মোগল প্ৰশাসন আৰু সমাজ | Lesson 1| Class 8 Social Science Question And Answer Assam Jatiya Bidyalay | অসম জাতীয় বিদ্য়ালয়ৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |

পাঠ ১

মোগল প্ৰশাসন আৰু সমাজ


1. মােগল যুগৰ বিষয়ে জনাত সহায় কৰা দুখন কিতাপৰ নাম লিখাঁ।

উত্তৰঃ মােগল যুগৰ বিষয়ে জনাত সহায় কৰা দুখন কিতাপৰ নাম হৈছে - আইন-ই-আকবৰী আৰু দস্তুৰ-উল-আমল।

2. মােগল প্রশাসন ব্যৱস্থা কেনে ধৰণৰ আছিল? 

উত্তৰঃ মোগলৰ প্ৰশাসন ব্য়ৱস্থা স্বেচ্ছাচাৰি নাছিল জনসাধাৰণৰ কল্য়াণ সাধনৰ বাবে সম্ৰাটসকলে অশেষ কষ্ট কৰিছিল।

3. মােগল প্রশাসন ব্যৱস্থাক মূলতঃ কি কি ভাগত ভাগ কৰা হৈছে? 

উত্তৰঃ মোগল প্ৰশাসন ব্য়ৱস্থাক মূলতঃ কেন্দ্ৰীয় আৰু প্ৰাদেশিক প্ৰশাসন।

4. ৱাকিয়া নবিশৰ কাম কি আছিল? 

উত্তৰঃ ৱাকিয়া নবিশে খবৰসমূহ প্ৰশাসনক দিবলগীয়া হৈছিল।

5. লম্বাৰ্ডৰ বুলি কাক কোৱা হৈছিল? 

উত্তৰঃ পঞ্চায়তৰ প্ৰধানজনক লম্বাৰ্ডৰ বোলা হৈছিল।

6. বর্ণনামূলক প্রশ্ন 

a) মােগল যুগৰ প্ৰদেশৰ শাসন ব্যৱস্থা সম্পর্কে লিখা।

উত্তৰঃ মোগল প্ৰশাসন আছিল দেশী-বিদেশী শাাসনৰ সংমিশ্ৰণ। ভাৰতৰ স্থানীয় শাসন পদ্ধতিৰ লগত ফাৰ্চী-আৰৱীয় শাসন নীতিৰ মিশ্ৰণেৰে এক অপূৰ্ব প্ৰশাসনিক ব্য়ৱস্থা গঢ় লৈ উঠিছিল। এই প্ৰশাসন ব্য়ৱস্থাক দুটা ভাগত ভগাব পাৰিー কেন্দ্ৰীয় আৰু প্ৰাদেশিক প্ৰশাসন।

(i) কেন্দ্ৰীয় প্ৰশাসনঃ সম্ৰাটক কেন্দ্ৰ কৰি কেন্দ্ৰীয় প্ৰশাসন গঢ় লৈ উঠিছিল। সম্ৰাটক বিভিন্ন কামত সহায় কৰিবলৈ বহুতো মন্ত্ৰী আৰু বিষয়া আছিল। মন্ত্ৰী-বিষয়াসকল আছিল এনেধৰণৰー ৱকিল, উজীৰ বা দেৱান, মীৰ বকসী আৰু কাজী-উল-কাজাৎ বা প্ৰধান কাজী।

(ii) প্ৰাদেশিক শাসনঃ প্ৰশাসনিক সুবিধাৰ বাবে মোগল সাম্ৰাজ্য়ক বহুকেইখন প্ৰদেশত ভাগ কৰা হৈছিল। প্ৰাদেশিক শাসন কেন্দ্ৰীয় প্ৰশাসনিক গাথঁনিৰ অনুৰূপ আছিল।

b) মােগল যুগত চৰকাৰ মানে কি? চৰকাৰৰ শাসন ব্যৱস্থাৰ বিষয়ে লিখা।

উত্তৰঃ 


c) চুবেদাৰজনৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে এটা টোকা লিখাঁ। 

উত্তৰঃ চুবেডাৰজনক সম্ৰাটে নিয়োগ কৰিছিল। প্ৰদেশখনৰ প্ৰশাসনৰ সকলো দিশ তেওঁ চোৱা-চিতা কৰিব লাগিছিল। তেওঁক প্ৰশাসন কাৰ্যত দেৱান, বকসী, ফৌজদাৰ, কটোৱাল, কাজী, সদৰ আৰু চোৰাংচোৱাসকলে সহায় কৰিছিল।

d) মােগল প্রশাসন দিনৰ চিত্রকলা সম্পর্কে লিখাঁ।

উত্তৰঃ মোগল আমোলত চিত্ৰশিল্পই বিশেষ উৎকৰ্ষ লাভ কৰিছিল। বাবৰে কাবুল আৰু পাৰস্য়ৰ পৰা শিল্পী আনি ৰাজ-দৰবাৰৰ সৌষ্ঠৱ বঢ়াইছিল। মোগল ৰাজপৰিয়াল আৰু পাৰিষদবৰ্গৰ অনুপ্ৰেৰণাত সৃষ্টি হোৱা চিত্ৰশিল্পৰ ধাৰাটোক মোগল চিত্ৰশৈলী বুলি বোলা হয়।

 7. ৰচনাধর্মী প্রশ্ন 

a) মােগল যুগৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিষয়ে লিখাঁ। 

উত্তৰঃ মোগল ৰাজত্বকালৰ প্ৰথম দহ বছৰলৈকে আকবৰে ছেৰছাহৰ  ভূমি-ৰাজহ ব্যৱস্থাকে মানি চলিছিল। কিন্তু প্রশাসনিক সুস্থিৰতা আনি লৈ তেওঁ ৰাজহ প্রশাসনৰাে সংস্কাৰ কৰিছিল। তেওঁ প্রচলন কৰা ৰাজহ ব্যৱস্থা মােগল যুগৰ শেষলৈকে প্রচলিত আছিল। আনকি বৃটিছসকলেও আকবৰৰ ভূমি-ৰাজহ ব্যৱস্থাকে অনুসৰণ কৰিছিল। আকবৰে ভূমি-ৰাজহ ব্যৱস্থাৰ সংকট আঁতৰাবলৈ নতুন ব্যৱস্থা প্রচলন কৰিছিল। তেওঁ কাৰােৰি নামৰ বিষয়া শ্ৰেণীৰদ্বাৰা সাম্রাজ্যৰ মাটি জৰীপৰ ব্যৱস্থা কৰিছিল আৰু কৰ সংগ্ৰহৰ ব্যৱস্থা কৰিছিল। 

    দেৱান খাজা মজিদ খাঁ, দেৱান মজাফৰ তাৰবতী আৰু ৰাজা টোডমলৰ নেতৃত্বত সাম্রাজ্যৰ ৰাজহ ব্যৱস্থাই নতুন ৰূপ পাইছিল। এওঁলােকৰ নেতৃত্বত মােগল সাম্রাজ্যত ভূমি বন্দোৱস্তি আৰু ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত মূলতঃ চাৰিটা পদ্ধতি প্রচলিত হৈ আছিল। সেইকেইটা হৈছে - 

(ক) দহবছৰীয়া বা দহচাল পদ্ধতিঃ এই পদ্ধতিত আগৰ দহবছৰৰ শস্য়ৰ উৎপাদন আৰু তাৰ বজাৰ মূল্য়ৰ ওপৰত নিৰ্ভৰ কৰি উৎপাদিত শস্য়ৰ এক তৃতীয়াংশ ৰাজহ নিৰ্ধাৰণ কৰা হৈছিল।

(খ) জাবটি পদ্ধতিঃ এলাহাবাদৰ পৰা লাহোৰলৈকে আৰু গুজৰাট আৰু মালৱত প্ৰচলিত ৰাজহ ব্য়ৱস্থাটোক জাবটি ব্য়ৱস্থা বোলা হয়।এই ব্য়ৱস্থাত মাটিত বীজ সিঁচাৰ লগে লগে কৃষিভূমিৰ জোখ-মাখ লৈ ৰাজহৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছিল।

(গ) বাটাই বা ঘালা-বখসী বা ভাউলী পদ্ধতিঃ এই পদ্ধতি মতে উৎপাদিত শস্য় তিনিভাগত বিভক্ত কৰি এভাগ ৰাজহ হিচাপে সংগ্ৰহ কৰা হৈছিল।

(ঘ) নাচাক বা কানকুট পদ্ধতিঃ এই পদ্ধতি অনুসৰি কৃষিভূমিৰ চৰজমিন তদন্ত কৰি ঠাইতে ৰাজহ নিৰ্ধাৰণ কৰা হৈছিল। উৎপাদনৰ এক তৃতীয়াংশ ৰাজহ হিচাপে সংগ্ৰহ কৰিছিল।

b) মােগল আমােলৰ সামাজিক গঠন কেনে আছিল বর্ণনা কৰাঁ। 

উত্তৰঃ মোগল যুগৰ ভাৰতত এখন শ্ৰেণীবিভক্ত সমাজ আছিল। ৰাজবিষয়াসকলৰ শ্ৰেণী অনুসাৰে সমাজ গঢ় লৈ উঠিছিল। ৰাজতন্ত্ৰক কেন্দ্ৰ কৰি গঢ়ি উঠা অভিজাত শ্ৰেণী আৰু ৰাজকৰ্মচাৰী সকলৰে প্ৰধান আৰু প্ৰথম শ্ৰেণীটো গঢ়ি উঠিছিল। তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নত আৰু বিলাস-বৈভৱৰ মাজেৰে তেওঁলোকে সময় অতিবাহিত কৰিছিল। অভিজাত শ্ৰেণীটো কেইবাটাও জন-গোষ্ঠীৰে গঠিত আছিল। সেয়া হ'ল - তুৰাণী, ইৰাণী, আফগানী, শ্বেইখজাদা, ৰাজপুত ডেক্কানী আৰু মোগলসকল। এওঁলোকক লৈ ডাঙৰীয়া শ্ৰেণীটো গঠিত হৈছিল। সাম্ৰাজ্য়ৰ সকলো উচ্চ পদবী ডাঙৰীয়া শ্ৰেণীৰ দখলত আছিল। চৰকাৰী আমোলা-বিষয়া, চিকিৎসক, বণিক, সদাগৰ, বিভিন্ন বৃত্তিজীৱী লোকেৰে সমাজৰ দ্বিতীয় শ্ৰেণীটো গঠন হৈছিল। কৃষক, ক্ষুদ্ৰ কাৰিকৰ আৰু শিল্পী, ক্ষুদ্ৰ ব্য়ৱসায়ী, লগুৱা আৰু দাস-দাসী, শ্ৰমিক আৰু সাধাৰণ সৈনিকেৰে সমাজৰ নিম্ন শ্ৰেণীটো গঠন গঠিত হৈছিল।

c) মােগল যুগৰ অর্থনৈতিক অৱস্থাৰ বিষয়ে এটা টোকা লিখা। 

উত্তৰঃ মোগল যুগৰ অৰ্থনৈতিক ব্য়ৱস্থা সম্পূৰ্ণ কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষিভিত্তিক সমাজত প্ৰয়োজনীয় সকলো সামগ্ৰী কৃষি ক্ষেত্ৰৰ পৰাই আহৰণ কৰা হৈছিল। ভৌগোলিক অৱস্থিতি আৰু জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি বিভন্ন প্ৰান্তত বিভিন্ন শস্য়ৰ খেতি কৰা হৈছিল। বংগ আৰু বিহাৰ কুঁহিয়াৰ খেতিৰ বাবে বিখ্য়াত আছিল। যমুনা উপত্য়কা আৰু মধ্য় ভাৰতত নীলৰ উৎপাদন উভৈনদী আছিল। দাক্ষিণাত্য়ত উৎপন্ন হোৱা কপাহে বস্ত্ৰ উদ্য়োগৰ চাহিদা পূৰাইছিল। ধান, কণীধান, গম, বজ্ৰা, বাৰ্লি, নীল, কানি, কুঁহিয়াৰ, ধপাত আৰু বিভন্ন মছলাজাতীয় শস্য়ৰ খেতি কৰা হৈছিল। গাওঁবোৰ আছিল স্বয়ংসম্পূৰণ আৰু আত্মনিৰ্ভৰশীল। মানুহৰ প্ৰয়োজনো কম আছিল। সেয়েহে লাগতিয়াল বস্তুবোৰৰ দুই-এপদৰ বাহিৰে সৰহভাগেই মানুহে নিজে উৎপাদন কৰি লৈছিল। উৎপাদনৰ প্ৰাচুৰ্যতাই বাণিজ্য়ৰ বিস্তাৰ ঘটাইছিল। গাৱঁৰ বজাৰ ব্য়ৱস্থাই সৰু সৰু নগৰৰ সৃষ্টি কৰিছিল। এইবোৰক কচবা বোলা হৈছিল।

d ) মােগল যুগৰ সাহিত্যৰ বিকাশৰ এটা বিৱৰণ দিয়া। 

উত্তৰঃ মোগল শাসকসকল সাহিত্য়প্ৰিয় আছিল আৰু সাহিত্যৰ উন্নতিৰ বাবে পৃষ্ঠপােষকতা আগবঢ়াইছিল। তেওঁলােকৰ পৃষ্ঠপােষকতাত সাহিত্যৰ আটাইকেইটা ভাগতে ভাৰতবৰ্ষই উন্নতি কৰিবলৈ সক্ষম হৈছিল। বাবৰ নিজেই আছিল এজন পণ্ডিত লোক। তেওঁৰ আত্মজীৱনী ‘তুজুক-ই-বাবৰী'য়ে বাবৰৰ পাণ্ডিত্য আৰু সাহিত্যপ্রীতিৰ পৰিচয় দিয়ে। হুমায়ুনাে সাহিত্যৰ অনুৰাগী আছিল। যুদ্ধক্ষেত্রলৈ গ'লেও হুমায়ুনে লগত কিতাপৰ টোপােলা এটা লৈ গৈছিল। 

    দেশৰ প্রশাসনিক ব্যৱস্থা সুস্থিৰ হৈ থকাত আকবৰৰ দিনত সাহিত্যৰ উন্নত আৰু দ্রুত বিকাশ হৈছিল। তেওঁৰ দিনত পাৰ্চীয়ান সাহিত্যই তিনিটা শিতানত খ্যাতি লভিছিল— বুৰঞ্জীমূলক লিখনি, অনুবাদ আৰু কবিতা। মােল্লা ডাউদৰ তাৰিখ-ই-আলফী, আবুল ফজলৰ আইন-ই-আকবৰী, আৰু আকবৰ নামা, বাউনীৰ মুণ্টাখাব-উট-তাৱাৰীখ, নিজামউদ্দিন আহমদৰ তাৱাকট-ই-আকবৰী বুৰঞ্জী সাহিত্যৰ অনুপম সৃষ্টি।

    সামাজিক - সাংস্কৃতিক ক্ষেত্ৰত সদ্ভাব থকাৰ বাবে অনুবাদ সাহিত্যই প্রসাৰ লাভ কৰিছিল। মহাভাৰতখন ফার্চী ভাষালৈ অনুবাদ কৰা হৈছিল। হাজী ইব্রাহিম সৰহিণ্ডিয়ে অথর্ব বেদখন ফার্চ ভাষালৈ অনুবাদ কৰিছিল।

    মােগল যুগৰ প্রখ্যাত কবিসকল আছিল — ঘিজালী, ফৈজী আৰু গজল লিখক হুছেইন নাজিৰি। তদুপৰি বীৰবল, মালিক মহম্মদ জয়সী, সুৰদাস, নৰহৰি, হৰিনাথ ইত্যাদি প্রখ্যাত কবি আছিল।

    মােগল যুগৰ এটা উল্লেখনীয় সাহিত্যিক বৈশিষ্ট্য হ’ল যে জীৱনী সাহিত্যৰ বিকাশ।

e) মােগল যুগত ধৰ্ম আৰু শিক্ষাৰ প্ৰচাৰ - প্ৰসাৰ সম্পর্কে এটা টোকা লিখ।

উত্তৰঃ মোগল যুগত ধৰ্মীয় শিক্ষা প্ৰায় বাধ্য়তামূলক আছিল। মছজিদ, মাদ্ৰাছা আৰু মোক্তাবত ইছলামিক শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰ হৈছিল। কোৰাণ সকলো মুছলমান ছাত্ৰই মুখস্থ কৰিব লাগিছিল।

    হিন্দু ছাত্ৰসকলে মঠ-মন্দিৰ, পাঠশালা আৰু টোলত শিক্ষা লৈছিল। ছাত্ৰসকল মূলতঃ উচ্চবৰ্ণৰ আছিল।

-Hiru Moni Bora


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------