Chapter: 3

শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ 

(Current Trends in Education)


 প্রশ্নঃ  উত্তৰ দিয়াঃ 

১। পৰিৱেশ শিক্ষা মানে কি ? 

উত্তৰঃআমাৰ চাৰিওফালে আগুৰি থকা জীৱিত আৰু নিৰ্জীৱ পদাৰ্থসমূহৰ মাজত থকা পাৰস্পৰিক সম্বন্ধ আৰু মানুহ, মাটি, বায়ু, পানী জীৱ-জন্তু, গছ-গছনি আদিৰ দ্বাৰা সৃষ্টি হোৱা অৱস্থাকে পৰিৱেশ বুলি কোৱা হয়।

২। পৰিৱেশ শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ ১।পৰিৱেশৰ সমস্যা সমাধানৰ বাবে দক্ষতা বৃদ্ধি আৰু পৰিৱেশৰ প্ৰতি দায়িত্বশীল অনুভূতিৰ সৃষ্টি কৰা।

২। পৰিৱেশৰ সমস্যাসমূহ চিনাক্ত কৰা আৰু সমাধানৰ কৌশলসমূহ আয়ত্তকৰণৰ সুবিধা কৰা।

উত্তৰঃবিশ্ব পৰিৱেশ দিৱস ' ৫ জুন তাৰিখে পালন কৰা হয় ।


 ৪। পৰিৱেশ শিক্ষা কিয় গুৰুত্বপূর্ণ ?

উত্তৰঃ পৰিৱেশ শিক্ষাৰ কিয় গুৰূত্বপূৰ্ণ তাৰ সম্পৰ্কে তলত আলোচনা কৰা হ 'ল - 

পৰিৱেশ হৈছে বিভিন্ন প্ৰকৃতিৰ অনবদ্য সৃষ্টি আৰু মানুহে কৰা কেতবোৰ কাৰ্যৰ সংলগ্ন এক অৱস্থা। বয়স, বৃত্তি, ধর্ম নির্বিশেষে সকলো স্তৰৰ লোক পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হয়। পৰিৱেশ এক সার্বজনীন বিষয় আৰু ইয়াৰ কোনো সীমা নাই। যাৰ বাবে পৰিৱেশ অধ্যয়নক বহু শৃংখ লাযুক্ত  বুলি কোৱা হয়। পৰিৱেশ অধ্যয়ন মানৱ জীৱনৰ স্বাস্থ্য, নিৰাপদ বাসস্থান, স্বাস্থ্যসন্মত বসবাস, পৰিষ্কাৰ পানী-বায়ুৰ ব্যৱস্থা, সাৰুৱা ভূমি, ভাল খাদ্য-বস্ত্ৰ আদি বিভিন্ন দিশৰ লগত ওতপ্রোতভাৱে জড়িত। যদি বহিঃবিশ্বৰ জৈৱ-বৈচিত্ৰ অটুট ৰাখিবলৈ বিচৰা হয়।    


৫। পৰিৱেশ শিক্ষাৰ চাৰিটা উদ্দেশ্য লিখা ।

উত্তৰঃৰিৱেশ শিক্ষাৰ চাৰিটা উদ্দেশ্য হ'ল -

। সমগ্ৰ পৰিৱেশ আৰু ইয়াৰ লগত জড়িত সমস্যাসমূহৰ বিষয়ে লোকসকলৰ মাজত মৌলিক জ্ঞান আৰু বুজা শক্তিৰ বিকাশ সাধন কৰা।


২। পৰিৱেশৰ সমস্যাসমূহৰ সমাধানৰ বাবে বিভিন্ন কাৰ্য্যৱলীত অংশগ্ৰহণৰ সুবিধা কৰা।

৩। পৰিৱেশ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ মাজত এক ধনাত্মক দৃষ্টিভংগীৰ ভাৱ গঢ়ি তুলি পৰিৱেশৰ সমস্যা সমাধানত অৰিহণা যোগোৱা।

৪। পৰিৱেশ ৰক্ষা আৰু সমস্যাসমূহৰ মীমাংসাৰ বাবে দায়িত্বশীল আৰু উপযুক্ত পদক্ষেপ গ্ৰহণৰ গুৰুত্ব উপলব্ধি কৰোৱা।


৬। পৰিৱেশ সংৰক্ষণত শিক্ষাৰ ভুমিকা বর্ণনা কৰা ।

উত্তৰঃপৰিৱেশ সংৰক্ষণত শিক্ষাৰ ভুমিকা -

। সাম্প্রতিক কালৰ পৰিৱেশৰ সমস্যাৰ ফলস্বৰূপে জৈৱিক পদাৰ্থৰ ক্ষয় বন্ধ হোৱা, জলমগ্ন অৱস্থা কৃষিভূমিৰ উৰ্বৰতা নিম্নগামী আদিৰ সৃষ্টি হৈছে। এনেবোৰ কথাৰ বিষয়ে সকলো ব্যক্তিকে অৱগত কৰা উচিত আৰু এইক্ষেত্ৰত শিক্ষাই মুখ্য ভূমিকা গ্ৰহণ কৰিছে

 ২। পাৰিপাৰ্শ্বিক অৱনমনৰ অন্তৰালত লুকাই থকা এক প্রধান কাৰক হৈছে জনসংখ্যা বৃদ্ধি। শিক্ষাব্যৱস্থাৰ জৰিয়তে জনসাধাৰণক জনসংখ্যা বৃদ্ধিৰ ভয়াবহতা সম্পর্কে জ্ঞান প্ৰদান কৰি জনসংখ্যা নিয়ন্ত্রণ কৰিবলৈ জ্ঞান প্ৰদান কৰিব পাৰি।

৩৷ পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে শিক্ষানুষ্ঠানসমূহে গছপুলিৰ সংৰক্ষণ, প্রতিপালন, সামাজিক চী বনানীকৰণৰ দৰে কাৰ্যসূচীসমূহ ৰূপায়ণৰ ব্যৱস্থা কৰিব লাগে।

৪। মানুহ হৈছে প্ৰকৃতি আৰু পৰিৱেশৰ অবিচ্ছেদ্য অংশবিশেষ আৰু সেইবাবে মানুহে প্ৰকৃতিৰ নীতি-নিয়ম মানি চলিব লাগে। প্রকৃতি থাকিলেহে মানুহ থাকিব পাৰে। প্ৰকৃতিক ধ্বংস কৰি মানুহৰ অস্তিত্ব ৰক্ষা কৰা আৰু বিকাশ সাধন কৰাটো যে সম্ভৱ নহয় সেই কথা শিক্ষাৰ জৰিয়তে জনগনণক জ্ঞান প্রদান কৰি সজাগতা সৃষ্টি কৰিব লাগে।

৫। পৰিৱেশৰ ক্ষেত্ৰত ব্যক্তি আৰু সমাজৰ লোকৰ নির্বোধ আৰু যুক্তিহীন আচৰণ নিয়ন্ত্ৰণ কৰাৰ বাবে স্থানীয়, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয়ভাৱে বিভিন্ন আইন-কানুনৰ ব্যৱস্থা কৰা হৈছে। শিক্ষাৰ দ্বাৰাই পৰিৱেশ অধ্যয়নৰ এই আইনী ব্যৱস্থা সম্পর্কে জনসাধাৰণক সজাগ কৰি তুলিব পাৰি।


 ৭ । জনসংখ্যা শিক্ষাৰ অৰ্থ লিখা । 

উত্তৰঃজনসংখ্যা শিক্ষা হৈছে এক শৈক্ষিক আঁচনি যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক এটা পৰিয়ালৰ জনসংখ্যাৰ অৱস্থা সম্পৰ্কে, এটা জাতি বা বিশ্বৰ জনসংখ্যাৰ অৱস্থা সম্পর্কে জানিবলৈ দিয়া হয়। এইদৰে লাভ কৰা জ্ঞানৰ যোগেদি তেওঁলোকে জনসংখ্যাৰ অৱস্থা সম্পর্কে যুক্তিপূৰ্ণ, দায়িত্বশীল মনোভাৱ আৰু আচৰণ গঢ়ি তোলে।


৮। জনসংখ্যা শিক্ষাৰ পাঁচটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ

১। জনসংখ্যা বিজ্ঞানৰ মূল নীতিসমূহ বুজি উঠা।

২। দ্রুত জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰৰ বিষয়ে জনা।

৩। দ্রুত জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱ বুজি উঠা।

৪। ব্যক্তিৰ উন্নতি আৰু আৰ্থ-সামাজিক বিকাশৰ মাজৰ নিকট সম্বন্ধ বুজি উঠা।

৫। পৰিৱেশ সন্তুলনৰ অৰ্থ আৰু গুৰুত্ব উপলব্ধি কৰা।


৯। জনসংখ্যা শিক্ষাৰ অধ্যয়ন কিয় গুৰুত্বপুর্ণ ? 

উত্তৰঃজনসংখ্যা শিক্ষা হৈছে এক শৈক্ষিক আঁচনি যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক এটা পৰিয়ালৰ জনসংখ্যাৰ অৱস্থা সম্পৰ্কে, এটা জাতি বা বিশ্বৰ জনসংখ্যাৰ অৱস্থা সম্পর্কে জানিবলৈ দিয়া হয়। এইদৰে লাভ কৰা জ্ঞানৰ যোগেদি তেওঁলোকে জনসংখ্যাৰ অৱস্থা সম্পর্কে যুক্তিপূৰ্ণ, দায়িত্বশীল মনোভাৱ আৰু আচৰণ গঢ়ি তোলে। সীমিত অর্থত বহুতেই জনসংখ্যা শিক্ষাক পৰিয়াল পৰিকল্পনা, জন্ম নিয়ন্ত্রণ শিক্ষা বা যৌন শিক্ষা বুলি অভিহিত কৰে যদিও সেয়া সত্য নহয়। কাৰণ, জনসংখ্যা শিক্ষা কেৱল এটা দিশতেই আৱদ্ধ নহয়।জনসংখ্যা শিক্ষাৰ উদ্দেশ্য কেৱল জনসংখ্যা নিয়ন্ত্ৰণ কৰাটোৱে নহয়— সময়, স্থান আৰু সংস্কৃতিভেদে জনসংখ্যা শিক্ষাৰ উদ্দেশ্য ভিন্ন হোৱা দেখা যায়। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ জনসংখ্যা শিক্ষাৰ এক উদ্দেশ্য হ’ল জনসংখ্যা নিয়ন্ত্ৰণ কৰা আনহাতে জনসংখ্যা বৃদ্ধি কৰাটো হ’ল কানাডাৰ জনসংখ্যা শিক্ষাৰ এক উদ্দেশ্য। দৰাচলতে জনসংখ্যা শিক্ষাৰ চূড়ান্ত লক্ষ্য জীৱনৰ গুণগত মানদণ্ডৰ উন্নতি সাধন কৰা।


১০ । ‘ জনসংখ্যা শিক্ষা ধাৰণাটোৰ নামাকৰণ কোনে কৰিছিল ? 

উত্তৰঃআলভা মিৰদালে।(Alve Myrdol)


১১। জনসংখ্যা শিক্ষাৰ সংজ্ঞা লিখা । 

উত্তৰঃ ভাৰতীয় শিক্ষাবিদ গোপাল ৰাও (Gopal Rao)-ৰ মতে, “জনসংখ্যা শিক্ষা এক শিক্ষা মূলক আঁচনি, যি জনসংখ্যা পৰিস্থিতি অধ্যয়নত সহায় কৰে। দ্রুত জনসংখ্যা বৃদ্ধিয়ে সৃষ্টি কৰি তোলা সমস্যা সম্বন্ধে যুক্তিসংগত সিদ্ধান্ত গ্ৰহণ কৰাত ই ছাত্রসকলক সক্ষম কৰি তোলে। 


১২। শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা কেনেদৰে প্ৰদান কৰিব পাৰি ? 

উত্তৰঃ

১। প্রাথমিক বিদ্যালয় কণ কণ ল’ৰা-ছোৱালীবোৰক ‘সৰু পৰিয়াল সুখী পৰিয়াল’ ধাৰণাৰ জ্ঞান প্ৰদান কৰিব লাগে।

২। মজলীয়া বিদ্যালয় পর্যায়ত শিশুসকলক জনসংখ্যা বৃদ্ধিৰ বুৰঞ্জী আৰু অন্যান্য দেশবোৰৰ লগত ইয়াৰ তুলনাৰ বিষয়ে জ্ঞান প্ৰদান কৰিব লাগে।

৩। এই সমস্যাই দেশ এখনৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত কেনে প্ৰভাৱ পেলায় সেই বিষয়ে ছাত্র-ছাত্রীসকলক বর্ণনা প্ৰদান কৰিব লাগে।

৪। জনসংখ্যা বৃদ্ধিয়ে আমাৰ দৈহিক স্বাস্থ্য, প্রাকৃতিক সম্পদ আৰু দেশৰ পৰিৱেশীয় পৰিস্থিতিত কেনে প্ৰভাৱ পেলায় সেই বিষয়ে ছাত্র-ছাত্রীক জনাব লাগে।

৫। মাধ্যমিক পৰ্যায়ৰ পৰা যৌন শিক্ষাক জনসংখ্যা শিক্ষাৰ অংশ স্বৰূপে প্ৰদান কৰিব লাগে।

৬। মাধ্যমিক পর্যায়ত ল’ৰা-ছোৱালীসকলক ব্যক্তিগত আৰু সামাজিক জীৱনত জনসংখ্যা বৃদ্ধিৰ ভয়াৱহ প্ৰভাৱৰ বিষয়ে জ্ঞাত কৰিব লাগে।



১৩। শাৰীৰিক শিক্ষা মানে কি ? 

উত্তৰঃ শাৰীৰিক শিক্ষাৰ দ্বাৰা মানুহৰ সুস্বাস্থ্য কিদৰে ধৰি ৰাখিব পাৰি সেই সম্পর্কে জ্ঞান লাভ কৰিব পাৰি এই শিক্ষাই বিভিন্ন ৰোগৰ বিষয়ে, এইবোৰৰ কাৰণ আৰু সতর্কতামূলক ব্যৱস্থা ইত্যাদিৰ সম্বন্ধে জনাব পাৰে।

১৪। শাৰীৰিক শিক্ষাৰ সংজ্ঞা আগবঢ়োৱা । 

উত্তৰঃ  চাৰ্লচ এ. বাছেৰ (Charles A. Bacher)ৰ মতে “শাৰীৰিক শিক্ষা হ’ল সম্পূৰ্ণ শিক্ষা প্ৰক্ৰিয়াটোৰ এক অপৰিহাৰ্য অংশ আৰু ইয়াৰ লক্ষ্য হ’ল শাৰীৰিক কাৰ্যৰ মাধ্যমেৰে শাৰীৰিক, মানসিক, আৱেগিক আৰু সামাজিকভাৱে সুস্থ নাগৰিক বিকশাই তোলা । 


১৫। শাৰীৰিক শিক্ষাৰ চাৰিটা উদ্দেশ্য লিখা । 

উত্তৰঃ   শাৰীৰিক শিক্ষাৰ চাৰিটা উদ্দেশ্য হ'ল -

(১) সামগ্ৰিক ৰূপত ব্যক্তিৰ বিকাশ সাধন কৰা।

(২) শিশুৰ ভাৰসাম্য ব্যক্তি সত্বাৰ বিকাশ সাধন কৰা৷

(৩) শিশুসকলৰ গণতান্ত্রিক, সামাজিক আৰু নৈতিক গুণসমূহৰ বিকাশ সাধন কৰা।

(৪) ধৈর্য, আত্ম নিয়ন্ত্রণ, সাহস, সহযোগিতা, সহানুভূতি আৰু নেতৃত্ব আদিৰ দৰে গুণসমূহ         বিকশাই তোলা। 

(৫) সু অভ্যাস বিকশাই তোলা আৰু নিয়মিতভাৱে ব্যায়াম আৰু খেলা-ধুলা কৰা।

(৬) শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আৰু নৈতিকভাৱে সুস্থ নাগৰিকৰ সৃষ্টি কৰা।



১৬। শাৰীৰিক শিক্ষাৰ তিনিটা প্রয়ােজনীয়তা লিখা । 

উত্তৰঃশাৰীৰিক শিক্ষাৰ তিনিটা প্রয়ােজনীয়তা হ'ল -

১। আত্মবিশ্বাস বৃদ্ধি কৰা: খেলা-ধুলা আদিৰ দৰে শাৰীৰিক কাৰ্যবোৰে ছাত্ৰ-ছাত্ৰীসকলৰ আত্মবিশ্বাস আৰু সদৰ্থক মনোভাৱ বিকশাই তোলে। খেল-ধেমালি, সমৰ-কলা, নৃত্য আদিত কৰা অংশ গ্রহণে স্বাভাৱিকতেই ব্যক্তি এজনৰ সামগ্ৰিক ব্যক্তিত্ব বিকশাই তোলে।

২। স্বাস্থ্য আৰু পুষ্টি সম্বন্ধে সজাগতা সৃষ্টি: শাৰীৰিক শিক্ষাৰ জৰিয়তে দৈহিক আৰু মানসিক স্বাস্থ্যৰ সকলোবোৰ দিশৰ বিষয়ে উপযুক্ত জ্ঞান লাভ কৰিব পাৰি। ইয়ে সুস্থ খাদ্যাভ্যাস বিকশাই তোলে আৰু পুষ্টি সম্বন্ধে নির্দেশনা প্রদান কৰে।

৩। খেলুৱৈসুলভ আৰু দলীয় মনোভাৱৰ বিকাশ: শাৰীৰিক কাৰ্যাৱলী বিশেষকৈ খেলা-ধুলাত অংশ গ্রহণে ছাত্ৰীসকলৰ মনত খেলুৱৈসুলভ আৰু দলীয় মনোভাৱৰ বিকাশ সাধন কৰিব পাৰে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ যোগাযোগ কৌশলৰো বিকাশ সাধন কৰিব পাৰি।

৪। সঞ্চালনমূলক কৌশলৰ বিকাশ সাধন: শাৰীৰিক শিক্ষাৰ জৰিয়তে সঞ্চালনমূলক কৌশলৰো বিকাশ সাধন কৰিব পাৰি। খেলা-ধুলা তথা অন্যান্য শাৰীৰিক কাৰ্যাৱলীত অংশগ্রহণে ছাত্ৰ-ছাত্ৰীৰ সঞ্চালন ক্ষমতা বিকশাই তুলিব পাৰে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সু-স্বাস্থ্য বিকশাই তুলিব পাৰি আৰু তাত-চক্ৰৰ সমন্বয় সাধন কৰিব পাৰি।



১৭। শাৰীৰিক শিক্ষা সম্বন্ধে কোঠাৰী আয়ােগৰ পাঁচটা পৰামর্শ লিখা । 

উত্তৰঃ

১।আত্মবিশ্বাস বৃদ্ধি কৰা: খেলা-ধুলা আদিৰ দৰে শাৰীৰিক কাৰ্যবোৰে ছাত্ৰ-ছাত্ৰীসকলৰ আত্মবিশ্বাস আৰু সদর্থক মনোভাৱ বিকশাই তোলে। খেল-ধেমালি, সমৰ-কলা, নৃত্য আদিত কৰা অংশ গ্রহণে স্বাভাৱিকতেই ব্যক্তি এজনৰ সামগ্রিক ব্যক্তিত্ব বিকশাই তোলে।

২। স্বাস্থ্য আৰু পুষ্টি সম্বন্ধে সজাগতা সৃষ্টি: শাৰীৰিক শিক্ষাৰ জৰিয়তে দৈহিক আৰু মানসিক স্বাস্থ্যৰ সকলোবোৰ দিশৰ বিষয়ে উপযুক্ত জ্ঞান লাভ কৰিব পাৰি। ইয়ে সুস্থ খাদ্যাভ্যাস বিকশাই তোলে আৰু পুষ্টি সম্বন্ধে নির্দেশনা প্রদান কৰ।

৩। খেলুৱৈসুলভ আৰু দলীয় মনোভাৱৰ বিকাশ: শাৰীৰিক কাৰ্যাৱলী বিশেষকৈ খেলা-ধুলাত অংশ গ্রহণে ছাত্ৰীসকলৰ মনত খেলুৱৈসুলভ আৰু দলীয় মনোভাৱৰ বিকাশ সাধন কৰিব পাৰে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ যোগাযোগ কৌশলৰো বিকাশ সাধন কৰিব পাৰি ৷

৪। সঞ্চালনমূলক কৌশলৰ বিকাশ সাধন: শাৰীৰিক শিক্ষাৰ জৰিয়তে সঞ্চালনমূলক কৌশলৰো বিকাশ সাধন কৰিব পাৰি। খেলা-ধুলা তথা অন্যান্য শাৰীৰিক কাৰ্যাৱলীত অংশগ্রহণে ছাত্ৰ-ছাত্ৰীৰ সঞ্চালন ক্ষমতা বিকশাই তুলিব পাৰে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সু-স্বাস্থ্য বিকশাই তুলিব পাৰি আৰু হাত-চকুৰ সমন্বয় সাধন কৰিব পাৰি।

৫। স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব প্রদান: শাৰীৰিক শিক্ষাৰ শ্ৰেণীসমূহে ব্যক্তিগত স্বাস্থ্যবিজ্ঞান আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো গুৰুত্ব দিয়ে। ইয়ে শিক্ষার্থীসকলক স্বাস্থ্যবিজ্ঞানৰ গুৰুত্ব উপলব্ধি কৰাত আৰু বাস্তৱ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰাৰ বাবে আগ্রহী কৰি তোলে।



১৮। বিদ্যালয়ত কেনেদৰে শাৰীৰিক শিক্ষা প্রদান কৰিব পাৰি ? 

উত্তৰঃ

১। শাৰীৰিক শিক্ষাৰ কাৰ্যসূচী অংশগ্ৰহণকাৰীসকলৰ আগ্ৰহ আৰু সামর্থ্যৰ ভিত্তিত প্ৰস্তুত কৰিব লাগে।

 ২। আমাৰ দেশত পৰম্পৰাগতভাৱে চলি অহা খেল-ধেমালি আৰু দৈহিক কাৰ্যসূচীসমূহত গুৰুত্ব প্ৰদান কৰা উচিত।

৩। শাৰীৰিক শিক্ষাৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীয়ে প্রত্যেক শিক্ষাৰ্থীৰ মনত সমাজৰ এজন সদস্যহিচাপে নিজৰ মূল্য কিমান এক      উপলব্ধি কৰাত আৰু গৌৰৱ অনুভৱ কৰাত সহায় কৰিব লাগে।


১৯। মূল্যবােধ মানে কি ?

উত্তৰঃ আচৰণ আৰু চিন্তাৰ বিমূৰ্ত আৰু সাধাৰণকৃত ৰূপ যাৰ প্ৰতি মানুহ অত্যন্ত আবেগিক আৰু ইতিবাচকভাৱে প্ৰতিশ্ৰুতিবদ্ধ হয় আৰু যি অন্য মানুহৰ কাম-কাজ, বিচাৰ-বিবেচনা আৰু লক্ষ্যৰ মানদণ্ডৰূপে স্বীকৃত হয়


 ২০। মূল্যবােধ শিক্ষা কাক বােলে ? 

উত্তৰঃমূল্য়বোধ হ'ল - আচৰণ আৰু চিন্তাৰ বিমূৰ্ত আৰু সাধাৰণকৃত ৰূপ যাৰ প্ৰতি মানুহ অত্যন্ত আবেগিক আৰু ইতিবাচকভাৱে প্ৰতিশ্ৰুতিবদ্ধ হয় আৰু যি অন্য মানুহৰ কাম-কাজ, বিচাৰ-বিবেচনা আৰু লক্ষ্যৰ মানদণ্ডৰূপে স্বীকৃত হয়। 



২১। মূল্যবােধৰ প্ৰকাৰবােৰ উল্লেখ কৰা । 

উত্তৰঃমূল্যবােধৰ প্ৰকাৰবােৰ তলত উল্লেখ কৰা হ'ল -

নৈতিক মূল্যবোধ [Moral Values]: শুদ্ধ-অশুদ্ধ বিচাৰৰ ক্ষেত্ৰত এজন ব্যক্তিৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ লগত জড়িত মূল্যবোধ হ’ল নৈতিক মূল্যবোধ। কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত নৈতিক মূল্যবোধে সহায় কৰে। এই মূল্যবোধে মানুহৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰ প্ৰভাৱিত কৰে।

২। সৌন্দর্যবোধক মূল্যবোধ [Aesthetic Values]: কোনো বস্তু বা বিষয়ৰ ক্ষেত্ৰত ব্যক্তিয়ে উপলব্ধি কৰা সৌন্দর্যই হ’ল সৌন্দর্যবোধক মূল্যবোধ। দার্শনিক প্লেটোৱে সৌন্দৰ্যবোধত বিশ্বাস কৰিছিল। এই মূল্যবোধ সম্পূৰ্ণৰূপে মানুহৰ মনৰ ওপৰত নিৰ্ভৰশীল। সৃষ্টিশীল আৰু কল্পনাশীল মনোভাৱৰ দ্বাৰা উদ্বুদ্ধ হোৱাকে সৌন্দৰ্যবোধক মূল্যবোধ বোলে।

৩। অর্থনৈতিক মূল্যবোধ [Economic Values]: অর্থ বা ধনৰ লগত জড়িত মূল্যবোধ হ’ল অর্থনৈতিক মূল্যবোধ। সাধাৰণতে টকা বা বস্তুৰ মাজতো আমি মূল্য বিচাৰি পাওঁ ; কিয়নো, ই আমাৰ প্ৰয়োজন পূৰণ কৰে। বস্তুবাদী মানসিকতা আৰু অৰ্থলিপ্সা এই মূল্যবোধৰ অন্তৰ্গত।

৪। স্বাস্থ্য আৰু দৈহিক মূল্যবোধ [Health and Bodily Values]: এই মূল্যবোধ স্বাস্থ্য বা দৈহিক সক্ষমতা, খেল আৰু দৈহিক প্রয়োজনস্বৰূপ ভোগ, ক্ষুধা, আৰাম, যৌনতা আদিৰ সন্তোষজনক অৱস্থাৰ লগত সম্বন্ধিত। দৈহিক স্বাস্থ্যৰ লগতে এই প্ৰকাৰৰ মূল্যবোধে মানসিক স্বাস্থ্যকো অন্তর্ভুক্ত কৰে।

৫। বৌদ্ধিক মূল্যবোধ [Intellectual Values]: কোনো বস্তু বা কাৰ্যৰ সত্যতাৰ উদঘাটন বা সত্যতা ঢাকি ৰখাৰ ক্ষেত্ৰত এই মূল্যবোধ প্ৰয়োগ কৰা হয়



২২। মূল্যবােধ শিক্ষা কিয় প্রয়ােজনীয় ? 

উত্তৰঃ অতীতৰ সভ্য়তা - সংস্কৃতিবোৰক বাদ দি বৰ্তমানক আদৰিব খোজোঁ,তেতিয়া সমাজৰ মূল্যবোধৰ অৱক্ষয় ঘটিব। সেয়েহে অতীতৰ সভ্যতা-সংস্কৃতিখিনিক ধৰি ৰাখিবৰ বাবে সমাজত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব বহু পৰিমাণে আছে।

    মূল্য়বোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্বন্ধে তলত আলোচনা কৰা হ'ল -

 ১। ব্যক্তিত্বৰ বিকাশ সাধন [Development of Personality]: সাধাৰণভাৱে মানৱ জীৱনৰ পুৰুষাৰ্থ আৰু বিশেষকৈ ব্যক্তিত্ব বিকাশৰ বাবে মূল্যবোধ শিক্ষা অতি প্রয়োজনীয়। মূল্যবোধ শিক্ষাৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী কৰি গঢ়ি তোলা। গতিকে সমাজৰ সুস্থ পৰিচালনা আৰু ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্বৰ বিকাশৰ বাবে মূল্যবোধ শিক্ষা প্রয়োজনীয়। এই শিক্ষাৰ যোগেদি ছাত্ৰ-ছাত্ৰীৰ দৈহিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক আদি দিশৰ বিকাশ সম্ভৱ হৈ উঠে।

২। নৈতিক গুণৰ বিকাশ [Development of Moral Qualities]: বর্তমান সমাজ ব্যৱস্থালৈ লক্ষ্য কৰিলে দেখা যায় যে বর্তমান সমাজত বহু পৰিমাণে নৈতিকতাৰ স্খলন ঘটিছে। গতিকে সমাজৰ এনে নৈতিকতাৰ স্খলন নোহোৱা কৰি ছাত্ৰ-ছাত্ৰীৰ মনত নৈতিকতাৰ গুণসমূহ বিকাশৰ বাবে মূল্যবোধ শিক্ষা প্রয়োজনীয়। মূল্যবোধ শিক্ষাৰ যোগে ছাত্ৰ-ছাত্ৰীয়ে সততা, সাধুতা, আত্ম নিয়ন্ত্রণ, দায়িত্বশীল, আত্ম নিৰ্ভৰশীল, অনুশাসন আদি নৈতিক গুণসমূহ বিকশাই তুলিব পাৰে।

৩। ছাত্রক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰা [Preparing Students for Future]: কেৱল জ্ঞান আহৰণ কৰাটোৱে শিক্ষাৰ একমাত্র লক্ষ্য হ'ব নোৱাৰে। শিক্ষাৰ মূল লক্ষ্য হ’ব লাগে জ্ঞান আহৰণ কৰাৰ লগতে নৈতিক মূল্যবোধৰ বিকাশ সাধন কৰা। সমাজৰ ভাল অভিভাৱক আৰু সুনাগৰিক স্বৰূপে নিজক গঢ়ি তুলিবৰ বাবে মূল্যবোধ শিক্ষাৰ প্ৰয়োজন।

৪। সমাজৰ বেয়া প্ৰভাৱ পৰিহাৰ [Counter Bad Habits in Society ] : যুৱ প্ৰজন্মৰ এনে বহুতো আদৰ্শৰ ব্যক্তি আছে যিসকলে সমাজত বহুতো বেয়া কার্য যেনে— যৌন অপৰাধ, নাৰীৰ মৰ্যাদা হানি, ৰাগিয়াল দ্রব্য সেৱন আদি কৰা দেখা যায়। এইবোৰৰ প্ৰভাৱে যুৱ সমাজকো বিপথে পৰিচালিত কৰে। এই বেয়া প্ৰভাৱ নোহোৱা কৰিবৰ বাবে মূল্যবোধ ভিত্তিক শিক্ষাৰ প্রয়োজন অনস্বীকার্য।

।সাংস্কৃতিক পৰম্পৰা ৰক্ষা [Preservation of Cultural Heritage]: মূল্যবোধ শিক্ষাৰ যোগে সমাজৰ সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰিব পৰা যায়। ব্যক্তিৰ মনত ই চিৰন্তন সত্য আৰু সুন্দৰৰ মনোভাৱ সৃষ্টি কৰিব পাৰে।


 


২৩। মূল্যবােধ শিক্ষাৰ সংজ্ঞা দিয়া । 

উত্তৰঃ আলপোর্ট (Allport)-ৰ মতে, “মূল্যবোধ হ'ল এজন মানুহে অগ্রাধিকাৰৰ দ্বাৰা কৰি যোৱা কৰ্মৰাজিৰ ওপৰত বিশ্বাস" (Value is a belief upon which a man acts by preference)।


২৪। শিক্ষানুষ্ঠানত মূল্যবােধ শিক্ষা কিদৰে প্ৰদান কৰিব পাৰি ? 

উত্তৰঃ শিক্ষা ব্যৱস্থাত পাঠ্যক্ৰমৰ মাধ্যমেৰে ধৰ্মীয় শিক্ষা আৰু সামাজিক মূল্যবোধ । ছাত্ৰ-ছাত্ৰীৰ মাজত নৈতিক, আধ্যাত্মিক শিক্ষা আৰু সামাজিক মূল্যবোধ কেনেকৈ জগাই তুলিব পাৰি তাৰ কথা উল্লেখ কৰিছে। ছাত্র-ছাত্রীসকলক প্রাক্-প্রাথমিক পৰ্যায়ৰ পৰা উচ্চ পর্যায়লৈকে শিক্ষাৰ স্তৰ অনুসৰি মূল্যবোধৰ শিক্ষা প্রদান কৰিব লাগে। 

তলত এই বিষয়ে আলোচনা কৰা হ'ল।

১। প্রাক্-প্রাথমিক পর্যায়ত মূল্যবোধ শিক্ষা : প্রাক্‌-প্রাথমিক শিক্ষা পৰ্যায়ত সংকীর্ণ মূল্যবোধৰ ধাৰণা। যেনে— সত্য, শুদ্ধ, শান্তি, প্ৰেম আৰু অহিংসা আদিৰ জ্ঞান প্ৰদান কৰিব লাগে। এই জ্ঞান কণ কণ শিশুসকলক পাঠ্যক্রমিক আৰু সহ-পাঠ্যক্রমিক দিশেৰে প্ৰদান কৰিব লাগে।

২। প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত মূল্যবোধ শিক্ষা : শিক্ষাৰ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত মূল্যবোধৰ শিক্ষা পাঠ্যক্ৰমিক আৰু সহ-পাঠ্যক্রমিক কাৰ্যসূচীৰে প্ৰদান কৰিব পাৰি৷



২৫। মহিলা সবলীকৰণৰ সংজ্ঞা দিয়া । 

উত্তৰঃচি. নাংব্রি (C. Nongbri)-ৰ মতে— “ভাৰতীয় প্ৰসংগত সবলীকৰণ মানে হ’ল জ্ঞাত পছন্দবোৰ বাছি ল’বলৈ মহিলাৰ ক্ষমতা উন্নীতকৰণ কৰা আৰু তেওঁলোকৰ অর্থনৈতিক আৰু ঘৰুৱা পৰিৱেশ দক্ষতাৰে চম্ভালি লোৱাৰ ক্ষমতা বৃদ্ধি কৰা।” 


২৬। মহিলা সবলীকৰণ মানে কি ? 

উত্তৰঃমহিলা সবলীকৰণ হৈছে - মহিলা সকলৰ অৱস্থাৰ পৰিবৰ্তন ঘটোৱা এক প্ৰ়ক্ৰিয়া।সবলীকৰণ শব্দৰ আভিধানিক অৰ্থ হৈছে বলী বা সবল কৰি তোলা। সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, অর্থনৈতিক, শৈক্ষিক ইত্যাদি বিভিন্ন ক্ষেত্ৰত এই সবলীকৰণ শব্দৰ ব্যাপক প্রয়োগ হয়। মহিলাৰ ক্ষেত্ৰত এই সবলীকৰণৰ ধাৰণাই মহিলাসকলক চাৰিওফালৰ পৰা সবল কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়ে ৷ 


২৭। মহিলা সবলীকৰণৰ তিনিটা উদ্দেশ্য উল্লেখ কৰা । 

উত্তৰঃ মহিলা সবলীকৰণৰ তিনিটা উদ্দেশ্য তলত উল্লেখ কৰা হ'ল -

১। আর্থিক স্বাৱলম্বিতাৰ বিকাশ [Development of Economic self sufficiency]: নাৰী সবলীকৰণৰ এক বিশেষ দিশ হ’ল অর্থনৈতিক স্বাৱলম্বিতা। পুৰুষৰ শোষণ, পীড়ন, দমনৰ পৰা নিজকে মুক্ত কৰিবলৈ হ'লে নাৰীসকল অর্থনৈতিকভাৱে স্বাৱলম্বী হোৱাটো প্রয়োজন। সেইবাবে আর্থিক স্বাৱলম্বিতাৰ বিকাশকো নাৰী সৱলীকৰণৰ উদ্দেশ্য হিচাপে বিবেচনা কৰা হয়।

২। ৰাজনৈতিক ক্ষমতা প্রদান [Giving Political Power]: কোনো এখন দেশৰ ৰাজনৈতিক ক্ষেত্ৰত সুস্থিৰ অৱস্থা আনিবলৈ হ’লৈ পুৰুষৰ সমানে নাৰীসকলকো ৰাজনৈতিক ক্ষমতা প্রদান কৰিব লাগে। নাৰীসকলক ৰাজনৈতিক ক্ষমতা প্ৰদানৰ যোগেদি নাৰীসকলৰ মন আৰু আচৰণ সবল তথা শক্তিশালী কৰিব পাৰি।

৩। শিক্ষাৰ সম-অধিকাৰ আৰু সুবিধা প্রদান [Giving equal right and opportunity of education]: জৱাহৰলাল নেহৰুৱে কৈছিল, “ল’ৰাৰ শিক্ষা কেৱল এজনৰ বাবে, কিন্তু ছোৱালীৰ শিক্ষা সমগ্ৰ পৰিয়ালৰ লোকৰ বাবে”— এই বাক্যশাৰীৰ জৰিয়তে আমি শিক্ষাক্ষেত্ৰত নাৰীক সমান অধিকাৰ আৰু সুবিধা প্ৰদানৰ গুৰুত্ব উপলব্ধি কৰিব পাৰোঁ। শিক্ষাৰদ্বাৰা নাৰীসকলৰ মনত আত্মবিশ্বাসৰ ভাব আৰু আচৰণ গঢ়ি তুলিব পাৰি।

৪। সুপ্ত অন্তর্নিহিত ক্ষমতাৰ বিকাশ আৰু স্বীকৃতি [Development and recognition of native potentiality]: বিভিন্ন সমস্যাৰ বাবে নাৰীসকলে নিজৰ অন্তর্নিহিত সুপ্ত প্রতিভা আৰু ক্ষমতাসমূহ দমন কৰি ৰাখিবলগীয়া হয়। ইয়ে মানৱ ক্ষমতাৰ বিকাশত বাধা দিয়ে। দেশৰ সকলো নাগৰিকৰ ক্ষমতাসমূহ বিকশাই তুলি স্বীকৃতি প্রদান কৰিব পাৰিলেহে দেশ এখন প্ৰগতিৰ পথত আগুৱাই যাব।



২৮। নাৰী সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি ’ কোন চনত গ্ৰহণ কৰা হয় ?

উত্তৰঃনাৰী সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি ’ ২০০১ চনত গ্ৰহণ কৰা হয় ।

 

২৯। “ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ’ কোন তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ “ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ’ ৮ মাৰ্চ   তাৰিখে পালন কৰা হয়।


৩০। মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা বর্ণনা কৰা ।

উত্তৰঃশিক্ষা হৈছে সমাজ পৱিবৰ্তনৰ এক শক্তিশালী আহিলা। সমাজ পৰিৱৰ্তনৰ আহিলাস্বৰূপে শিক্ষাই দুটা কাম কৰে। ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ বাবে চেষ্টা কৰে আৰু তেওঁক সমাজৰ যোগ্য ব্যক্তি হিচাপে প্রস্তুত কৰি তোলে। মহিলাসকলক সবল কৰি তোলাৰ ক্ষেত্ৰতো শিক্ষাৰ ভূমিকা অপৰিসীম। নাৰীসকলক সর্বতোপ্ৰকাৰে সবলীকৰণ কৰাত শিক্ষাৰ প্ৰভাৱ অনস্বীকার্য। সেয়েহে এসময়ৰ প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰুৱে কৈছিল যে “এজন পুৰুষক শিক্ষা দিয়া আৰু এগৰাকী নাৰীক শিক্ষা দিয়া মানে গোটেই পৰিয়ালটোকে শিক্ষা দিয়া। নাৰী সবলীকৰণ মানে ভাৰত মাতৃৰ সবলীকৰণ”। শিক্ষাৰ সহায়ত নাৰীসকলে নিজৰ জীৱন বিকশাই তোলাৰ সঠিক গতিপথৰ সন্ধান পায়। শিক্ষাই তেওঁলোকক স্বাধীন জীৱনৰ মূল্য উপলব্ধিত সহায় কৰে। এখন গণতান্ত্রিক সমাজত থকা সকলোধৰণৰ সা-সুবিধা লাভৰ ক্ষেত্ৰতো নাৰীসকলক শিক্ষাই সহায় কৰে। শিক্ষাৰদ্বাৰা নাৰীসকলৰ সুপ্ত সম্ভাৱনীয়তা বিকাশ কৰিব পাৰে, ব্যক্তিসত্ত্বাৰ বিকাশ কৰিব পাৰি আৰু আত্ম স্বীকৃতিৰে নাৰীসকলক উন্নতিৰ শিখৰলৈ আগুৱাই নিব পাৰি। নাৰীৰ সামাজিক-সাংস্কৃতিক মর্যাদা বৃদ্ধিতো শিক্ষাই ভূমিকা গ্ৰহণ কৰে। মানৱ সমাজত সভ্যভাৱে জীয়াই থাকিবৰ বাবে বিভিন্ন আইনী ব্যৱস্থাৰ প্ৰয়োজন। নাৰীসকলক এই বিষয়েও জ্ঞান প্রদান কৰিব পাৰি কেৱল শিক্ষা ব্যৱস্থাৰদ্বাৰাহে। অর্থাৎ নাৰীৰ সবলীকৰণত শিক্ষা হ’ল এক আৱশ্যকীয় আহিলা।

নাৰীসকলৰ সবলীকৰণৰ বাবে শিক্ষানুষ্ঠানসমুহত বিভিন্নধৰণৰ ব্য়ৱজস্থা গ্ৰহণ কৰা হৈছে -

    ১। সার্বজনীন প্রাথমিক শিক্ষাৰ উপৰিও নাৰীসকলক উচ্চশিক্ষা লাভৰ বাবে উৎসাহিত কৰিবলৈ‘পৰামৰ্শ কোষ’ (Guidance Cell) শিক্ষানুষ্ঠানসমূহত স্থাপন কৰিব লাগে। 

২।পাঠ্যক্ৰমত নাৰীসকলৰ মনোযোগ আকৰ্ষণ কৰিব পৰা বিভিন্ন বিষয় অন্তর্ভুক্ত কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকলক বিশ্বৰ মহীয়সী নাৰীৰ জীৱন আৰু সামাজিক অৱদান সম্বন্ধীয় ৰচনাৱলী অধ্যয়নকৰিবলৈ দিব লাগে।

৩। বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষাৰে ছাত্রীসকলক আগ্রহ, অভিৰুচি অনুযায়ী প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে।

৪।উচ্চতৰ মাধ্যমিক স্তৰৰ পৰাই ‘লিংগ বিষয়ক অধ্যয়ন' এটা বাধ্যতামূলক বিষয় হিচাপে ছাত্র-ছাত্ৰীসকলক অধ্যয়ন কৰিবলৈ দিব লাগে।

৫।নাৰীসকলৰ বাবে চৰকাৰী-বেচৰকাৰী ভাৱে বিশেষভাৱে প্ৰস্তুত কৰা অধিকাৰ আৰু আইন সম্পৰ্কীয় সাধাৰণ জ্ঞান ছাত্র-ছাত্ৰীসকলক দিয়া উচিত।

৬।নিয়োগৰ ক্ষেত্ৰত নাৰীসকলক তেওঁলোকৰ পছন্দৰ ক্ষেত্ৰসমূহ নিয়োজিত কৰিবলৈ তথা জ্ঞাত কৰিবলৈ যোগ্যৱান কৰি তুলিব লাগিব।



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)









Answer By: Himashree Bora.