পাঠ - ১৪


ভাৰতবৰ্ষৰ সাংস্কৃতিক ক্ষেত্ৰলৈ মোগলসকলৰ অৱদান


অনুশীলনী 

১। চমু উত্তৰ দিয়া— 

( ক ) চম্বলৰ জুমা মছজিদ কোনে নির্মাণ কৰাইছিল ? 
উত্তৰঃ চম্বলৰ জুমা মছজিদটো বাবৰে নিৰ্মাণ কৰাইছিল।

(খ) দিন পানাহৰ নির্মাণকার্য কোনজনা সম্রাটে কৰাইছিল ? 
উত্তৰঃ দিন পানাহৰ নির্মাণকার্য হুমায়ুন সম্ৰাটে কৰাইছিল। 

(গ) ফতেহপুৰ চিক্ৰীৰ নিৰ্মাণৰ আঁচনি কোনজন সম্রাটে কৰিছিল ? 
উত্তৰঃ ফতেহপুৰ চিক্ৰীৰ নিৰ্মাণৰ আঁচনি আকবৰ সম্ৰাটে কৰিছিল।

( ঘ ) ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি ?
উত্তৰঃ ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম হ'ল- ছাহজাহান।

(ঙ) তাজমহল কোন নদীৰ পাৰত অৱস্থিত ? 
উত্তৰঃ তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত।

(চ) লালকিল্লা কোনে সজাইছিল ? 
উত্তৰঃ লালকিল্লা ছাৰজাহানে সজাইছিল।

২। খালী ঠাই পূৰ কৰা— 

( ক ) পানিপথৰ .......... আৰু ..... বাবৰৰ স্থাপত্য প্ৰেমৰ নিদর্শন ।
উত্তৰঃ 

(খ) .......... পাৰ্ছীয়ান আৰ্হিৰ কেইবাটাও অট্টালিকা নির্মাণ কৰােৱাইছিল । 
উত্তৰঃ হুমায়ুন।

(গ) আফগান নেতা .............. ভাৰতীয় স্থাপত্য - ভাস্কর্যলৈ অভূতপূর্ব বৰঙণি আগবঢ়াইছিল । 
উত্তৰঃ শ্বেৰশ্বাহে।

(ঘ) ................ এজন ভাল চিত্ৰকৰ আৰু চিত্র সমালােচক আছিল ।
উত্তৰঃ জাহাংগী।
 
(ঙ) ............. ভাৰতীয় শিল্পকলাৰ এক অবিচ্ছেদ্য অংগ । 
উত্তৰঃ সংগীত।

(চ) ভাৰতবর্ষ এখন ................ দেশ। 
উত্তৰঃ ধৰ্ম-নিৰপেক্ষ।

৩। উত্তৰ দিয়া ( ৫০ টামান শব্দৰ ভিতৰত ) 

(ক) আকবৰৰ সময়ৰ স্থাপত্য কলা । 
উত্তৰঃ 

(খ) মােগল যুগৰ স্থাপত্য কলালৈ ছাহজাহানৰ বৰঙণি । 
উত্তৰঃ ৰাজত্বৰ আগত মোগল স্থাপত্যতকৈ তেওঁৰ দিনৰ নিৰ্মিত স্থাপত্যৰ পাৰ্থক্য দেখা যায়। ছাহজাহানৰ পৃষ্ঠপোষকতাত নিৰ্মিত স্থাপত্যসমূহত নান্দনিক সৌন্দৰ্যৰ ওপৰত অধিক জোৰ দিয়া হৈছিল। অট্টালিকাসমূহত কুন্দত-কটা কাৰুকাৰ্য ফুটাই তুলিবলৈ সোণ, ৰূপ, বগা মাৰ্বল পাথৰ, মণি-মুকুতা আদি ব্যৱহাৰ কৰা হৈছিল। আগ্ৰাৰ যমুনা নৈৰ পাৰত সজা তাজমহল ছাহজাহানৰ শিল্প প্ৰীতিৰ শ্ৰেষ্ঠ নিদৰ্শন। ইয়াৰ উপৰিও ছাহজাহানে দিল্লীত লালকিল্লা, মুছাম্মান বুৰ্জ, মতি মছজিদ, আউলিয়াৰ সৌধ, জামা মছজিদ আদি নিৰ্মাণ কৰোৱাইছিল। ছাহজাহানবাদ নামেৰে এখন নগৰীও নিৰ্মাণ কৰিছিল।পৃথিৱীবিখ্যাত ময়ূৰ সিংহাসন ছাহজাহানৰ শিল্প প্ৰেমত আন এক সাক্ষী। এনেদৰে  মোগল যুগৰ স্থাপত্য কলালৈ ছাহজাহানে বৰঙণি যোগাইছিল।  

(গ) মােগল চিত্রকলা । 
উত্তৰঃ মোগল চিত্ৰকলাই ভাৰতীয় সংস্কৃতিক অন্য এক মাত্ৰা দিছিল। মোগল চিত্ৰশৈলীত পাৰ্ছীয়ান আৰু ইউৰোপীয় শৈলীৰ সমন্বয় ঘটি এক নতুন আৰু সুকীয়া দৃষ্টিনন্দন শৈলীৰ জন্ম হৈছিল। চিত্ৰৰ বিষয়বস্তু কিন্তু সম্পূৰ্ণ ভাৰতীয় আছিল। সম্ৰাটসকলৰ চিকাৰৰ দৃশ্য, ৰাজনৈতিক ঘটনাৱলীৰ দৃশ্য, ৰাজসভাৰ দৃশ্য, প্ৰাকৃতিক দৃশ্য, গছ-লতিকা, ফুল-পাত, বাগিচাৰ দৃশ্য আদিয়েই আছিল চিত্ৰৰ প্ৰধান বিষয়বস্তু। মোগল শাসকসকল সদাই প্ৰকৃতিপ্ৰেমী আছিল। 

(ঘ) মােগল যুগৰ সংগীত । 
উত্তৰঃ সংগীত ভাৰতীয় শিল্পকলাৰ এক অবিচ্ছেদ্য অংগ। অতীজ ভাৰতৰ দৰে মোগল যুগতো সংগীতৰ স্থান অতি উচ্চ আছিল। বাবৰ, হুমায়ুনৰ দিনৰপৰাই মধ্য যুগৰ সংগীতে ৰাজ পৃষ্ঠপোষকতা লাভ কৰিছিল। সম্ৰাট আকবৰৰ ৰাজসভা কেইবাজনো সংগীতজ্ঞই শুৱনি কৰিছিল। এওঁলোকৰ ভিতৰত অতিকে প্ৰখ্যাত আছিল তানসেন। ছাহজাহানৰ ৰাজত্বকালত জগন নাথ আৰু জনাৰ্দন ভট্ট নামৰ দুজন নামজ্বলা গায়ক আছিল। কথিত আছে- এবাৰ ছাহজাহানে জগন নাথৰ সংগীতত এনেদৰে মুগ্ধ হৈছিল যে তেওঁ জগন নাথৰ শৰীৰৰ ওজনৰ সমান হীৰা, মুকুতা, সোণ-ৰূপ তেওঁলৈ পুৰস্কাৰ হিচাপে আগবঢ়াইছিল।  'হিন্দু ধ্ৰুপদ ৰাগ' ছাহজাহানৰ প্ৰিয় আছিল আৰু এই ৰাগ পৰিৱেশন কৰিছিল তানসেনৰ জোঁৱায়েক লাল খানে। সুৰসেন সেই সময়ৰ প্ৰখ্যাত বীণাবাদৰ আছিল। 
 

(ঙ) মােগল সাহিত্যই কিদৰে ভাৰতীয় সাহিত্যক চহকী কৰিছে ?
উত্তৰঃ মোগল সাহিত্যই ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। বাবৰ, হুমায়ুন, জাহাংগীৰ আৰু আন বহুতো মোগল ৰাজকুমাৰ আৰু ৰাজকুমাৰীয়ে তেওঁলোকৰ ৰচনাৰে মোগল সাহিত্যক সোণৰ সুৱগা চৰা কৰিছিল। আকবৰ আৰু ছাহজাহানে লেখকসকললৈ ৰাজ পৃষ্ঠপোষকতা আগবঢ়াইছিল। আকবৰৰ দিনত পাৰ্ছীয়ান সাহিত্যই নৱজাগৰণৰ সূচনা কৰিছিল। হিন্দী, বাংলা, মাৰাঠী, উৰ্দু আৰু আৰবী ভাষাৰ সাহিত্যৰো সৃষ্টি হৈছিল। ফাইজি, আবুল ফজল, বাদাউৰি আদিয়ে মোগল সাহিত্যৰ ধ্বজা উৰুৱাইছিল। অনুবাদ সাহিত্যৰ সেই সময়ত সাহিত্য ভাণ্ডাৰ অধিক টনকিয়াল কৰিছিল। 'মহাভাৰত'ৰ বিভিন্ন অধ্যয় সাতজন মুছলমান লেখকে অনুবাদ কৰি দিছিল 'ৰাজমনামা'। বাদাউনিয়ে 'ৰামায়ণ' অনুবাদ কৰিছিল। মুছলমান সাহিত্যিকে পাৰ্ছী ভাষাৰ উপৰি হিন্দী ভাষাতো বহুতো পুথি ৰচনা কৰিছিল। সেইবোৰৰ ভিতৰত উল্লেখযোগ্য হ'ল- 'ৰামচৰিত মানস', 'পদ্মাৱত', 'সুৰসাগৰ'।  



Type Sri Sourav Bora
Author: Himashree Bora.

Post ID : DABP006019