পঞ্চম অধ্য়ায়

প্ৰাগৈতিহাসিক নৃতত্ত্ব

অনুশীলনীঃ

১। চমু উত্তৰ দিয়াঃ

(ক) 'Old Stone Age' নামৰ পুথিখনৰ লিখক কোন?

উত্তৰঃ M.C.Burkitt

(খ) 'Prehistory' শব্দটো কোনে পোনপ্ৰথম ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ডেনিয়েল উইলছন।

(গ) 'Primitive Culture' কিতাপখনৰ লিখক কোন?

উত্তৰঃ এডৱাৰ্ড টাইলৰ।

(ঘ) তেজস্ক্রিয় এঙাৰ পদ্ধতিৰ আৱিষ্কাৰক কোন?

উত্তৰঃ ড° লিবিয়ে।

(ঙ) বৃক্ষবলয় পদ্ধতি কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ড° ডগলাছে।

২। পটাছিয়াম আর্গন পদ্ধতিটো বৰ্ণনা কৰা।

উত্তৰঃপটেছিয়াম অর্গেন প্রণালীৰে অনেক প্রাগৈতিহাসিক যুগৰ সামগ্ৰীৰ বয়স নিৰূপণ কৰিব পাৰি। নানা ৰকমৰ ধাতুৰ পাদাৰ্থত থকা তেজস্ক্রিয় পটেছিয়াম এটা নির্দিষ্ট অনুপাতত অর্গেন গেছলৈ ৰূপান্তৰিত হয়। মাছ স্পেক্ট'মিটাৰ যন্ত্ৰৰ সহায়েৰে ধাতৱ পদাৰ্থৰ তেজস্ক্রিয় পটেছিয়াম আৰু অর্গেনৰ অনুপাত নির্ণয় কৰি সেই পদাৰ্থৰ বয়স নির্ণয় কৰিব পাৰি। যি শিলত পটেছিয়াম জাতীয় পদাৰ্থৰ পৰিমাণ বা ছাই বেছি থাকে তেনেকুৱা শিলৰ বয়স এই পদ্ধতিৰ দ্বাৰ নিৰূপণ কৰা সহজ। আফ্রিকাৰ। টাংগানিয়া দেশৰ অন্ডুৱাই খাদৰ আটাইতকৈ তলৰ স্তৰত সঞ্চিত মানৱ সংস্কৃতিৰ আহিলাৰ বয়স এই পদ্ধতিৰ দ্বাৰা ১,৭৫,০০০ বছৰ বুলি নিৰূপণ কৰা হৈছে।

৩। প্লায়-প্লেষ্ট'চিন সীমাৰেখা কি? ইয়াক কেনেদৰে নিৰ্ধাৰণ কৰা হয়?
উত্তৰঃ- প্লায়’চিন আৰু প্লাইষ্ট’চিন যুগক কাল্পনিকভাৱে ভাগ কৰাকে প্লায়-প্লেষ্ট’চিন সিমাৰেখা’ বোলা হয় আৰু ইয়াক নিৰ্ধাৰণ কৰিবৰ বাবে ‘কেলিব্রিয়ান’-সমুদ্ৰিক জীৱ দ্বীপদ শামুকজাতীয় প্ৰাণীৰ জীৱাশ্ম অথবা ‘ভিল্লাফ্ৰেংকিয়া’ বুলি অভিহিত কৰা স্থলচৰ প্ৰাণী ষাড়গৰু, হাতী আৰু ঘোঁৰাৰ সমষ্টিৰ সহায় লোৱা হয়।

৪। খনন কার্য বুলিলে কি বুজা? খনন কাৰ্যত ব্যৱহৃত সঁজুলি দুটামানৰ নাম লিখা।

উত্তৰঃ- খনন কাৰ্য বুলিলে কব পাৰি যে- প্ৰাগৈতিহাসিক মানুহৰ বাসস্থানৰ ধ্বংসাৱশেষবোৰ খনন কাৰ্যৰ দ্বাৰা মুকলি কৰিলে সেইযুগৰ কৃষ্টিমূলক অৱশেষ অনেক পোৱা যায়। সেই সামগ্ৰীসমূহ হল প্ৰস্তৰযুগত পোৱা শিল, হাড়, ফলমূলৰ গুটি, জন্তু-চৰাই আদিৰ হাড়-মূৰ ইত্যাদি। খনন কার্য কৰি যে প্ৰাক্ইতিহাস  অধ্যয়ন কৰিব পাৰি।

খনন কাৰ্যত ব্যৱহৃত সঁজুলি দুটামানৰ নাম হল:- শিল, হাড়।

৫। প্রাকৃতিহাস অধ্যয়নৰ সমলসমূহক কেইটা ভাগত ভগাব পাৰি? সমলসমূহ বৰ্ণনা কৰা।

উত্তৰঃ- প্ৰাগৈতিহাসিক অধ্যয়নৰ সমলসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি। সমলসমূহ হৈছে―

১। প্ৰস্তুৰ যুগ।

২। ব্ৰঞ্জ যুগ। আৰু

৩। লৌহ যুগ।

৬। বৃহৎ তুষাৰ যুগ প্ৰৱৰ্তনৰ কাৰকসমূহ বৰ্ণনা কৰা।

উত্তৰঃ- প্রাক্‌ইতিহাসৰ লগত ওতঃপ্রোতভাবে জড়িত গ্লিষ্ট'ছিন যুগটোক জলবায়ুৰ দিশৰ পৰা বৃহৎ তুষাৰ যুগ বুলি কোৱা হয়। প্রায় ১.৫২ নিযুত বছৰ আগতে আৰম্ভ হোৱা এই যুগটোৰ বিভিন্ন কালত মুঠতে সাতবাৰ জলবায়ুৰ পৰিবৰ্তন হৈছিল। এই সম্বন্ধে প্রথমে প্রকৃতিবিদ স্কিম্পাৰে উল্লেখ কৰাৰ পিছত ১৮৩২ চনত এগাছিজ নামৰ অইন এজন প্রকৃতিবিদে ছুইজালেণ্ডৰ বৰফৰ নদী বিলাক অধ্যয়ন কৰি এই সম্বন্ধে একমত হয়। ডঃ পেংক আৰু ব্রুকনাৰে আল্লছ পৰ্বতৰ পৰা ডানইউব অৱবাহিকালৈরতি বিস্তৃত হোৱাত সূচল হৈছিল।জন্তুৰ জীৱাশ্ম সন্নিবিষ্ট থকা স্তৰটোক গ্লিষ্ট'ছিন বুলি চিনাক্ত কৰিব পাৰি। এই তিনি প্ৰকাৰৰ জীৱ সমষ্টিক 'ভিলাফ্রাংকিয়ান' বুলি জনা যায়।এই যুগৰ জীৱাশ্ম আৰু ভূতাত্ত্বিক গঠনবোৰৰ পৰা জনা যায় যে প্লিষ্ট ছিন যুগত মুঠতে সাতবাৰ জলবায়ু পৰিৱৰ্তন হৈছিল। নিম্ন স্লিষ্ট'ছিন যুগৰপৰা আৰম্ভ হৈ এই যুগৰ শেষলৈকে মুঠতে চাৰিবাৰ শীতপ্রধান জলবায়ু আৰু শীতপ্রধান কালৰ অন্তবর্তী কালত গ্রীষ্ম প্রধান জলবায়ু প্রবর্তন হৈছিল। শীতপ্রধান জলবায়ুক তুষাৰ যুগ আৰু গ্রীষ্ম জলবায়ু প্রধান মধ্যবর্তী কালটোক অন্তৰা কাল তুষাৰ কাল বুলি জনা যায়। এই সাতটা গ্লিষ্ট'ছিন জলবায়ুৰ বিভাগ ইউৰোপৰ আপ্লাইন ভূ-ভাগৰ ভূতাত্ত্বিক চিহ্নৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা হৈছে। আনহাতে, উত্তৰ গোলার্ধৰ গোবি মরুভূমি অঞ্চলক পৰা আফ্রিকাৰ চাহাৰা আৰু বোডেছিয়ালৈ এই সুবিস্তৃত স্থলভাগত প্লিষ্ট ছিন যুগত সংঘটিত হোৱা জলবায়ু আৰু ইয়াৰ বিভাগবোৰক জলাহ আৰু উপজলাহ নাম দিয়া হৈছে।শ্লিষ্ট'ছিন ভূতাত্ত্বিক যুগতে পৃথিৱীত মানুহৰ প্ৰথম আবির্ভাব হয়। এই যুগটো প্রত্নপ্রস্ত যুগৰ সমসাময়িক। প্রত্নপ্রস্তৰ যুগৰ সৃষ্টি গ্লিষ্ট'ছিন যুগত আৰম্ভ হয় আৰু এই যুগটো শো হোৱাৰ লগে লগে এই সাংস্কৃতিক যুগটোৰো অৱসান ঘটে। তেজস্ক্রিয় কাল নিশ্চ পদ্ধতিৰে নিৰূপণ কৰা হৈছে যে প্লিষ্ট'ছিন যুগৰ বয়স দুই নিযুত বছৰৰো ওপৰ হ'ব

৭। জলাহ যুগ কি? জলাহ যুগসমূহৰ নাম লিখা।

উত্তৰঃপ্লাইষ্ট’চিন যুগৰ জলবায়ুক ‘বৃহৎ তুষাৰ কাল’ বুলি অভিহিত কৰা হৈছে যদিও সমগ্র পৃথিৱীৰ সেইসময়ত তুষাৰে আবৃত কৰি ৰখা নাছিল। উচ্চ ভূ-পৃষ্ঠ আৰু উচ্চ অক্ষাংশৰ ঠাইসমূহতহে হিমপ্ৰবাহৰ প্ৰভাৱ পৰিছিল। আনহাতে গ্ৰীষ্মপ্ৰধান আৰু বিষুব অঞ্চলত আন প্ৰকাৰৰ জলবায়ুৰ প্ৰভাৱ পৰিছিল। তুষাৰ কালৰ সমসাময়িক এই জলবায়ুক জলাহ যুগ বুলি জনা যায়।জলাহ যুগসমূহৰ নাম হ’ল―কাগেৰান,কামাছিয়ান, কাঞ্জেৰান আৰু গেম্বলিয়ান জলাহ কাল আৰু কাগেৰান-কামাছিয়ান, কামাছিয়ান-কাঞ্জেৰান আৰু কাঞ্জেৰান- গেম্বলিয়ান।

৮। প্লাইষ্ট'চিন যুগৰ জলবায়ু কেনে আছিল? বর্ণনা কৰা।

উত্তৰঃ- প্লাইষ্ট’চিন যুগৰ ভূ- তাত্ত্বিক গঠন আৰু জীৱাশ্মসমূহৰ অধ্যয়নৰ পৰা প্লাইষ্ট’চিন যুগত সংঘটিত হোৱা জলবায়ুৰ পৰিৱৰ্তন, জীৱকূল আৰু ক্ৰমবিৱৰ্তনৰ আভাস পোৱা যায়। ইউৰোপৰ বিভিন্ন অঞ্চল বাল্টিক সাগৰৰ উপকূলীয় সমভূমি, চুইজাৰলেণ্ড আৰু স্কটলেণ্ডৰ বহল উপত্যকা আৰু উত্তৰ আমেৰিকাৰ ঠায়ে ঠায়ে য’ত প্ৰস্তুৰ নাই, তেনে ঠাইবোৰত সিঁচৰতি হৈ থকা বৃহৎ শিলাখণ্ডবোৰৰ উৎপত্তি সম্বন্ধে গৱেষণা কৰি ভূ-তত্ত্ববিদসকলৰ একমত হয় যে বৰ্তমান যুগৰ চিৰতুষাৰ ৰেখাৰ পৰা মেৰু অঞ্চললৈ বিস্তৃত স্থায়ী তুষাৰ মণ্ডল প্লাইষ্ট’চিন যুগত বিস্তৃত হৈ পৰিছিল আৰু উপৰোক্ত অঞ্চলসমূহো তুষাৰে আবৃত কৰি ৰাখিছিল।

প্লাইষ্ট’চিন যুগত গ্ৰীষ্ম মণ্ডলৰ ওখ পৰ্বতসমূহৰ চিৰতুষাৰ ৰেখা ৩৫০০ ফুট তললৈ নামি আহিছিল। ইউৰোপ, আমেৰিকা উপৰি এছিয়া মহাদেশৰ মাউন্ট অলিম্পিয়া, লেবানন, প্লাইষ্ট’ইন মাউন্ট হাৰমান ইত্যাদি অঞ্চলো তুষাৰে ঢাকি ৰাখিছিল। অৱশ্যে এছিয়া মহাদেশৰ বৃহৎ অঞ্চলত তুষাৰমুক্ত  আছিল। আফ্ৰিকা মহাদেশৰো উচ্চ পৰ্বতসমূহৰ  বাহিৰে আন অঞ্চলত তুষাৰৰ বিস্তৃত কম আছিল।

৯। কাল নির্ণয় প্রণালী কি? যিকোনো এটা প্রত্যক্ষ বা পৰোক্ষ কাল নিৰ্ণয় প্রণালী বৰ্ণনা কৰা।

উত্তৰঃ প্রাগৈতিহাসিক কোনো সংস্কৃতিৰ লগত সেই সময়ৰ কোনো প্রাকনাএটনাৰ সম্বন্ধ দেখুৱাই বৈজ্ঞানিক উপায়ে কাল নিৰ্ণয় কৰা প্ৰণালীকে পৰোক্ষ লি নির্ণয় প্রণালী বোলে। যিহেতু আন ঘটনাৰ লগত তুলনা কৰিহে কাল নির্ণয় কমল সেয়েহে এই প্রণালীত কোনো বস্তুৰেই সঠিক বছৰলৈ কাল নির্ণয় কৰাটো সম্ভব এই প্ৰণালীত ভূতাত্ত্বিক স্তৰবিলাকত তৰপে তৰপে সঞ্চিত হৈ থকা প্লিষ্ট ছিলণানৱ সংস্কৃতিৰ সমলবোৰ খান্দি উলিয়াই ভূতাত্ত্বিক স্তৰৰ কাল ক্রমণিকা ই ত্নতত্ত্ববিদসকলে পৰোক্ষভাৱে এই সমলবোৰৰ কাল নির্ণয় কৰে। প্লিষ্ট ছিনসাংস্কৃতিক আহিলাবোৰৰ লগত পোৱা আনুষংগিক সামগ্রী যেনে জৈবিক আৰু উদ্ভিদ জাতীয় অৱশেষ আদিৰ লগতো তুলনা কৰি সমলবোৰৰ কাল নির্ণয় কৰা হয়। তদুপৰি বিভিন্ন প্ৰকাৰৰ আহিলা, মাটিৰ তৰপ, ফুলৰ বেণু আদি বিশ্লেষণ কৰি প্রাগৈতিহাসিক  সমলবোৰৰ পৰোক্ষভাবে কাল নির্ণয় কৰা হয়।

১০। প্রত্ন-জীৱতাত্ত্বিক প্রণালীয়ে প্রাকৃতিহাস অধ্যয়নত কেনেদৰে সহায় কৰে?
উত্তৰঃ- প্ৰায় দুহেজাৰ নিযুত বছৰ আগতে পৃথিৱীত জন্ম হোৱা এককোষী জীৱ বোৰৰ পৰা কেনেকৈ নানা তৰহৰ উদ্ভিদ আৰু প্ৰাণীৰ আবিৰ্ভাৱ হ’ল এই বিষয়ে জানিবলৈ আমাৰ প্ৰধান আহিলা হ’ল জীৱাশ্মবোৰ। প্ৰাক্ইতিহাসকালৰ মানুহবোৰ কোন আছিল আৰু সেইসময়ত কেনেধৰণৰ জলবায়ু, প্ৰাণী, উদ্ভিদ আদি বৰ্তি আছিল তাক নাজানিলে প্ৰাক্ইতিহাসৰ অধ্যয়ন অসম্পূৰ্ণ  হ’ব। প্ৰত্নজীৱতাত্বিক প্ৰণালীয়ে সেইকালৰ জলবায়ু, প্ৰাণী-উদ্ভিদবোৰৰ শাৰীৰিক আৰু আৱয়বিক গঠন প্ৰক্ৰিয়াৰ বিষয়েও অনুসন্ধান কৰে। পৃথিৱীত প্লাইষ্টচিন যুগত মুঠতে সাতবাৰ জলবায়ুৰ পৰিৱৰ্তন হৈছিল, য’ত চাৰিবাৰ তুষাৰযুগ আৰু তিনিবাৰ অন্তৰাতুষাৰ যোগ আছিল। তেতিয়া ইউৰোপত ভিন্ন ভিন্ন শাৰীৰিক গঠনৰ জন্তুৱে বাস কৰিছিল।বৰ্তমান যুগৰ নাতিশীতোষ্ণ মণ্ডলৰ অন্তৰ্ভুক্ত ইউৰোপ মহাদেশত প্ৰাগৈতিহাসিক যুগত এসময়ত গ্ৰীষ্ম মণ্ডলৰ প্ৰধান জন্তু যেনে― হাতী, গড়, হিপ’প’টেমাছ আদিয়ে বাস কৰিছিল। প্ৰাগৈতিহাসিক যুগৰ অইন এছোৱা সময়ত ইউৰোপত মেমথ, নোমাল গড়, গুহা ভালুক আদি তুন্দ্ৰাজল বায়ুসেৱী প্ৰাণীবিলাকে বাস কৰিছিল। সেইবোৰ প্ৰাণীয়ে ইউৰোপত সেইযুগৰ তীব্ৰ শীতকালৰ জলবায়ুৰ সাক্ষী দিয়ে। আধুনিক যুগৰ লগত খাপ খুৱাই লবলৈ অসমৰ্থ হোৱা বাবে প্ৰাগৈতিহাসিক যুগৰ অনেক স্তন্যপায়ী প্ৰাণী বিলুপ্ত হৈছে আৰু কিছুমান প্ৰাণীৰ বংশগোষ্টী ৰূপান্তৰিত হৈ আধুনিক স্তন্যপায়ী প্ৰাণীবিলাকৰ জন্ম হৈছে। 

অতিৰিক্ত প্ৰশ্নঃ

১। 'Prehistory' শব্দটো কোনে প্ৰথমে উল্লেখ কৰিছিল?

উত্তৰঃ 'Prehistory' শব্দটো ইউৰোপৰ প্ৰত্নতত্ত্ববিধ ডেলিয়েন উইল্ছনে প্ৰথমে উল্লেখ কৰিছিল। 

২। কোনখন কিতাপত প্ৰথমে 'Prehistory' শব্দটো উল্লেখ কৰা হৈছিল?

উত্তৰঃ " The Archaealogy and Prehistoric Annals of Scottland " নামৰ কিতাপ খনত প্ৰথমে 'Prehistory' শব্দটো উল্লেখ কৰা হৈছিল।

৩। আদি ইতিহাস কি?

উত্তৰঃ আদি ইতিহাস হ'ল প্ৰাক্ইতিহাস আৰু ইতিহাসৰ মধ্যৱৰ্তী কালৰ বিৱৰণ।

৪। পুৰাতত্ত্ব বুলিলে কি বুজা?

উত্তৰঃ প্ৰাক্ইতিহাস আৰু ইতিহাস উভয় কালতে লুপ্ত হোৱা মানৱ জীৱন ধাৰাৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানকে পুৰাতত্ত্বৰ বিজ্ঞান বুলি কোৱা হয়। 

৫। আলপাইন পৰ্বতমালাৰ হিম প্ৰবাহ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ আলপাইন পৰ্বতমালাৰ হিম প্ৰবাহ 

৬। বৃহৎ তুষাৰ যুগত কিমানটা জলাহ আৰু উপ জলাহ যুগ আছে?

উত্তৰঃ বৃহৎ তুষাৰ যুগত চাৰিটা জলাহ যুগ আৰু উপ জলাহ যুগ তিনিটা আছে। 

৭। কোন ভূতাত্ত্বিক যুগত মানুহৰ আৱিৰ্ভাৱ হৈছিল?

উত্তৰঃ প্লিষ্ট'ছিন যুগত মানুহৰ আৱিৰ্ভাৱ হৈছিল।

৮। প্ৰাক্ ইতিহাস অধ্য়য়নৰ লাভা লাভ কি?

উত্তৰঃ প্ৰাক্ইতিহাসে লুপ্ত হৈ যোৱা মানুহ আৰু তেওঁলোকৰ সংস্কৃতি বা জীৱন ধাৰাৰ বিষয়ে সম্যৰ জ্ঞান আহৰণ কৰে। তদুপৰি বৰ্তমান মানুহৰ পূৰ্বপুৰুষ সকলৰো জীৱন ধাৰাৰ ওপৰতো প্ৰাক্ইতিহাস আলোকপাত কৰে।

 দ্বিতীয়তে, প্ৰাগৈতিহাসিক মানুহে কেনেকৈ খাপ খাই চলিছিল, তাৰ প্ৰয়ােজনীয় হাতিয়াৰ সঁজুলি আদি কেনেকৈ তৈয়াৰ কৰিছিল তথা তেওঁলোকে কেনেকৈ তেওঁলোকৰ বিভিন্ন প্ৰয়োজনসমূহ পূৰণ কৰিছিল, এই সকলােবােৰ কথা আমি প্ৰাক্ইতিহাস অধ্যয়নৰ দ্বাৰা জানিব পাৰো।

তৃতীয়তে, প্ৰাক্ইতিহাসে অতীতৰ বিভিন্ন সময়ৰ কাল নিৰ্ণয় তথা বিভিন্ন সংস্কৃতিৰ উৎপত্তি, ক্ৰম তথা বিস্তাৰণ সম্বন্ধে জনাত সহায় কৰে।

চতুৰ্থতে, প্ৰাগৈতিহাসিক সমলসমূহ বিভিন্ন মিউজিয়ামৰ সংৰক্ষণ কৰি আৰু মানুহৰ শিক্ষা দিয়া হয়।  

৯। প্ৰাক্ ইতিহাস অধ্য়নৰ তিনিটা সমলৰ নাম লিখা।

উত্তৰঃ প্ৰাক্ ইতিহাস অধ্য়নৰ তিনিটা সমলৰ নাম হ'ল-

(১) মানুহৰ বাসস্থান।

(২) মানুহে তৈয়াৰ কৰা বিভিন্ন সা-সঁজুলি, হাতিয়াৰ, বাচন-বৰ্তন আদি।

(৩) চিত্ৰকলা আৰু চাৰুকলা, অলংকাৰ গহণা ইত্যাদি।

১০। প্ৰাগৈতিহাসিক যুগৰ কাল নিৰ্ণয় কৰা প্ৰণালী সমূহ কি কি?

উত্তৰঃ প্ৰাগৈতিহাসিক যুগৰ কাল নিৰ্ণয় কৰা প্ৰণালী সমূহ মূলত দুই ভাগত ভাগ কৰিব পাৰি-

(১) পৰোক্ষ কাল নিৰ্ণয় পদ্ধতি

(২) প্ৰত্যক্ষ কাল নিৰ্ণয় পদ্ধতি

                                                                                                              

  (১) পৰোক্ষ কাল নিৰ্ণয় পদ্ধতি আকৌ কেইটামান ভাগত ভাগ কৰিব পাৰি। সেই ভাগকেইটা হ'ল-

(ক) ভূতাত্ত্বিক প্ৰণালী।

(খ) ভূতাত্ত্বিক স্তৰীয় বিদ্যা।

(গ) আনুষংগিক সামগ্ৰী।

(ঘ) প্ৰকাৰতাত্ত্বিক প্ৰণালী।

(ঙ) ভাৰ্ত মাটি বিশ্লেষণ।

(চ) ফুলৰেণু  বিশ্লেষণ প্ৰণালী।

(২) প্ৰত্যক্ষ কাল নিৰ্ণয় পদ্ধতি আকৌ কেইটামান ভাগত ভাগ কৰিব পাৰি। সেই ভাগকেইটা হ'ল-

(১) তেজস্ত্ৰিয় এঙাৰৰ সহায়ত কাল নিৰ্ণয় পদ্ধতি।

(২) পটেছিয়াম আৰ্গন পদ্ধতি।

(৩) ফ্ল'ৰিণ বিশ্লেষণ প্ৰণালী।

(৪) বৃক্ষবলয় বিশ্লেষণ।

(৫) শৈল চৰ্ম বা আস্তৰন।

১১। প্ৰত্য়ক্ষ আৰু পৰোক্ষ কাল নিৰ্ণয় প্ৰণালী বুলিলে কি বুজা?

উত্তৰঃ প্ৰত্যক্ষভাবে কিছুমান অতীতৰ স্তৰীভূত অৱস্থাৰ পৰা উদ্ধাৰ কৰা মানৱ সংস্কৃতিৰ সমলৰ ওপৰত বৈজ্ঞানিক পদ্ধতিৰ সহায়ত কাল নিৰূপন কৰাকেই প্ৰত্যক্ষ কাল নিৰ্ণয় পদ্ধতি বুলি কোৱা হয়।

আনহাতে, প্ৰাগৈঐতিহাসিক যুগৰ মানুহৰ কলা কৃষ্টিক সেই সময়ত কোনো প্ৰাকৃতিক ঘটনা ৰাজিৰ লগত সম্বন্ধ দেখুৱাই বিজ্ঞান সন্মত  ভাবে নিৰ্ণয় কৰা কালত পদ্ধতিক পৰোক্ষ কাল  নিৰূপন কৰা পদ্ধতি বােলা হয়। 

১২। প্ৰাক্ ইতিহাস অধ্য়য়নৰ প্ৰণালী কেইটা কি কি? ইয়াৰে যিকোনো এটাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ প্ৰাক্ ইতিহাস অধ্য়য়নৰ প্ৰণালী প্ৰধানকৈ তিনিটা। সেইকেইটা হ'ল- (ক)  ভূতাত্ত্বিক প্ৰণালী।

(খ) প্ৰত্নজীৱতাত্ত্বিক প্ৰণালী আৰু

(গ) প্ৰত্নতাত্ত্বিক প্ৰণালী।

(ক)  ভূতাত্ত্বিক প্ৰণালীঃ পুৰাতত্ত্ববিদ সকলে ভূতত্ত্ব , প্ৰত্নতত্ত্ব আৰু প্ৰত্নজীৱ তত্ত্ববিদ সকলৰ সহযোগত বৈজ্ঞানিক নিয়মেৰে স্তৰীয়  ভূতাত্ত্বিক প্ৰণালী প্ৰয়ােগ কৰি স্তৰবােৰত খনন কাৰ্য্য সম্পন্ন কৰে। ইয়াৰ জৰিয়তে ভূগৰ্ভৰ পৰা প্ৰগঐতিহাসিক মানুহে এৰি থৈ যোৱা সমলবােৰ স্তৰ সমূহৰ পৰা উলিয়াই পৰীক্ষাগাৰত বৈজ্ঞানিক দৃষ্টি ভংগীৰে বিশ্লেষণ কৰি সমলবোৰৰ কাল ক্ৰমণিকা আৰু কৃষ্টিক্ৰমণিকা বুলি জানিব পাৰি। প্ৰাগৈতিহাসিকসকলে প্ৰণালীবদ্ধভাৱে  ভূতাত্ত্বিক পদ্ধতিৰে খনন কাৰ্য চলায়। খনন কাৰ্যৰ ফলত আৱিষ্কৃত স্তৰবোৰৰ কাল নিৰ্ণয় কৰা হয় আৰু স্তৰ অনুযায়ী পোৱা প্ৰাগৈতিহাসিক সমলবোৰৰ ব্যৱহৃত কালো স্তৰসমূহ কাল অনুযায়ী থিয়াং কৰা হয়।   

১৩। ভূতাত্ত্বিক সময় তালিকা কি?

উত্তৰঃ ভূতাত্ত্বিক স্তৰবোৰৰ গভীৰতা, এইবোৰ গঠিত শিলৰ লক্ষণবোৰ, লগতে এই শিলাস্তৰবােৰত পােৱা বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ জীৱাশ্মবােৰ পৰীক্ষা কৰি এটা ভূতাত্ত্বিক স্তম্ভ নিৰ্মাণ কৰা হৈছে। এই ভূতাত্ত্বিক স্তম্ভটােৰ সহায়েৰে এখন নিৰ্ভৰযোগ্য সময় তালিকা প্ৰস্তুত কৰিব পাৰি। জীৱাশ্ম আৰু শিলাস্তৰবােৰৰ গঠন প্ৰণালীবােৰৰ পৰা প্ৰাগৈতিহাসিক যুগৰ বিভিন্ন দেশ, মহাদেশ, সাগৰ, মহাসাগৰ গঠন আৰু আকৃতি, সেইখিনি সময়ৰ জলবায়ু যুগে যুগে পৰিৱৰ্তন আৰু বিভিন্ন যুগৰ আৱিৰ্ভাৱ বিভিন্ন প্ৰাণী সম্বন্ধে এটা সুশৃংখল বিৱৰণ প্ৰস্তুত কৰা। এইটো  ভূতাত্ত্বিক সময় তালিকাত পূৰ্বপুৰুষ আৰু আদিম মানৱ সকলৰ সুকীয়া স্থান থাকে।  ভূতাত্ত্বিক সময় তালিকাখন প্ৰাক্ইতিহাসৰ এটা অপৰিহাৰ্য অংগ। 

১৪। তুন্দ্ৰা জয়বায়ু সেৱী প্ৰাণী চাৰিবিধৰ নাম লিখা।

উত্তৰঃ  তুন্দ্ৰা জয়বায়ু সেৱী প্ৰাণী চাৰিবিধৰ নাম হ'ল- মেমথ, বল্গা হৰিণ, ছোগৰু আৰু নােমাল গঢ়।

১৫। গ্ৰীষ্ম জলবায়ু সেৱী প্ৰাণী চাৰিবিধ নাম লিখা।

উত্তৰঃ গ্ৰীষ্ম জলবায়ু সেৱী প্ৰাণী চাৰিবিধ নাম হ'ল- হিপ্পো পটেমাছ, নম্ৰ নাসিকা গঢ়, বাইছন গৰু আৰু ঔৰোচ গৰু। 

১৬। তুষাৰ যুগ প্ৰৱৰ্তনৰ কাৰক সমূহ আলোচনা কৰা।

উত্তৰঃ তুষাৰ যুগৰ প্ৰৱৰ্তনৰ কাৰক সমূহ তলত আলোচনা কৰা হ'ল-

(১) ভৌগলিক কাৰক।

(২) নৈসৰ্গিক তথ্য।

১৭। ভিলাফ্ৰংকিয়ান কি?

উত্তৰঃ হেগ্ নামে এজন ভূতাত্ত্বিকে ১৯২২ চনত আগবঢ়োৱা সূত্ৰমতে এটা বা তাতোধিক হাতী, ঘােঁৰা আৰু গৰুৰ বংশ গােষ্ঠীৰ জন্তুৰ জীৱাশ্ম সন্নিবিষ্ট থকা স্তৰটােৰ প্লাইষ্টছিন বুলি চিনাক্ত কৰিব পাৰি। এই তিনিপ্ৰকাৰৰ জীৱ সমষ্টিক ভিলাফ্ৰংকিয়ান বােলে।


Check By- Mukesh Borah

Author: Himashree Bora.