অধ্যায় ২
শিৱৰ কৃষি-কৰ্ম
অতি চমু উত্তৰ দিয়া ঃ
১/ শিৱৰ কৃষিকৰ্ম' কবিতাংশৰ কবিগৰাকীৰ নাম লিখা ।
উত্তৰঃ ৰাম সৰস্বতী।
২/ 'শিৱৰ কৃষিকৰ্ম' পাঠতি কোনখন গ্ৰন্থৰ পৰা উদ্ধৃত কৰা হৈছে ? (২০১১)
উত্তৰঃ 'ভীম চৰিত' নামৰ লঘু কাব্য এখনৰ পৰা উদ্ধৃত কৰা হৈছে ।
৩/ কোনগৰাকী কবিক অসমীয়া ব্যাস বোলা হয় ? (২০১০, ১২, ১৫, ১৬, ১৮)
উত্তৰঃ ৰাম সৰস্বতীক ।
৪/ শিৱৰ আন এটা নাম কি ? (২০১২)
উত্তৰঃ ভোলানাথ ।
৫/ ৰাম সৰস্বতী কোন যুগৰ কবি ? (২০১৪, ১৭)
উত্তৰঃ শংকৰী যুগৰ ।
৬/ খোবা-খুবী কি ? (২০১৩)
উত্তৰঃ এহাল ভূত-ভুতুনী।
৭/ ৰাম সৰস্বতীক কি কি আখ্যাৰে বিভূষিত কৰিছিল ? (২০০৯)
উত্তৰঃ অসমীয়া ব্যাস, মহাভাৰতৰ কবি, বধকাব্যৰ ৰচক ।
৮/ ৰাম সৰস্বতীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ? (২০১৪)
উত্তৰঃ কোচৰজা নৰনাৰায়ণৰ ।
৯/ শিৱই মাটি আৰু কঠিয়া কাক কাক খুজিছিল ?
উত্তৰঃ শিৱই বাসৱক মাটি আৰু কুবেৰক কঠীয়া খুজিছিল।
১০/ শিৱৰ নষ্ট, হোৱা খেতিৰ পৰা কি কি ধানৰ সৃষ্টি হৈছিল ?
উত্তৰঃ শিৱৰ নষ্ট হোৱা খেতিৰ পৰা আহু আৰু শালি ধানৰ সৃষ্টি হৈছিল।
১১/ ৰাম সৰস্বতীয়ে ৰচনা কৰা বধকাব্য কেইখনমানৰ নাম লিখা ।
উত্তৰঃ বঘাসুৰ বধ, খটাসুৰ বধ, অশ্বকৰ্ণ বধ, জঙ্ঘাসুৰ বধ, কুলাচল বধ আদি ।
প্ৰশ্নাৱলীঃ
১। ভীমক ভাত খুৱাবলৈ গৈ পাৰ্বতীৰ অৱস্থা কি হৈছিল ? বৰ্ণনা কৰা।
উত্তৰঃ শিৱৰ ঘৰত ভীম গৰখীয়া হিচাপে আছিল। ভীমে বহুত খাইছিল সেয়েহে ভিক্ষা কৰি অনা খাদ্যৰে ভীমৰ পেট ভৰাব নোৱাৰিছিল।
এদিন দুপৰীয়া গৰু চৰাই আহি ভীম কাৰ্তিক আৰু গণেশৰ লগতে ভাত খাবলৈ বহিল। কাহীত ভাত দি পাৰ্বতীয়ে আঞ্জা আনিবলৈ গৈ আহি দেখে যে কাহীত ভাত নাই। পাবতীয়ে কাহীত ভাত দিয়ে হে ভীমে লগতে একে গৰহতে খাই পেলায়। তিনি চাৰি কাহী ভাত খোৱাটো ভীমৰ পেট নভৰিল আৰু পাৰ্বতীক আকৌ ভাত খুজিলে। চৰুত ভাত শেষ হোৱাৰ বাবে লাজতে পাৰ্বতী ভীমৰ ওচৰলৈ ওলাই নাহিল। পাৰ্বতীয়ে আন্জা ভাত নিদিয়াত ভীমে হাত ধুই উঠি আহি ভিক্ষাৰ জোলোঙাত কিবা বেলেগ খোৱা বস্তু আছে যদি পাৰ্বতীক দিবলৈ অনুৰোধ জনালে। পাৰ্বতীয়ে ঘৰত একো নাই বুলি কোৱাত ভীমে খংত কলে যে তেওঁলোকৰ ঘৰত খোৱা বোৱাত যথেষ্ট কষ্ট পাইছে তেওঁ সদায় আধা পেটিয়াকৈ থাকিব লগা হয়। তেওঁ তেওঁলোকৰ ঘৰত আৰু নাথাকে কৰবালৈ গুচি যাব। এই কথাত পাৰ্বতী বহুত লজ্জিত হল।
২। কি পৰিস্থিতিত শিৱই খেতি কৰিবলৈ সন্মত হৈছিল। শিৱৰ কৃষি-কৰ্মৰ এটি বৰ্ণনা দিয়া।
উত্তৰঃ শিৱৰ ঘৰত ভীম গৰখীয়া হিচাপে আছিল। ভীমে বহুত খাইছিল কিন্তু ভিক্ষা কৰি অনা খাদ্যৰে ভীমৰ পেট ভৰাব নোৱাৰে।এদিন দুপৰীয়া গৰু চৰাই আহি গৰু চৰাই আহি ভীম কাৰ্তিক আৰু গণেশৰ লগতে ভাত খাবলৈ বহিল। কাহীত ভাত দি পাৰ্বতীয়ে আঞ্জা আনিবলৈ গৈ আহি দেখে যে কাহীত ভাত নাই। পাবতীয়ে কাহীত ভাত দিয়ে হে ভীমে লগতে একে গৰহতে খাই পেলায়। তিনিা চাৰিকৈ ভাত খোৱাটো ভীমৰ পেট নভৰিল আৰু পাৰ্বতীক আকৌ ভাত খুজিলে। চৰুত ভাত শেষ হোৱাৰ বাবে লাজতে পাৰ্বতী ভীমৰ ওচৰলৈ ওলাই নাহিল। পাৰ্বতীয়ে আন্জা ভাত নিদিয়াত ভীমে হাত ধুই উঠি আহি ভিক্ষাৰ জোলোঙাত কিবা বেলেগ খোৱা বস্তু আছে যদি পাৰ্বতীক দিবলৈ অনুৰোধ জনালে। পাৰ্বতীয়ে ঘৰত একো নাই বুলি কোৱাত ভীমে খংত কলে যে তেওঁলোকৰ ঘৰত খোৱা বোৱাত যথেষ্ট কষ্ট পাইছে তেওঁ সদায় আধা পেটিয়াকৈ থাকিব লগা হয়। তেওঁ তেওঁলোকৰ ঘৰত আৰু নাথাকে কৰবালৈ গুচি যাব। এই কথাত পাৰ্বতী বহুত লজ্জিত হল। ভীম গুচি যোৱাৰ পিছত পাৰ্বতীয়ে শিৱক খেতিত মন দিবলৈ কলে। প্ৰথমে শিৱই অমান্তি হৈছিল যদিও পাৰ্বতিয়ে কোৱাত তেওঁ নিজৰ ত্ৰিশূলডালকে নাঙলৰ ফাল কৰি লৈ হাল জুৰি খেতিৰ আৰম্ভ কৰিলে। এনেদৰেই শিৱৰ কৃষকাৰ্য আৰম্ভ হৈছিল।
৩। শিৱৰ খেতি কেনেদৰে নষ্ট হৈছিল ? ইয়াৰ পৰিণতি কি হ'ল?
উত্তৰঃ শিৱৰ ঘৰত ভীম গৰখীয়া হিচাপে আছিল। গৰখীয়া ভীমে বহুত খাইছিল, কিন্তু ভিক্ষা কৰি অনা চাউলেৰে ভীমৰ পেট ভৰাব নোৱাৰিছিল। ভাত দিব নোৱাৰা বাবে ভীমে পাৰ্বতীক টান কথা শুনাইছিল। ভীমৰ টান কথা শুনিব নোৱাৰি পাৰ্ৱতীয়ে শিৱক খেতি কৰিবলৈ কৈছিল। পাৰ্ৱতীৰ কথা মতে তেওঁ বিভিন্ন জনৰ পৰা বীজ সংগ্ৰহ কৰি খেতি কৰিবলৈ ললে। খেতি ভালো হল। শিবই কিন্তু পাৰ্বতীক খেতি চাবলৈ হাক দিলে কিন্তু পাৰ্ৱতীয়ে খেতি চাবলৈ মন কৰি আছিল। সেয়েহে এদিন তেওঁ খেতি চাবলৈ গল। লহপহীয়া খেতি দৰা দেখি পাৰ্বতী আচৰিত হল আৰু মুখৰ পৰা উস্ আস্ দুটা শব্দ ওলাল আৰু সেই শব্দ দুটাৰ পৰা খুৰী ওলাল আৰু সেই খুৰী দুটাই খেতি দৰা পুৰি দিলে ইয়াকে দেখি পাৰ্ৱতী ভয় খালে আৰু ঘৰলৈ গৈ মনে মনে থাকিল।নিজৰ দোষ স্বীকাৰ কৰি পাৰ্ৱতীয়ে শিৱক পুনৰ খেতি কৰিবলৈ কৰে। পাৰ্ৱতী অনুৰোধত তেওঁ পুনৰ খেতি কৰিলে। সেইবোৰ খেতি বৰ ভাল হল। খেতি কাটিবৰ সময়ত ভীমক পঠিয়াই ধান কটাই আনিলে। সেয়া দেখি ভীমে ভঙুৱা শংকৰে কি খেতি কৰিলে বুলি হাহিব ধৰিলে ভীমৰ মুঠিৰে মাত্ৰ ৩ মুঠি ধান হে হল। পাৰ্বতীয়ে শিৱক খং কৰিলে আৰু পাৰ্ৱতীয়ে খং কৰা দেখি শিৱৰ খং উঠিল খংত শিৱই সকলো ধান জ্বলাই দিলে সাতদিন ধৰি জুই নুনুমুৱাত পাৰ্ৱতীয়ে কোৱাত শিৱই কমণ্ডলুৰ পানীৰে জুই নুমালে যদিও ধানবোৰ আধাপুৰা হল। সেইবাবে আধাপুৰা ধানখিনি আহ্ আৰু একেবাৰে নোপোৰাকৈ থকা ধানখিনিক শালি বুলি কয়।
৪। পাঠটিৰ মাজেদি শিৱৰ লৌকিক ৰূপটো কিদৰে ফুটি ওলাইছে বৰ্ণনা কৰা।
উত্তৰঃ কাব্যপুথি খনত শিৱক খেতিয়কৰূপে, ভীমক গৰখীয়াৰূপে কল্পনা কৰা অসমীয়া লৌকিক সমাজ এখনৰ প্ৰতিচ্ছবিহে কাব্যখনিত প্ৰকাশিত হৈছে। কবিয়ে সমগ্ৰ কাব্যখনিত এক বিমল হাস্যৰসৰ সৃষ্টি কৰি জনসাধাৰণক আনন্দ দিবলৈ প্ৰয়াস কৰিছে।
শিৱৰ ঘৰত ভীম গৰখীয়া হিচাপে আছিল। গৰখীয়া ভীমে বহুত খাইছিল, কিন্তু ভিক্ষা কৰি অনা চাউলেৰে ভীমৰ পেট ভৰাব নোৱাৰিছিল। ভাত দিব নোৱাৰা বাবে ভীমে পাৰ্বতীক টান কথা শুনাইছিল। ভীমৰ টান কথা শুনিব নোৱাৰি পাৰ্ৱতীয়ে শিৱক খেতি কৰিবলৈ কৈছিল। পাৰ্ৱতীৰ কথা মতে তেওঁ বিভিন্ন জনৰ পৰা বীজ সংগ্ৰহ কৰি খেতি কৰিবলৈ ললে। খেতি ভালো হল। শিবই কিন্তু পাৰ্বতীক খেতি চাবলৈ হাক দিলে কিন্তু পাৰ্ৱতীয়ে খেতি চাবলৈ মন কৰি আছিল। সেয়েহে এদিন তেওঁ খেতি চাবলৈ গল। লহপহীয়া খেতি দৰা দেখি পাৰ্বতী আচৰিত হল আৰু মুখৰ পৰা উস্ আস্ দুটা শব্দ ওলাল আৰু সেই শব্দ দুটাৰ পৰা খুৰী ওলাল আৰু সেই খুৰী দুটাই খেতি দৰা পুৰি দিলে ইয়াকে দেখি পাৰ্ৱতী ভয় খালে আৰু ঘৰলৈ গৈ মনে মনে থাকিল।নিজৰ দোষ স্বীকাৰ কৰি পাৰ্ৱতীয়ে শিৱক পুনৰ খেতি কৰিবলৈ কৰে। পাৰ্ৱতী অনুৰোধত তেওঁ পুনৰ খেতি কৰিলে। সেইবোৰ খেতি বৰ ভাল হল। খেতি কাটিবৰ সময়ত ভীমক পঠিয়াই ধান কটাই আনিলে। সেয়া দেখি ভীমে ভঙুৱা শংকৰে কি খেতি কৰিলে বুলি হাহিব ধৰিলে ভীমৰ মুঠিৰে মাত্ৰ ৩ মুঠি ধান হে হল। পাৰ্বতীয়ে শিৱক খং কৰিলে আৰু পাৰ্ৱতীয়ে খং কৰা দেখি শিৱৰ খং উঠিল খংত শিৱই সকলো ধান জ্বলাই দিলে সাতদিন ধৰি জুই নুনুমুৱাত পাৰ্ৱতীয়ে কোৱাত শিৱই কমণ্ডলুৰ পানীৰে জুই নুমালে যদিও ধানবোৰ আধাপুৰা হল। সেইবাবে আধাপুৰা ধানখিনি আহ্ আৰু একেবাৰে নোপোৰাকৈ থকা ধানখিনিক শালি বুলি কয়। এনেদৰে শিৱই কৃষিকাৰ্য আৰম্ভ কৰিছিল।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Answer- Leena Kakati
0 Comments