মণিপুৰীসকল



প্ৰশ্নাৱলীঃ

১। কেতিয়াৰ পৰা মণিপুৰী সকলে অসমত স্থায়ীভাৱে বসবাস কৰিব আহিছে?

উত্তৰঃ ১৮১৯ খ্ৰীষ্টাব্দত মান সেনাই মণিপুৰ ৰাজ্য আক্ৰমন কৰি প্ৰজাসকলৰ ওপৰত মান সেনাই কৰা বৰ্বৰ অত্যাচাৰ আৰু উৎপীড়নত তিষ্ঠি থাকিব নোৱাৰি তেওঁলোক কাছাৰ, ছিলেট আদি ঠাইলৈ আহিছিল বুলি জনা যায়। পাছত এই লোক সকলে স্ব-স্থানলৈ উভতি নগৈ কাছাৰ জিলাতেই স্থায়ী ভাৱে বাস কৰিবলৈ লয়।


২। ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদত মণিপুৰী ভাষা কিমান চনত অন্তৰ্ভুক্ত হয়?

উত্তৰঃ ভাৰতীয় সংবিধানত অষ্টম অনুচ্ছেদত মণিপুৰী ভাষা ১৯৯২ চনত অন্তৰ্ভুক্ত হয়।


৩। মণিপুৰী মীতৈ/ মৈতৈসকলৰ সমাজত সাতটা যেক ছাইলাৰ নাম কি কি?

উত্তৰঃ মণিপুৰী মীতৈ সকলৰ সমাজত সাতটা য়েক ছাইলৰ নাম হল মঙাং, লুৱাং, খুমন, মোইৰাং, অঙোম, খাবা-ঙানবা, আৰু চেংলৈ।


৪। মণিপুৰীৰ মীতৈ/ মৈতৈসকলৰ নিজা ঘৰত পূজা-অৰ্চনা কৰা দেৱ-দেৱীৰ নাম কি কি?

উত্তৰঃমণিপুৰী মীতৈ/মৈতৈসকলৰ নিজা ঘৰত পূজা-অৰ্চনা কৰা দেৱ-দেৱীৰ নাম হৈছে য়ুমলাই, লাইনিংথৌ ছানামহী, ইমা লৈমৰেণ শিদবী।


৫। লাই হৰাওবা কি? বছৰৰ কি মাহত লাই হৰাওবা উৎসৱ পালন কৰা হয়? লাই হৰাওবা উৎসৱত ব্যৱহাৰ কৰা এবিধ বাদ্যযন্ত্ৰৰ নাম লিখা?

উত্তৰঃ লাইহৰাওবা হৈছে মণিপুৰী সকলৰ কৃষিভিত্তিক উৎসৱ। লাইহাৰাওবা ৰ অৰ্থ হৈছে নেদেখাজনৰ সন্তোষ সাধন। লাইহৰাওবা হৈছে মণিপুৰী সংস্কৃতি প্ৰতিবিম্ব স্বৰূপ। এই উৎসৱ বহাগ মাহত পালন কৰা হয়। এই উৎসৱত ব্যৱহাৰ কৰা এবিধ বাদ্য যন্ত্ৰ হল পেনা।


৬। মণিপুৰী মীতৈ/ মৈতৈসকলৰ কিছুমান নাচৰ নাম লিখা?

উত্তৰঃ মণিপুৰী মীতৈ/মৈতাসকলৰ নাচৰ নাম হৈছে থাবল চোংবি, মাইবী জগোই।


৭। চমুটোকা লিখাঃ 

ক) নাওৰিয়া ফুলোঃ অসমৰ হাইলাকান্দি জিলাৰ ৰাজেশ্বপুৰ মৌজাৰ লাইশ্ৰমখুন নামৰ গাঁৱত ১৮৮৮ চনৰ ২৮ আগষ্ট তাৰিখে নাওৰিয়া ফুলো জন্ম হয়। তেওঁ পিতৃ নাওৰেম চাওবা আৰু মাতৃ থম্বৌ দেৱী।

কুৰি শতিকাৰ তৃতীয় দশকটো মণিপুৰী আধুনিক সাহিত্যৰ অৰুণোদয় সময়।এই দশকটোতেই পশ্চিমীয়া শিক্ষাৰে শিক্ষিত এচাম মাতৃভাষাপ্ৰেমীয়ে সাহিত্য ৰচনাত মনোনিৱেশ কৰে। নাওৰিয়া ফুলোই শিক্ষকতাৰ কৰি থকা সময়ৰ পৰাই সাহিত্য চৰ্চা আৰম্ভ কৰে  অনুবাদেৰে। ১৯১৮-১৯ চনলৈকে হিন্দু উপাখ্যানৰ কাহিনীৰে মুঠ পাঁচখন নাটক ৰচনা কৰে। সেই সমূহ- ১) ইনিংথৌ হৰিচন্দ্ৰ, ২) সীতা বনবাস, ৩) ৰামনা বনবাসতগী হললকলবদা, ৪) দুষ্মন্ত শকুন্তলা, ৫) শ্ৰৱণ কুমাৰ।

১১ বছৰ ভিতৰত কবিতা আৰু নিৱন্ধ মুঠ ১৯ খন গ্ৰন্থ ৰচনা কৰে।

তেওঁৰ গদ্যত ৰচিত উল্লেখনীয় গ্ৰন্থসমূহ- ১) মীতৈ হৌভম ৱাৰী (মীতৈৰ ইতিবৃত্ত), ২) গৌড় ধৰ্ম চঙকপা মতাং, ৩) মীতৈ য়েলহৌ ময়েক, ৪) অহন য়াথং, ৫) হৌৰকপা অমসুং হৌভম ইত্যাদি।

 তেওঁ অথৈবা সৈৰেং ১৯৩৪ ( শ্ৰেষ্ঠ কবিতা)। ১৯৪১ চনৰ ৩০ জুন তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে।


খ) নৃত্যগুৰু কে. যতীন্দ্ৰ সিংহঃ নৃত্যশিল্পী, নৃত্যগুৰু অধ্যাপক কে. যতীন্দ্ৰ সিংহৰ জন্ম হয় ১৯৪৩ চনত এপ্ৰিল মাহৰ ২২ তাৰিখে অসমৰ কাছাৰ জিলাৰ লক্ষীমপুৰত। গুৰু কে. যতীন্দ্ৰ সিংহ, মণিপুৰী নট-সংকীৰ্তন গুৰু কে. কামিনী সিংহ আৰু শ্ৰীমতী পশোৎলৈমা দেৱীৰ সুপুত্ৰ। 

১৯৬৫ চনত বৃত্তি পাই  বিশ্বভাৰতীয় শান্তি নিকেতনলৈ নৃত্য শিক্ষাৰ বাবে যায়। নৃত্যশিক্ষা সাং কৰি তাতেই তেওঁ নৃত্য আৰু সংগীত বিভাগত অধ্যাপকৰ পদত নিযুক্তি পাই শান্তি নিকেতনত নিগাজিকৈ থাকিবলৈ লয়। 

তেওঁ ত্ৰিধাৰ আৰু মীৰজিঙ্গাঁনসা  নামৰ দুখন টেলিফিল্মতো অভিনয় কৰিছিল। গুৰু কে. যতীন্দ্ৰ সিংহক ২০০৬ চনত মণিপুৰী সাহিত্য পৰিষদ, অসমে নৃত্যগুৰু, ২০১০ খ্ৰীষ্টাবদত ৰাজকুমাৰ বুদ্ধিমন্ত  মেমৰিয়েল ডান্স একাডেমী ত্ৰিপুৰাই  ৰাজকুমাৰ মেমোৰিয়েল এৱাৰ্ড, আৰু ২০১২ চনত মণিপুৰী সাহিত্য পৰিষদ, ইম্ফলে নৃত্যৰত্ন উপাধিৰে সন্মানিত কৰে।

তেখেত ২ এপ্ৰিলৰ ২০১৮ চনত ইহলীলা সম্বৰণ কৰে।


গ) সমাজসেৱিকা সৰস্বতী সিংহাঃ অসম আন্দোলনৰ নেত্ৰী, সমাজসেৱিকা, সৰস্বতী সিংহা ১৯৫৮ চলৰ চেপ্তেম্বৰত হোজাই জিলাৰ লংকা অঞ্চলৰ আমপুখুৰী গাঁৱত জন্ম হয়। পিতৃ নাম ৱাহেংবম জয়চন্দ্ৰ সিংহ আৰু মাতৃৰ নাম ৱাহেংবম খজবী দেবী।

আইনৰ স্নাতক সৰস্বতী সিংহাই ১৯৯৬ চনত এগৰাকী অধিবক্তা ৰূপে যোগদান কৰে। তেওঁৱে ব্ৰহ্মপুত্ৰ উপত্য়কাৰ প্ৰথম গৰাকী মণিপুৰী অধিবক্তা।

নাৰী সমাজৰ চেতনা জাগৰণ, সমাজৰ কু-সংস্কাৰ নিৰ্মূলৰ হকে তেওঁ একাধিক মহিলা সংগঠণো  প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ সমাজসেৱা স্বীকৃতি ৰূপে মণিপুৰী সাহিত্য পৰিষদ, অসমে তেওঁক ২০১২ চনত সমাজসেৱিকা উপাধি আৰু বঁটাৰে বিভূষিত কৰে।

২০১২ চনৰ ৫ ডিচেম্বৰত তেওঁ ইহলীলা সম্বৰণ কৰে।


  ঘ) নোংথোম্বম বিদ্যাপতি সিংহঃ সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক দিশত নেতৃত্ব বহন কৰা এগৰাকী মণিপুৰৰ বাহিৰত থকা মণিপুৰী ব্যক্তি হৈছে নোংথোম্বম বিদ্যাপতি সিংহ। বৰ্তমান হাইলাকান্দি জিলাৰ লালা চহৰত ১৯১২ চনত তেওঁ জন্ম গ্ৰহণ কৰিছিল। 

ঢাকা বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত স্নাতক ডিগ্ৰী লৈ সিংহই ইংৰাজী শিক্ষক ৰূপেহে কৰ্ম জীৱন আৰম্ভ কৰে কাছাৰ জিলাত। সেই অঞ্চলত তেওঁৰ প্ৰচেষ্টাত হাইস্কুল স্থাপন হয় প্ৰথম বাৰলৈ। সাংস্কৃতিক দিশৰো বহু কামত তেওঁ জড়িত আছিল।কাছাৰ মণিপুৰী যুৱ সংঘ নামৰ অনুষ্ঠানটোৰ দ্বাৰা তেওঁ স্বজাতিৰ যুৱসকলক জাগ্ৰত কৰিছিল।

১৯৪৬ চনত তেওঁ অসম বিধান সভা নিৰ্বাচনত দক্ষিণ হাইলাকান্দিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তেওঁৰ প্ৰচেষ্টাতেই অসম চৰকাৰে মণিপুৰী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিছিল।

১৯৫৪ চনত তেখেতৰ মৃত্যু হয়।



Post ID : DABP004088