সোনোৱাল কছাৰীসকল


প্ৰশ্নাৱলীঃ

১। ডিমাচা ভাষাত সোনোৱাল মানে কি?

উত্তৰঃ ডিমাচা ভাষাত সোনোৱাল মানে উজ্জ্বল আৰু ঐশ্বৰ্যশালী।


২। সোনোৱাল কছাৰীসকল কি ধৰ্মৰ উপাসক আছিল?

উত্তৰঃ সোনোৱাল কছাৰীসকল শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল।


৩। সোনোৱাল কছাৰীসকলৰ লোক-সাহিত্যসমূহৰ বিষয়ে লিখা?

উত্তৰঃ সোনোৱাল কছাৰীসকলৰ লোক-সাহিত্যসমূহ হল হায়দাং গীত, হুঁচৰি গীত, বহুৱাৰ নৃত্য গীত, আইনাম, ধাইনাম, লখিমী নাম, অপেশ্বৰী নাম, গোসাঁইৰ নাম, ফুলকোঁৱৰ-মণিকোঁৱৰ গীত, জনা গাভৰুৰ গীত, মৰণা মৰা গীত, বিহুগীত, তৰাচিয়া গীত আদিয়েই প্ৰধান।


৪। সোনোৱাল কছাৰীসকলৰ সমাজ-পদ্ধতিৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা?

উত্তৰঃ সোনোৱাল কছাৰী সকলৰ পৰিচয় সঁচ বা পৰিয়াল, বংশ, খেল আৰু কুচীয়া। বৰ্তনাম সোনোৱাল সকলৰ মাজত ১৩৫ টা সঁচ আছে। ইয়াৰে চাৰিটা বা ততোধিক সঁচ মিলি একোটা বংশ হয়। সোনোৱাল কছাৰী সকলৰ মাজত সৰ্বমুঠ ২৫ টা বংশ আছে। ইয়াৰে ১৪ টা বংশক নিৰ্বাচন কৰি কছাৰী ৰাষ্ট্ৰনায়ক মাণিকে হালালী ৰাজ্য পৰিচালনা কৰিছিল। সোনোৱাল কছাৰীসকলৰ বিবাহৰ ক্ষেত্ৰত প্ৰথমে সঁচ বা বংশ বিচাৰ হয়। একেই সঁচ বা বংশৰ মানুহৰ একে ঘৰৰ ককাই ভাই হিচাপে গণ্য কৰা হয়।


৫। সোনোৱাল কছাৰীসকলক কিয় দ্বৈত ধৰ্মৰ বুলি কোৱা হয়?

উত্তৰঃ সোনোৱাল কচাৰীসকলৰ মাজত শাক্ত আৰু বৈষ্ণৱ ধৰ্ম বিৰাজ মান। ৰামায়ন, মহাভাৰতৰ দিনৰ পৰাই এওঁলোকে কিৰাত বা পুৰাতন ধৰ্ম পালন কৰি আহিছিল। কিন্তু ১৬৮১ চনৰ পৰাই বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিলেও নৱ বৈষ্ণৱ ধৰ্মই সোনোৱালসকলৰ পূজা পাৰ্বনত বিশেষ প্ৰভাৱ পেলাব পৰা নাই। সেই কাৰণে এওঁলোকক দ্বৈত ধৰ্মৰ বুলি কোৱা হয়।


৬। চমুটোকা লিখাঃ

ক) গগণ চন্দ্ৰ সোনোৱালঃ সাহিত্য সংস্কৃতিৰ সাধক গগন চন্দ্ৰ সোনোৱাল জন্ম হয় ১৯২৬ চনৰ ২৪ ডিচেম্বৰত তিনিচুকীয়া জিলাৰ বৰহাপজানৰ সমীপৰ শুকানগুৰি চাহবাগিছাত। মাকুম প্ৰাথমিক বিদ্যালয়ত তেওঁৰ প্ৰাথমিক শিক্ষা-জীৱন আৰম্ভ কৰি প্ৰাক-স্নাতক পৰীক্ষাত উৰ্ত্তীণ হৈ শিক্ষা জীৱন সামৰণি মাৰে। তেখেতে শিক্ষকতা কৰা উপৰিও জীৱিকাৰ পথ হিচাপে কৃষিকৰ্মতো আত্মনিয়োগ কৰিছিল। 

এঘাৰ বছৰ বয়সতে হাতে লিখা আলোচনীত প্ৰৱন্ধ লিখি সাহিত্য চৰ্চা সূত্ৰপাত ঘটোৱা সোনোৱালৰ বিভিন্ন বিষয়ত কেইবাখনো গ্ৰন্থ প্ৰকাশ হৈছে। সেইবোৰ ক্ৰমে- সোনোৱাল কছাৰীসকলৰ ঐতিহ্য, অসমৰ সংস্কৃতিত সোনোৱাল সকলৰ অৱদান, লোক-সাহিত্য-সংগ্ৰহ, অন্যান্য ৰচনাৱলী, ভাষণাৱলী, আৰু ছয়টা কবিতা।

নিজক প্ৰতিষ্ঠা, প্ৰতিভাৰ  প্ৰসংশাৰ প্ৰতি নিস্পৃহ, নীৰৱ কৰ্ম সাধনাত একান্তভাৱে নিবিষ্ট থকা সোনোৱাল দেৱে ২০০৯ চনৰ ২৭ অক্টোবৰত ইহলীলা সম্বৰণ কৰে। 

খ) পৰশুৰাম সোনোৱালঃ পৰশুৰাম সোনোৱাল জন্ম হয় ১৯০৪ চনৰ ২৫ মে তাৰিখে নগাঘূলি চাহ বাগিছাত।  পিতৃ নাম আছিল পঞ্চানন সোনোৱাল আৰু মাতৃ নাম আছিল গুটিমালা সোনোৱাল। গ্ৰেহেম বজাৰ নিম্ন বুনিয়াদী পাঠশালাত পৰশুৰাম সোনোৱাল দেৱে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ১৯২৪ চনত প্ৰথম বিভাগত মেট্ৰিক পাছ, কটন কলেজৰ পৰা আই.এ কলা শাখাত প্ৰথম বিভাগ, কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা বুৰঞ্জীত সন্মানসহ  বি.এ ত প্ৰথম শ্ৰেণীৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইন স্নাতক ত উত্তীৰ্ণ হয়।বিদ্যায়তনিক দিশত পাৰ্গত সোনোৱাল ক্ৰীড়া, সংগীত সাধনা, লেখক আদিৰ লগতে সুকুমাৰ কলাতো সিদ্ধহস্ত আছিল। তেওঁৰ গল্প আৰু স্কেচ আদি সেইসময়ত প্ৰকাশিত Illustrated Weekly of India আলোচনীত প্ৰকাশিত হৈছিল। যি সময়ত অসমত টেনিছ, ফুটবল আৰু হকী খেলৰ কোনো চিনাকী নাছিল তেতিয়াই তেওঁ ইউনিভাৰচিটি অব কলকাতাৰ  হকী দলৰ অধিনায়ক ৰূপে নিৰ্বাচিত হৈ  প্ৰতিযোগিতাত নিজৰ সক্ষমতা দেখুৱাবলৈ সক্ষম হৈছিল আৰু অসমত ইয়াৰ প্ৰসাৰ ঘটাইছিল।

১৯৩৪ চনত অসমীয়া প্ৰথম গৰাকী এম.এ.এল.এল. বিত নাম পঞ্জীয়ন কৰি তেওঁ ওকালতি জীৱন আৰম্ভ কৰে।

১৯৬০ চনত তেওঁ ইহলীলা সম্বৰণ কৰে।  


গ) যোগেশ দাসঃ প্ৰাতঃস্মৰণীয় শিক্ষাবিদ আৰু প্ৰখ্যাত সাহিত্যিক যোগেশ দাসৰ জন্ম হয় ১৯২৭ চনত ডুমডুমাৰ হাঁহচৰা চাহবাগিছাত। তেওঁৰ পিতৃ নাম সূৰ্যকান্ত দাস আৰু মাতৃ নাম চিন্তামণি দাস। চাহবাগিছাৰ প্ৰাথমিক বিদ্যালয়তে শিক্ষা জীৱন আৰম্ভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ উপাধি লাভ কৰে।

ডুমডুমা হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰি বি. বৰুৱা মহাবিদ্যালয়ত অধ্যাপনা কৰে আৰু অসমীয়া বিভাগৰ মুৰব্বী    অধ্যীাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। তদুপৰি নতুন অসমীয়া কাকতৰ উপসম্পাদক, দৈনিক অসম, কাকতৰ সহকাৰী সম্পাদক, প্ৰহৰী আৰু অধিনায়কৰ ৰ সম্পাদনা সৈতে জড়িত আছিল। অসম সাহিত্য সভাৰ পত্ৰিকাৰো সম্পাদক আছিল। 

তেখেত এগৰাকী স্বনামধন্য, সফল আৰু মানৱীয় প্ৰমূল্যবোধেৰে ভৰপূৰ সাহিত্যিক। তেখেতৰ গল্প পুথিসমূহঃ পপীয়া তৰা, ডাৱৰৰ আৰেঁ আঁৰে, ত্ৰিবেণী, মদাৰৰ বেদনা আৰু হাজাৰ লোকৰ ভীৰ। উপন্যাখসমূহঃ সঁহাৰি পাই, ডাৱৰ আৰু নাই, জোনাকীৰ জুই, উৎকণ্ঠ উৎকণ্ঠ, ছাঁ জুই খেদি, নিৰুপায় নিৰুপায়, এমুঠি ধূলি, হেজাৰ ফুল, অবৈধ, জুইৰ ধোঁৱা, নৰেশ, মালতী, ৰজনী বিদূৰ। ইয়াৰ উপৰি বনে বনে, জীৱনী গ্ৰন্থ- হেম বৰুৱা, Folklore Of Assam তেখেতৰ গ্ৰন্থ।

১৯৮০ চনত পৃথিৱীৰ অসুখ নামৰ গ্ৰন্থ বাবে সাহিত্য অকাডেমী বঁটা, ১৯৮৬ চনত আকৌ বনে বনে গ্ৰন্থৰ বাবে মোক্ষদানন্দপাঠক শিশু সাহিত্য বঁটা, ১৯৮৯ চনত এনাজৰী গ্ৰন্থ বাবে সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা, লাভ কৰে। ১৯৯৪ চনত তেওঁলৈ অসম উপত্যকা বঁটা আগবঢ়োৱা হয়। 

এইগৰাকী ব্যক্তি ১৯৯৯ চনৰ ৯ চেপ্তেম্বৰত মৃত্যু হয়।                             

 ঘ) যোগেন্দ্ৰনাথ হাজৰিকাঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী যোগেন্দ্ৰ নাথ হাজৰিকা অসমৰ জনসাধাৰণৰ মাজত যোগেন হাজৰিকা নামেৰে অধিক জনজাত। অসমৰ ডিব্ৰুগড় জিলাৰ টেঙাখাত অঞ্চলৰ পুৰণিখঙীয়া গাঁৱত ১৯২৪ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে এটি দৰিদ্ৰ পৰিয়ালত যোগেন হাজৰিকাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃ ক্ৰমে গোলাাপ চন্দ্ৰ হাজৰিকা আৰু ৰত্না হাজৰিকা আছিল। তেওঁৰ পত্নী বীণা হাজৰিকাৰ একমাত্ৰ পুত্ৰ মনজিৎ হাজৰিকা।স্বাধীন ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন হৈছিল ১৯৫২ চনত। হাজৰিকাদেৱে এই নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰি সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আৰু একেৰাহে ১৯৬৭ চনলৈকে লোকসভাৰ সাংসদ আছিল। যোগেন্দ্ৰনাথ হাজৰিকাই ১৯৯৭ চনৰ ৩০ চেপ্তেম্বৰ তাৰিখে জীৱন নাট সংসাৰৰ পৰা চিৰ বিদায় মাগিলে।



Post ID : DABP004089