প্ৰথম- অধ্যায়
ভূ-আকৃতিৰ প্ৰক্ৰিয়া
👉MCQ Online Exam
👉Short Question Answer
👉All Question Paper 2010 - 2023
👉MCQs Answer
👉Paid Answer (Buy Now)
অনুশীলনীঃ ১
১)স্থলাকৃতি বুলিলে কি বুজা?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগ সমান নহয়। মহাদেশ কেইখনত যেনেকৈ পাহাৰ- পর্বত, মালভূমি, নদী উপত্যকা আদি অৱয়ৱ আছে, ঠিক তেনেকৈ মহাসাগৰতো পানীত বুৰ গৈ থকা অৱস্থাত বিভিন্ন আকাৰ-আকৃতিৰ উচ্চভূমি আৰু নিম্নভূমি আছে। ভূ-পৃষ্ঠৰ এই অৱয়ববোৰকে স্থলাকৃতি বুলি কোৱা হয়।
২) ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া।
উত্তৰঃ ভূগোলৰ এটি বিশেষ শাখাই স্থলাকৃতিবোৰৰ উৎপত্তি, ক্রম বিকাশ আকাৰ -আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে। এই শাখাটোক ভূ-আকৃতিক বিজ্ঞান বোলা হয়।
৩) ভূ-আকৃতিক প্রক্রিয়াৰ অৰ্থ লিখা।
উত্তৰঃ ভূ-পৃষ্ঠত থকা স্থলাকৃতিবোৰৰ সৃষ্টি বহুতো প্রক্রিয়াৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰে কিছুমান প্রক্রিয়া বাহ্যিক আৰু অন্য কিছুমান আভ্যন্তৰীণ । বাহ্যিক প্রক্রিয়া বা কাৰকবোৰৰ ভিতৰত বতাহ, বৰষুণ, নদ-নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্রধান। আনহাতে আভ্যন্তৰীণ কাৰক বুলি ক'লে প্রধানকৈ ভূমিকম্প আৰু আগ্নেয় উদগিৰণকে সামৰি লোৱা হয়। এই দুই শ্রেণীৰ প্রক্রিয়াই ক্রিয়া কৰাৰ ফলতেই ভু-পৃষ্ঠত স্থলাকৃতিবিলাকৰ সৃষ্টি হৈছে। স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত এই প্রক্রিয়াবোৰক ভু-আকৃতিক প্রক্রিয়া বোলা হয়।
৪) বাহ্যিক প্রক্রিয়া বা কাৰকৰ ভিতৰত কি কি পৰে লিখা।
উত্তৰঃ বাহ্যিক প্রক্রিয়া বা কাৰকবোৰৰ ভিতৰত বতাহ, বৰষুণ, নদ-নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্রধান।
৫) অবনমন বুলিলে কি বুজা ?
উত্তৰঃ মৰুভূমিত উদ্ভিদৰ আৱৰণ পাতলীয়া আৰু উপৰিভাগ শুকান বালিময় হোৱাৰ কাৰণে বতাহে সহজে ধুলি-বালি, ক্ষুদ্র শিল আদি দূৰলৈ উৰুৱাই নিব পাৰে। এনেদৰে কোনো এক অংশৰ পৰা ধূলি-বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলা প্রক্রিয়াকে অবনমন বোলে। অবনমনৰ ফলত ধূলি-বালি আৰু ক্ষুদ্র ক্ষুদ্র শিলবোৰ অন্য ঠাইলৈ প্রবাহিত হলে অবনমন ঘটা অংশটো ওখোৰা-মোখোৰা শিলাময় ঠাইলৈ ৰূপান্তৰিত হ'ব পাৰে।
৬) ইনছেলবার্গ কি ছবি আঁকি দেখুওৱা।
উত্তৰঃ মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল-বালিয়ে গতিপথত থকা উচ্চভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায়। ঘর্ষণৰ যোগেদি কৰা এই ধৰণৰ ক্ষয়কার্যক অপঘর্ষণ বোলা হয়। অপঘর্ষণ প্রক্রিয়াই মৰুভূমিত ইনছেলবার্গ ৰ দৰে অবক্ষয়জনিত অবয়বৰ সৃষ্টি কৰে।
৭। মৰুদ্যান কাক বোলে? ইয়াৰ তাৎপর্য কি ?
উত্তৰঃ অবনমনৰ ফলত মৰুভূমিৰ একো-একোটা অংশৰ উচ্চতা কমি ভূগর্ভস্থ জলপৃষ্ঠৰ ওচৰ পাব পাৰে। তেনে অৱস্থাত অৱনমিত অংশটোক মৰুদ্যান বোলে ǀ মৰুদ্যান প্ৰকৃততে মৰুভূমিৰ মাজৰ একোটা সেউজীয়া অংশ ǀ মৰুদ্যানবোৰত কিছু পৰিমাণে পানী আৰু উদ্ভিদ থাকে ǀ মৰুভূমিৰ এই অঞ্চল বিলাকত কিছু পৰিমাণে খেতিবাতিও কৰা হয় ǀ
৮। বালিয়াৰি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।
উত্তৰঃ মৰুভূমিত বতাহৰ দ্বাৰা অৱক্ষেপনৰ প্ৰক্ৰিয়াৰ ফলত সৃষ্টি হোৱা এখন ভূ –অৱয়ব ǀ
মৰুভূমিত বতাহে কঢ়িয়াই নিয়া ধুলি-বালিবোৰ য'ত জমা হয়গৈ, সেই অংশটো ক্রমে ওখ হৈ গৈ থাকে । এনেদৰে জমা হোৱা ধুলি-বালিবোৰে শেষলৈ পাহাৰৰ ৰূপ ল'ব পাৰে। এনেকৈ বালিৰে গঠিত হোৱাৰ বালিৰ পাহাৰক বালিয়াৰি বোলে ǀ
৯। অপঘর্ষণ কি? ইয়াৰ ফলত কি ধৰণৰ অৱয়বৰ সৃষ্টি হয়?
উত্তৰঃ মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল-বালিয়ে গতিপথত থকা উচ্চভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায়। ঘর্ষণৰ যোগেদি কৰা এই ধৰণৰ ক্ষয়কার্যক অপঘর্ষণ বোলা হয় l
ইয়াৰ ফলত ইনছেলবাৰ্গ আৰু ইয়াৰদাঙ ৰ দৰে ভূ-অৱয়বৰ সৃষ্টি হয় ǀ
১০) সংনিঘৰ্ষণৰ অর্থ লিখা ।
উত্তৰঃ মৰুভূমিত বতাহে সৃষ্টি কৰা আন এটা ঘর্ষণজনিত প্রক্রিয়া হল সংনিঘর্ষণ বতাহৰ দ্বাৰা পৰিবাহিত শিল-বালিবোৰৰ মাজতো পৰস্পৰিক ঘর্ষণৰ সৃষ্টি হয়, অর্থাৎ পৰিবাহিত হৈ থকা অবস্থাতে সেইবোৰৰ মাজত খুন্দা-খুন্দি লাগে ইয়াৰ ফলত শিলবোৰ ভাঙি সৰু সৰু টুকুৰাত পৰিণত হয় বা আকাৰত ক্ৰমে সৰু হৈ আহে। এই দৰে পাৰম্পৰিক বর্ষৰ দল শিলবোৰ ভাঙি-চিঙি টুকুৰা-টকুৰ হোৱা প্রক্রিয়াকে সংনিঘর্ষণ বোলে ǀ
১১) হিমবাহ কাক বোলে ? ইয়াৰ গতি অতি ধীৰ হোৱাৰ কাৰণ কি?
উত্তৰঃ ভূ-পৃষ্ঠত জমা হৈ থকা স্তূপবোৰৰ মাটিৰ ঢল অনুসৰিক্ৰমে তললৈ নামি আহে। নামি অহাৰ গতিবেগ অৱশ্যে অতি ধীৰ। দিনটোৰ ভিতৰত কেই মিলিমিটাৰমানৰ পৰা কেইমিটাৰমানহে অতিক্রম কৰে। এনেকৈ ধীৰ গতিৰে নামি অহা বৰফকে হিমবাহ বোলা হয়।
হিমবাহবোৰ মাটি বা পাহাৰ পৰ্বতৰ ঢাল অমুসৰি বৈ আহে ǀ ঢাল কম থাকিলে ইয়াৰ গতিবেগো কমি যায় ǀআনহাতে হিমবাহৰ লগত অন্যবহুতো পদাৰ্থ, শিল ,বালি,মাটি আদি পাহাৰৰ ওপৰৰ পৰা বৈ আহে ǀ এইবোৰৰ উপস্থিতিয়েও হিমবাহৰ গতি ধীৰ কৰে ǀ
১২। হিমবাহ কেই প্ৰকাৰৰ? প্রত্যেকৰে বিষয়ে চমুকৈ লিখা।
উত্তৰঃ হিমবাহ ৩ প্ৰকাৰৰ ǀ সেইবোৰ হৈছে-
ক) মহাদেশীয় হিমবাহঃ এই হিমবাহবোৰ মেৰু অঞ্চলৰ বৃহৎ এলেকাজুৰি বিস্তৃত হৈ আছে। উত্তৰ কানাডা, গ্রীণলেণ্ড, স্কান্দিনেভিয়া, এন্টার্কটিকা আদিত মহাদেশীয় হিমবাহবোৰ বিয়পি আছে। এই হিমবাহবোৰ ভূ-পৃষ্ঠৰ ঢাল অনুসৰি অতি ধীৰ গতিৰে নামি আহে। |
খ) পার্বত্য হিমবাহঃ সুউচ্চ পর্বতৰ উচ্চাংশত এনে হিমবাহ দেখা যায়। প্রধানকৈ ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি আৰু এছিয়া মহাদেশৰ হিমালয় পার্বত্য অঞ্চলত পার্বত্য হিমবাহ বিদ্যমান। সাধাৰণতে পার্বত্য বা উপত্যকা হিমবাহ দুশাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে বৈ আহে। ইয়াৰ গতিবেগ মহাদেশীয় হিমবাহতকৈ যথেষ্ট বেছি।
গ) গিৰিপদ হিমবাহঃ কেতিয়াবা কেইবাটাও উপত্যকা হিমবাহ পার্বত্য অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতিকাষৰীয়া নিম্নভূমিত বিয়পি পৰে। গিৰিমালা বা পৰ্বতৰ পাদদেশত সৃষ্টি হয় কাৰণে এনে হিমবাহক গিৰিপদ বা শৈলপদী হিমবাহ বোলে । উত্তৰ আমেৰিকাৰ আলাস্কাত এনে হিমবাহ দেখা যায় ।
১৩) হিমবাহ উপত্যকাৰ আকৃতি ছবি আঁকি দেখুওৱা ।
উত্তৰঃ
১৪) ওলোমা উপত্যকা কি লিখা।
উত্তৰঃ হিমবাহে সৃষ্টি কৰা অন্য এক ক্ষয়জনিত অৱয়ব হৈছে ওলোমা উপত্যকা । সাধাৰণতে মূল নদীলৈ উপনদীবোৰ বৈ অহাৰ দৰে মূল হিমবাহলৈও উপহিমবাহ কিছুমান বৈ আহে। মূল হিমবাহৰ উপত্যকা তুলনামূলকভাৱে ডাঙৰ আৰু দ। উপহিমবাহৰ উপত্যকা সৰু আৰু কম দ। য'ত আহি উপহিমবাহ মূল হিমবাহৰ লগ লাগে, তাতে স্বাভাৱিক কাৰণতে উপহিমবাহৰ উপত্যকাটো মূল হিমবাহৰ উপত্যকাৰ ওপৰত ওলমি থকা যেন লগে। সেয়ে উপ হিমবাহৰ উপত্যকাটোক ওলোমা উপত্যকা বুলি কোৱা হয় ǀ
১৫) গ্রাব কি? ই কেইপ্ৰকাৰৰ? চিত্র আঁকি গ্রাবৰ অৱস্থান দেখুওৱা ।
উত্তৰঃ পাহাৰ বা পৰ্বতৰ ঢালেদি বৈ আহোতে হিমবাহে বৰফৰ উপৰিও অন্য পদাৰ্থ কঢ়িয়াই আনে ǀ এইবোৰকেই সামগ্ৰিকভাৱে গ্ৰাব বোলে ǀ
ই চাৰি প্ৰকাৰৰঃ১)পাৰ্শ্ব গ্ৰাৱ
২)মধ্য গ্ৰাব
৩)ভূমি গ্ৰাব
৪)প্ৰান্ত গ্ৰাব
১৬) গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত কি ধৰণৰ প্রভাব পেলাব সাধাৰণ জ্ঞানৰ ভিত্তিত তাৰ এটি আভাস দিয়া ।
উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ তলত উল্লেখ কৰা ধৰণৰ প্রভাব পেলাবঃ
ক) হিমবাহবোৰ গলিবলৈ ধৰিব আৰু তাৰ ফলত সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব ǀ
খ) সাগৰ- মহাসাগৰৰ উপকূলৰ বহুতো অঞ্চল তথা নিম্নভূমি সমূহ পানীৰ তলত দুব যাব ǀ
গ) সেইবোৰ অঞ্চলত উপলব্ধ মানৱ সভ্যতা আৰু জৈৱ বৈচিত্ৰ নিচিহ্ন হব ǀ
ঘ) সাগৰ মহাসাগৰ তথা বিশ্বৰ পাৰিপাৰ্শ্বিক অৱস্হাত ব্যাঘাত জন্মিব ǀ
ঙ) জলবায়ু সলনি হব ǀ ঠাই বিশেষে বৰষুণ কম-বেছি হব ǀ
Additional question and previous paper solve:
A. অতি চমু প্রশ্নাবলী:
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(a) ওলম বা ঝুলন উপত্যকা সৃষ্টি কৰা কাৰকটো হ'ল- [HSLC'11]
(i) হিমবাহ
(ii) নদী
(iii) বতাহ
(iv) সাগৰৰ ঢৌ
উত্তৰঃ (i) হিমবাহ
(b) ইনছেলবার্গ সৃষ্টি কৰা কাৰকটো হ'ল- [HSLC'12]
(i) প্রবহমান জল
(ii) হিমবাহ
(iii) বতাহ
(iv) সামুদ্রিক ঢৌ
উত্তৰঃ (ii) হিমবাহ
(c) বালিয়াৰি সৃষ্টি কৰা কাৰকটো হ'ল- [HSLC'13]
(i) নদী
(ii) হিমবাহ
(iii) সাগৰৰ ঢৌ
(iv) বতাহ
উত্তৰঃ (iv) বতাহ
(d) তলত দিয়াবোৰৰ কোনটো বতাহে সৃষ্টি কৰা? [HSLC '14]
(i) U- আকৃতিক উপত্যকা
(ii) ড্রামলিন
(iii) ইনছেলবার্গ
(iv) গ্রাব
উত্তৰঃ (iii) ইনছেলবার্গ
(e) তলত দিয়াবোৰৰ কোনটো অৱক্ষেপনজনিত অৱয়ব? [HSLC'15]
(i) ওলোমা উপত্যকা
(ii) এঙ্কাৰ
(iii) ইনছেলবার্গ
(iv) ইয়াৰদাং
উত্তৰঃ (iv) ইয়াৰদাং
(f) মৰুভূমিত কোন মুখ্য কাৰকে ভূ-আকৃতিক প্রক্রিয়াত বিশেষ ভূমিকা লয় - [HSLC '16]
(i) বৰষুণ
(ii) উত্তাপ
(iii) বতাহ
(iv) নদী
উত্তৰঃ (iii) বতাহ
(g) হিমবাহ উপত্যকা এটাৰ দুয়োফালে জমা হোৱা গ্রাবৰেখাক কোৱা হয়- [HSLC'17] |
(i) মধ্য গ্রাব
(ii) প্রান্ত গ্রাব
(iii) পার্শ্ব গ্রাব
(iv) ভূমি গ্রাব
উত্তৰঃ (iii) পার্শ্ব গ্রাব
(h) মৰুভূমি অঞ্চলত বতাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা অর্ধচন্দ্ৰাকৃতিৰ বালিয়াৰিক কোৱা হয় [HSLC'18]
(i) ইনছেলবার্গ
(ii) অনুপ্রস্থ বালিয়াৰি
(iii) বাৰখান
(iv) ইয়াৰদাং
উত্তৰঃ (iii) বাৰখান
(i) তলত দিয়াবোৰৰ কোনটো হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব? [HSLC '19]
(i) এস্কাৰ
(ii) ড্রামলিন
(iii) শংকু
(iv) কেম
উত্তৰঃ (iii) শংকু
(j) তলত উল্লেখ কৰা কোনটো ক্ষয়জনিত অৱয়ব? [HSLC '20]
(i) বাৰখান
(ii) ওলোমা উপত্যকা
(iii) গ্রাব
(iv) ড্রামলিন
উত্তৰঃ (ii) ওলোমা উপত্যকা
2. বাহ্যিক প্রক্রিয়া কি? [HSLC '11]
উত্তৰঃ বাহ্যিক প্রক্রিয়া হৈছে সেই প্ৰক্ৰিয়াবোৰ, যি পৃথিৱীৰ উপৰিভাগত বতৰ, বৰষুণ, নদী, বতাহ আদি বাহ্যিক শক্তিৰ দ্বাৰা সংঘটিত হয়। এইবোৰে স্থলাকৃতিৰ সৃষ্টি আৰু পৰিবৰ্তন সাধন কৰে।
3. হিমবাহৰ অৱক্ষেপণ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা যি কোনো এটা অৱয়বৰ নাম লিখা। [HSLC 12]
উত্তৰঃ গ্ৰাব ।
4. বতাহৰ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা এটা অৱক্ষেপনজনিত অবয়বৰ নাম লিখা? [HSLC '12, '14, '20]
উত্তৰঃ বালিয়াৰি ।
5. আফ্ৰিকাৰ মৰুভূমিৰ দুটা আদিম জনগোষ্ঠীৰ নাম লিখা। [HSLC '12]
উত্তৰঃ বন্তু আৰু সেহেলী।
6. ভূ-আকৃতিক বিজ্ঞানৰ অৰ্থ লিখা। [HSLC '12]
উত্তৰঃ ভূ-আকৃতিক বিজ্ঞান হৈছে ভূ-পৃষ্ঠৰ স্থলাকৃতি, সেইবোৰৰ উৎপত্তি, বিকাশ আৰু বিতৰণৰ অধ্যয়ন।
7. হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব এটাৰ নাম লিখা। [HSLC '13, '18]
উত্তৰঃ ইনছেলবার্গ।
৪. হিমবাহে সৃষ্টি কৰা অৱক্ষেপনজনিত অৱয়ৱ এটাৰ নাম লিখা। [HSLC'15]
উত্তৰঃ মধ্যগ্রাব।
9. কোনটো বালিয়াৰি অর্ধচন্দ্ৰাকৃতিৰ লিখা। [HSLC'16]
উত্তৰঃ বাৰখান ।
10. ভূ-প্রাকৃতিক বিজ্ঞান মানে কি? [HSLC'17]
উত্তৰঃ ভূ-প্রাকৃতিক বিজ্ঞান হৈছে পৃথিৱীৰ ভূ-প্রাকৃতিক গঠন আৰু প্ৰক্ৰিয়া অধ্যয়ন কৰা শাখা।
11. স্থলমণ্ডল কি? [HSLC '19]
উত্তৰঃ স্থলমণ্ডল (Lithosphere) হৈছে পৃথিৱীৰ কঠিন বাহ্যিক স্তৰ, য'ত স্থল আৰু পৰ্বতৰ অন্তর্ভুক্ত।
B. ৰচনাধৰ্মী প্রশ্নাবলী:
1. গ্রাব কি? তিনি প্ৰকাৰ গ্ৰাবৰ নাম উল্লেখ কৰা। [HSLC '13,'16]
উত্তৰঃ গ্ৰাব হৈছে হিমবাহৰ দ্বাৰা উপত্যকাৰ দুয়ো কাষে জমা হোৱা উপাদান।
তিনিপ্ৰকাৰৰ গ্ৰাবৰ নাম -
পার্শ্বগ্রাব ।
মধ্যগ্রাব ।
প্ৰান্তগ্রাব ।
2. হিমবাহ কি? তিনি প্ৰকাৰৰ হিমবাহৰ নাম লিখা। [HSLC'14]
উত্তৰঃ হিমবাহ হৈছে বৰফৰ স্তূপ যি অতি ধীৰ গতিত তললৈ নামি আহে।
তিনিপ্ৰকাৰৰ হিমবাহ-
মহাদেশীয় হিমবাহ
পার্বত্য হিমবাহ
গিৰিপদ হিমবাহ
3. "ক্রিয়াত্মক অঞ্চল" কি? ক্ৰিয়াত্মক অঞ্চলৰ দুটা উদাহৰণ দিয়া। [HSLC'14]
উত্তৰঃ "ক্রিয়াত্মক অঞ্চল" হৈছে সেই অঞ্চল য'ত বতাহ বা হিমবাহৰ দৰে প্ৰক্ৰিয়া সক্ৰিয়ভাৱে চলি আছে।
4. বালিয়াৰি কি? ই কেনেকৈ সৃষ্টি হয়? [HSLC'15,'18] |
উত্তৰঃ বালিয়াৰী হৈছে বালিৰে গঠিত ওখ পাহাৰ যি বতাহৰ দ্বাৰা সৃষ্টি হয়। ই বতাহৰ উৰুৱাই নেওতে বালি জমা হোৱা স্থলত সৃষ্টি হয়।
5. মৰুদ্যান কাক বোলে? ইয়াৰ তাৎপর্য কি? [HSLC'17]
উত্তৰঃ মৰুদ্যান হৈছে সেই অঞ্চল য'ত সৰবৰাহ তথা জলৰ বাবে উদ্ভিদৰ বৃদ্ধি হয়। ইয়াৰ তাৎপর্য হৈছে যে, ই সন্থিতি আৰু খেতিৰ বাবে একো প্ৰাকৃতিক মণ্ডল প্ৰদান কৰে।
ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)
Additional answer- Dikha Bora