f অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning প ~ Daily Assam

অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning প

১. পচনসাৰ - জাৱৰ - জোঁথৰ পুতি থৈ কৰা পাৰ
২. পদূলি - বাটৰ সমুখভাগ, মানুহ ঘৰলৈ সোমোৱা অংশ
৩. পলম - লেহেম, হেমাহি, বিলম্ব
৪. পৱন - বতাহ, বায়ু
৫. পৰামৰ্শ - আলোচনা, মন্ত্ৰণা, বুদ্ধি
৬. পৰিচ্ছন্ন - চাফা, পৰিষ্কাৰ
৭. পৰিমল - সুগন্ধ, অতি উত্তম ঘ্ৰাণ
৮. পৰিশ্ৰম - মনেৰে বা গাৰে/শৰীৰৰে কৰা যত্ন, চেষ্টা, কষ্ট
৯. পাঙিলে - বুদ্ধি সাজিলে
১০.পাৰিষদ - সভাসদ
১১. প্ৰিয় - চেনেহৰ, সাদৰৰ
১২. পীৰা - চাৰিটা চুটি খুৰা থকা কাঠৰ আসন
১৩. পূছনীয় - মাননীয়, শ্ৰদ্ধাৰ যোগ্য, মানপোৱাৰ যোগ্য
১৪. পোহ-পাল - প্ৰতিপালন, খাবলৈ পিন্ধিবলৈ কায
১৫. পিতৃৱাৎ - পিতৃতুল্য।
১৬. পিত্তশূল – পিত্তত হোৱা এবিধ ৰোগ।
১৭. পিৰিকটি – চকুৰ পতাৰ দাঁতিৰ নোমযুক্ত অংশ।
১৮. পিয়াঁজ – এবিধ উগ্ৰগন্ধি, জলা মল।
১৯. পিয়ূষ – অমৃত,সুধা।
২০. পুংখানুপুংখ – ফাঁহ ফাঁহকৈ চোৱা।
২১. পূঁজ – ঘাঁ পকি ওলোৱা বগা তৰল।
২২. পুকীয়া – যিটো পোকে খাইছে।
২৩. পূজনীয় – পূঁজিবৰ যোগ্য।
২৪. পূজা – আৰাধনা।
২৫. পূজাৰী – পূজা ৰ কাম-কাজ সম্পাদন কৰা লোক।
২৬. পূজিত – যাক পূজা কৰা হয়।
২৭. পুঞ্জীভূত – থুপ খাই থকা।
২৮. পুঠি – এবিধ সৰু মাছ।
২৯. পুনৰ – দুনাই।
৩০. পুণ্ডৰীক – বগা পদুম।
৩১. পূতনা – পূৰানোল্লেখিত এজন ৰাক্ষসী।
৩২. পুতলী – চকুৰ মণি।
৩৩. পুত্ৰৱৎ - পুত্ৰতুল্য।
৩৪. পুনৰভিনয় – পুনৰ ক
৩৫. পুনৰুক্তি – কোৱা কথাৰ পুনৰাবৃত্তি।
৩৬. পুনৰুজ্জীৱিত – পুনৰ প্ৰাণ পাই উঠা।
৩৭. পুনৰুদ্ধাৰ – পুনৰ উদ্ধাৰ কৰা কাৰ্য্য।
৩৮. পুৰঠ – পৈনত হোৱা; পৰিপক্ক অৱস্থা পোৱা।
৩৯. পূৰণ – গুণ কৰা কাৰ্য্য; পূৰ্ণ কৰা কাৰ্য্য।
৪০.  পুৰস্কাৰ – বঁটা।
৪১. পূৰাপূৰি – অলপো কম নোহোৱা।
৪৩. পূৰিয়া – ৰাগিয়াল বস্তুৰ বড়ি।
৪৪. পূৰ্ণানন্দ – সকলো সময়তে আনন্দত থকা।
৪৫. পূৰ্ণাহুতি – যজ্ঞ পূৰ্ণ কৰা আহুতি।
৪৬. পূৰ্ণিমা – শুক্লপক্ষৰ শেষৰ দিনটো।
৪৭. পূৰ্বাহ্ন – পুৱাবেলা।
৪৮. পুষ্পক ৰথ – কুবেৰৰ ৰথ।
৪৯. পুষ্পাঞ্জলি – ফুলৰ অঞ্জলি।
৫০. পুস্কৰ – তীৰ্থ-বিশেষ; পুহকৰ; পানী; মেঘ।
৫১. পুষ্প – ফুল।
৫২. পুঁজি – খেৰ আদিৰ দম;মূলধন।
৫৩. পুঞ্জ – থূপ; (দ্বীপপুঞ্জ)।
৫৪. পূণ্য – সুকৰ্ম; সুকৰ্মৰ ফল।
৫৫. পূৰৱী – ভাৰতীয় সংগীতৰ ৰাগিনী-বিশেষ।
৫৬. পুৰাতত্ব – ঐতিহাসিক তথ্য-সম্বন্ধীয় অধ্যয়ন।
৫৭. পুৰাতন – পুৰণিককলীয়া; প্ৰাচীন।
৫৮. পূব – সূৰ্য্য উদয় হোৱা দিশটো।
৫৯. পৃথিৱী – ভুৱন।
৬০. পেচা – জীৱন নিৰ্বাহৰ উপায়;বৃত্তি।
৬১. পেচদাৰী – পেচাসুলভ (দৃষ্টিভংগী)।
৬২. পেটকুলি – কপট স্বভাৱৰ।
৬৩. পেট্ৰলিয়াম – খনিজাত তৰল দ্ৰব্য।
৬৪. পেটুলা – পেটাল; যাৰ পেট ডাঙৰ; তেনে।
৬৫. পেঁপুৱা – পেঁপা বজাওঁতা।
৬৬. পেশী – দেহৰ আঁহযুক্ত মঙহ।
৬৭. পৈতৃক – পিতৃ-সম্পৰ্কীয়।
৬৮. পৈণত – পুৰঠ হৈ পূৰ্ণ অৱস্থা পোৱা।
৬৯. পোচাক – পিন্ধা সাজ।
৭০. পৰিভ্ৰমী-      এঠাইৰ পৰা আন এঠাইলৈ ভ্ৰমি ফুৰা ।
৭১. পৰিৱেশ্য-    পৰিৱেশ  কৰিবলগীয়া।
৭৩. পৰোপকাৰ-    আনৰ প্ৰতি কৰা উপকাৰ.
৭৪. পযটক -     ঠাই চাবলৈ ভ্ৰমণ কৰা লোক।
৭৫. পুণ্যতোয়া -    পবিত্ৰ পানী থকা (নদী)।
৭৬. পেৰা-        চন্দুক, বাকচ।
৭৭. পোলোক পালাক-  ইফালে সিফালে চঞ্চলভাৱে চোৱা (চকু)
৭৮. প্ৰখৰ-        বৰ চোকা,তীক্ষ্ণ।
৭৯. প্ৰচণ্ড-        প্ৰবল, ভয়ানক ।
৮০. প্ৰচলিত-      পূবৰে পৰা চলি অহা।
৮১. প্ৰতিজ্ঞাবদ্ধ-    অঙ্গীকাৰযুক্ত।
৮২. প্ৰতিফলন -    প্ৰতিবিম্ব, পানী, দাপোন আদিত দেখা প্ৰতিৰূপ।
৮৩. প্ৰতিভাশালী -    অনুসাধাৰণ বুদ্ধিসম্পন্ন।
৮৪. প্ৰতিভাসম্পন্ন-    প্ৰতিভাশালী
৮৫. প্ৰতিশ্ৰুতি-       দিম বুলি কৰা অঙ্গীকাৰ।
৮৬. প্ৰতিষ্ঠান-        অনুষ্ঠান, সংস্হাপন।
৮৭. প্ৰত্যুষতে-       নিচেই ৰাতিপুৱাতে।
৮৮. প্ৰবন্ধ-         যত্ন। (২)নিবন্ধ, ৰচনা।
৮৯. প্ৰবল-         বলী, পৰাক্ৰমী।
৯০. প্ৰভাতী-       পুৱা কৰা বা হোৱা ।
৯১. প্ৰভুভক্তি-      গৰাকীৰ অধিকাৰৰ প্ৰতি মান্যতা, গৰাকীৰ প্ৰতি ৯২. ভক্তি।
৯৩. প্ৰযুক্তিবিদ-     প্ৰয়োগ বিজ্ঞানবিদ, উতপাদন, নিমাণাদিত পাৰদশী ব্যক্তি।
৯৪. প্ৰশংসা-       ভাল কায গুণৰ শলাগনি।
৯৫. প্ৰয়োগিক-      ব্যাৱহাৰক।
৯৬. পোটক – প্ৰতিশোধ।
৯৭. প্ৰকোপিত - উত্তেজিত , উগ্ৰ , বৰ চোকা , বৰকৈ খঙ উঠা , প্ৰবল , প্ৰখৰ ।
৯৮. প্ৰায়োগিক- খটাবলগীয়া , ব্য়ৱহাৰ কৰিৱলগীয়া , প্ৰয়োগ কৰিবলগীয়া ।
৯৯. প্ৰৱাসী -ঘৰৰ পৰা আঁতৰত বাস কৰা মানুহ ।

১০০. প্ৰশিক্ষণ - কোনো শিক্ষা বিষয়ক আলোচনা , বিশেষয়ক আলোচনা , বিশেষ বিষয়ত পাৰদশী কৰাৰ  বাবে দিয়া শিক্ষা , হাতে কামে দিয়া শিক্ষা ।
১০১. প্ৰেৰণ - পঠিওৱা কাৰ্য
১০২. প্ৰত্য়াশিত- আশা কৰা , ভৰসা কৰা ।
১০৩. প্ৰতিনিয়ত- দিনৌ , সকলো দিনত ।
১০৪. প্ৰাত:স্মৰণীয় -সকলোৰে ভক্তিৰ প্ৰাত বুলি যাক পুৱাতে স্মৰণ ১০৫. কৰা উচিত , পুৱাঁতে মনত পেলাৱলগীয়া ।
১০৬. পটন্তৰ - কোনো কথা বুজাবলৈ দিয়া উপামা বা উদাহৰণ ।
১০৭. পণ - প্ৰতিজ্ঞা ।
১০৮. পাকৈত – দক্ষ ।
১০৯. পৰাধীন – আনৰ অধীন ।
১১০. পদাৰ্পন – ভৰি দিয়া কাৰ্য ।
১১১. পাৰদৰ্শিতা – ভালকৈ জনা গুণ ।
১১২. প্ৰত্যাহবান – প্ৰতিনিমণ্ত্ৰণ ।
১১৩. পিত্ পানী – প্ৰাণীৰ অভ্যন্তৰত থকা এবিধ তিতা ৰস ।
১১৪. পচন্দ - মানে ভাল লগা, মনে মিলা, মনত লগা, মন খোৱা।
১১৫. পছোৱা - মানে পশ্চিম ফালৰ পৰা মৰা বতাহ, পশ্চিম ফালৰ পৰা পূবলৈ মৰা বতাহ।
১১৬. পগা - মানে জুলিয়া বস্তু গৰম কৰি দাথ কৰা।
১১৭. পখিলা - মানে এবিধ পতঙ্গ।
১১৮. পকীয়া - পাক খাইথকা, বেঁকা।
১১৯. পচ - গেলি যোৱা।
১২০. পজালি - মানে শুকাবৰ বাবে তলিতে তুলি থোৱা মাহ।
১২১. পচাৰ - মানে অলপ চকু মেলি আকৌ জপোৱা কাৰ্য।
১২২. পচলা - খাবলৈ অনা সৰু সৰু কল পুলি।
১২৩. পকী - মানে ইটা, শিল, বালি আদিৰে নিৰ্মান কৰা ঘৰ।
১২৪. পকা - পূৰথ হৈ পৰা কোমল বা টান হোৱা।
১২৫. পছাৰ - এখন কাপোৰ, চেলেং।
১২৬. পকীয়াপকি - মানে বহুত ভাঁজ ব পাক থকা, পোন নহয়।
১২৭. পাক - মানে পাক খোৱা, বান্ধ খোৱা।
১২৮. পঘে - মানে উঘা চোৱা। 
১২৯. পঘা - মানে গৰু বন্ধা জৰি।
১৩০. পচম - পচমেৰে তৈয়াৰ কৰা।
১৩১. পঞ্চ সংখ্যা - মানে পাচোটা সংখ্যা
১৩২. পকেত - মানে মানুহৰ কাপোৰত থকা এটা মোনা।
১৩৩. পকতীয়া - মানে ইফালি খিফালে ঘূৰি ফূৰা।
১৩৪. পক্ক - সম্পূৰ্ণ অৱস্থাত থকা।
১৩৫. পঙ্গপাল - খেতিপথাৰৰ শস্য নাশকাৰী পতঙ্গৰ দল
১৩৬. পঞতপ - চাৰিওফালে চাৰিকুৰা জুই আৰু তাৰ উপৰত সূৰ্য্য ইয়াৰ ভিতৰত থাকি কৰা তপস্যা।
১৩৭. পঞ্চম - পাচ নম্বৰৰ জন।
১৩৮. পঞ্চমৃত  - একেলগে গোটাৱা গাখীৰ, দৈ, চেনি, ঘিউ।





6 comments:

  1. প্ৰীতি শব্দৰ অৰ্থ

    ReplyDelete
  2. প্ৰাচ্য শব্দৰ অৰ্থ

    ReplyDelete
  3. পোবালি শব্দৰ অৰ্থ কি

    ReplyDelete
  4. প্ৰাপ্তবয়স্ক

    ReplyDelete
  5. প্ৰতিবন্ধক

    ReplyDelete

Write your Comment