(পঞ্চম অধ্যায়)
প্ৰশ্নাৱলী
১ । সম্পদ বুলিলে কি বুজা?
উত্তৰঃ প্ৰকৃতিৰ পৰা লাভ কৰা বস্তুবোৰ মানুহে নিজৰ শক্তি, বিদ্যা-বুদ্ধি আৰু কৌশল প্রয়োগ কৰি ব্যৱহাৰ কৰে। এইদৰে ব্যৱহাৰৰ উপযোগী প্রাকৃতিক আৰু মানুহে নিজে তৈয়াৰ কৰা বস্তুবোৰকে সম্পদ বুলি কোৱা হয়।
২। প্রাকৃতিক উপাদানক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ কোনবোৰ বিষয়ে মুখ্য ভূমিকা পালন কৰে ?
উত্তৰঃ (ক) সাংস্কৃতিক প্ৰমূল্যঃ কোনবোৰ বস্তু সমাজৰ বাবে গ্রহণযোগ্য আৰু কোনবোৰ গ্রহণযোগ্য নহয়, সেই কথা সংশ্লিষ্ট সমাজখনৰ পৰম্পৰা, ৰীতি-নীতি, ধর্ম আদি সাংস্কৃতিক প্ৰমূল্যসমূহে নিৰূপণ কৰে।
(খ) প্রযুক্তিবিদ্যাঃ মানুহে প্রয়োজনীয় বস্তুবোৰ কি ধৰণে আহৰণ আৰু ব্যৱহাৰ কৰিব বা বস্তুবোৰক ব্যৱহাৰৰ উপযোগী কৰি তুলিব, সেয়া সমাজখনে জনা বা প্রয়োগ কৰা প্ৰযুক্তিৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে।
(গ) অর্থনৈতিক ব্যৱস্থাঃ প্রয়োজনীয় বস্তুবোৰ আহৰণ কৰাৰ ক্ষমতা আৰু সেইবোৰ ব্যৱহাৰ কৰিব পৰা বা নোৱাৰাটো সমাজখনৰ অর্থনৈতিক ব্যৱস্থাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। সকলো ধৰণৰ বস্তু আহৰণ আৰু ব্যৱহাৰ কৰিবৰ বাবে আৱশ্যকীয় আর্থিক সামর্থ্য সকলো সমাজৰ সমানে নাথাকে।
৩। সম্পদৰ ধাৰণাক প্ৰভাৱান্বিত কৰা কাৰকবোৰ কি?
উত্তৰঃ সমাজ এখনৰ সাংস্কৃতিক প্রমূল্য, প্রযুক্তিবিদ্যা আৰু আর্থিক অৱস্থা সদায় একে হৈ নাথাকে। সময়ৰ গতিত সেইবোৰৰ বিৱর্তন ঘটে। ভৌগোলিক অৱস্থা ভেদেও সেইবোৰৰ মাজত প্রভেদ থাকে। এনে পৰিৱৰ্তন আৰু প্ৰভেদে সমাজত প্ৰচলিত সম্পদৰ ধাৰণাকো প্রভাৱান্বিত কৰে। আজি যিবোৰ বস্তুক মানুহে সম্পদ হিচাবে গ্রহণ কৰিছে, বহু বছৰৰ আগতে ইয়াৰে বহুতকে মানুহে অলাগতীয়াল বস্তু হিচাপে গণ্য কৰিছিল।
ইংৰাজসকল অসমলৈ অহাৰ আগতে ৰাজ্যত চাহ গছৰ বিশেষ ব্যৱহাৰিক মূল্য নাছিল। কোনো কোনো জনগোষ্ঠীয়ে ইয়াক ব্যৱহাৰ কৰিছিল যদিও ইয়াৰ বহুল ব্যৱহাৰ হোৱা নাছিল। ইংৰাজসকলে অসমত চাহৰ ব্যৱসায়িক প্রচলন কৰে। বৰ্তমান চাহ উদ্যোগ অসমৰ এটা প্রধান শিল্প। এই কথাই ইয়াকে প্রমাণ কৰে যে সময়ৰ সোঁতত ঘটা সামাজিক আৰু অর্থনৈতিক পৰিৱৰ্তনে একালৰ নগণ্য বস্তু এপদক সময়ত মহা মূল্যৱান কৰি তুলিব পাৰে। ইয়াৰ পৰা বুজা যায় যে সমাজৰ পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে।
৪। বৰ্ধিত জনসংখ্যাই সম্পদৰ ওপৰত কেনে ধৰণে প্ৰভাৱ পেলায়, আলোচনা কৰা।
উত্তৰঃ জনসংখ্যা বৃদ্ধিয়েও সম্পদৰ ওপৰত ভাৱ পেলায় । বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিবলৈ কিছুমান সম্পদ বেছিকৈ ব্যৱহাৰ কৰিবলগীয়া হয়। পুনৰ সৃষ্টি কৰিব নোৱাৰিলে তেনে সম্পদৰ নাটনি হয়। তেতিয়া তাৰ বিকল্প বিচৰা হয় । উদাহৰণস্বৰূপে যাতায়ত ব্যৱস্থা বাহাল ৰাখিবলৈ ইন্ধন হিচাপে খাৰুৱা তেলৰ প্ৰয়োজন হয় । বৰ্তমান সময়ত যি হাৰত খাৰুৱা তেলৰ উৎপাদন আৰু ব্যৱহাৰ হৈ আছে, আশা কৰা হৈছে এটা সময়ত অদূৰ ভৱিষ্যতে খাৰুৱা তেলৰ বিৰাট নাটনিয়ে দেখা দিব। বিজ্ঞানীসকলে ভৱিষ্যতৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি খাৰুৱা তেলৰ বিকল্প হিচাপে সৌৰশক্তি, বেটাৰী দ্বাৰা চলিত যানবাহন উৎপাদনত মনোনিৱেশ কৰিছে।
৫। প্ৰাকৃতিক সম্পদ কাক বোলে ?
উত্তৰঃ প্ৰাকৃতিক সম্পদৰ উৎস হৈছে প্ৰাকৃতিক পৰিৱেশ। মাটি,পানী, উদ্ভিদ, খনিজ পদাৰ্থ, বন্যপ্ৰাণী আদি প্ৰাকৃতিক সম্পদ। এইবোৰ প্ৰকৃতিৰ পোনপটীয়া সৃষ্টি । প্ৰাকৃতিক সম্পদবোৰ জৈৱিক আৰু অজৈৱিক দুটা ভাগত ভগাব পাৰি।
৬। মানৱসৃষ্ট সম্পদৰ দুটামান উদাহৰণ দিয়া।
উত্তৰঃ মানৱসৃষ্ট সম্পদবোৰ হৈছে- ঘৰ-দুৱাৰ, দলং, ৰাস্তা, যন্ত্ৰ-পাতি, গাড়ী-মটৰ, উৰাজাহাজ, নাও ইত্যাদি ।
৭। মানৱ সম্পদ কাক বোলে লিখা ।
উত্তৰঃ নিজৰ লগতে আনৰ প্রয়োজন পূৰাবলৈ মানুহৰ যি যোগ্যতা বা দক্ষতা থাকে তাকে মানৱ সম্পদ বোলা হয়। শিক্ষা, প্রশিক্ষণ, উদ্ভাৱনী শক্তি, অভিজ্ঞতা আদিৰ যোগেদি মানুহ এজন যিমানেই কার্য্যক্ষম হয়, মানৱ সম্পদ হিচাবে তেওঁক সিমানেই চহকী বুলি গণ্য কৰা হয়।
৮। পুনঃসৃষ্টিক্ষম সম্পদ বুলিলে কি বুজা ? ইয়াৰ দুটামান উদাহৰণ দিয়া ǀ
উত্তৰঃ যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায় সেইবোৰক পুনঃসৃষ্টিক্ষম সম্পদ বোলে। পুনঃসৃষ্টিক্ষম সম্পদবোৰ উপযুক্ত প্ৰাকৃতিক পৰিৱেশ অটুট থাকিলে পুনৰ সৃষ্টি হ'ব পাৰে ।
ইয়াৰ দুটামান উদাহৰণ হ'ল- বায়ু, পানী, মাটি, উদ্ভিদ, প্ৰাণী ইত্যাদি।
৯। দুবিধমান পুনঃ সৃষ্টিহীন সম্পদৰ নাম লিখা।
উত্তৰঃ দুবিধমান পুনঃ সৃষ্টিহীন সম্পদৰ নাম হ'ল- কয়লা, পেট্ৰ’লিয়াম, লো, সোণ, ৰূপ ইত্যাদি।
১০। সম্পদৰ অপচয় কিয় ৰোধ কৰিব লাগে ।
উত্তৰঃ জনসংখ্যা বৃদ্ধি আৰু সম্পদৰ বাঢ়ি অহা চাহিদা অনুপাতে সম্পদৰ পৰিমাণ নাবাঢ়ে।আনহাতে কিছুমান প্রাকৃতিক সম্পদৰ পৰিমাণত তেনেই সীমিত। সেইবোৰৰ বহুতৰে পুনৰ সৃষ্টিও সহজ নহয়। সেয়েহে সম্পদৰ অপব্যয় ৰোধ কৰাৰ লগতে যথোপযুক্ত ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগে ।
১১। সম্পদৰ আহৰণ আৰু ব্যৱহাৰে পৰিৱেশ কেনেকৈ বিনষ্ট কৰিব পাৰে নিজে চিন্তা কৰি লিখা ।
উত্তৰঃ জনসংখ্যা বৃদ্ধি আৰু সম্পদৰ বাঢ়ি অহা চাহিদা অনুপাতে সম্পদৰ পৰিমাণ নাবাঢ়ে । তাতে কিছুমান প্ৰাকৃতিক সম্পদ কম পৰিমাণে উপলব্ধ। সেইবোৰৰ বহুতৰে পুনৰসৃষ্টি সহজ নহয়। সেয়েহে সম্পদৰ অপচয় ৰোধ কৰাৰ লগতে যথোপযুক্ত ব্যৱহাৰ সুনিশ্চিত কৰাতো দৰকাৰ। উদাহৰণস্বৰূপে আমি খাবলৈ নিৰ্মল জল ব্যৱহাৰ কৰো। এই জল আকৌ ভূ-ভাগৰ কিছু নিৰ্দিষ্ট অঞ্চলতহে পোৱা যায়। খোৱাৰ উপৰিও আমি ঘৰুৱা অন্য সকলো ধৰণৰ কাম কাজ চলাবলৈ নিৰ্মল জলৰ প্ৰয়োজন হয়। গতিকে এই জলৰ চাহিদা বহুত বেছি । মানুহে ইয়াৰ ব্যৱহাৰত সদা সচেতন হোৱা উচিত।
ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)
Check By: Himashree Bora.