ঠ
ঠিক - নিশ্চয়, হুবহু
ঠনঠননি – ঠন ঠন কৰা কাৰ্য্য,ঠন ঠন শব্দ।
ঠলামুৰি – মূৰত মোৰ থাপৰ।
ঠাঁনি – গছৰ সৰু, লাহী ডাল।
ঠানুৱা – সুন্দৰ গঢ়যুক্ত।
ঠাৰি – পাত,ফুল,বা গুটিৰ গছত লাগি থকা ভাগ।
ঠাল-ঠেঙুলি – শাখা-প্ৰশাখা,গছৰ গা অংশৰ পৰা ওলোৱা সৰু বৰ শাখা।
ঠিক – যিটো নিশ্চিতি বা সঁচা।
ঠিলা – চুঙা আদিৰ মুখ বন্ধ কৰা খোপা।
ঠিহিৰা – বয়স অনুযায়ী নবঢ়া।
ঠেকা – ঢুকা,ঠেক কৰা।
থেতাল – খুন্দি চেপেটা বা আধাভগা কৰা।
ঠেৰেঙা – অত্যাধিক শীতৰ বাবে জঠৰ হোৱা।
ঠেৰেহা – নপকি বা নিসিজি গেঁঠেলা মাৰি থকা।
থেৰোঁ-গেৰো – কৰোঁ-নকৰোঁ ভাব।
ঠোকৰ – সৰু বস্তুৰে কৰা মৃদু আঘাত।
ঠগাব – প্ৰবঞ্চনা কৰিব
ঠাহি - হেঁচি হেঁচি (ভৰা)
Post Id: DABP000543
0 Comments