ পিছত নৱ গঠিত ৰাষ্ট্ৰ পাকিস্তানলৈ ব্যাপক সংখ্যাত মুছলমান সম্প্ৰদায়ৰ লোকৰ প্ৰব্ৰজন ঘটাৰ পিছতো বহু সংখ্যক মুছলমান লোক ভাৰতত ৰৈ যায়। ধৰ্মৰ ভিত্তিত এই বিভাজন ঘটাৰ পিছতো কিন্ত ভাৰতবৰ্ষ ধৰ্মৰ ভিত্তিত হিন্দু ৰাষ্ট্ৰলৈ পৰিৱৰ্তিত নহ’ল, বৰং ই এখন ধৰ্মনিৰপেক্ষ দেশ ৰূপেহে গঢ়ি উঠিল।

    দেশ বিভাজনৰ পৰিণতি স্বৰূপে ভাৰতত এনেধৰণৰ এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছিল যি সকলোৰে বাবে স্মৰণীয় হৈ ৰ’ব। 

(ঠ) ‘দ্বি-জাতি তত্ব’ সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৪৭ চনত ভাৰত বিভাজনৰ প্ৰধান কাৰক হৈছে দ্বি-জাতি তত্ব। দ্বি-জাতি তত্ত্বৰ মতে হিন্দু আৰু মুছলমান এই দুয়োটা সম্পূৰ্ণৰূপে পৃথক জাতি । সেইবাবে মুছলমানসকলৰ ৰাজনৈতিক, সাংস্কৃতিক তথা সামাজিক অধিকাৰৰ সুৰক্ষাৰ হেতু বৃটিছ শাসনাধীন ভাৰতৰ মুছলমান সংখ্যাগৰিষ্ঠ ঠাইসমূহ একত্ৰিত কৰি তেওঁলোকৰ বাবে এক স্বতন্ত্ৰ গৃহভূমি থকাটো উচিত। এই তত্বই উক্ত দুই ধৰ্মীয় সম্প্ৰদায়ৰ মাজৰ পাৰ্থক্য আৰু বৈসাদৃশ্যসমূহক বুজাই বা সূচায়। দ্বি-জাতি তত্বৰ ভিত্তিতে হিন্দু আৰু মুছলমান দুই ধৰ্মৰ লোকৰ বাবে দুখন পৃথক ৰাষ্ট্ৰ গঠনৰ দাবী উশ্থাপিত হৈছিল। সেয়া হ’ল মুছলমানসকলৰ বাবে পাকিস্তান আৰু হিন্দুসকলৰ বাবে ভাৰত।

     উক্ত দ্বি-জাতি তত্ব আঁচনিয়ে ১৯৪৭ চনৰ ৩ জুনত ঘোষণা কৰা মাউন্টবেটেন আঁচনিৰ দ্বাৰা পূৰ্ণতা লাভ কৰে। ইয়াৰ দ্বাৰাই বৃটিছ ভাৰতৰ মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলবোৰ পাকিস্তানৰ ভূ-খণ্ডৰ অন্তৰ্ভুক্ত হয়।এই মাউন্টবেটেন আঁচনিৰ মূল বিষয়বস্তু আছিলঃ-

(১) ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্তান নামেৰে দুখন পৃথক দেশ গঠন কৰা হ’ব।

(২) বংগ আৰু পঞ্জাৱৰ কোনোবোৰ অংশ পাকিস্তানৰ অন্তৰ্ভুক্ত হ’ব, সেয়া নিৰ্ধাৰণ কৰিবৰ বাবে এখন সীমা নিৰ্ধাৰণ আয়োগৰ নিযুক্তি দিয়া হ’ব।

(৩) মুছলমান লোকৰ সংখ্যাগৰিষ্ঠতাৰ অসমৰ জিলা ছিলেট আৰু উত্তৰ-পশ্চিম সীমান্ত অঞ্চল পাকিস্তানৰ লগত চামিল হ’বনে নাই সেই সিদ্ধান্ত অঞ্চল কেইটাৰ জনগণৰ গণভোটৰ দ্বাৰা গ্ৰহণ কৰা হ’ব ।

(৪) সিন্ধু প্ৰদেশৰ বিধানসভাই ভোটদানৰ দ্বাৰা সংযুক্তকৰণৰ সিদ্ধান্ত ল’ব।

(৫) দেশীয় ৰাজ্যবোৰে নিজ ইচ্ছাৰে যিকোনো এখন দেশৰ সৈতে সংযুক্ত হ’ব পাৰিব বা স্বতন্ত্ৰ স্থিতি অৱলম্বন কৰিব পাৰিব। 


Nikita Chetia

(M.A in Political Science)



Post ID : DABP006118