অধ্যায় ৩
প্ৰিয়তমাৰ চিঠি
👉Download Read Books PDF
👉Short Question Answer
👉MCQs Online Exam
👉Chapter 3 MCQs Answer
👉Paid Answer (Buy Now)
অতি উত্তৰ দিয়াঃ
১/ হেমচন্দ্ৰ গোস্বামীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল ? (২০০৯)
উত্তৰঃ হেমচন্দ্ৰ গোস্বামীয়ে ১৯২০ চনত অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনত সভাপতিত্ব কৰিছিল।
২/ অসমীয়া ছনেটৰ জনক কোন ? (২০১১, ১৪)
উত্তৰঃ হেমচন্দ্ৰ গোস্বামী ।
৩/ হেমচন্দ্ৰ গোস্বামী ৰচিত কবিতা পুথিখনৰ নাম লিখা ।
উত্তৰঃ ফুলৰ চাকি ।
৪/ কোন কেইজন সাহিত্যিকক 'জোনাকীৰ ত্ৰিমূৰ্তি' বুলি কোৱা হৈছিল ।
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বোজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক 'জোনাকীৰ ত্ৰিমূৰ্তি' বুলি কোৱা হৈছিল ।
৫/ অ.ভা.উ.সা সভাৰ সম্পূৰ্ণ নাম কি ?
উত্তৰঃ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা।
৬/ ছনেট কাক বোলে ? অসমীয়া সাহিত্যত কোনে প্ৰথমতে ছনেটৰ সৃষ্টি কৰে ? (২০১০)
উত্তৰঃ একেটি মাত্ৰ ভাব-কল্পনা আৰু অনুভূতি যেতিয়া চৈধ্যশৰীয়া কবিতাৰ মাজেৰে প্ৰকাশ কৰা হয় তেতিয়া তাক ছনেট বোলে। ইটালীৰ কবি পেৰ্ট্ৰাক এইবিধ কবিতাৰ স্ৰষ্টা।
অসমীয়া সাহিত্যত প্ৰথমতে হেমচন্দ্ৰ গোস্বামীয়ে ছনেটৰ সৃষ্টি কৰে।
প্ৰশ্নাৱলীঃ
১। 'প্ৰিয়তমাৰ চিঠি' কোন শ্ৰেণীৰ কবিতা? তাৰ এটি চমু পৰিচয় দিয়া।
উত্তৰঃ 'প্ৰিয়তমাৰ চিঠি' কবিতাটো এটা চতুৰ্দশপদী কবিতা। ই এটা অসমীয়া ছনেট। ভাবাদৰ্শৰ ফালৰ পৰা কবিতাটো এটা ৰোমান্তিক কবিতা।
ছনেট হল চৈধ্যটা চৰণত সম্পূৰ্ণ হোৱা কবিতা। বিষয় আৰু ভাবৰ ঐক্য ইয়াৰ মূল কথা। ইয়াৰ চৈধ্যতা শাৰীৰ প্ৰথম আঠটাক অষ্টক আৰু পিছৰ ছটা শাৰীক ষটক বুলি কোৱা হয়। এটা ছনেটৰ এটা বিষয়ৰহে অৱতাৰণা কৰা হয় আৰু বিষয়টো সম্পূৰ্ণকৈ প্ৰকাশ কৰা হয়। ইচো চৰণৰ লগত সিটোৰ অন্তমিল থাকিব লাগিব। সামৰণিত চৰণত ভাৱৰ পূৰ্ণতা অতৰ্কিতে ফূতি উঠিব লাগিব।
২/ 'প্ৰিয়তমাৰ চিঠি' কবিতাটোৰ সাৰাংশ লিখা।
উত্তৰঃ প্ৰিয়তমাৰ চিঠি কবিটাতোৰ মাজেৰে ৰোমান্তিক ভাৱ প্ৰকাশ হৈছে। প্ৰিয়তমাৰ চিঠিখন কবিৰ বাবে ইমানেই সুন্দৰ যে তেওঁ প্ৰকৃতিৰ সাজ ঘৰত চকু ফুৰায়ো প্ৰিয়তমাৰ চিঠিৰ মাজত থকা সৌন্দৰ্য বিছাৰি পোৱা নাই। তেওঁৰ প্ৰিয়তমাৰ চিঠিৰ আখৰ কুকুৰঠেঙীয়া। কিন্তু সেই আখৰ কেইটিতে যেন সংসাৰৰ সকলো অমিয়া ঘহাঁ আছে।
এই পৃথিৱীত বহু সুন্দৰ সুন্দৰ ফুল ফুলে আৰু সময় হলে সৰিও পৰে। সুন্দৰ সেউজীয়া বননিও শুকাই যায়। বসন্তৰ কুহিঁপাতো ৰদত লেৰেলি যায়, কিন্তু প্ৰিয়তমাৰ চিঠিত এনে মোহিনী শক্তি আছে যি কোনো দিনেই বাহী নহয়। সদায় যেন নতুন ফুলেৰে সুশোভিত হয়। যিমানেই গোন্ধ লোৱা যায়, যিমানেই চুমা খোৱা যায়, সিমানেই সি হৃদয়ত হেপাঁহ জগাই তোলে, কোনোকালেই আমনি নালাগে।
৩। প্ৰসঙ্গ-সঙ্গতি দৰ্শাই ব্যাখ্যা কৰাঃ
(ক) তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত,
কবিতাৰ কাব্যে তাৰ গোন্ধকো নাপায়। (২০১২,১৫)
উত্তৰঃ উক্ত কথাফাকি আমাৰ পাঠ্যপুঠি 'অসমীয়া উচ্চতৰ সাহিত্য সংকলন'ত সানিবিষ্ট হেমচন্দ্ৰ গোস্বামীৰ 'প্ৰিয়তমাৰ চিঠি' নীামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
কবিয়ে কৈছে যে কবিতা কাননত যিমানেই কবিতা ফুলি নুঠক কিয়। যিমানেই মলয়ত উটি ফুৰি পৃথিৱীত খলক নলগাওঁক কিয়, তেওঁৰ প্ৰিয়তমাৰ চিঠিৰ লগত তাক তুলনাই কৰিব নোৱাৰি। কাৰণ প্ৰিয়তমাৰ চিঠিৰ মাজত যি গীত আছে, বলেগ কবিতাৰ কাব্যগুণে তাক গোন্ধই নাপায়।
আচলতে কবিতাৰ মূল গুণ হল তাৰ ভিতৰত থকা কাব্য। কিন্তু কবিয়ে কৈছে যে এই সংগীত বা কাব্য গুণ তেওঁৰ প্ৰিয়তমাৰ চিঠিৰ তুলনাত একোৱেই নহয়। কাৰণ তেওঁৰ প্ৰিয়তমাৰ চিঠিত যি কাব্যিকতা আছে বা যি গীতিময়তা আছে, অইন কবিতাবোৰে তেনে গীতিময়তা গোন্ধকে পাব নোৱাৰে।
(খ) "কুকুৰ ঠেঙ্গীয়া এই আখৰকিটিত
যি অমিয়া ঘঁহা আছে, ক'তো আৰু নাই ।" (২০১১,১৬,১৮)
উত্তৰঃ প্ৰসংগঃ- উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত হেমচন্দ্ৰ গোস্বামী দ্বাৰা ৰচিত 'প্ৰিয়তমাৰ চিঠি' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ- কবিয়ে প্ৰিয়তমাৰ পৰা পোৱা চিঠিখনৰ সৌন্দৰ্য আৰু আকৰ্যণীয়তাৰ বৰ্ণনা দিবলৈ গৈ এই কবিতা ফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যাঃ- প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰতি থকা গভীৰ আকৰ্ষণ কবিতাফাকিৰ মাজেৰে ফুটি উঠিছে। কবি সৌন্দৰ্যপ্ৰয়াসী। জগতৰ সৌন্দৰ্য আৰু প্ৰকৃতি অনাবিল ৰূপে কবিক আকৰ্ষণ কৰে। সেই কাৰণে প্ৰকৃতিৰ বুকুত কবিয়ে সৌন্দৰ্য সন্ধান কৰি ফুৰিছে। কিন্তু প্ৰিয়তমাৰ পৰা লাভ কৰা কুকুৰঠেঙ্গীয়া আখৰৰ চিঠিখনৰ মাজত কবিয়ে যি আকৰ্ষণ আৰু মধুৰতা বিচাৰি পাইছে সেয়া আন কতো পোৱা নাই। প্ৰকৃতিৰ বুকুত পোৱা জাগতিক আকৰ্ষণতকৈ চিঠিৰ জৰিয়তে লাভ কৰা প্ৰিয়তমাৰ অন্তৰৰ স্বৰ্গীয় মৰমৰ আকৰ্ষণ কবিয়ে বেছি অনুভৱ কৰিছে।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Answer- Leena Kakati