Paid Answer (Only 50 Rupees All Chapter)

STEP--1


STEP--2

  বৰ্ষা বৰ্ণন

    👉Download Read Book PDF
    👉Short Question Answer
    👉MCQs Online Exam
    👉Chapter 1 MCQs Answer
    👉Paid Answer          (Buy Now)

অতি চমু উত্তৰ দিয়া--

(ক) শুকমুনি কাৰ পুত্ৰ ?    (২০০৮)

উত্তৰঃ ব্যাসদেৱৰ।

(খ) "যান্ত কৃষ্ণে গোষ্ঠক আগত ধেনু লৈ ।---"গোষ্ঠক শব্দই কি বুজাইছে ?   (২০০৯)

উত্তৰঃ গোষ্ঠক শব্দই গৰু ম'হৰ খুঁটিক বুজাইছে ।

(গ) 'কৰিলে গুৱালী পলুৰংগা থানেথান' । পলুৰংগা মানে কি?   (২০১০)

উত্তৰঃ পলুৰংগা মানে কেঁচুমাটি বা কণ কণ মাটিৰ দ'ম।

(ঘ) 'বৰ্ষা বৰ্ণন' কাব্যাশ কোনখন মূল পুথিৰ পৰা অনা হৈছে ?  (২০১১, ১৪)

উত্তৰঃ বৰ্ষা বৰ্ণন কাব্যাংশ দশম স্কন্ধ ভাগৱতৰ পৰা অনা হৈছে । 

(ঙ) 'বৰ্ষা বৰ্ণন' কবিতাটিৰ উৎস গ্ৰন্থ কি ?  এই কবিতাটিৰ কবিজনৰ এখন কাব্যগ্ৰন্থৰ নাম লিখা।  (২০১৩)

উত্তৰঃ  'বর্ষা বর্ণন' কবিতাৰ উৎস গ্রন্থ হ'ল- দশম স্কন্ধ ভাগৱত। এই কবিতাটিৰ কবি শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত এখন কাব্যগ্রন্থৰ নাম হ'ল— 'ৰুক্মিণী হৰণ কাব্য।

(চ) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কি ?  

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কীৰ্তন ঘোষা।

(ছ) শুকমুনিয়ে কাৰ আগত বৰ্ষাকালৰ কথা বৰ্ণনা কৰিছিল ?

উত্তৰঃ শুকমুনিয়ে পৰীক্ষিত ৰজাৰ আগত বৰ্ষাকালৰ কথা বৰ্ণনা কৰিছিল।


প্ৰশ্নাৱলীঃ

১। 'বৰ্ষা বৰ্ণন' কবিতাটিৰ মাজেৰে বৰ্ষা কালৰ বৰ্ণনা কেনে ধৰণেৰে দিয়া হৈছে?   (২০১৯, ২০১২, ২০১৩, ২০১৫,)

উত্তৰঃ গ্ৰীষ্ম ঋতুৰ অন্ত পৰাৰ লগে লগে বৰ্ষা-ঋতুৰ আগমন ঘটিল। গ্ৰীষ্মৰ তাপত দেই পুৰি যোৱা বসুমতি আৰু গছ-গছনিবোৰ বৰ্ষা ঋতুৰ আগমনত পুনৰ  জীপাল হৈ পৰিল। বৰ্ষা ঋতু আকাশক বিভিন্ন ৰঙেৰে ৰঞ্জিত সূৰ্যই বিবিধ মণ্ডলৰ সৃষ্টি কৰিছে। মেঘৰ মাজে মাজে সূৰ্যৰ ৰশ্মিয়ে আকাশত চিকমিক কৰি উজলি উঠিছে। কলা মেঘৰ বুকুত বিজুলিৰ চমকনি বিচ্চুৰিত হৈ মেঘৰ গভীৰতা বাৰুকৈয়ে বঢ়াইছে। অইন মাত-বোল শুনি নোপোৱাকৈ অতি জোৰেৰে বতাহ বলিবলৈ ধৰিলে। বতাহৰ হো-হোৱনিয়ে ধৰিত্ৰীৰ বুকুত চঞ্চলতা আনি দিয়াৰ লগে লগে মেঘেও বৰষুণ দিবলৈ ধৰিলে। খাল-বাম একাকাৰ কৰি বৰ্ষা ঋতুৰ পয়োভৰ মিলিল। বাৰিষাৰ এনে আনন্দ সুখৰ পৰিৱেশত জলজ, স্থলজ সকলো পৰাণীয়ে আনন্দত আত্মহাৰা হৈ পৰিল। প্ৰকৃতি ৰাণীয়ে এটা নতুন ৰূপ পালে। পানী পাই ভেকুলীবোৰেও টোৰটোৰাবলৈ ধৰেলি। কবিৰ দৃষ্টিত সামান্য বস্তু একোটাও সজীৱ হৈ উঠিছে। বাৰিষা বৰষুণত পূৰ্ণ হৈ নদ-নদী বাটে-অবাটে গতি কৰি গতি কৰি মহাসমুদ্ৰৰ বুকুত মিলি পৰিছে আৰু সাগৰেও ভয়ংকৰ শব্দৰে ঢৌৰ সৃষ্টি কৰিছে। বৰষাৰ আগমনে শস্য পথাৰ নদন-বদন কৰি তুলিছে আৰু পশু-পক্ষী সমন্বিতেপ্ৰকৃতি ৰাণীয়েও আনন্দত নাচি-বাগি বাৰিষাৰ কান্তিকেই জুমি চাইছে। গোপবালকসকলৰ কোনোবাই পানীৰ যুঁৱলিৰ শিলত বহি আনন্দ মনেৰে দধিভাত খাইছে। মুঠতে বৰ্ষাকালত পৃথিৱীখনে যে পৰিপুষ্টি লাভ কৰিছে, সেই কথাকেই দাঙি ধৰা হৈছে আৰু বৰ্ষাকালৰ এনে ৰূপ দেখি শ্ৰীকৃষ্ণই বৰ্ষাকালক পৰোপকাৰী বুলি প্ৰশংসা কৰিছে।

    এনেদৰেই 'বৰ্ষা বৰ্ণন' কবিতাটিৰ মাজেৰে বৰ্ষাকালৰ পৃথিৱীখনৰ পৰিপুষ্ট নতুন ৰূপৰ কথা আৰু সেই নতুন ৰূপৰ সৈতে সংগতি ৰাখি বৰ্ষা কালৰ বৰ্ণনা দিয়া হৈছে।

 ২। বৰ্ষা কালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তি ধৰ্মৰ তাত্ত্বিক কথাবোৰ কিদৰে বৰ্ণনা কৰিছে?    (২০০৭, ১১, ১৪, ১৬, ১৭,)

উত্তৰঃ 'বৰ্ষা বৰ্ণন' পাঠটি শংকৰদেৱৰ ভাগৱতৰ 'দশম স্কন্ধ'ৰ পৰা উদ্ধৃত। পাঠটিত কবি শংকৰদেৱে গ্ৰীষ্ম ঋতুৰ পিছত সমাগত বৰ্ষা ঋতুৰ এটি স্বাভাৱিক আৰু মনোমোহা বৰ্ণনা দাঙি ধৰিছে। শংকৰদেৱৰ ৰচনাসমূহৰ মূল উদ্দেশ্যই আছিল ভক্তিধৰ্ম প্ৰচাৰ কৰা। আমাৰ পাঠ্য 'বৰ্ষা বৰ্ণন' পাঠটিও ইয়াৰ ব্যতিক্ৰম নহয়। শংকৰদেৱে বৰ্ষা ঋতুৰ বৰ্ণনাৰ প্ৰসংগত মূৰ্তভাবক বুজাবলৈ অমূৰ্ত আববিশিষ্ট ৰূপকৰ সহায় লোৱা দেখিবলৈ পোৱা যায়। এনেদৰে ঋতু পৰিৱৰ্তনৰ স্বাভাৱিক বৰ্ণনাৰ মাজেৰে কবিয়ে ভক্তি ধৰ্মৰ তাত্বিক কথা ব্যাখ্যা কৰি গৈছে।

    বৰ্ষা ঋতুত আকাশত কোনো গ্ৰহ-নক্ষত্ৰ দেখা নাযায়।এইখিনিতে কবিয়ে ভক্তি ধৰ্মৰ তাত্বিক কথা উনুকিয়াইছে । কবিয়ে মেঘক জীৱৰ সৈতে তুলনা কৰিছে।

    পৰমাত্মাই 'অহংব্ৰহ্ম' বা 'মইয়েই সকলো' এই অহংভাৱেই জাগতিক সত্বাৰ মাজেৰে প্ৰকাশ পায়। অহংকাৰেই পৰমব্ৰহ্মৰ আত্মপ্ৰকাশৰ মূল। কিন্তু ভগৱানে কৰা কাৰণেই যদি জীৱইও অহংকাৰ কৰিবলৈ যায় তেন্তে সেই জীৱৰ পতন নিশ্চিত। অহংকাৰে জীৱৰ আত্মাৰ জ্যোতি ম্লান কৰে। সেই হেতু জীৱাত্মাবিলাক মেঘে ঢকা চন্দ্ৰৰ দৰে।

    বৰ্ষা ঋতুৰ আকাশত ৰামধেনুই অতুলনীয় সৌন্দৰ্যৰ সৃষ্টি কৰে। কিন্তু চাবলৈ গলে ৰামধেনুৰ নিজৰ কোনো অস্তিত্ব নাই। ঠিক একেদৰে নিৰাকাৰ ভগৱানৰো নিজস্ব গুণ নাই। কিন্তু সকলো পদাৰ্থতে তেওঁ বিদ্যামান। এই বিশ্ব-ব্ৰহ্মাণুখন থকা বাবে নিৰাকাৰ ভগৱানৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি। পানীয়ে প্ৰাত্ৰানুসৰি আকৃতি গ্ৰহণ কৰাৰ দৰে নিৰ্গুণ নিৰাকাৰ ভগৱানেও জগতৰ প্ৰতিটো সত্বাৰ মাজেৰে নিদিৰ্ষ্ট ৰূপ পৰিগ্ৰহণ কৰে। সেয়েহে ভগৱান নিৰ্গুণ হৈও গুণবান।

    এনেদৰে 'বৰ্ষা বৰ্ণন' পাঠটিৰ শংকৰদেৱে বৰ্ষা ঋতুৰ স্বাভাৱিক অথচ মনোমোহা বৰ্ণনাৰ মাজেৰে ভক্তি ধৰ্মৰ তাত্বিক কথা ব্যাখ্যা কৰিছে।


৩। 'বৰ্ষা বৰ্ণন' কবিতাত থকা দুটা উপমাৰ ভিতৰুৱা ভাৱ বুজাই লিখা।   (২০০৯)

উত্তৰঃ 'বৰ্ষা বৰ্ণন' কবিতাত থকা দুটা উপমাৰ ভিতৰুৱা ভাৱ তলত উল্লেখ কৰা হ'ল---

(ক) "যদ্যপি মূষলধাৰে মেঘে বৰষিল।

তথাপি পূব্বতে পীড়া কিছো নজানিল।।

যিজনৰ মন ভৈল কৃষ্ণত প্ৰৱেশ।

তাক যেন লঙ্ঘিবে নপাৰে দুখক্লেশ।।

    ইয়াৰ অন্তনিৰ্হিত অৰ্থ এই যে মূষলধাৰে হোৱা বৰষুণেও পৰ্বতৰ একো অনিষ্ট কৰিব নোৱাৰে। ঠিক একেদৰে ভক্তিধৰ্মত একান্ত মনে মজি থকা লোকসকলৰ বাস্তৱ জীৱনৰ যন্ত্ৰণাই একো ক্ষতি কৰিব নোৱাৰে।

(খ)  "চন্দ্ৰজ্যোতি প্ৰকাশিত যিটো মেঘগণ।

নজ্বলন্ত চন্দ্ৰ সেহি মেঘে হুয়া ছন্ন।।

যেন যিটো চৈত্যন্যে প্ৰকাশে অহংকাৰ।

সেহি অহংকাৰে ঢাকে জ্যোতি জীৱাত্মাৰ।।

            ----- ইয়াত কবিয়ে মেঘক জীৱৰ লগত তুলনা কৰিছে। ক্ষণভংগুৰ জীৱনত যিদৰে জীৱ নিজ শৰীৰতে বিলোপ হয়। তেনেকৈ মেঘৰ মাজতো যেন গ্ৰহ-নক্ষত্ৰবোৰো বিলোপ হৈ পৰে। অৰ্থাৎ পৰমাত্মাৰ একোটা ক্ষুদ্ৰ অংশ হল জীৱবিলাক। পৰমাত্মাই 'অহংব্ৰহ্ম' । এই অহংভাৱেই জাগতিক সত্বাৰ মাজেৰে প্ৰকাশ পায়। অহংকাৰে জীৱৰ আত্মাৰ জ্যোতি ম্লান কৰে। সেইবাবে জীৱাত্মাক মেঘে ঢকা চন্দ্ৰ-সূৰ্যৰ লগত তুলনা কৰিছে। 

৪। প্ৰসঙ্গ-সঙ্গতি দেখুৱাই ব্যাখ্যা কৰাঃ

    (ক) বহৱৈ বিপথে আতি ক্ষুদ্ৰ নদী যত।

            কৰৈ অকাৰ্য্যক যেন ধনৰ গৰ্ব্বত।।

উত্তৰঃ বহৱৈ বিপথে অতি ক্ষুদ্ৰ নদী য'ত।

                    কৰৈ অকাৰ্য্যক যেন ধনৰ গৰ্ব্বত।।

 প্ৰসংগঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া উচ্চতৰ সাহিত্য সংকলনৰ অন্তৰ্গত মহাপুৰুষ শংকৰদেৱে ৰচিত 'বৰ্ষা বৰ্ণন' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ বাৰিষাকালৰ সময়ত সৰু সৰু নৈবোৰেও পানীৰে ওপচি পৰি পাৰ ভাঙি যাত্ৰা কৰাৰ কথা কোৱাৰ প্ৰসংগত উক্ত কথাফাকি কৈছে। ঠিক ধনৰ গৰ্বত অকাৰ্য কৰাৰ দৰে, বাৰিষাৰ নদীয়েও অকাৰ্য সাধন কৰে।

ব্যাখ্যাঃ বাৰিষাকালত তীব্ৰ বৰষুণ দি থকাৰ ফলত নদীবোৰ পানীৰে ওপচি পৰে। আনকি সৰু-সৰু নদীবোৰো পানী সম্পূৰ্ণ হৈ পৰে আৰু পাৰ ভাঙি ইফালে-সিফালে ব'বলৈ ধৰে। কবিয়ে বৰ্ষাকালৰ পানীৰে ওপচি পৰা নদীৰ ছবিখন স্পষ্ট কৰিবলৈ যাওঁতে ধনৰ গৰ্বত অকাৰ্য কৰিবলৈ কুন্ঠাবোধ নকৰা মানুহৰ কথা দাঙি ধৰিছে। যিদৰে মানুহে ধনৰ ধনৰ গৰ্বত যিকোনো অন্যায় কৰিবলৈ আগবাঢ়ে, ঠিক সেইদৰে বাৰিষাকালত সৰু সৰু নদীবোৰে পাৰ ভাঙি চাৰিওফালে গতি কৰে। ভাগৱতৰ মহাপুৰুষ শংকৰদেৱে এই কামৰ যোগেদি ধনৰ গৰ্ব বা বিষয়-বাসনাৰ বাবে মানুহক অহংকাৰ নকৰিবলৈ আহবান জনাইছে।     

    (খ) যদ্যাপি মূষলধাৰে মেঘে বৰষিল।

            তথাপি পৰ্ব্বতে পীড়া কিছো নজানিল।।

            যিজনৰ মন ভৈল কৃষ্ণত প্ৰৱেশ।

            তাক যেন লঙ্ঘিবে নপাৰে দুখক্লেশ।।

উত্তৰঃ যদ্যাপি মূষলধাৰে মেঘে বৰষিল।

                তথাপি পৰ্ব্বতে পীড়া কিছো নজানিল।।

                    যিজনৰ মন ভৈল কৃৃষ্ণত প্ৰৱেশ।

                                তাক যেন লঙ্ঘিবে নপাৰে দুখক্লেশ।।

 প্ৰসংগঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া উচ্চতৰ সাহিত্য সংকলনৰ অন্তৰ্গত মহাপুৰুষ শংকৰদেৱে ৰচিত 'বৰ্ষা বৰ্ণন' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ যিদৰে মূষলধাৰে অহা বৰষুণে পৰ্বতক লৰচৰ কৰিব নোৱাৰাৰ দৰেই কৃষ্ণ মন-প্ৰাণত প্ৰৱেশ কৰাজনকো সংসাৰৰ দুখে জৰ্জৰিত কৰিব নোৱাৰে; এই কথষাৰৰ প্ৰসংগতে উদ্ধৃত কবিতাংশ অৱতাৰণা কৰিছে।

ব্যাখ্যাঃ বাৰিষা ঋতুৰ সময়ত বৰষুণ পানীয়ে চাৰিওফালৰ অঞ্চলবোৰ পানীৰে বুৰাই পেলাই আৰু নদীবোৰ পানীৰে পৰিপূৰ্ণ হৈ পৰে। নদ-নদীবোৰৰ পানী সাগৰলৈ গতি কৰে আৰু সাগৰৰ লগত মিলিত হৈ ভয়কৰ ঢৌৰ সৃষ্টি কৰে। যোগী, তপস্বীসকলক দুখ, যন্ত্ৰণাই গ্ৰাস কৰিব নোৱাৰে; কিন্তু বিষয়-বাসনাত মগ্ন হোৱাৰ পিছত পুনৰ দুখে আৱৰি ধৰে।  যিদৰে বাৰিষাৰ সময়ত মূষলধাৰে বৰষুণ দিলেও সেই বৰষুণে পৰ্বতৰ একো অনিষ্ট কৰিব নোৱাৰে। ঠিক সেইদৰে যিজনৰ মন কৃষ্ণত নিবিষ্ট হৈ পৰে, সেইসকল লোকক সংসাৰৰ দুখ-যন্ত্ৰণাই মষিমূৰ কৰিব নোৱাৰে। কৃষ্ণ ভক্ত লোকসকল যে অতিশয়, ধীৰ-স্থিৰ, পৰ্বতৰ নিচিনা গম্ভীৰ তাকেই ক'বলৈ গৈ কবিয়ে মূষলধাৰে হোৱা বৰষুণে পৰ্বতক লৰচৰ কৰিব নোৱাৰাৰ কথা দাঙি ধৰিছে।

    (গ) পঞ্চবৰ্ণে ৰঞ্জিত নিৰ্গুণ ইন্দ্ৰধনু।

            গুণৱন্ত মেঘত প্ৰকাশে  পুনু পুনু।।

            যেন তিনি গুণময় জগত যতেক।

            নিৰ্গুণ পুৰুষ তাত প্ৰকাশৈ প্ৰত্যেক।।


উত্তৰঃ পঞ্চবৰ্ণে ৰঞ্জিত নিৰ্গুণ ইন্দ্ৰধনু।

                গুণৱন্ত মেঘত প্ৰকশে পুনু পুনু।।

                    যেন তিনি গুণময় জগত যতেক ।

                        নিৰ্গুণ পুৰুষ তাত প্ৰকাশৈ প্ৰত্যেক।।

 প্ৰসংগঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া উচ্চতৰ সাহিত্য সংকলনৰ অন্তৰ্গত মহাপুৰুষ শংকৰদেৱে ৰচিত 'বৰ্ষা বৰ্ণন' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ কবিয়ে বৰ্ষাকালত প্ৰাচুৰ্যময় প্ৰকৃতিৰ বৰ্ণনা দিবলৈ গৈ আধ্যত্মিক তত্ব দাঙি ধৰিছে। ৰামধেনু আৰু পৰমব্ৰহ্মৰ নিজৰ গুণ নাই। পামীয়ে পাত্ৰানুসৰি আকৃতি গ্ৰহণ কৰাৰ দৰে পৰমব্ৰহ্মইও জগতৰ প্ৰতিটো সত্বাৰ মাজেৰে নিৰ্দিষ্ট ৰূপ ধাৰণ কৰে তাকেই কোৱাৰ প্ৰসংগত উক্ত কথাফাঁকি আৱতাৰণা কৰিছে।

ব্যাখ্যাঃ মেঘে ঢাকি ধৰা আকাশৰ কিৰণে নানা ৰঙৰ ফাকু খেলে। বৰষুণৰ আগত বা বৰষুণৰ ক্ষন্তেক পিছত মেঘৰ কণিকাৰ আলম লৈয়ে সোণালী কিৰণে ৰূপত অতুলনীয় ৰামধেনুৰ সৃষ্টি কৰে। আচলতে ৰামধেনুৰ স্বকীয় অস্তিত্ব নাই। তেওঁৰো নিজস্ব গুণ নাই। অথচ সকলো পদাৰ্থতে তেওঁ বিদ্যামান।  আমাৰ জগতখন সত্বঃ ৰজঃ আৰু তমঃ এই তিনি গুণৰ অধিকাৰী। ভগৱানৰ নিৰ্দিষ্ট গুণ নাই; তথাপি তেওঁ কল্পতৰু। যিয়ে যিদৰে ভাৱে সেইদৰে আকাৰ লাভ কৰে।


                               Additional question and previous paper solve

চমু প্ৰশ্ন উত্তৰ

1. "গ্রীষ্মত আছিল শুখাই ৰৌদ্রতাপ সহি”- কোনে ৰৌদ্রতাপ সহিছিল? [HS'99]

উত্তৰঃ "গ্রীষ্মকালত ৰ'দৰ তাপত শুকান হৈছিল" বাক্যাংশত "শুকান" শব্দটোৰ অৰ্থ হৈছে "শুকান" বা "শুকান অৱস্থাত" ইয়াৰ দ্বাৰা গ্ৰীষ্মকালত শুকান আৰু ৰ'দৰ তাপ সহ্য কৰা মানুহ বা প্ৰাণীক বুজোৱা হয় . গতিকে এই বাক্যটোৱে প্ৰায়ে সূৰ্য্যৰ তাপ সহ্য কৰিবলৈ মানুহ বা প্ৰাণীক বুজায়।


২। শ্ৰীমন্ত শঙ্কৰদেৱৰ 'বর্ষা বৰ্ণন' কবিতাংশ ভাগৱতৰ কোনটো স্কন্ধত পোৱা যায়?[HS 2000,02]

উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱৰ 'বর্ষা বৰ্ণন' কবিতাংশ ভাগৱতৰ প্রথম স্কন্ধত পোৱা যায়। এই কবিতাত বৰ্ষাৰ সৌন্দৰ্য্য আৰু প্ৰাকৃতিক চিত্র ৰূপায়িত হৈছে।


3.'কৰিলে গুৱালী পলুৰঙ্গা থানে থান'- ইয়াত 'পলুৰঙ্গা' শব্দই কি অৰ্থ প্ৰকাশ কৰিছে, লিখা।[HS' 04' 10]

উত্তৰঃ ইয়াত পলুৰঙ্গা শব্দই বাৰিষা কালত সৃষ্টি হোৱা কণ কণ মাটিৰ দম বা কেঁচুমটা অৰ্থত ব্যৱহাৰ হৈছে ।

4. শ্ৰীশংকৰদেৱ কোন যুগৰ কবি? [HS'04]

উত্তৰঃ শংকৰদেৱ শংকৰী যুগৰ কবি।

5. 'যান্ত কৃষ্ণে গোষ্ঠক আগত ধেনু লৈ'- ইয়াত 'গোষ্ঠ' কি অৰ্থত ব্য়ৱহাৰ হৈছে? [HS'2000,'09]
 
উত্তৰঃ "যান্ত কৃষ্ণে গোষ্ঠক আগত ধেনু লৈ" বাক্যাংশত "গোষ্ঠ" শব্দটোৱে গো-গোহালি বা ভঁৰালৰ লগত জড়িত গৰুৰ ঘৰত থকা পকা গৰুক বুজায়। ইয়াত কৃষ্ণই মেৰপালক আৰু বগা গৰুৰ জাকক বুজাইছে, যিয়ে কৃষ্ণৰ গোপালকৰ উপমা উপস্থাপন কৰে। গতিকে "জাক" মানে গৰুৰ জাক বা গৰুৰ সমষ্টি।

6. শুকমনি কাৰ পুত্ৰ আছিল? [HS'08]

উত্তৰঃ শুকমনি ব্য়াসদেৱৰ পুত্ৰ আছিল।

7. 'বৰ্ষা বৰ্ণন' কাব্য়াংশ কোনখন মূল পুথিৰ পৰা অনা হৈছে? [HS'11]

উত্তৰঃ 'বৰ্ষা বৰ্ণন' কাব্যাংশটো ভাগৱতৰ দশম স্কন্ধৰ পৰা অনা হৈছে।

8. শ্ৰীমন্ত শংকৰদেৱৰ নাম-প্ৰসংগমূলক গ্ৰন্থ এখনৰ নাম লিখা। [HS'14]

উত্তৰঃ  শ্ৰীমন্ত শংকৰদেৱৰ নাম-প্ৰসংগমূলক গ্ৰন্থ এখনৰ নাম "গুণমালা"। 

9. শ্ৰীমন্ত শংকৰদেৱ এখন কাব্য়ৰ নাম লিখা। [HS'16]

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ বিখ্যাত কাব্য়ৰ নাম "ৰাজসূয় কাব্য়" ।


10. মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কি? [HS'17]

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা শ্ৰেষ্ঠ গ্ৰন্থখন হৈছে "কীৰ্ত্তন ঘোষা" ।

11. শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ডৰ ভাঙনি কৰিছিল? [HS'18]

উত্তৰঃ শংকৰদেৱে ৰামায়ণৰ "উত্তৰাকাণ্ড"ৰ ভাঙনি কৰিছিল।

(খ) 

১. প্ৰসংগ সংগতি দৰ্শাই ব্য়াখ্য়া কৰাঃ [HS 2000,08]

ক) বহৱৈ বিপথে অতি ক্ষুদ্ৰ নগী যত।
       কৰে অকাৰ্যক যেন ধনৰ গৰ্বত।।

উত্তৰঃ 

        প্ৰসংগঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া উচ্চতৰ সাহিত্য সংকলনৰ অন্তৰ্গত মহাপুৰুষ শংকৰদেৱে ৰচিত 'বৰ্ষা বৰ্ণন' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ বাৰিষাকালৰ সময়ত সৰু সৰু নৈবোৰেও পানীৰে ওপচি পৰি পাৰ ভাঙি যাত্ৰা কৰাৰ কথা কোৱাৰ প্ৰসংগত উক্ত কথাফাকি কৈছে। ঠিক ধনৰ গৰ্বত অকাৰ্য কৰাৰ দৰে, বাৰিষাৰ নদীয়েও অকাৰ্য সাধন কৰে।

ব্যাখ্যাঃ বাৰিষাকালত তীব্ৰ বৰষুণ দি থকাৰ ফলত নদীবোৰ পানীৰে ওপচি পৰে। আনকি সৰু-সৰু নদীবোৰো পানী সম্পূৰ্ণ হৈ পৰে আৰু পাৰ ভাঙি ইফালে-সিফালে ব'বলৈ ধৰে। কবিয়ে বৰ্ষাকালৰ পানীৰে ওপচি পৰা নদীৰ ছবিখন স্পষ্ট কৰিবলৈ যাওঁতে ধনৰ গৰ্বত অকাৰ্য কৰিবলৈ কুন্ঠাবোধ নকৰা মানুহৰ কথা দাঙি ধৰিছে। যিদৰে মানুহে ধনৰ ধনৰ গৰ্বত যিকোনো অন্যায় কৰিবলৈ আগবাঢ়ে, ঠিক সেইদৰে বাৰিষাকালত সৰু সৰু নদীবোৰে পাৰ ভাঙি চাৰিওফালে গতি কৰে। ভাগৱতৰ মহাপুৰুষ শংকৰদেৱে এই কামৰ যোগেদি ধনৰ গৰ্ব বা বিষয়-বাসনাৰ বাবে মানুহক অহংকাৰ নকৰিবলৈ আহবান জনাইছে।  


খ) আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ সত্ত্ব। 
         দুনাই সূৰ্য্য় এৰি দেন্ত বাৰিষা কালত।।  [HS'02]

উত্তৰঃ 
             প্ৰসংগ-  উক্ত কবিতাফাকি আমাৰ পাঠ্য়পুথিৰ অন্তৰ্গত শ্ৰীমন্তশংকৰদেৱৰ দ্বাৰাৰচিত 'বৰ্ষা বৰ্ণন' পাঠটোৰ পৰা লোৱা হৈছে।

সংগতি- শংকৰদেৱৰ ভাগৱতৰ দশম স্কন্ধত অন্তৰ্গত ‘বৰ্ষা বৰ্ণন’ কবিতাৰ উল্লেখিত পাদ্যাংশত বাৰিষাৰ প্ৰকৃতিৰ পৰিৱৰ্তনৰ কাৰণ দৰ্শোৱা হৈছে। এই কবিতাত এক প্ৰকাৰৰ নৈসৰ্গিক তথা ভৌগোলিক তাৎপৰ্য সূচাইছে।

ব্য়াখ্য়া- এই কবিতাৰ স্তৱকটো মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা ৰচিত। শংকৰদেৱৰ ভাগৱতৰ দশম স্কন্ধত অন্তৰ্গত ‘বৰ্ষা বৰ্ণন’ কবিতাৰ উল্লেখিত পাদ্যাংশত বাৰিষাৰ প্ৰকৃতিৰ পৰিৱৰ্তনৰ কাৰণ দৰ্শোৱা হৈছে। এই কবিতাত এক প্ৰকাৰৰ নৈসৰ্গিক তথা ভৌগোলিক তাৎপৰ্য সূচাইছে।

     আচলতে, বাৰিষাকাল বুজোৱা মানে গ্ৰীষ্ম আৰু বৰ্ষা ঋতুৰ কথা উল্লেখ কৰা হয়। গ্ৰীষ্মৰ বাবে জেঠ, আহাৰ আৰু বৰ্ষাৰ বাবে শাওন, ভাদ উল্লেখ কৰা হয়। এই চাৰি মাহ বাদ দিলে, অন্যান্য ঋতু যেনে: শৰৎ, হেমন্ত, শীত, আৰু বসন্তকাল অন্তৰ্ভুক্ত। এই ঋতুসমূহৰ অন্তৰ্ভুক্ত মাহবোৰ হৈছে আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ’ত, আৰু ব’হাগ। কিছুমান লোকে ব’হাগ-জেঠক গ্ৰীষ্মকাল বুলি উল্লেখ কৰে।

বৰষুণ আৰু বানপানীৰ কথা চিন্তা কৰিলে, জেঠ, আহাৰ, শাওন, আৰু ভাদই প্ৰকৃততে গ্ৰীষ্ম আৰু বৰ্ষা বুজোৱা হয়। এই আঠ মাহৰ সময়ত সূৰ্যই পৃথিৱীৰ ভূমি পৃষ্ঠৰ পৰা জলীয় ভাগ আহৰণ কৰে। আনহাতে, পুনৰ সূৰ্যই আহৰণ কৰা জলীয় ভাপ বৰ্ষাকালত পৃথিৱীয়েএৰি দিয়েঅৰ্থাৎ বৰষুণৰূপে সিঁচি দিয়ে।  

গ) যদ্য়াপি মূষলধাৰে মেঘে বৰষিল।

        তথাপি পৰ্বতে পীড়া কিছো নজানিল।। [HS'04]

উত্তৰঃ 
প্ৰসংগঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া উচ্চতৰ সাহিত্য সংকলনৰ অন্তৰ্গত মহাপুৰুষ শংকৰদেৱে ৰচিত 'বৰ্ষা বৰ্ণন' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ যিদৰে মূষলধাৰে অহা বৰষুণে পৰ্বতক লৰচৰ কৰিব নোৱাৰাৰ দৰেই কৃষ্ণ মন-প্ৰাণত প্ৰৱেশ কৰাজনকো সংসাৰৰ দুখে জৰ্জৰিত কৰিব নোৱাৰে; এই কথষাৰৰ প্ৰসংগতে উদ্ধৃত কবিতাংশ অৱতাৰণা কৰিছে

ব্যাখ্যাঃ বাৰিষা ঋতুৰ সময়ত বৰষুণ পানীয়ে চাৰিওফালৰ অঞ্চলবোৰ পানীৰে বুৰাই পেলাই আৰু নদীবোৰ পানীৰে পৰিপূৰ্ণ হৈ পৰে। নদ-নদীবোৰৰ পানী সাগৰলৈ গতি কৰে আৰু সাগৰৰ লগত মিলিত হৈ ভয়কৰ ঢৌৰ সৃষ্টি কৰে। যোগী, তপস্বীসকলক দুখ, যন্ত্ৰণাই গ্ৰাস কৰিব নোৱাৰে; কিন্তু বিষয়-বাসনাত মগ্ন হোৱাৰ পিছত পুনৰ দুখে আৱৰি ধৰে।  যিদৰে বাৰিষাৰ সময়ত মূষলধাৰে বৰষুণ দিলেও সেই বৰষুণে পৰ্বতৰ একো অনিষ্ট কৰিব নোৱাৰে। ঠিক সেইদৰে যিজনৰ মন কৃষ্ণত নিবিষ্ট হৈ পৰে, সেইসকল লোকক সংসাৰৰ দুখ-যন্ত্ৰণাই মষিমূৰ কৰিব নোৱাৰে। কৃষ্ণ ভক্ত লোকসকল যে অতিশয়, ধীৰ-স্থিৰ, পৰ্বতৰ নিচিনা গম্ভীৰ তাকেই ক'বলৈ গৈ কবিয়ে মূষলধাৰে হোৱা বৰষুণে পৰ্বতক লৰচৰ কৰিব নোৱাৰাৰ কথা দাঙি ধৰিছে।- সজাই লিখা 

২. বৰ্ষা বৰ্ণন কবিতাটিৰ উস গ্ৰন্থ কি? এই কবিতাটিৰ কবিজনৰ এখন কাব্যগ্ৰন্থৰ নাম লিখা। [HS'13]

উত্তৰঃ বৰ্ষা বৰ্ণন কবিতাটিৰ উৎস গ্ৰন্থ হ'ল ভাগৱত। এই কবিতাটিৰ কবিজনৰ এখন কাব্য়গ্ৰন্থৰ নাম ৰাজসূয় কাব্য়।

ৰচনাধৰ্মী প্ৰশ্নঃ

১। ''পশু-পক্ষী'' বৃক্ষৰো আনন্দে মগ্ন মন।
         বাৰিষা ঋতুৰ শ্ৰীক চান্তে ঘনে ঘন।।''
- এই উক্তিৰ আলম লৈ শ্ৰীশংকৰদেৱৰ 'বৰ্ষা ঋতুৰ বৰ্ণনা' ৰ এটি চমু বিৱৰণ তোমাৰ নিজৰ ভাষাত লিখা।  [HS'99]

উত্তৰঃ এই উক্তিটোৰ মাজেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰ্ষা ঋতুৰ যি চমু বিৱৰণ দাঙি ধৰিছে তাক তলত উল্লেখ কৰা হল।
                               গ্ৰীষ্মকালৰ প্ৰখৰ ৰদত শুকাই যোৱা তৰু-লতা আৰু গছ-গছনি বাৰিষাৰ জীপাল পৰশত পুনৰ ঠন ধৰি উঠে। প্রকৃতি সেউজ বৰণৰে সাজে। মেঘৰ নাদ শুনি ভেকুলীবোৰে টোৰ-টোৰাবলৈ ধৰে, আৰু গছ-লতা, ফুলে-ফলে পৃথিৱী জাতিষ্কাৰ হৈ পৰে। ঠায়ে ঠায়ে বেংছতা বা কাঠফুলাই ধৰা পৃষ্ঠৰ শোভাবর্ধন কৰে। মেঘৰ গুৰু গুৰু শব্দত মৰহিযাব ধৰা চৰায়ে প্রাণ ঢালি নাচে। শীতৰ শীতল সেমেকাত মৰহিযাব ধৰা গছ-লতিকাই পুনৰ প্ৰাণ পায়। প্রকৃতিয়ে ন- সাজেৰে বিভূষিত হৈ পৰে। শিমলু, পলাশ, মদাৰ আদি নানাৰঙী ফুলবোৰে নতুন সাজৰে আত্ম প্ৰকাশ কৰে।

ফল-ফুল ভক্ষণ কৰি গছৰ ডালে ডালে চৰাই-চিৰিকটিবোৰে গীত গাই নাচি আত্মহাৰা হয়। এনে গীতৰ সুৰ শুনি বনৰ হৰিণীও আনন্দত মাতলীয়া হৈ পৰে। এনেদৰে, বাৰিষা কালত পশু-পক্ষী, গছ-লতিকা, আৰু তৰু-তৃণ সকলোৰে যেন এক নতুন জীৱন লাভ কৰে। বাৰিষাকালত বসুমতীৰ ৰূপ মোহনীয়া হৈ উঠে। লহপহকৈ বাঢ়ি অহা শস্যই কৃষকৰ মনত হাঁহি বিৰিঙায়। বাৰিষাৰ নতুন পানীত জল-স্থলবাসীয়ে স্নান কৰি যেন এক নতুন জীৱন লাভ কৰে। এনে মধুৰ সৌন্দর্যত গোপ শিশুসকলো আনন্দত আত্মহাৰা হয়। ভগৱান কৃষ্ণই প্ৰকৃতিৰ এনে ৰূপ দেখি প্ৰশংসা কৰিছে; স্বর্গ আৰু মর্ত্যৰ প্ৰতি সকলোতে আনন্দৰ জোৱাৰ উঠে।

২. '' গ্ৰীষ্মত আছিল শুখাই ৰৌদ্ৰতাপ সহি।
          বাৰিষা কালত দুনাই পুষ্ট ভৈল মহী।।''
 এই কবিতাৰ স্তৱকটো কোনটো কবিতাৰ পৰা লোৱা হৈছে?
কবিয়ে গ্ৰীষ্মৰ অন্তত বাৰিষাকালৰ বিৱৰণ কেনেকৈ দিছে, তোমাৰ ভাষাত বৰ্ণনা কৰা। HS'01,05]

উত্তৰঃ '' গ্ৰীষ্মত আছিল শুখাই ৰৌদ্ৰতাপ সহি।
          বাৰিষা কালত দুনাই পুষ্ট ভৈল মহী।।''
 এই কবিতাৰ স্তৱকটো বৰ্ষা বৰ্ণন কবিতাৰ পৰা লোৱা হৈছে।
কবিয়ে গ্ৰীষ্মৰ অন্তত বাৰিষাকালৰ বিৱৰণ এনেদৰে দাঙি ধৰিছে যে- গ্ৰীষ্মকালৰ প্ৰখৰ ৰদৰ তাপত পৃথিৱী আৰু ইয়াৰ গছ-গছনি, ঘাঁহ-বন আদি শুকাই যায়। সকলোৰে জীৱন নিস্তেজ হৈ পৰে। কিন্তু যেতিয়া বাৰিষা কাল আহে, তেতিয়া বৰষুণৰ পমীয়ে এই সকলোকে জীপাল কৰি তোলে। গছ-গছনি আৰু ঘাঁহ-বনবোৰ পুনৰ সজীৱ আৰু পুষ্ট হৈ পৰে। শুকাই যোৱা নদ-নদী, বিল-খাল আৰু পুখুৰীসমূহ পানীৰে পূৰ্ণ হৈ উঠে।

৩. '' আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ সত্ত্ব।
       দুনাই সূৰ্য্য় এৰি দেন্ত বাৰিষা কালত।।''
- এই কবিতাৰ স্তৱকটো কোনগৰাকী কবিৰ ৰচনা? এই স্তৱকটোৰ মাজেদি কবিগৰাকীয়ে বাৰিষা কালৰ বিৱৰণ কেনেদৰে প্ৰকাশ কৰিছে, তোমাৰ ভাষাত বৰ্ণনা কৰা। [HS,03]

উত্তৰঃ  '' আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ সত্ত্ব।
       দুনাই সূৰ্য্য় এৰি দেন্ত বাৰিষা কালত।।''
- এই কবিতাৰ স্তৱকটো শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা।
 এই স্তৱকটোৰ মাজেদি কবিগৰাকীয়ে বাৰিষা কালৰ বিৱৰণ এনেদৰে প্ৰকাশ কৰিছে যে- আচলতে বাৰিষাকাল বুলিলে গ্ৰীষ্ম আৰু বৰ্ষা ঋতুকেই বুজোৱা হয়। গ্ৰীষ্মৰ অৰ্থ হৈছে জেঠ, আহাৰ আৰু বৰ্ষাৰ অৰ্থ হৈছে শাওন, ভাদ। এই চাৰিটা মাহ বাদ দিলে, শৰত, হেমন্ত, শীত, আৰু বসন্তকালৰ অন্তৰ্ভুক্ত হয় আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ’ত, ব’হাগ—এই আঠ মাহক বুজায়। কিছু কিছু মানুহে ব’হাগ আৰু জেঠকো গ্ৰীষ্মকাল বুলি গণ্য কৰে। কিন্তু বৰষুণ আৰু বানপানীৰ গতিলৈ চাই, জেঠ, আহাৰ, শাওন, আৰু ভাদহে প্ৰকৃততে গ্ৰীষ্ম আৰু বৰ্ষা। এই আঠ মাহত সূৰ্যই পৃথিৱীৰ ভূমিপৃষ্ঠৰ পৰা জলীয় ভাগ আহৰণ কৰে। আনহাতে, পুনৰ সূৰ্যই আহৰণ কৰা জলীয় ভাপ বাৰিষাকালত পৃথিৱীত এৰি দিয়ে, অৰ্থাৎ বৰষুণৰূপে সিঁচি দিয়ে।

৪. 'শুখাই পড়ৈ জল পুনু অত্য়ন্ত আসুখ।
  দৈৱাধীন নাজানিলে মিলৈ মহাদুখ।।''
উক্ত স্তৱকটি কোনগৰাকী কবিৰ ৰচনা? স্তৱকটিৰ অন্তৰ্নিহিত কথাখিনি বুজাই লিখা।  [HS'06]

উত্তৰঃ   'শুখাই পড়ৈ জল পুনু অত্য়ন্ত আসুখ।
            দৈৱাধীন নাজানিলে মিলৈ মহাদুখ।।''
উক্ত স্তৱকটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা। স্তৱকটিৰ অন্তৰ্নিহিত কথাখিনি তলত বুজাই দিয়া হল-

কবি শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ ‘বৰ্ষা বৰ্ণন’ কাব্যাংশত বাৰিষাৰ ৰূপ বৰ্ণনা কৰিবলৈ গৈছে। বৰ্ষাৰ বৰিধাৰাই পৃথিৱী শস্য-শ্যামলা কৰি তোলে। লহপহকৈ বাঢ়ি অহা শস্য দেখে কৃষকৰ মনত আনন্দৰ অভিব্যক্তি ঘটে। কিন্তু যেতিয়া পানী শুকাই যায়, তেতিয়া সেই আনন্দ অন্তৰ্হিত হয়।

প্ৰকৃতিৰ এনে পৰিৱৰ্তন দৈৱৰ অধীন। প্ৰকৃতিৰ দৰে মানৱ জীৱনতো সুখ আৰু দুখৰ এক চিৰলগৰীয়া প্ৰবাহ আছে। মানৱ জীৱনো দৈৱৰ অধিন থাকে; বিধাতা বা দৈৱৰ অদৃশ্য সংকেতত মানৱ জীৱনৰ সুখ আৰু দুখ নিৰূপিত হয়। দৈৱাধীনতাৰ সত্যতা জানি, জনাই দুখত পতিত হয়।

লহপহীয়া শস্যৰ পানী শুকাই যোৱাত কৃষক যিদৰে দুখিত হয়, সেয়া দেখুৱাই সুখ আৰু দুখৰ ভাগ্যৰ লিখন বুলি মানি ল’ব নোৱাৰা ব্যক্তিয়ে সদায় দুখ অনুভৱ কৰে। কবিতাৰ এই ফাঁকিৰ দাৰ্শনিক তাৎপৰ্য সেয়া।

৫. বৰ্ষাকালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তিধৰ্মৰ তাত্ত্বিক কথাবোৰ কিদৰে বৰ্ণনা কৰিছে, পাঠৰ আধাৰত আলোচনা কৰা।  [HS, 07,11,14,16,17]

উত্তৰঃ বৰ্ষাকালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তিধৰ্মৰ তাত্ত্বিক কথাবোৰ এনেদৰে বৰ্ণনা কৰিছে-

বর্ষা বর্ণন’ কবিতাটি ভাগৱতৰ দশম স্কন্ধৰ পৰা অনা হৈছে, য'ত কবিয়ে বর্ষা ঋতুক এক ৰূপক হিচাপে গ্ৰহণ কৰি ভক্তি ধৰ্মৰ তাত্ত্বিক কথাবোৰ প্ৰকাশ কৰিছে। কবিতাটোৰ মূল উদ্দেশ্য হৈছে ভক্তি ধৰ্মৰ প্ৰচাৰ।

কবিতাত কবিয়ে বর্ষা ঋতুৰ এক মনোমোহা দৃশ্য উপস্থাপন কৰিছে। এই সময়ত আকাশত গ্ৰহ-নক্ষত্ৰ দেখা নাযায়, যেনে মেঘে চন্দ্ৰ, সূৰ্য, আৰু তৰাক ঢাকি ৰাখে। ইয়াৰ সৈতে মিলাই, কবিয়ে প্ৰকাশ কৰিছে যে জীৱাত্মা আমাৰ শৰীৰত অন্তৰ্দ্ধান কৰে। মেঘক জীৱৰ লগত তুলনা কৰি কবিয়ে বৰ্ণনা কৰিছে যে যিদৰে জীৱ নিজ শৰীৰত বিলীন হয়, তেনেদৰে মেঘৰ মাজতো গ্ৰহ-নক্ষত্ৰ বিলীন হৈ যায়।

খৰালিত শুকাই যোৱা খাল-বিল, নদ-নদী আৰু জান-জুৰিবোৰ যিদৰে বৰষুণৰ পানীৰে পুনৰ পুষ্ট হয়, ঠিক সেইদৰে উপবাসে থাকি শুকাই-খীণাই যোৱা তপশ্ৰী সকলে পুনৰ পুষ্টি লাভ কৰে। কবিয়ে এই ৰূপক ব্যৱহাৰ কৰি দেখুৱাইছে যে ধাৰাষাৰ বৰষুণে পৰ্বতৰ একো ক্ষতি কৰিব নোৱাৰে। সেয়া যেন কৃষ্ণৰ লগত ভক্তিৰ আসক্ত লোকৰ ক্ষেত্ৰতো। যিসকলৰ মন ভক্তি ধৰ্মত ডুব থকা, তেওঁলোকক বৈষয়িক শোক-দুখ, আৰু যন্ত্রণা বিচলিত কৰিব নোৱাৰে। এইভাৱে, কবিতাটোৰ মাধ্যমেৰে কবিয়ে ভক্তি ধৰ্মৰ শক্তি আৰু স্থিতিশীলতা প্ৰকাশ কৰিছে।

৬. বৰ্ষা বৰ্ণন কবিতাত থকা দুটা উপমাৰ ভিতৰুৱা ভাব বুজাই লিখা।  [HS'09]

উত্তৰঃ  বৰ্ষা বৰ্ণন কবিতাত থকা দুটা উপমাৰ ভিতৰুৱা ভাব তলত উল্লেখ কৰা হল-

ক)  “যিজনৰ মন ভৈল কৃষ্ণত প্ৰৱেশ ।

তাক যেন লঙিঘবে নাপাৰে দুঃখ ক্লেশ ।।”

এই উপমাটোৰ ভিতৰুৱা ভাৱঃ যিজনে মনৰ প্ৰতিটো কোণত কৃষ্ণৰ অবিৰত সান্নিধ্য অনুভৱ কৰে, তেওঁক সংসাৰৰ যিকোনো দুখ-দুৰ্দশাই স্পৰ্শ কৰিব নোৱাৰে। ঠিক যেনে গহীন আৰু স্থিতিশীল পৰ্বতৰ ওপৰত পৰা ধাৰাষাৰ বৰষুণে একো ক্ষতি আনিব নোৱাৰে। কৃষ্ণৰ একান্ত সান্নিধ্যই মনৰ চিত্ৰৰ মাজত এক নিৰ্জন শান্তিৰ নিৰ্মাণ কৰে, য'ত দুখবোৰৰ কোনো স্থান নাথাকে।

খ)  “নাকলিয় চন্দ্ৰ – সূৰ্য জ্যোতি তৰাগণ ।
     যেন জীৱ – আত্মা শৰীৰতে ভৈল চন ।।” 

এই উপমাটোৰ ভিতৰুৱা ভাৱঃ যেনেদৰে শৰীৰৰ ভিতৰত জীৱাত্মা লুকাই থাকিলেও আমি দেখা নাপাও, ঠিক তেনেদৰে মেঘে আকাশ ঢাকি থকাৰ সময়ত চন্দ্ৰ, সূৰ্য আৰু তৰাবোৰক দেখা নাযায়। তথাপিও, এই সমস্ত আকাশৰ বস্তুবোৰ সদায় আকাশত বিদ্যমান থাকে, মেঘৰ আঁতৰত সিহঁতৰ জ্যোতি সঁচাকৈয়ে নিৰন্তৰ উজ্বল। সেয়ে, প্ৰতিটো নিৰবতাৰ মাজত এক গভীৰ সত্তা চপাই থাকে, যাক আমিৰ বৰ্তমানৰ দৃশ্যৰে নেদেখোঁ।

৭. বৰ্ষা বৰ্ণন কবিতাটিৰ মাজেৰে বৰ্ষাকালৰ চিত্ৰ কিদৰে প্ৰকাশ পাইছে, আলোচনা কৰা।  [HS, 10,13,15,18]

উত্তৰঃ বৰ্ষা বৰ্ণন কবিতাটিৰ মাজেৰে বৰ্ষাকালৰ চিত্ৰ সুন্দৰ ৰূপত প্ৰকাশ পাইছে- গ্ৰীষ্মৰ উত্তাপৰ অন্তত যেতিয়া বৰষুণৰ দিন আহে, তেতিয়া তীৰ বেগে বতাহে গীত গায় আৰু সমগ্ৰ আকাশ মেঘেৰে ঢাক খাই পৰে। মেঘবোৰৰ সংঘৰ্ষৰ ফলত উৎপন্ন বিজুলীয়ে সকলোৰে চকু কঁপাই দিয়ে, আৰু চন্দ্ৰ-সূৰ্যৰ দীপ্তি আকাশৰ পৰা হেৰাই যায়। মুষলধাৰে বৰষুণে পৃথিৱী ধুৱাই দিয়ে, খাল-বাম একাকাৰ হৈ পৰে, নদী-নালাৰ মাজত পানী প্রবাহিত হয়।

গ্ৰীষ্মৰ প্ৰখৰ ৰদত শুকাই যোৱা গছ-লতাৰে, বাৰিষাৰ স্পৰ্শে পুনৰ জীয়াই উঠে। প্রকৃতি সেউজৰূপে আৱৰি যায়। মেঘৰ নাদ শুনি ভেকুলীবোৰে আনন্দে টোৰ-টোৰাবলৈ ধৰে। গছ-লতা আৰু ফুলে মিঠা পৰিসৰে পৃথিৱীকে আভা মাকৰিবলৈ সাজে। ঠায়ে ঠায়ে বেংছতা আৰু কাঠফুলাই শোভা বৃদ্ধি কৰে। মেঘৰ গুৰু গুৰাৰ শব্দত মৰহিযাব ধৰা চৰায়ে নাচে, আৰু গছ-লতিবোৰে নতুন প্ৰাণ লাভ কৰে।

শিমলু, পলাশ, মদাৰ আদি নানাৰঙী ফুলবোৰে প্ৰকৃতিৰ সাজ সলাই নতুন ৰূপত আত্মপ্ৰকাশ কৰে। ফল-ফুলে পৃথিৱী জাতিষ্কাৰ কৰি তোলে। চৰাই-চিৰিকটিবোৰ গীত গাই আৰু নাচি আনন্দিত হয়, আৰু বনৰ হৰিণীও উল্লাসিত হৈ পৰে। এনে পৰিস্থিতিত পশু-পক্ষী, গছ-লতিকা, আৰু তৰু-তৃণ সকলোৰে জীৱন যেন এক নতুন ৰূপ পায়।

বাৰিষাৰ সৌন্দর্যৰ মাজত বসুমতী মুকুতা হৈ উঠে, আৰু শস্যৰ উলহ-মলহ কৃষকৰ হৃদয়ত হাঁহিৰ আগবঢ়ায়। জল-স্থলবাসীয়ে বাৰিষাৰ পানীত স্নান কৰি যেন এক নতুন জীৱন লাভ কৰে। গোপ শিশুসকলে এই সজীৱতাৰ আনন্দত আত্মহাৰা হয়। ভগৱান কৃষ্ণে প্রকৃতিৰ এই ৰূপ দেখি সৰি পৰা আৰু স্বৰ্গ-মর্ত্য সকলোতে আনন্দৰ ঢৌ উঠে।

৮. গ্ৰীষ্ম গৈলে ঋতু আসি বাৰিষা মিলিলা- গ্ৰীষ্মৰ শেষত অহা বাৰিষা কালৰ বিৱৰণ কবিয়ে কেনেদৰে দিছে বৰ্ষা বৰ্ণন কাব্য়াংশৰ আধাৰত বিৱৰি লিখা।  [HS'12]

উত্তৰঃ গ্ৰীষ্মৰ শেষত অহা বাৰিষা কালৰ বিৱৰণ কবিয়ে এনেদৰে বৰ্ণনা কৰিছে- গ্ৰীষ্মকালত অহা বাৰিষাৰ ফলত প্ৰকৃতিয়ে ন প্ৰাণ পায় উঠে। ফল- ফুলে পৃথিৱী জাতিস্কাৰ কৰি তুলে। চৰাই-চিৰিকতিয়ে গান গোৱাৰ উপৰি বনৰ হৰিণী উল্লাসিত হৈ উঠে। এনে পৰিস্থিতিত পশু-পক্ষী, গছ-লতিকা, আৰু তৰু-তৃণ সকলোৰে জীৱন যেন এক নতুন ৰূপ পায়।
                        শিমলু, পলাশ, মদাৰ আদি নানাৰঙী ফুলবোৰে প্ৰকৃতিৰ সাজ সলাই নতুন ৰূপত আত্মপ্ৰকাশ কৰে। ফল-ফুলে পৃথিৱী জাতিষ্কাৰ কৰি তোলে। চৰাই-চিৰিকটিবোৰ গীত গাই আৰু নাচি আনন্দিত হয়, আৰু বনৰ হৰিণীও উল্লাসিত হৈ পৰে। এনে পৰিস্থিতিত পশু-পক্ষী, গছ-লতিকা, আৰু তৰু-তৃণ সকলোৰে জীৱন যেন এক নতুন ৰূপ পায়।
          বাৰিষাৰ সৌন্দর্যৰ মাজত বসুমতী মুকুতা হৈ উঠে, আৰু শস্যৰ উলহ-মলহ কৃষকৰ হৃদয়ত হাঁহিৰ আগবঢ়ায়। জল-স্থলবাসীয়ে বাৰিষাৰ পানীত স্নান কৰি যেন এক নতুন জীৱন লাভ কৰে। গোপ শিশুসকলে এই সজীৱতাৰ আনন্দত আত্মহাৰা হয়। ভগৱান কৃষ্ণে প্রকৃতিৰ এই ৰূপ দেখি সৰি পৰা আৰু স্বৰ্গ-মর্ত্য সকলোতে আনন্দৰ ঢৌ উঠে।

অতি চমু প্ৰশ্নঃ

১. শুকমুনি কোন?  

উত্তৰঃ শুকমনি মাভাৰত প্ৰণেতাী ব্য়াসদেৱৰ পুত্ৰ।

২. বিষয়কে পাইলে পুনৰপি হৱৈ ভ্ৰষ্ট।- ইয়াত উল্লেখ কৰা বিষয় কি?

উত্তৰঃ এই উক্তিটোৰ মূল বিষয় হৈছে -বিষয়বস্তুৰ অবক্ষয় বা বিকৃতি।

৩. যদ্য়াপি মূলধাৰে মেঘে বৰষিল।- ইয়াত 'মূষলধাৰ' শব্দই কি অৰ্থ প্ৰকাশ কৰিছে?

উত্তৰঃ যদ্য়াপি মূলধাৰে মেঘে বৰষিল।- ইয়াত 'মূষলধাৰ' শব্দই প্ৰকাশ কৰা অৰ্থটো হৈছে ধাৰাষাৰে দি থকা।

৪. 'কীৰ্তন-ঘোষা'ৰ ৰচক কোন?

উত্তৰঃ 'কীৰ্তন-ঘোষা'ৰ ৰচক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।

চমু প্ৰশ্নঃ

১. শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম নগাঁৱ জিলাৰ বৰদোৱাৰ আলীপুখুৰী নামে ঠাইত, ১৪৪৯ চনত হৈছিল।

২. শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা দুখন নাটকৰ নাম হ'ল- ক) পত্নী-প্ৰসাদ।
                                                                                                   খ) কালীয় দমন।
 





Paid Answer (For Membership User)




Answered By Dikha Bora