অধ্যায়ঃ ৩

ধাতু আৰু অধাতু


1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু

(i) সাধাৰণ উষ্ণতাত জুলীয়া।

(ii) কটাৰিৰে সহজে কাটিব পাৰি।

(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।

(iv) তাপৰ কম পৰিবাহী।

উত্তৰঃ (j) পাৰা

 (ii) লিথিয়াম

 (iii) কপাৰ

 (iv) সীহ


2. ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা।

উত্তৰঃ ধাতুৰ ঘাত সহনীয়তাঃ ধাতুবোৰ সাধাৰণতে টান বা কঠিন।সোণ,ৰূপ, এলুমিনিয়াম, প্লেটিমান আদি ধাতু গৰম কৰি হাতুৰীৰে পিটি বহল বা দীঘল কৰিব পাৰি। এনে ধাতুক আঘাত কৰি প্ৰসাৰিত কৰিলেও ভাঙি নাযায়। ইয়াকে ঘাত সহনীয়তা বোলে।

ধাতুৰ নমনীয়তাঃ ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ ৰূপান্তৰিত কৰিব পৰা গুণকে ধাতুৰ নমনীয়তা বোলে।সোণ, ৰূপ এলুমিনিয়াম আদি নমনীয় ধাতু ।


প্ৰশ্নাৱলীঃ

1. ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়?

উত্তৰঃ ছ’ডিয়াম ধাতু অতি সক্ৰিয়। ই বায়ুত উন্মুক্তভাৱে থাকিলে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অক্সাইড গঠন কৰে আৰু বায়ুৰ সংস্পৰ্শত জলি উঠে। সেইবাবে ছ’ডিয়াম ধাতু কেৰাচিন তেলত ডুবাই ৰখা হয় যাতে ই বায়ুৰ সংস্পৰ্শ নাপায়।    


2. তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা।

 (i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়া ।



3.  A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল । ফলাফলবিলাক । তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে ।

ধাতু

আইৰণ (II) ছালফেট

কপাৰ (II) ছালফেট

জিংক ছালফেট

ছিলভাৰ নাইট্ৰেট

A

বিক্ৰিয়া নহয়

প্ৰতিস্থাপন

 

 

B

প্ৰতিষ্ঠাপন

 

বিক্ৰিয়া নহয়

 

C

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

প্ৰতিষ্ঠাপন

D

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়








প্ৰশ্নাৱলীঃ

1. তলত দিয়াবোৰৰ সংজ্ঞা লিখা।
(i) মণিক (ii) আকৰ (iii) খনিজ মল

উত্তৰঃ (i) মণিকঃ ভূত্বকতে মেলি বা যৌগ অৱস্থাত পোৱা পদাৰ্থবোৰকে মণিক বোলে।

আকৰঃ যিবোৰ মণিক বা খনিজ পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা লাভজনকভাৱে ধাতুবিধ আহৰণ কৰিব পাৰি তাকে আকৰ বোলে।

খনিজ মলঃ খনিৰ পৰা আহৰণৰ সময়ত আকৰৰ লগত বহুতো অশুদ্ধি মিহলি হৈ থাকে। এই অশুদ্ধিবোৰকে খনিজ মল বোলে।


2. প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।
উত্তৰঃ গ’ল্ড আৰু প্লেটিনাম।

3. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়।
উত্তৰঃ অক্সাইডৰ পৰ ধাতু উৎপন্ন কৰিবলৈ বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয়।



প্ৰশ্নাৱলীঃ

1) যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হ’ল।

 ধাতু

যিংক

মেগনেছিয়াম

কপাৰ

যিংক অক্সাইড

 

 

 

মেগনেছিয়াম অক্সাইড

 

 

 

কপাৰ অক্সাইড

 

 

 


কোনবিলাক ক্ষেত্ৰত প্ৰতিষ্ঠাপন বিক্ৰিয়া ঘটিব?

উত্তৰঃ

ধাতু

যিংক

মেগনেছিয়াম

কপাৰ

যিংক অক্সাইড

নঘটিব

ঘটিব

নঘটিব

মেগনেছিয়াম অক্সাইড

নঘটিব

নঘটিব

নঘটিব

কপাৰ অক্সাইড

ঘটিব

ঘটিব

নঘটিব




2) সংকৰ ধাতু কি?
উত্তৰঃ সংকৰ ধাতু (alloy) হ’ল দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণ যেনেঃ লো।

অনুশীলনী



উত্তৰঃ d) ওপৰৰ সকলো


3. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো
a) কেলছিয়াম 
b) কাৰ্বন
c) ছিলিকন 
d) আইৰণ
উত্তৰঃ d) আইৰণ


4. খাদ্যবস্ত্ত ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়; যিংকৰ নহয়।কিয়নো-
a) টিনতকৈ যিক দামী
b) জিংকৰ গলনাংক টিনতকৈ বেছি।
c) জিংক টিনতকৈ অধিক সক্ৰিয়।
d) জিংক টিনতকৈ কম সক্ৰিয়।
উত্তৰঃ c) জিংক টিনতকৈ অধিক সক্ৰিয়।


5. তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হ’ল।
a) এই বস্ত্বৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা।
b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা?
উত্তৰঃ a) ধাতুক হাতুৰীৰে কোবালে মিহি পাত প্ৰস্তত হয়।আনহাতে অধাতুক কোবালে গুড়ি হয়। এটা বৈদ্যুতিক বৰ্তনী ধাতুৰ তাঁৰেৰে তৈয়াৰ কৰা হ’ল। যদি বৰ্তনীত চুইছ ‘অন’ কৰাৰ লগে লগে বিদ্যুৎ প্ৰৱাহ চালিত হয়, তেন্তে বস্তটো ধাতু হ’ব আৰু যদি বিদ্যুৎ চালিত নহয় তেন্তে অধাতু হ’ব।

b) হাতুৰীৰ দ্বাৰা আঘাত কৰা পদ্ধতিৰে ধাতু অধাতুৰ পাৰ্থক্য ধৰিব পাৰি।কিন্ত গ্ৰেফাইট এটা সুকীয়া অধাতু, যিটো বিদ্যুৎ পৰিবাহী।অৰ্থাৎ কিছু কিছু ক্ষেত্ৰত হাতুৰীৰে কোবাই ধাতু আৰু অধাতুৰ পাৰ্থক্য নিৰ্ণয় কৰিব নোৱাৰি।





9. প্ৰত্যুষ্য় সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে।উদ্ভৱ হোৱা গেছটো এটা পৰীক্ষা নলীত উভোটাকৈ ধৰি সংগ্ৰহ কৰিলে।
a) (i) শুষ্ক লিটমাছ কাগজৰ লগত  
b) (ii) সিক্ত লিটমাচ কাগজৰ লগত গেছটোৰ বিক্ৰিয়া কেনে হ’ব?
c) (iii) ইয়াত বিক্ৰিয়াটোৰ সন্তলিত সমীকৰণ লিখা।



10. লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা।
উত্তৰঃ (i) জিংক ধাতুৰ প্ৰলেপ দি মামৰে ধৰা বন্ধ কৰা যায়।
(ii) লো টুকুৰা চিৰিছ কাগজেৰে পৰিষ্কাৰ কৰি তাৰ ওপৰত ৰং দিও মামৰে ধৰা ৰোধ কৰা যায়।




12. কাৰণ দৰ্শোৱা।
a) গহণা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা।
উত্তৰঃ প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ অতি নিষ্ক্ৰিয় ধাতু। আনহাতে ইয়াৰ ওপৰত কোনো প্ৰলেপ নপৰে আৰু ক্ষয়ীভৱন নঘটে ফলত ইয়াৰ উজ্জ্বলতাৰ হ্ৰাস নহয়। গতিকে এই ধাতুবোৰৰ চিকমিকনি, কঠিন, ঘাত-সহনীয়, নমনীয় আদি ভৌতিক ধৰ্মৰ বাবে গহনাপাতি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।


b) ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।
উত্তৰঃ এই ধাতুবোৰ অধিক সক্ৰিয়। স্বাভাৱিক উষ্ণতাত ইহঁতে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া হয় আৰু জ্বলি উঠে।সেইবাবে এই ধাতুবোৰক ডুবাই ৰখা হয়।


c) এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা হয়।
উত্তৰঃ এলুমিনিয়ামে অইন ধাতুৰ লগত সংকৰ ধাতু উৎপন্ন কৰে।এলুমিনিয়াম সংকৰ ধাতু উচ্চ উষ্ণতাতে পানীৰ লগত বিক্ৰিয়া নকৰে আৰু ইয়াক পৰিষ্কাৰকৈ ধুই ল’ব পাৰি। গতিকে ই সক্ৰিয় যদিও ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা হয়।


d) ধাতু নিষ্কাষণৰ সময়ত ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।
উত্তৰঃ ধাতু নিষ্কাষণৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয় কাৰণ এই অক্সাইডক বিজাৰণ পদ্ধতিৰে বিজাৰিত কৰি তাৰ পৰা ধাতুটো মুক্ত কৰাৰ বাবে সহজ হয়।


13. চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছা নে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্ত কিয় ব্যৱহাৰ কৰে?
উত্তৰঃ কপাৰৰ পাত্ৰত আৰ্দ্ৰ বায়ুৰ প্ৰভাৱত সেউজীয়া দাগ পৰে। এই দাগ দূৰ কৰাৰ বাবে নেমু বা তেতেলী ৰস ব্যৱহৃত হয়। নেমু বা তেতেলী ৰসত থকা এছিডৰ ফলত চেকা লগা কপাৰৰ পাত্ৰ পৰিষ্কাৰ হয়।


14. ৰসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা।
উত্তৰঃ 

ধাতু

অধাতু

(j) ধাতুবোৰ বিদ্যুৎ ধনাত্মক মেলি।

 

(i) অধাতুবোৰ বিদ্যুৎ ঋণাত্মক মৌল।

 

(ii) ধাতুৰ অক্সাইডবোৰ ক্ষাৰকীয়। যেনেঃ   আদি।

(ii) অধাতুৰ অক্সাইডবোৰ আম্লিক।যেনেঃ

(iii) ধাতুৰ অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি এলকালি উৎপন্ন কৰে।

(iii) অধাতুৰ অক্লাইডে পানীৰ লগত বিক্ৰিয়া কৰি এচিড উৎপন্ন কৰে।



15. এজন ভণ্ড মানুহে স্বৰ্ণকাৰৰ ভাও ধৰি ঘৰে ধৰে ঘুৰি ফুৰিছিল। তেওঁ ম্লান পৰি যোৱা অলংকাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি ফুৰিছিল। এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুযোৰ খুলি তেওঁক দিছিল। মানুহজনে খাৰুযোৰ এটা বিশেষ দ্ৰাৱকত দুবাই ধৰিছিল। খাৰুযোগ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল, পিছে খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল। মহিলা গৰাকী অপ্ৰস্তত   হৈ পৰিছিল আৰু অনৰ্থক বাকবিতণ্ডাৰ মূৰকত মানুহজন সেই ঠাইৰ পৰা পলাইছিল। মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকটো কি আছিলে অনুমান কৰি কব পাৰিবানে?
উত্তৰঃ ভণ্ড মানুহজনে ব্যৱহাৰ কৰা দ্ৰৱটো আছিল একুৱা ৰেজিয়া (aqua-regia)। ইয়াক তিনিভাগ গাঢ় হাইড্ৰ’ক্লৰিক আৰু এভাগ গাঢ় নাইট্ৰিক এছিড মিহলাই উৎপন্ন কৰা হয়। ফলত মহিলাগৰাকীৰ খাৰুৰ ওজন হ্ৰাস হৈ গ’ল।


16. গৰম পানীৰ জলাধাৰ (hot water tanks) তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়।কিন্ত্ত ষ্টিল (আইৰণৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয়।কিয়?
উত্তৰঃ নিৰবিছিন্নভাৱে ষ্টিলৰ জলাধাৰটোত গৰম পানী ৰাখিলে, ষ্টিলত থকা আইৰণৰ পৰমানুসমূহে গৰম পানীৰ লগত বিক্ৰিয়া কৰি জলধাৰটো নষ্ট কৰি পেলাব। কিন্তু কপাৰে গৰমপানীৰ লগত কেতিয়াও বিক্ৰিয়া নকৰে। গতিকে গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

Kaberi Barman
(M.Sc in Chemistry)

-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------




Post ID : DABP006039