অৰ্থনৈতিক ভূগোল সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ
পঞ্চম অধ্যায়
👉ষষ্ঠ অধ্যায়ঃ অৰ্থনৈতিক কাৰ্য বা বৃত্তি
👉Download Books PDF
👉MCQ Online Exam Click Here
👉Short Question Answer
👉Chapter 6 MCQs Answer
👉Paid Answer (Buy Now)
চমু প্ৰশ্ন উত্তৰঃ
১। সম্পদ কাক বোলে?
উত্তৰঃ ব্যৱহাৰৰ উপযোগী প্ৰাকৃতিক আৰু মানুহে নিজে তৈয়াৰ কৰা বস্তুবোৰকে সাধাৰণতে সম্পদ বুলি কোৱা হয়।
২। জাতীয় সম্পদ কাক বোলে?
উত্তৰঃ এখন দেশৰ তত্বাৱধানত বা দখলত থকা সকলোবোৰ সম্পদ যেনে - ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্ৰশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়।
৩। প্ৰাকৃতিক উপাদানক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ কোনকেইটা কথাই মুখ্য ভূমিকা পালন কৰে?
উত্তৰঃ প্ৰাকৃতিক উপাদানক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ তলত দিয়া কথাকেইটাই মুখ্য ভূমিকা পালন কৰেঃ
(i) সাংস্কৃতিক প্ৰমূল্যঃ কোনবোৰ বস্তু সমাজৰ বাবে গ্ৰহণযোগ্য আৰু কোনবোৰ গ্ৰহণযোগ্য নহয়, সেই কথা সংশ্লিষ্ট সমাজখনৰ পৰম্পৰা, ৰীতি-নীতি, ধৰ্ম আদি সাংস্কৃতিক প্ৰমূল্যসমূহে নিৰূপণ কৰে।
(ii) প্ৰযুক্তিবিদ্যাঃ মানুহে প্ৰয়োজনীয় বস্তুবোৰ কি ধৰণে আহৰণ আৰু ব্যৱহাৰ কৰিব বা বস্তুবোৰক ব্যৱহাৰৰ উপযোগী কৰি তুলিব, সেয়া সমাজখনে জন বা প্ৰয়োগ কৰা প্ৰযুক্তিৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে।
(iii) অৰ্থনৈতিক ব্যৱস্থাঃ প্ৰয়োজনীয় বস্তুবোৰ আহৰণ কৰাৰ ক্ষমতা আৰু সেইবোৰ ব্যৱহাৰ কৰিব পৰা বা নোৱাৰাটো সমাজখনৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। সকলো ধৰণৰ বস্তু আহৰণ আৰু ব্যৱহাৰ কৰিবৰ বাবে আৱশ্যকীয় আৰ্থিক সামৰ্থ্য সকলো সমাজৰ সমানে নাথাকে।
৪। সম্পদক কেইটা ভাগত বিভক্ত কৰিব পাৰি? কি কি?
উত্তৰঃ সম্পদক সম্পদক তিনিটা ভাগত বিভক্ত কৰিব পাৰি। যেনে- (i) প্ৰাকৃতিক সম্পদ, (ii) মানৱ সৃষ্ট সম্পদ আৰু (iii) মানৱ সম্পদ।
৫। প্ৰাকৃতিক সম্পদৰ উৎস কি?
উত্তৰঃ প্ৰাকৃতিক সম্পদৰ উৎস হৈছে- প্ৰাকৃতিক পৰিৱেশ।
৬। প্ৰাকৃতিক সম্পদক কেইটা ভাগত বিভক্ত কৰিব পাৰি? কি কি?
উত্তৰঃ প্ৰাকৃতিক সম্পদক দুটা ভাগত বিভক্ত কৰিব পাৰি। যেনে- (i) জৈৱিক আৰু (ii) অজৈৱিক।
৭। প্ৰাকৃতিক সম্পদ কাক বোলে?
উত্তৰঃ সাধাৰণতে আমি যিবোৰ সম্পদ প্ৰকৃতিৰ পৰা পাওঁ সেই সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে।
৮। মানৱ সৃষ্ট সম্পদ কাক বোলে?
উত্তৰঃ মানুহে সৃষ্টি কৰা সম্পদক মানৱসৃষ্ট সম্পদ বোলে। প্ৰাকৃতিকভাৱে পোৱা সম্পদৰ উপৰি বহুবোৰ সম্পদ, যেনে- প্ৰযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ-কাৰখানা, স্কুল-কাৰ্যালয়, কৃষিকাৰ্যৰ সঁজুলি, যান-বাহন আদি মানুহে নিজে প্ৰস্তুত কৰে। সেয়েহে এনে সম্পদক মানৱ সৃষ্ট সম্পদ বোলা হয়।
৯। মানৱ সম্পদ কাক বোলে?
উত্তৰঃ সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদন মূলক কামত নিজকে জড়িত কৰে তেওঁকেই মানৱ সম্পদ বুলি কোৱা হয় ।
১০। পুনঃসৃষ্টিক্ষম সম্পদ কাক বোলে?
উত্তৰঃ যিবিলাক সম্পদ ব্যৱহাৰ কৰিলে কমি যায় কিন্তু পুনৰ সৃষ্টি হৈ কম হোৱা অংশ পূৰণ হয়, তেনে সম্পদক পুনঃসৃষ্টিক্ষম সম্পদ (Re Newable Resource) বোলা হয়।পুনঃসৃষ্টিক্ষম সম্পদবোৰ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি হয়। উদাহৰণস্বৰূপে—বায়ু, পানী, উদ্ভিদ, জীৱজত্ব, মাটিৰ উৰ্বৰতা শক্তি আদি পুনঃসৃষ্টিক্ষম সম্পদ।
১১। পুনঃসৃষ্টিহীন সম্পদ কি?
উত্তৰঃ দুবিধমান পুনঃসৃষ্টিহীন সম্পদ হৈছে খনিজাত সম্পদ, যেনে—সোণ, ৰূপ, কয়লা, পেট্ৰ'লিয়াম আদি। পুনঃসৃষ্টিহীন সম্পদসমূহ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি নহয়।
১২। মানৱসৃষ্ট সম্পদৰ দুটামান উদাহৰণ দিয়া।
উত্তৰঃ কেইটামান মানৱসৃষ্ট সম্পদৰ উদাহৰণ হৈছে—ঘৰ-দুৱাৰ, কল-কাৰখানা, উদ্যোগ, যন্ত্রপাতি, গাড়ী-মটৰ আদি।
১৩। সম্পদৰ অপচয় কিয় ৰোধ কৰিব লাগে লিখা।
উত্তৰঃ পৃথিৱীত থকা কিছুমান সম্পদ শেষ বা লুপ্ত হৈ যোৱাৰ সম্ভাৱনা থাকে। অবিবেচক আৰু অবিজ্ঞানসন্মতভাৱে সম্পদৰ ব্যৱহাৰ কৰিলে বহুতো সম্পদ হ্রাস পাব বা নিঃশেষ হৈ যাব। মানুহৰ জীৱন নিৰ্বাহৰ বাবে সম্পদ যিহেতু অত্যাৱশ্যকীয়, সেয়ে সম্পদৰ অপচয় ৰোধ কৰাটো আৱশ্যক।
১৪। সম্পদৰ ধাৰণাক প্ৰভাৱান্বিত কৰা কাৰকবোৰ কি ?
উত্তৰঃ সম্পদৰ ধাৰণাক প্ৰভাৱাম্বিত কৰা কাৰকসমূহ হৈছে—সমাজ এখনৰ সাংস্কৃতিক প্ৰমূল্য, প্রযুক্তিবিদ্যা, সমাজখনৰ আৰ্থিক অৱস্থা, ভৌগোলিক অৱস্থা, সময়, বর্ধিত জনসংখ্যা আদি। সময়ৰ গতিত সমাজ এখনৰ সাংস্কৃতিক প্ৰমূল্য, প্রযুক্তিবিদ্যা আৰু আৰ্থিক অৱস্থাৰ পৰিৱৰ্তন ঘটে।
১৫। দুবিধমান পুনঃসৃষ্টিক্ষম সম্পদৰ নাম লিখা।
উত্তৰঃ দুবিধমান পুনঃসৃষ্টিহীন সম্পদ হৈছে খনিজাত সম্পদ, যেনে—সোণ, ৰূপ, কয়লা, পেট্ৰ'লিয়াম আদি।
১৬) অসমৰ প্ৰাকৃতিক সম্পদসমহূৰ অৱক্ষয়ৰ কাৰণবোৰ কি কি ?