পৃথিৱীৰ পৰিৱেশ | Lesson 16  | Class 5 Social Science AJB | Assam Jatiya Bidyalay | অসম জাতিয় বিদ্যলয় | পঞ্চম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন আৰু উত্তৰ


পাঠ ১৬

পৃথিৱীৰ পৰিৱেশ

অনুশীলনী 

১। একোটিকৈ বাক্যত উত্তৰ লিখাঁ।

ক) উদ্ভিদে সালোক সংশ্লেষণৰ পিছত কি গেছ এৰি দিয়ে?

উত্তৰঃ উদ্ভিদে সালোক সংশ্লেষণৰ পিছত অক্সিজেন গেছ এৰি দিয়ে।

খ) বিষুবীয় অঞ্চলত গৰম কিয় বেছি?

উত্তৰঃ সূৰ্যৰ পোহৰ আৰু তাপ বিষুৱীয় অঞ্চলত বেছি পোনপটীয়া আৰু প্ৰখৰ বাবে বিষুৱীয় অঞ্চলত গৰম বেছি। 

গ) বিষুবীয় বা নিৰক্ষীয় অঞ্চল বুলিলে কোনটো অঞ্চলক বুজায়?

উত্তৰঃ বিষুৱৰেখাৰ দাঁতিকাষৰীয়া অঞ্চলটোক বিষুৱীয় বা নিৰক্ষীয় অঞ্চল বোলে।

ঘ) দুখন বিখ্যাত মৰুভূমিৰ নাম লিখা?

উত্তৰঃ দুখন বিখ্যাত মৰুভূমিৰ নাম হৈছে চাহাৰা আৰু টাকলামাকান মৰুভূমি।

ঙ) পৃথিৱীৰ সবাতোকৈ বিশাল মৰুভূমিখনৰ নাম কি? 

উত্তৰঃ পৃথিৱীৰ সকলোতকৈ বিশাল মৰুভূমিখনৰ নাম হৈছে চাহাৰা মৰুভূমি।

চ) মৰুদ্যান কি?

উত্তৰঃ মৰুভূমিৰে যিবোৰ ঠাইত পানী আৰু গছ-গছনি পোৱা যায় সেইবোৰক মৰুদ্য়ান বোলে।

ছ) তুন্দ্ৰা অঞ্চলত বসবাস কৰা দুটা জনগোষ্ঠীৰ নাম লিখাঁ।

উত্তৰঃ তুন্দ্ৰা অঞ্চলত বাস কৰা দুটা জনগোষ্ঠীৰ নাম হ'ল ষামুয়দ আৰু লেপ।

জ) তুন্দ্ৰা অঞ্চলৰ লোকসকলৰ জীৱিকাৰ উপায় কি?

উত্তৰঃ তুন্দ্ৰা অঞ্চলৰ লোকসকলৰ জীৱিকাৰ উপায় হৈছে চিকাৰ।

ঝ) এস্কিম'সকলে সজা বৰফৰ ঘৰক কি বোলে?

উত্তৰঃ এস্কিম'সকলে সজা বৰফৰ ঘৰক ইগ্লু বোলে।

ঞ) সমভূমি অঞ্চলৰ মানুহে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে?

উত্তৰঃ সমভূমি অঞ্চলৰ মানুহে সাধাৰণতে সহজে উৎপাদন হোৱা খাদ্য়-শস্য় আহাৰ হিচাপে গ্ৰহণ কৰে।

ট) তুন্দ্ৰা আৰু মেৰু অঞ্চলৰ মানুহে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে?

উত্তৰঃ তুন্দ্ৰা আৰু মেৰু অঞ্চলৰ মানুহে ছীল, পেংগুইন, তিমি, সিন্ধুঘোটক আৰু বগা ভালুক চিকাৰ কৰি খাদ্য় হিচাপে গ্ৰহণ কৰে।

ঠ) মৰুভূমি অঞ্চলৰ মানুহে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে?

উত্তৰঃ মৰুভূমি অঞ্চলৰ মানুহে খেজুৰ, উটৰ মাংস আু গাখীৰ খাদ্য় হিচাপে গ্ৰহণ কৰে।

ড) জীৱৰ সৃষ্টিৰ বাবে কি কি উপাদানৰ প্ৰয়োজন?

উত্তৰঃ জীৱৰ সৃষ্টিৰ বাবে বায়ু, পানী আৰু মাটি এই তিনিবিধ উপাদানৰ প্ৰয়োজন।

ঢ) পৰিৱেশ বুলিলে কি বুজা?

উত্তৰঃ জীৱজগতৰ উৎপত্তি, বৃদ্ধি আৰু বিকাশক প্ৰভাৱান্বিত কৰা জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ সামগ্ৰিক ৰূপটোক পৰিৱেশ বোলে।

ণ) পৃথিৱীপৃষ্ঠত থকা দুটা অজৈৱিক উপাদানৰ নাম লিখা। 

উত্তৰঃ পৃথিৱীপৃষ্ঠত থকা দুটা অজৈৱিক উপাদানৰ নাম হৈছে বায়ু আৰু পানী।

ত) বৰ্ষাৰণ্য কি?

উত্তৰঃ উত্তাপ আৰু অতিমাত্ৰা বৰষুণৰ ফলত সৃষ্টি হোৱা অৰণ্য় অঞ্চলক বৰ্ষাৰণ্য় বোলে।


২। চমুকৈ উত্তৰ দিয়াঁ।

ক) পৰিবেশৰ উপাদানসমূহক কেইটা আৰু কি কি ভাগত ভগোৱা হৈছে?

উত্তৰঃ পৰিৱেশৰ উপাদানসমূহত দুটা আৰু সেই ভাগ দুটা হ'ল- ক) প্ৰাকৃতিক উপাদান আৰু খ) মানৱ সৃষ্ট উপাদান।

খ) পৃথিৱীৰ জীৱসমূহ এটা আনটোৰ ওপৰত কিদৰে নিৰ্ভৰশীল?

উত্তৰঃ পৃথিৱীৰ প্ৰত্য়েকবিধ প্ৰাণী বা উদ্ভিদে পৰিৱেশৰপৰা খাদ্য় সংগ্ৰহ কৰে। এই ভেত্ৰত সকলো, ইটোৰ ওপৰত সিটো নিৰ্ভৰশীল। আমি জানো যে সাপে ভেকুলী খায়, ভেকুলীয়ে সৰু সৰু কীট-পতংগ খায়; হৰিণ আৰু অন্য়ান্য় তৃণভোজী জন্তুৱে ঘাঁহ-পাত খায় জীয়াই থাকে। সেই তৃণভোজী প্ৰাণীবিলাকক মাংসহাৰী জন্তুবোৰে খায়। এই শৃংখলটো চলি নাথাকিলে প্ৰাণীবোৰৰ মাজত ভাৰসাম্য় নষ্ট হ'ব আৰু ফলত পৃথিৱীত অশুবিধাৰ সৃষ্টি হ'ব। একেদৰে উদ্ভিদে সলোক-সংশ্লেষণৰ পিছত অক্সিজেন গেছ এৰি দিয়ে। ইয়াৰদ্বাৰা প্ৰাণী জগতৰ উপকাৰ হৈছে। তেনেদৰে প্ৰাণীয়ে নিশাহত এৰি দিয়া কাৰ্বন ডাই-অক্সাইড গেছ উদ্ভিদৰ বাবে অতি দৰকাৰী। অৰ্থাৎ পৃথিৱীৰ জীৱসমূহ ইটোৰ ওপৰত সিটো সম্পূৰ্ণ নিৰ্ভৰশীল।

গ) পৰিবেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ কি কি?

উত্তৰঃ পৰিৱেশৰ জৈৱিক উপাদানসমূহ হ'ল- বিভিন্ন ধৰণৰ অণুজীৱ, উদ্ভিদ, কীট-পতংগ, প্ৰাণী ইত্য়াদি আৰু পৰিৱেশৰ অজৈৱিক উপাদানসমূহ হ'ল বায়ু, পানী আৰু মাটি।

ঘ) পৰিবেশভেদে মানুহৰ খাদ্যভ্যাসৰ পাৰ্থক্যবোৰ লিখাঁ।

উত্তৰঃ  সমভূমি অঞ্চলৰ মানুহে সাধাৰণতে সহজে উৎপাদন হোৱা খাদ্য়-শস্য় আহাৰ হিচাপে গ্ৰহণ কৰে। আনহাতে তুন্দ্ৰা আৰু মেৰু অঞ্চলৰ মানুহে চিকাৰ কৰা ছীল, সিন্ধুঘোটক, তিমি, বগা ভালুক আৰু মেৰু ভালুকৰ মাংস খায়। 

ঙ) পৰিবেশভেদে মানুহৰ বাসস্থান আৰু সাজ-পাৰ কেনেদৰে বেলেগ বেলেগ হয়?

উত্তৰঃ মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তিৰ কাষৰ মানুহবিলাকৰ বাসস্থানবোৰ বাঁহ, কাঠ, খেৰ, শিল, বালি, টিন, লোহা, চিমেন্ট ইত্য়াদিৰে সুন্দৰকৈ নিৰ্মাণ কৰা হয়। আনহাতে, এস্কিম'সকলে ইগ্লুত বাস কৰে। ঠিক তেনেদৰে মৰুভঊমিত বাস কৰা লোকসকলে গৰম বতাহ আৰু ধূলিৰ পৰা ৰক্ষা পাবলৈ নিজৰ ঘৰবোৰ ডীঠ বোকাৰে সজাৰ উপৰিও ঘৰটোৰ চৌপাশে এখন ওখ দেৱাল বা বেৰা দি লয়। 

   খাদ্য়ৰ ক্ষেত্ৰত তুন্দ্ৰা আৰু মেৰু অঞ্চলৰ মানুহে চিকাৰ কৰা ছীল, সিন্ধুঘোটক, তিমি, বগা ভালুক আৰু মেৰু ভালুক এি জন্তুবোৰৰ ছাল কাপোৰ হিচাপে ব্য়ৱহাৰ কৰে। আনহাটে সমভূমি অঞ্চলৰ মানুহে কপাহ বা অন্য়ান্য় আঁহৰপৰা তৈয়াৰ কৰা কাপোৰ পিন্ধে। সমভূমি অঞ্চলৰ মানুহে বিভিন্ন ঞঙ আৰু শৈলীৰ পোছাক পৰিধান কৰে। পাহাৰীয়া অঞ্চলৰ মানুহে ৰং-বিৰঙৰ কাপোৰ ভাল পায়। বতৰৰ লগত ৰজিতা খুৱাই সমভূমি অঞ্চলৰ মানুহে কাপোৰ পিন্ধে। কিন্তু মৰুভূমিৰ মানুহে দিনৰ গৰম আৰু ৰাতিৰ ঠাণ্ডাৰপৰা ৰক্ষা পাবলৈ সম্পূৰ্ণ শৰীৰ ঢাক খুৱাই কাপোৰ পৰিধান কৰে। 

চ) কোনবোৰ অঞ্চল বেছি গৰমো নহয়, ঠাণ্ডাও নহয়? তেনেবোৰ অঞ্চলৰ পৰিবেশ সম্পৰ্কে চমুকৈ লিখাঁ।

উত্তৰঃ পৃথিৱীখনে নিজৰ কক্ষতলৰ লগত চাৰে ছয়ষষ্ঠি ডিগ্ৰী কোণ কৰি হালি থকাৰ কাৰণে চাৰে তেইশ ডিগ্ৰী ৰপৰা চাৰে ছয়ষষ্ঠি ডিগ্ৰী উত্তৰ আৰু দক্ষিণলৈ থকা অঞ্চলবোৰত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে। সেয়েহে এই অঞ্চলকেইটাত বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয়। এই অঞ্চলবিলাকত মিশ্ৰ পৰিবেশ দেখা যায়। ইয়াৰ কিছু কিছু অঞ্চলত সেউজীয়া অৰণ্য়, কিছুমানত পৰ্ণপাতী আৰু কিছুমানত জোপোহা কাইটীয়া গছ আুৰু ঘাঁহজাতীয় উদ্ভিদ দেখা পোৱা যায়। জীৱ-জন্তুৰ ক্ষেত্ৰতো এি ঠাইবোৰত বৈচিত্ৰতা আছে।

ছ) কোনবোৰ অঞ্চল বৰফাবৃত্ত? তেনে অঞ্চলৰ পৰিবেশ সম্পৰ্কে চমুকৈ লিখাঁ।

উত্তৰঃ চাৰে এষষ্ঠি ডিগ্ৰী অক্ষাংশৰপৰা উত্তৰ আৰু দক্ষিণ গোলাৰ্ধলৈ বিয়পি থকা অঞ্চলকেইটাত  সূৰ্যৰ ৰশ্মি একেবাৰে হেলনীয়াকৈ পৰে। সেইকাৰণে এই অঞ্চল দুটা বৰফেৰে আঘুৰা। ইয়াত মানুহৰ বসতি নাই বুলি ক'ব পাৰি। এস্কিম'সকলেহে বৰফৰ ঘৰ ইগ্লু সাজি এই অঞ্চলত বাস কৰে। ইয়াত একেৰাহে ছমাহ ৰাতি আৰু ছমাহ দিন হৈ থাকে। এই অঞ্চলৰ বাসিন্দাসকলে ছীল, পেংগুইন, তিমি, সিন্ধুঘোটক আু বগা ভালুক চিকাৰ কৰি জীৱন নিৰ্বাহ কৰে।  

জ) মৰুভূমি কাক বোলে? মৰুভূমি অঞ্চলৰ পৰিবেশ সম্পৰ্কে চমুকৈ লিখাঁ।

উত্তৰঃ বৰষুণৰ অভাৱত সৃষ্টি হোৱা শুকান বালিময় গছ-গছনি নথকা অঞ্চলক মৰুভূমি বোলে। মৰুভূমি অঞ্চলত মানুহৰ বসবাস তেনেই কম। মৰুভূমিৰ যিবোৰ ঠাইত পানী আৰু গছ-গছনি পোৱা যায় সেইবোৰক মৰুদ্য়ান বোলে। মৰুভূমিৰ মানুহে দিনৰ গৰম আৰু বালি ধুমুহা আু ৰাতিৰ ঠাণ্ডাৰপৰা ৰক্ষা পাবলৈ সম্পূৰ্ণ শৰীৰ ঢাক খুৱাই কাপোৰ পৰিধান কৰে। একেদৰে খাদ্য়ৰ ক্ষেত্ৰতো মৰুভূমিৰ মানুহ অন্য়ান্য় অঞ্চলৰ মানুহতকৈ বেলেগ। মৰুভূমিৰ মানুহে খেজুৰ উটৰ মাংস আৰু গাখীৰ আদি খাদ্য় হিচাপে গ্ৰহণ কৰে।

ঝ) মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তিৰ কাষৰ মানুহৰ বাসস্থান সম্পৰ্কে লিখাঁ।

উত্তৰঃ মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তিৰ কাষৰ মানুহবিলাকৰ বাসস্থানবোৰ বাঁহ, কাঠ, খেৰ, শিল, বালি, টিন, লোহা, চিমেন্ট ইত্য়াদিৰে সুন্দৰকৈ নিৰ্মাণ কৰা যায়। অৰ্থাৎ আধুনিক ঘৰ বুলি ক'লে আণি যি বোজো সেইবোৰ এই অঞ্চলতে সৰহকৈ দেখা পোৱা যায়।

ঞ) "পৰিবেশে মানুহৰ খাদ্য অভ্যাসৰ ওপৰত প্ৰভাৱ পেলায়।" চমুকৈ বুজাই লিখাঁ।

উত্তৰঃ "পৰিৱেশে মানুহৰ খাদ্য় অভ্য়াসৰ ওপৰত প্ৰভাৱ পেলায়"। সমভূমি অঞ্চলৰ খাদ্য় অভ্য়াসৰ লগত তুন্দ্ৰা মেৰু আু অন্য়ান্য় অঞ্চলসমূহৰ খাদ্য় অভ্য়াস একে নহয়। সমভূমি অঞ্চলৰ লোকসকলে সহজভাৱে উৎপন্ন হোৱা খাদ্য়-শস্য় ইত্য়াদি খাদ্য় হিচাপে খায়। আনহাতে তুন্দ্ৰা আৰু মেৰু অঞ্চলৰ লোকসকলে বিভিন্ন ধৰণৰ জন্তু যেনে- ছীল, তিমি, সিন্ধুঘোটক, বগা ভালুক আৰু মেৰু ভালুকক চিকাৰ কৰি খাদ্য় হিচাপে গ্ৰহণ কৰে। আনহাটে মৰুভূমি অঞ্চলৰ মানুহে উটৰ মাংস, গাখীৰ, খেজুৰ ইত্য়াদিক খাদ্য় হিচাপে গ্ৰহণ কৰে। 


৩। খালী ঠাই পূৰ কৰাঁ।

ক) প্ৰাণীয়ে নিশাহত  কাৰ্বন ডাই-অক্সাইড   গেছ এৰি দিয়ে।

খ) পৃথিৱীখনে নিজৰ কক্ষতলৰ লগত চাৰে ছয়ষষ্ঠি ডিগ্ৰী কোণ কৰি হালি থাকে।

গ) উত্তৰ কানাডাত বাস কৰা লোকসকলক   এস্কিম'   বোলে।

ঘ) বিষুৱৰেখাৰ কাষৰীয়া অঞ্চলক  বিষুৱীয় বা নিৰক্ষীয় অঞ্চল   বোলে।


৪। চমুটোকা লিখাঁ।

ক) তুন্দ্ৰা অঞ্চল খ) পৰিবেশৰ উপাদানসমূহ।

উত্তৰঃ তুন্দ্ৰা অঞ্চলঃ পৃথিৱীৰ কোনো অঞ্চলত বছৰৰ বেছিভাগ সময়তেই বৰফ পৰি থাকে। ইয়াৰ কাৰণ হৈছে এই অঞ্চলত সূৰ্যৰ ৰশ্মি একেবাৰে হেলনীয়াকৈ পৰে।  এনে তুন্দ্ৰা অঞ্চলসমূহ বৰফেৰে আবৃত হৈ থাকে বাবে তাত খেতি-বাতি কৰিব পৰা নাযায়। এই স্থানৰ লোকসকলে বৰফৰ দ্বাৰা ইগ্লু ঘৰ সাজি বসবাস কৰে। এই তুন্দ্ৰা অঞ্চলসমূহত ছমাহ দিন আু ছমাহ ৰাতি হয়। সেই ঠাইৰ লোকসকলে চিকাৰ কৰিয়েই জীৱিকা নিৰ্বাহ কৰে। তেওঁলোকে জন্তুৰ হাড়, ছাল নাইবা মাছৰ তেল, মাংস, মাছ আদিৰো ব্য়ৱসায় কৰে। 


খ) পৰিবেশৰ উপাদানঃ পৰিবেশ শব্দটোৱে আমাৰ চাৰিওফালে থকা নৈ-বিল, গছ-গছনি, জীৱ-জন্তু, মানুহ, ঘৰ-দুৱাৰ, সূৰ্যৰ তাপ আু পোহৰ, বৰষুণ, মাটি, শিল ইত্য়াদি সকলোবোৰকে সাঙুৰি লয়। অৰ্থাৎ এি সকলোবোৰেই পৰিবেশৰ একো একোটা অংগ বা উপাদান। পৰিবেশৰ উপাদানবোৰলৈ লক্ষ্য় কৰিলে দেখিম যে এই উপাদানবোৰৰ কিছুমান প্ৰাকৃতিকভাৱে সৃষ্টি হয় আৰু আ কিছুমান মানুহে সৃষ্টি কৰে। অৱশ্য়ে মানৱসৃষ্ট উপাদানসমূহো প্ৰকৃততে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। কেৱল মানুহে নিজৰ সুবিধা অনুসাৰে তাক সৃষ্টি কৰিছে। সেয়েহে পৰিবেশৰ উপাদানসমবহক দুটা ভাগত ভগাব পাৰি ঃ (ক) প্ৰাকৃতিক আৰু (খ) মানৱসৃষ্ট পৰিৱেশ। পৰিবেশৰ উপাদানসমূহক দুটা ভাগত ভাগ কৰিলেও ইহঁতৰ মাজত গভীৰ সম্বন্ধ আছে। প্ৰাকৃতিক বা স্বাভাৱিক উপাদানবোৰ নাথাকিলে মানুহে নিজে একো সৃষ্টি কৰিব নোৱাৰে। পানীয়েই হ'ল প্ৰাণীৰ প্ৰাণ। এই পানী প্ৰকৃতিৰ উপাদান। 

৫। পৃথিৱীৰ ভিন ভিন অঞ্চলৰ পৰিৱেশ কিয় ভিন ভিন হয় উদাহৰণ দি বুজাই লিখাঁ। 

উত্তৰঃ পৃথিৱীৰ জৈৱিক আৰু অজৈৱিক সকলো উপাদানৰ মাজত পাৰস্পৰিক সম্পৰ্ক থাকিলেও এইটো সঁচা যে পৃথিৱীৰ সকলো ঠাইৰে পৰিৱেশ একে নহয়। পৃথিৱীখন এখন বিশাল ঠাই। ইয়াৰ উপৰিভাগত পৰ্বত-পাহাৰ, নৈ-জান-জুৰি, সাগৰ-মহাসাগৰ, উদ্ভিদ, মাটি আদিবোৰ আছে। ইয়াৰ কোনোবাখিনি ঠাই অতি গৰম (মৰুভূমি অঞ্চল, মধ্যপ্ৰাচ্য় আধি); ক'ৰবাত বেছি গৰমো নহয়, ঠাণ্ডাও নহয় (চীন, জাপান, ভাৰত আদি), আনহাতে কোনোবা অঞ্চল ইমানেই ঠাণ্ডা যে পানী গোট মাৰি বৰফ হৈ থাকে (যেনে, এছিয়া মহাদেশৰ উত্তৰ তুন্দ্ৰা অঞ্চল)। তদুপৰি ক'ৰবাত বৰষুণৰ পৰিমাণ বেছি (আমেৰিকাৰ আমাজান অৱবাহিকা) ক'ৰবাত বৰষুণ নহয়েই (মৰুভূমি), কোনো অঞ্চলত অটব্য় অণ্য় (ব্ৰাজিল, আফ্ৰিকা), আকৌ কোনো অঞ্চলত গছ বুলিবলৈ কেৱল শেলাইহে আছে (নিউজিলেণ্ড)। এইবোৰ লক্ষ্য় কৰি ক'ব পাৰি যে পৃথিৱীৰ সকলো ঠাইৰে পৰিৱেশ একে নহয়।

Type: Chinmay kakati





Post ID : DABP005445