উইলিয়াম শ্যেইক্ছপীয়েৰ


জানি থওঁ আহা ঃ

              শ্যেইকছপীয়েৰে ৰচনা কৰা কেইখনমান নাটক

 কমেডী

 ট্ৰেজেডী

দ্য মাৰ্চেন্ট অব ভেনিচ

এজ ইউ লাইক ইট

এ মিড চামাৰ নাইটচ ড্ৰিম

মিজাৰ ফৰ মিজাৰ

এ উইণ্টাৰচ টেল

দ্য টেমপেষ্ট

ৰোমিঅজুলিয়েট

হেমলেট

অথেল'

কিং লিয়েৰ

মেকবেথ

এন্টনি আৰু ক্লিঅ'পেট্ৰা

 


১) প্ৰথমে কোৱা, তাৰ পাছত লিখাঁ ঃ

ক) ইংলেণ্ডৰ জাতীয় কবি আখ্যা পোৱা কবিজন কোন?

উত্তৰঃ ইংলেণ্ডৰ জাতীয় কবি আখ্যা পোৱা কবিজনৰ নাম উইলিয়াম শ্যেইক্ছপীয়েৰ। 

খ) তেওঁ “ছনেট” শ্ৰেণীৰ কিমানটা কবিতা ৰচনা কৰিছিল? 'ছনেট'ৰ বিষয়ে এটি টোকা লিখাঁ।

উত্তৰঃ তেওঁ 'ছনেট' শ্ৰেণীৰ 'এশ চৌৱনটা' কবিতা ৰচনা কৰিছিল। 

গ) নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰোঁতে শ্যেইক্ছপীয়েৰে কি অসুবিধা পাইছিল আৰু কিয়?

উত্তৰঃ যেতিয়া নাটক ৰচনাত হাত দি সফলকাম হৈছিল তেতিয়া সেই সময়ৰ লণ্ডনৰ ৰবাৰ্ট গ্ৰীণ নামৰ নাট্যকাৰজনে শ্যেইক্ছপীয়েৰৰ সফলতাত ঈৰ্ষান্বিত হৈ "আমাৰ পাখিৰে নিজকে সুন্দৰকৈ সজোৱা মাটি ফুটি ওলোৱা কাউৰী" আখ্যা দি হাঁহিছিল। কিন্তু শ্যেইক্ছপীয়েৰৰ এই যাত্ৰা আছিল অপ্ৰতিৰোধ্য। তেওঁ ইখনৰ পাছত সিখনকৈ সৰ্বমুঠ সাতত্ৰিছখন নাটক ৰচনা কৰিলে। সোতৰখন কমেডী নাটক, দহখন ট্ৰেজেডী নাটক আৰু দহখন বুৰঞ্জীমূলক নাটকেৰে অবিসম্বাদী নাট্যকাৰ হিচাপে প্ৰসিদ্ধি লাভ কৰে।    

ঘ) তেওঁ কিমানখন নাটক লিখিছিল আৰু সেইবোৰ কেনেধৰণৰ নাটক আছিল?  তেওঁ লিখা কেইখনমান নাটকৰ নাম লিখাঁ।

উত্তৰঃ তেওঁ সৰ্বমুঠ সাতত্ৰিছখন নাটক লিখিছিল আৰু সেইবোৰৰ সোতৰখন কমেডী নাটক, দহখন ট্ৰেজেডী নাটক আৰু দহখন বুৰঞ্জীমূলক নাটক ৰচনা কৰে। তেওঁ লিখা নাটক কেইখনমানৰ নাম- মিজাৰ উৰ মিজাৰ, হেমলেট, অথেল', মেকবেথ আদি।  

ঙ) শ্যেইক্ছপীয়েৰৰ পাৰিবাৰিক জীৱনৰ বিষয়ে এটি টোকা যুগুত কৰাঁ।

উত্তৰঃ শ্যেইক্ছপীয়েৰৰ জন্ম হৈছিল লণ্ডনৰ পৰা ১১০ মাইল দূৰৈত অৱস্থিত এখন শুৱনি আৰু ৰোমান্টিক ঠাই ষ্ট্ৰেটফ'ৰ্ড - আপন - এভনত, ১৫৬৪ চনত। দেউতাক জন শ্যেইক্ছপীয়েৰ আছিল এজন চহকী ব্যৱসায়ী। মাক মেৰী আৰ্ডেন আছিল ধনী কৃষকৰ জীয়াৰী। মাক দেুতাকৰ প্ৰথম সন্তান উইলিয়ামে ষ্ট্ৰেটফ'ৰ্ড গ্ৰামাৰ স্কুলত স্কুলীয়া শিক্ষা আৰম্ভ কৰে। স্কুলত তেওঁ লেটিন ভাষা আৰু সাহিত্য অধ্যয়ন কৰে। সেই সময়ত লেটিন এটা অতি  গুৰুত্বপূৰ্ণ সংযোগী ভাষা আছিল। ছাত্ৰ হিছাপে তেওঁ অধ্যয়নপিপাসু মনৰ ছাত্ৰ আছিল। উইলিয়ামৰ চৈধ্য বছৰমান বয়সত দেউতাকৰ ব্যৱসায়ত হাত আগবঢ়ায়। ১৫৮২ চনত তেওঁ এনি হেথাৱেৰ লগত বিবাহপাশত আৱদ্ধ হয়। চুযানা, জুদিথ আৰু হেমনেট নামৰ তিনিটা সন্তানৰ পিছতে লণ্ডনলৈ উঠি আহে। ইয়াৰ পাছতে তেওঁ সাহিত্যিক জাৱন আৰম্ভ হয়।   

২) কোনে, কাক, কেতিয়া কৈছিল লিখাঁ ঃ

“আমাৰ পাখিৰে নিজকে সুন্দৰকৈ সজোৱা মাটি ফুটি ওলোৱা কাউৰী ।” 

উত্তৰঃ যেতিয়া শ্যেইক্ছপীয়েৰে সাহিত্যত প্ৰসিদ্ধি লাভ কৰে তেতিয়া লণ্ডনৰ ৰবাৰ্ট গ্ৰীণ নামৰ নাট্যকৰ জনে শ্যেইক্ছপীয়েৰক কৈছিল। 

৩) চমুটোকা লিখাঁ ঃ

(ক) নাটক    (খ) কমেডী    (গ) ট্ৰেজেডী    (ঘ) গ্ল'ব থিয়েটাৰ

ক) নাটক ঃয'ত এজন সাহিত্যিকে নিজৰ কল্পনাৰে এটা দীঘলীয়া মূহুৰ্ত ৰচনা কৰি আমাৰ আগত মঞ্চস্থ কৰে সেয়াই নাটক। কিছু নাটক কমেডীৰ হয় কিছু হয় ট্ৰেজেডী।

খ) কমেডী ঃযিবোৰ কবিতা, গল্প আনন্দদায়ক হয় সেইবোৰক কমেডী নাটক বুলি জনা যায়।শ্যেইক্ছপীয়েৰে সোতৰখন কমেডী নাটক ৰচনা কৰে। তেওঁৰ এখন কমেডী নাটকৰ নাম মিজাৰ ফৰ মিজাৰ। 

গ) ট্ৰেজেডী ঃযিবোৰ নাট বা কবিতা, গল্প কৰুণাময়, য'ত দুখ প্ৰকাশ পায় সেইবোৰক ট্ৰেজেডী নাটক বোলে। শ্যেইক্ছপীয়েৰে ৰচনা কৰা ট্ৰেজেডী নাট হ'ল -হেমলেট ,অথেল' আদি। তেওঁ মুঠতে দহখন ট্ৰেজেডী নাটক ৰচনা কৰে।

ঘ) গ্ল’ব থিয়েটাৰ ঃগ্ল'ব থিয়েটাৰত শ্যেইক্ছপীয়েৰৰ অৱদান উল্লেখনীয়। লণ্ডনৰ বিখ্যাত 'গ্ল'ব থিয়েটাৰ' শ্যেইক্ছপীয়েৰৰে অৱদান। এই গ্ল'ব থিয়েটাৰতে তেওঁৰ 'জুলিয়াছ চাজাৰ' নামৰ নাটকখন ১৫৯৯ চনত প্ৰথমবাৰৰ বাবে মঞ্চস্থ হৈছিল। 

৪) বাক্য ৰচনা কৰাঁ ঃ

তোলপাৰ,    সখলকাম,    মূৰ দোঁওৱা।

তোলপাৰঃ শ্যেইক্ছপীয়েৰে সাহিত্যক জীৱনত এক আপূৰ্ব তোলপাৰ লগাইছিল। 

সফলকামঃ সফলকাম কৰিবলৈ অদম্য সাহস লাগীব। 

মূৰ দোঁওৱাঃ ডাঙৰক সন্মানৰ হেতু মূৰ দোঁওৱাব লাগে। 

৫) খালী ঠাই পূৰ কৰাঁ ঃ

ক) কবিতা ৰচনা কৰা লোক = কবি, সাহিত্যিক।

খ) নাটক ৰচনা কৰা লোক = নাট্যকাৰ।

গ) অভিনয় কৰা লোক = অভিনেতা।

ঘ) ব্যৱসায় কৰা লোক = ব্যৱসায়ী। 

ঙ) খেতি কৰি জীৱিকা নিৰ্বাহ কৰা লোক = কৃষক।


DIKHA BORA



Post ID : DABP005875


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------