খাদ্য সম্পদৰ উৎকৰ্ষ সাধন |  Lesson 15 | Class 9 Science answer Assam | Class 9 Science Question And Answer Assamese Medium | Class 9 Science Solution Assam | Class 9 Suggestion Assam | Class 9 Science Question And Answer Assam | Class 9 Science Notes Assam | নবম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 


অধ্যায় 15


খাদ্য সম্পদৰ উৎকৰ্ষ সাধন


প্ৰশ্নাৱলীঃ

1. শস্য, মাহ, ফলমূল আৰু শাক-পাচলিৰ পৰা আমি কি আহৰণ কৰো ?

উত্তৰঃ খাদ্য শস্য যেনে- ঘেঁহু, ধান, গোমধান, বজ্ৰা আৰু যৱধান আদিয়ে কাৰ্বহাইড্ৰেটৰ যোগেদি আমাক প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে। মাহ জাতীয় শস্য যেনে- বুট, মটৰ, মাটিমাহ, মগু, অৰহৰ মচুৰ আদিয়ে আমাক প্ৰটিনৰ যোগান ধৰে। ফলমূল আৰু শাক-পাচলিৰ পৰা আমি খাদ্যপ্ৰাণ (vitamin) আৰু খনিজ লৱন পাঁও।


প্ৰশ্নাৱলীঃ

1. শস্য উৎপাদন জৈৱিক আৰু অজৈৱিক কৰণবোৰে কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰঃ জৈৱিক কাৰণ সমূহ যেনে- কীট-পতংগ, বেমাৰৰ জীজাণু, ভেঁকুৰ, এন্দুৰ-নিগণি ইত্যাদি য়ে বেমাৰ বিয়পত্তৱাৰ উপৰিও শস্যৰ উৎপাদনত ও প্ৰভাৱ পেলায়। ইয়াৰ ফলত শস্যৰ উৎপাদন কম হোৱা দেখা যায়।

আনহাতে অজৈৱিক কাৰক যেন- খৰাৎ, অধিক লৱনযুক্ত মাটি, পানীৰ আধিক্য বা বানপানী, উষ্ণতা, শীত আৰু হিম আদিয়ে শস্যৰ বীজৰ গুণাগুণ হ্ৰাস কৰে, ওজন কমায়, অংকুৰণ ভালদৰে নহয়, শস্যৰ বৰণ সলনি কৰে, যাৰ বাবে বাণিজ্যিকভাৱে ক্ষতি হয়।


2. শস্যৰ উৎকৰ্ষ সাধনত কোনবিলাক শস্য সম্বন্ধীয় আকাংক্ষিত বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ বিবেচনা কৰা হয় ?

উত্তৰঃ জৈৱিক কাৰকসমূহ যেনে- কীট-পতংগ, বেমাৰৰ বীজাণু, ভেঁকুৰ, এন্দুৰ-নিগণি ইত্যাদি য়ে বেমাৰ বিয়পত্তৱাৰ উপৰিও শস্যৰ উৎপাদনত ও প্ৰভাৱ পেলায়। ইয়াৰ ফলত শস্যৰ উৎপাদন কম হোৱা দেখা যায়।

আনহাতে অজৈৱিক কাৰক যেনে- খৰাং, অধিক লৱণযুক্ত মাটি, পানীৰ আধিক্য বা বানপানী, উষ্ণতা, শীত আৰু হিম আদিয়ে শস্যৰ বীজৰ গুণাগুণ হ্ৰাস কৰে, ওজন কমায়, অংকুৰণ ভালদৰে নহয়, শস্যৰ বৰণ সলনি কৰে, যাৰ বাবে বাণিজ্যিকভাৱে ক্ষতি হয়।


প্ৰশ্নাৱলীঃ

1. মুখ্য অনুপোষকবিলাক কি কি আৰু এই বিলাকক কিয় মুখ্য অনুপোষক বুলি কোৱা হয় ?

উত্তৰঃ মুখ্য অনুপোষক বিলাক হ’ল-

নাইট্ৰজেন, ফচফৰাচ, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম আৰু ছালফাৰ।

উদ্ভিদক প্ৰায় 16 বিধ অনুপোষকৰ প্ৰয়োজন। ইয়াৰে 13 বিধ উদ্ভিদৰ বাবে প্ৰয়োজনীয় অনুপোষক মাটিৰ পৰা আহৰণ কৰে। আনহাতে 13 বিধ অনুপোষকৰ ভিতৰত 6 বিধ অতি বেছি প্ৰৰিমাণে প্ৰয়োজন হয় আৰু সেইবাবে এই কেইবিধক মুখ্য অনুপোষক বোলে।


2. উদ্ভিদে অনুপোষক দ্ৰব্যবিলাক ক’ৰপৰা কেনেকৈ আহৰণ কৰে ?

উত্তৰঃ উদ্ভিদৰ ভালকৈ বৃদ্ধি, বিকাশ আৰু জীয়াই থাকিবলৈ প্ৰায় 16 বিধ অনুপোষকৰ প্ৰয়োজন। উদ্ভিদক এই অনুপোষকবিলাক মাটি, পানী আৰু বায়ুয়ে যোগান ধৰে। ইয়াৰে কাৰ্বন, অক্সিজেন বায়ুয়ে, হাইড্ৰ’জেন পানীয়ে আৰু বাকী 13 বিধ অনুপোষক মাটিয়ে যোগান ধৰে।


প্ৰশ্নাৱলীঃ

1. মাটিৰ উৰ্বৰতা ৰক্ষা কৰাত জৈৱসাৰ আৰু কৃত্ৰিম সাৰৰ প্ৰয়োগৰ ভূমিকাৰ মাজত তুলনা কৰা।

উত্তৰঃ জীৱজন্তুৰ মলমূত্ৰ আৰু উদ্ভিদৰ পেলনীয়া অংশৰ পৰা জৈৱসাৰ প্ৰস্তুত হয়। জৈৱিক সাৰত প্ৰচুৰ পৰিমাণে জৈৱসাৰ প্ৰস্তুত হয়। জৈৱিক সাৰত প্ৰচুৰ পৰিমাণে জৈৱসাৰৰ ওপৰিও কিছু পৰিমাণে অনুপোষক দ্ৰব্যও থাকে। ই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ ওপৰিও মাটিৰ গঠন আৰু গুণগুত মানৰ উৎকৰ্ষ সাধন কৰে। তাৰোপৰি জৈৱ সাৰে বালিঅঁহীয়া মাটিয়ে পানী ধৰি ৰাখিব পৰাত সহায় কৰে আৰু বোকা মাটিকো পানী বন্ধ বা জমা হৈ থকাৰ পৰা ৰক্ষা কৰে।

আনহাতে কৃত্ৰিম সাৰ হ’ল অজৈৱিক পদাৰ্থ যাৰ অতিৰিক্ত প্ৰয়োগে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে। কাৰণ কৃত্ৰিম সাৰৰ প্ৰয়োগৰ ফলত মাটিত থকা অণুজীৱবোৰ ধ্বংস কৰা বাবে জৈৱিক পদাৰ্থবোৰ পুণৰাই মাটিলৈ ওভতাই আনিব নোৱাৰে।


প্ৰশ্নাৱলীঃ

1. তলৰ কোনবিলাক অৱস্থাৰ পৰা অধিক লাভৱান হ’ব পাৰি ?

(a) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা অৱলম্বন নকৰা বা কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা।

(b) খেতিয়কে সাধাৰণ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা।

(c) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা, কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্ৰহণ কৰা।

উত্তৰঃ (c) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্তা কৰা, কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্ৰহণ কৰা।

এইটো অৱস্থাৰ পৰা অধিক লাভৱান হ’ব পাৰি।

কাৰণ উন্নতমানৰ বীজে শস্য উৎপাদন অধিক কৰে, জলসিঞ্চনৰ ব্যৱস্থাই পানীৰ জোগান প্ৰক্ৰিয়া শস্য পথাৰত উন্নত কৰে, কৃত্ৰিম সাৰে উদ্ভিদক প্ৰয়োজনীয় অনুপোষক যেনে নাইট্ৰ’জেন, ফচফৰাচ, পটেছিয়াম যোগান ধৰে আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনাই শস্যনাশকাৰী কীট-পতংগ, জীৱ আদি নিয়ন্ত্ৰণ প্ৰক্ৰিয়াবোৰ সামৰি লয়।


প্ৰশ্নাৱলীঃ

1. শস্য সুৰক্ষাত কিয় প্ৰতিৰোধ ব্যৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দিয়া হয় ?

উত্তৰঃ জৈৱিক নিয়ন্ত্ৰণক অগ্ৰধিকাৰ দিয়াৰ কাৰণ হ’ল- 

ই মাটিৰ উৰ্বৰতা কোনো হানি নঘটাই আৰু পৰিৱেশ প্ৰদূৰ্ষণ হ’ব নিদিয়ে। আকৌ জৈৱিক নিয়ন্ত্ৰণ কৰাৰ ফলত খৰচৰ মাত্ৰাও কম হয় আৰু সুবিধাজনক  হয়।


2. কোনবিলাক কাৰকৰ বাবে ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি সাধন হয় ?

উত্তৰঃ ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতিৰ প্ৰধান কাৰকবোৰ হ’ল- পোক, এন্দুৰ, ভেঁকুৰ, চাঁহী, বেক্টেৰীয়া আদি জৈৱিক কাৰক আৰু অজৈৱিক কাৰকবোৰ হ’লঃ ভঁৰালৰ অনুপযুক্ত উষ্ণতা আৰু জলীয় বাষ্প।


প্ৰশ্নাৱলীঃ

1. গো প্ৰজাতি উন্নত কৰিবৰ কাৰণে কোনটো পদ্ধতি সাধাৰণতে ব্যৱহাৰ কৰা হয় আৰু কিয় কৰা হয় ?

উত্তৰঃ গো- প্ৰজাতি উন্নত কৰিবৰ কাৰণে দুটা প্ৰজাতিৰ বৰ্ণসংকৰ পদ্ধতি ব্যৱহাৰ কৰা হয়। যাৰ ফলত দুয়োটা প্ৰজাতিৰ আকাংক্ষিত প্ৰকাৰ পাব পাৰি। এনে ধৰণৰ গো-প্ৰজাতিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক থকাৰ উপৰিও সকলো পৰিৱেশত ভালকৈ চলিব পাৰে। লগতে এনে প্ৰজাতিৰ পৰা গাখীৰৰ উৎপাদনও বেছি হয়।


প্ৰশ্নাৱলীঃ

1. তলৰ উক্তিটোৰ তাৎপৰ্য আলোচনা কৰা-

“এইটো অতি তাৎপৰ্যপূৰ্ণ কথা যে ভাৰতীয় হাঁহ কুকুৰাই হ’ল কম আঁহযুক্ত (মানুহৰ অনুপযগী) খাদ্যৰ পৰা অতি পুষ্টিকৰ প্ৰণী প্ৰ’টিনলৈ ৰূপান্তৰ কৰিব পৰা প্ৰাণী।“

উত্তৰঃ সাধাৰণতে হাঁহ-কুকুৰাৰ পালন মানুহে মাংস আৰু কমীৰ বাবে কৰে য’ৰ পৰা অধিক প্ৰণীদেহত লগা প্ৰ’টিন পাব পাৰি।

হাঁহ-কুকুৰাৰ পামত যোগান ধৰা খাদ্যবোৰ কম আঁহযুক্ত যিবোৰ মানুহৰ কাৰণে উপযোগী নহয়। এইবোৰ খাদ্য খাই যেতিয়া হাঁহ কুকুৰা বোৰ ডাঙৰ হয় তেতিয়া মানুহে প্ৰ’টিন হিচাপে মাংস আৰু কণীবোৰ গ্ৰহণ কৰে। উক্তি উক্তিটোৰ এইটোয়ে তাৎপৰ্য আছিলে।


প্ৰশ্নাৱলীঃ

1. দূগ্ধপাম আৰু হাঁহ-কুকুৰা পাম পৰিচলনাৰ বাবে কি কি অনুশীলন সাধাৰণতে হাতত লোৱা হয়।

উত্তৰঃ দূগ্ধপাম পৰিচলনা অনুশীলনীঃ

➡ দূগ্ধপাম বা গো পাম পৰিস্কাৰ আৰু তাত থকা গৰু-ম’হৰ বাবে প্ৰয়োজনীয় আশ্ৰয়ৰ ব্যৱস্থা থাকিব লাগে।

➡ গৰু ম’হ ৰখা ঘৰবোৰত বায়ু-চলাচলৰ সু-ব্যৱস্থাৰ লগতে যাতে বৰষুণ, তাপ আৰু শীতৰ পৰা ৰক্ষা পাব পাৰি তাক লক্ষ্য ৰাকিব লাগে।

➡ গোহালি ঘৰৰ মজিয়াখন চাফ- চিকুণৰ সুবিধাৰ্থে হেলনীয়া হব লাগে।                      

➡পুষ্টিকৰ উপাদান থকা সুষম খাদ্য যোগান ধৰিব লাগে।

➡ সময়মতে বিবিন্ন বেক্টেৰীয়া আৰু ভাইৰাছ জনিত ৰোগৰ পৰা বচাবলৈ পামত ভেকচিন বা টীকাকৰণৰ ব্যৱস্থা লব লাগে।

হাঁহ-কুকুৰাৰ পাম পৰিচনাৰ অনুশীলনঃ-

➡ পামঘৰ উষ্ণতা নিয়ন্ত্ৰণ থকা হব লাগে।

➡ চাফ-চিকুন পামঘৰ হব লাগে।

➡ উপযুক্ত পুষ্টিকৰ আহাৰ যোগান ধৰিব লাগে।

➡ মহামাৰী নিয়ন্ত্ৰণৰ কাৰণে টীকাকৰণৰ ব্যৱস্থা কৰাৰ উপৰিও মাজে মাজে বীজাণুনাশক দ্ৰব্য পামঘৰত চটিয়াব লাগে।


2. ব্ৰইলাৰ আৰু লেয়াৰসমূহৰমাজত পাৰ্থক্য কি আৰু সিহতৰ পৰিচালনাৰ মাজত পাৰ্থক্য কেনে ধৰণৰ ?

উত্তৰঃ ব্ৰইলাৰ প্ৰজাতিৰ কুকুৰা পালন কৰা হয় মাংসৰ কাৰণে আনহাতে কণী উৎপাদনৰ কাৰমে পালন কৰা হয় লেয়াৰ।

ব্ৰইলাৰ আৰু লেয়াৰ কুকুৰাৰ পামঘৰ, পুষ্টিকৰ আহাৰ আৰু পাৰিলে কিছু পৰিমণে বেলেগ হয়।

ব্ৰইলাৰৰ দৈনিক যোগান ধৰা খাদ্যত উপযুক্ত চৰ্বী আৰু প্ৰ’টিনৰ পৰিমান বেছি থাকে। আনহাতে লেয়াৰ প্ৰজাতিৰ খাদ্য ইয়াতকৈ অলপ বেলেগ হয়।


প্ৰশ্নাৱলীঃ

1. কি ধৰণে মাছ ধৰা হয় ?

উত্তৰঃ দুটা পদ্ধতিৰে মাছ পাব পাৰি। এটা পদ্ধতি হ’ল প্ৰাকৃতিক উৎসৰ পৰা মীন সংগ্ৰহ আৰু আনটো পদ্ধতি হ’ল- মীন পাম পৰিচলনাৰ দ্বাৰা মৎস আহৰণ। বিবিন্ন প্ৰকাৰৰ জালৰ সহায়ত মাছ সমূহ সংগ্ৰহ কৰা হয়।


2. মিশ্ৰিত মীন পালনৰ সুবিধাসমূহ কি কি ?

উত্তৰঃ  সুবিধাসমূহ হ’ল –

১। মিশ্ৰত মীন পালনৰ একেটা পুখুৰীত পাঁচ বা ছয়টা প্ৰজাতিৰ মাছ একেলগে পালিব পাৰি।

২। বেলেগ বেলেগ খাদ্যভাৰৰ মাচৰ প্ৰসূতি বাচি লোৱা হয় কাৰণে খাদ্যৰ বাবে প্ৰতিযোগিতা নহয়।

৩। এই পদ্ধতিৰ দ্বাৰা অধিক উৎপাদন পাব পাৰি।


প্ৰশ্নাৱলীঃ

1. মৌ উৎপাদনৰ কাৰণে বিভিন্ন মৌ প্ৰজাতিবোৰৰ কেনেধৰণৰ বৈশিষ্ট্য থকা প্ৰয়োজন ?

উত্তৰঃ মৌ প্ৰজাতিবোৰ মৌ উৎপাদন ক্ষমতা বেছি হ’ব লাগিব লগতে যাতে সিহতে মৌ পালনত ব্যৱহাৰ কৰা মৌবাহ বোৰু দীৰ্ঘ্যদিনৰ বাবে থাকে তাক লক্ষ্য ৰাকিব লাগিব। মৌ বাহত থকা মৌ প্ৰজাতিৰ প্ৰজনন ক্ষমতা ভাল হব লাগিব। মৌ প্ৰজাতিবোৰ ৰোগমুক্ত বা বেমাৰ প্ৰতিৰোধী ক্ষমতা থকা হ’ব লাগিব।


2. পেষ্টুৰেজ কি আৰু মৌ-উৎপাদনৰ লগত ইয়াৰ কি সম্পৰ্ক ?

উত্তৰঃ পেষ্টুৰিজ মানে হ’ল যুলৰ সংখ্যা য’ৰ পৰা মৌ-মাকিয়ে মৌ-জোল সংগ্ৰহ কৰে।

মৌ-জোলৰ সোৱাদ আৰু উৎপাদন পেষ্টুৰেজ বা ফুলৰ সংক্যাৰ ওপৰত নিৰ্বৰ কৰে।


অনুশীলনীঃ

1. শস্যৰ অধিক উৎপাদন কৰিব পৰা যিকোনো এটা পদ্ধতিৰ বিষয়ে বৰ্ণনা দিয়া।

উত্তৰঃ শস্যৰ অধিক উৎপাদন কৰিব পৰা এটা পদ্ধতি হ’ল শস্যৰ সঁচৰ উৎকৰ্ষ সাধন। শস্যৰ সঁচৰ উৎকৰ্ষ সাধনৰ দুটা ব্যৱস্থা আছে। প্ৰথমটো হ’ল বৰ্ণ সংকৰণ অৰ্থাৎ জিনীয়ভাৱে পাৰ্থক্য থকা দুটা উদ্ভিদৰ মাজত কৰা প্ৰজনন পদ্ধতি। এই পদ্ধতিৰ দ্বাৰা কোনো শস্যৰ সঁচৰ আকাংক্ষিত গুণ বিশিষ্ট কৰিব পৰা যায়। দ্বিতীয়তে শস্যৰ সঁচৰ উৎকৰ্ষ সাধনৰ বাবে কোনো প্ৰয়োজনীয় জিন আনি শস্যত অন্তৰ্ভূক্ত কৰিব পাৰি। এইদৰে সেই নিৰ্দিষ্ট জিনটোয়ে বহন কৰা আকাংক্ষিত চৰিত্ৰটো সঁচটোৱে লাভ কৰে।


2. পথাৰত কিয় জৈৱ সাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হয় ?

উত্তৰঃ জৈৱিক সাৰত প্ৰচুৰ পৰিমাণে জৈৱ সাৰ থাকে। জৈৱসাৰে মাটিক অনুপোষক দ্ৰব্য আৰু জৈৱ পদাৰ্থৰ যোগান ধৰি মাটিৰ উৰ্বৰতা বঢ়ায়। জৈৱিক সাৰে মাটিৰ গঠন আৰু গুণগতমানৰ উৎকৰ্ষ সাধন কৰে। ইয়াৰ উপৰি বালিঅহীয়া মাটিয়ে পানী ধৰি ৰাখিব পৰা আৰু বোকা মাটিৰ বন্ধ বা জমা হৈ থকা পানী এৰিব পৰা কৰি তোলে।

কৃত্ৰিম সাৰ হ’ল কিছুমান ৰাসায়নিক ভাৱে প্ৰস্তুত উদ্ভিদৰ অনুপোষক পদাৰ্থ যিবোৰ নাইট্ৰজেন, ফছফৰাছ আৰু পটেছিয়াম আদিৰ যোগান ধৰি উদ্ভিদৰ ভালদৰে বিকাশ আৰু বৃদ্ধি কৰে।

সেইকাৰণে পথাৰত জৈৱসাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হয়।


3. অন্তৰাৱৰ্তী কৃষি পদ্ধতি আৰু শস্যাৱৰ্তনৰ সুবিধাসমূহ কি কি ?

উত্তৰঃ অন্তৰাৱৰ্তী কৃষিৰ সুবিধাসমূহ হ’লঃ-

১। একে ডোখৰ মাটিতে দুটা বা তাতোধিক শস্য এক নিৰ্দিষ্ট শৌলীৰে খেতি কৰিব পাৰি।

২। এই প্ৰদ্ধতিত নিৰ্বাচন কৰি লোৱা শস্যবোৰৰ অনুপোষক দ্ৰব্যবোৰ বেলেগ বেলেগ হয় কাৰণে যোগান ধৰা সকলোবোৰ অনুপোষক শস্যই শোষন কৰি লব পাৰে।

৩। দুয়োবিধ বা আটাইকেইবিধ শস্যৰ পৰা অধিক উৎপাদন লাভ কৰিব পাৰি।

৪। কোনো কীট বাৰোগে এক বিধ শস্যৰ আটাইখিনি উদ্ভিদত বিয়পিব নোৱাৰে।

শস্যাৱৰ্তনৰ সুবিধাসমূহঃ-

১। এনে পদ্ধতিত দুটা বা তিনিটা শস্যৰ খেতি একেডৰা মাটিত এবছৰতেই সফলতা কৰিব পাৰি।

২। পূৰ্বৱৰ্তী শস্যবিধ যদি মাহজাতীয় শস্য হয়, তেনেহলে ই মাটিত উপকাৰী অনুজীৱৰ সংখ্যা বঢ়াই পৰৱৰ্তী শস্য বিধৰ বাবে কৃষি ভূমি উৰ্বৰকৰি তোলে।


4. জিনীয় সালসলনি কৌশল কি ? ই কৃষি পদ্ধতিত কিয় উপযোগী ?

উত্তৰঃ জিনীয় সালসলনি হ’ল জিনীয়ভাৱে পাৰ্থক্য থকা দুটা উদ্ভিদৰ মাজত কৰা প্ৰজনন পদ্ধতি, যাক বৰ্ণ সংকৰণ বুলি কোৱা হয়। এই সংকৰণ পদ্ধতিত আন্তঃসঁচ অৰ্থাৎ একে প্ৰজাতিৰ দুটা বেলেগ বেলেগ সঁচৰ মাজত বা আন্তঃপ্ৰজাতি অৰ্থাৎ একে জাতি বা গণৰ অন্তৰ্গত দুটা প্ৰজাতিৰ মাজত কৰা হয়। 

জিনীয় সালসলনি কৰি উন্নত আৰু উৎপাদনক্ষম ৰোগ প্ৰতিৰোধকাৰী বিভিন্ন পৰিৱেশত অভিযোজন কৰিব পৰা শস্যবীজ উৎপাদন কৰিব পাৰি।


5. ভঁৰালত মজুত কৰি ৰখা শস্যৰ কেনেদৰে ক্ষতি সাধন হয় ?

উত্তৰঃ ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতিসাধন দুই প্ৰকাৰৰ কাৰকৰ দ্বাৰা হয়। জৈৱিক আৰু অজৈৱিক কাৰক।

জৈৱিক কাৰক সমূহঃ- পোক, এন্দুৰ, ভঁকুৰ, চাঁহী, বেক্টেৰীয়া আদি।

অজৈৱিক কাৰক সমূহঃ- ভঁৰালৰ অনুপযুক্ত উষ্ণতা আৰু জলীয় ভাপ।


6. পশুপালন (Animal husbandry) ৰ দ্বাৰা কৃষক সমূহে কেনেকৈ লাভান্বিত হয় ?

উত্তৰঃ পসুপালনৰ দ্বাৰা উৎপাদিত দ্ৰব্য যেনে গাখীৰ, কণী, মাংস আদি বিক্ৰী কৰি কৃষকসকল আৰ্থিক ভাৱে লাভৱান হয়। আনহাতে পশুপালনৰ দ্বাৰা পোৱা জীৱ-জন্তুৰ মল-মূত্ৰ আৰু পামৰ আন পেলনীয়া আৱৰ্জনাৰ পৰা সাৰ প্ৰস্তুত কৰি কৃষকসকলে শস্য পথাৰত ব্যৱহাৰ কৰি শস্য উৎপাদন বৃদ্ধি কৰিব পাৰে।


7. গো-পালনৰ দ্বাৰা কি কি লাভালাভ হয় ?

উত্তৰঃ গো-পালনৰ দ্বাৰা বহুত লাভৱান হব পাৰে।

১। গো-পালনৰ ফলত গাখীৰৰ উৎপাদন হয়।

২। গৰুৰ গোৱৰ উত্তম জৈৱ সাৰ হিচাপে খেতিপথাৰত ব্যৱহাৰ হয়।

৩। বলধ গৰুক আমি খেতিপথাৰত হাল মাৰিবলৈ বা গাড়ী টনা কামতও ব্যৱহাৰ হয়।


8. উৎপাদন বৃদ্ধি কৰিবৰ বাবে ‘পল্ট্ৰি পাম’, মীনপাম আৰু মৌ-মাখি পালনত কি ব্যৱস্থা লোৱা হয় ?  

উত্তৰঃ উৎপাদন বৃদ্ধিৰ বাবে আটাইবোৰ পালনত উন্নত মানৰ সঁচ বাচি লব লাগে।

পাল্ট্ৰি পামত সংগম-প্ৰজননৰ ফলত সৃষ্টি হোৱা নতুন প্ৰজাতি বাচি লোৱা হয় উৎপাদন বৃদ্ধিৰ বাবে লগতে পুষ্টিকৰ সুষম খাদ্য দিয়াৰ উপৰিও ভেকচিন বা টীকাকৰণ কৰা হয়।

মীন পালনত অধিক উৎপাদনৰ কাৰণে মিশ্ৰত মীন পালনও কৰা হয়।


9. আহৰণ মীনক্ষেত্ৰ, ‘মেৰীকালচাৰ’, একুৱাকালচাৰ আদিৰ মাজত কেনেকৈ পাৰ্থক্য বাচি উলিয়াবা ?

উত্তৰঃ সামূদিক মীন ক্ষেত্ৰত মৎস্য ডাণ্ডাৰৰ চাহিদা পূৰণ কৰিবলৈ সাগৰীয় মান পালন প্ৰক্ৰিয়া কৰা হয়, ইয়াক মেৰীকালচাৰ বুলি কোৱা হয়।

আনহাতে নিৰ্মল পানী আৰু সাগৰৰ পানী মিহলি অঞ্চল (নদীৰ মোহনা আৰু লেগুণ) সমূহত কৰা মৎস্য উৎপাদন প্ৰক্ৰিয়াক একুৱাকালচাৰ বুলি কোৱা হয়।


Jyotshna Kalita
M.Sc Zoology