f অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning অ ~ Daily Assam

অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning অ




১. অমাতৰ মাত- আধাফুটা মাত, শুনিবলৈ শুৱলা মাত
২. অৱহেলা- আওহেলা, অনাদৰ
৩. অনুপ্ৰাণিত- উৎসাহিত
৪. অন্যতম- বহুতৰ ভিতৰত বিশেষ এজন বা এটা
৫. অমূল্য- যাৰ মূল্যৰ সীমা নাই, যাৰ উচিত মূল্য বা বেচ দিব ৬পৰা নাযায়
৭. অবিৰাম- বিৰামহীন, নেৰা-নেপেৰা
৮. অসহনীয়- অসহ্য
৯. অলেখ- লেখহীন বা গণনা কৰিব নোৱাৰা, অসংখ্য
১০. অনিষ্ট- হানি, ক্ষতি, অপকাৰ
১১. অলেখ- লেখ বা গণনা কৰিব নোৱাৰা, অসংখ্য, বিস্তৰ, বহুত
১২. অব্যাহত- অবাধ, বাধাহীন, অনগল
১৩. অঞ্চল- কোনো এক ভৌগোলিক পৰিসীমাৰ বিশেষ খণ্ড, এলেকা; ১৪. বিশেষ ভূখণ্ডৰ কোনো এটা ভাগ
১৫. অনুষ্ঠান- সভা, অধিৱেশন, বৈঠক; শাস্ত্ৰীয় ক্ৰিয়া-কম, উৎসৱাদি
১৬. অভিমুখে- ফালে, দিশে
১৭. অস্ত- মাৰ যোৱা, তললৈ নামি নেদেখা হোৱা
১৮. অক্ষিপট- চকুৰ মণিৰ ভিতৰৰ ফালে থকা মিহি ছাল
১৯. অখাদ্য - খোৱাৰ অনুপযোগী
২০. অনায়াসে - অলপ চেষ্টাতে, সুকলমে, সুগমে
২১. অনুসৰি - সেইমতে, অনুযায়ী
২২. অংকন- অঁকা কায
২৩. অঞ্জলি- আঁজলি
২৪. অনুক্ৰম- যথাক্ৰম
২৫. অগণিত- গণনা কৰিব নোৱাৰা
২৬. অঁকৰা- বোধশক্তিহীন
২৭. অগস্ত্য- এজন ঋষিৰ নাম
২৮. আগ-ভেটা- বাধা প্ৰদান
২৯. অকাযকৰী- কাৰ্যকৰী নোহোৱা
৩০. অকস্মাৎ- হঠাৎ
৩১. অকণমান- অলপ বা সৰু
৩২. অংগীকাৰ- প্ৰতিজ্ঞা
৩৩. অণুবীক্ষণ- খালী চকুৰে দেখা নোপোৱা বস্তু এটা দেখা পোৱা যন্ত্ৰ।
৩৪. অগ্নিবাণ- পৌৰাণিক যুদ্ধাস্ত্ৰ- বিশেষ
৩৫. অংগীভূত- অংগৰূপে অন্তৰ্ভুক্তি ঘটা
৩৬. অৱদমিত – দমাই বা হেঁচি ৰখা।
৩৭. অতলস্পশ- চলি ঢুকি নোপোৱা, বৰ দ
৩৮. অকালপক্ক- অকালতে পকা
৩৯. অৱচেতন – চেতন আৰু অচেতনৰ মধ্যৱৰ্তী অৱস্থা।
৪০. অনুপ্ৰেৰণা - উৎসাহ, উদ্গনি
৪১. অৱলম্বন – গইনা।
৪২. অন্বয় - সম্বন্ধ, সংযোগ
৪৩. অভিমুখী - দিশে, ফালে
৪৪. অৱজ্ঞা – গুৰুত্বহীন বিবেচনা।
৪৫. অৱমাননা – যথাযোগ্য মান নকৰা অৱস্থা।
৪৬. আৱাঞ্ছিত – অনিচ্ছাকৃত।
৪৭. অৱক্ষয় – ক্ৰমান্বয়ে হোৱা স্থলন।
৪৮. অৱদান - মহৎ কাৰ্য,কীৰ্তি।
৪৯. অভিভূত - বিহুৰ, তলত হেৰোৱা
৫০. অজন - চেষ্টা কৰি পোৱা, আহৰণ কৰা
৫১. অভিধানিক – অভিধান সম্বন্ধীয়, অভিধানত থকা।
৫২. অৱয়ব – সাকাৰ ৰূপ।
৫৩. অমনোযোগিতা – মনোযোগ নোহোৱা অৱস্থা।
৫৪. আৱাঞ্ছনীয় – যিটো বাঞ্ছা কৰা অনুচিত।
৫৫. অৱদান - মহৎ কাম, সকলোৱে প্ৰশংসা কৰা কাম, দান বা বৰঙণি
৫৬. অৱগুণ্ঠন – ওৰনি।
৫৭. অব্দ - বছৰ
৫৮. অৱসাদ – দেহ-মনৰ ক্লান্তি।
৫৯. অভূত্থান – হঠাতে হোৱা বিদ্ৰোহ,উদয়।
৬০. অভিলাষ – হেঁপাহ,আকাংক্ষা।
৬১. অভিনৱ – একেবাৰে নতুন।
৬২. অৱৰোধ – আবদ্ধ কৰি থোৱা কাৰ্য।
৬৩. অহংকাৰ - গব, ইদপ, নিজক ডাঙৰ বা শ্ৰেষ্ঠ বুলি ভবা
৬৪. অৱদমন – দমাই বা হেঁচি ৰখা কাৰ্য।
৬৫. অসীম - সীমা নথকা, অশেষ
৬৬. অভিশপ্ত – যি অভিশাপৰ ফল ভূগিছে।
৬৭. অৰিহণা – দান কৰা ধন,বৰঙণি।
৬৮. অৱধি – পৰ্যন্ত (মৃত্যু অৱধি)।
৬৯. অমনোযোগী – মনোযোগ নিদিয়া।
৭০. অৰিহণা – দান কৰা ধন,বৰঙণি।
৭১. অৰ্থাগমন – টকা-পইচা হাতলৈ অহা কাৰ্য।
৭২. অভিৱৰ্ত্তন – নিৰ্দিষ্ট উদ্দেশ্যত অনুষ্ঠিত সভা।
৭৩. অভিভূত – মোহিত।
৭৪. অমাতাৰ মাত- আধাফুটা মাত, শুনিবলৈ শুৱলা মাত
৭৫. অৱহেলা- আওহেলা, অনাদৰ
৭৬. অভিজিৎ - এটা নক্ষত্ৰ,বিজয় সাব্যস্ত কৰোঁতা।
৭৭. অনুপ্ৰাণিত- উৎসাহিত
৭৮. অভ্যন্তৰিক – অভ্যন্তৰ-সম্পৰ্কীয়।
৭৯. অবলা – মনোবলহীন (স্ত্ৰী)
৮০. অৱশ্যম্ভাৱি – যিটো নিশ্চিত ভাৱে হৱ।
৮১. অম্বিকাগিৰী – দুৰ্গা ৰ স্বামী।
৮২. অৰ্থৱান – ধনৱান।
৮৩. অলপীয়া – তাকৰীয়া,অধিক নোহোৱা।
৮৪. অলস ভাবে – উদ্যমহীন ভাৱে।
৮৫. অৰ্ধ – আধা।
৮৬. অন্তৰ্মুখী – ভিতৰলৈ লক্ষ্য বা গতি থকা।
৮৭. অন্তৰ্ভাগ – অভ্যন্তৰৰ ভাগ।
৮৮. অন্তৰ্নিহিত – অন্তৰালত থকা।
৮৯. অৱসৰ – আজৰি
৯০. অৱনতি – উন্নতিৰ বিপৰীত,পতন।
৯১. অন্তৰ্ধান - হঠাৎ অদৃশ্য হোৱা কাৰ্য্য।
৯২. অন্যতম- বহুতৰ ভিতৰত বিশেষ এজন বা এটা
৯৩. অমূল্য- যাৰ মূল্যৰ সীমা নাই, যাৰ উচিত মূল্য বা বেচ দিব পৰা নাযায়
৯৪. অবিৰাম- বিৰামহীন, নেৰা-নেপেৰা
৯৫. অসহনীয়- অসহ্য
৯৬. অন্তৰ্গত – ভিতৰত বা মাজত থকা।
৯৭. অৱৰ্ণনীয় – বৰ্ণনাতীত।
৯৮. অলেখ- লেখহীন বা গণনা কৰিব নোৱাৰা, অসংখ্য
৯৯. অনিষ্ট - হানি, ক্ষতি, অপকাৰ
১০০. অবাবতে – কাৰণ নোহোৱাকৈ।
১০১. অমীমাংসিত – সিদ্ধান্ত বা নিষ্পত্তি নোহোৱা।
১০২. অভাৱ – অনাটন।
১০৩. আকৰণীয়া -  কৰিব নলগীয়া ।
১০৪. অকায - কৰিব নলগীয়াকাম,বেয়া কাম।
১০৫. অতুলনীয়া - যাৰ তুলনা নাই।
১০৬. অদম্য - অদমনীয়, দমন কৰিব বা বাধা দিব নোৱৰা।
১০৭. অধীৰ - অস্হিৰ, উদ্ধিগ্ন।
১০৮. অনন্য -  অদ্ধিতীয়, আন নথকা।
১০৯. অনগল - খোকোজা নলগা, বাধা নথকা।
১১০. অনুকৃতি -  অনুকৰণ সদৃশ ৰুপ।
১১১. অন্যতম - বহুতৰ ভিতৰত এক । (২)বিশেষ।
১১২. অপকম - বেয়া কাম, কুকম, পাপ।
১১৩. অলিখিত - লিপিবদ্ধ নোহোৱা, আখৰেৰে নিলিখা।
১১৪. অৱদান -  বিশেষ দান, অনুদান।
১১৫. অৱসৰ বিনোদন-  আজৰি পৰৰ আমোদ-প্ৰমোদ।
১১৬. অৱিৰতভাৱে-     বিৰতি নথকাকৈ।
১১৭. অধ্য়ৱসায় - নেৰানেপেৰা উংসাহ বা পৰিশ্ৰম , নিৰন্তৰ চেষ্টা ।
১১৮. অদম্য় - যাক দমাব বা বশ কৰিব নোৱাৰি ।
১১৯. অভিজ্ঞতা- কৰি , দেখি , শুনি , ঠেকি লাভ কৰা জ্ঞান ।
১২০. অনন্ত - অন্ত নথকা , অক্ষয় ।
১২১. অবিহনে - অভাবে ।
১২২. অৱশিষ্ট-ব্যৱহাৰৰ শেষত বাকী থকা ।
১২৩. অন্যমনষ্ক – যাৰ মন অন্য বিষয়ত নিযুক্ত ।
১২৪. অনুসন্ধিংসু- বিচাৰি চাওঁতা ।
১২৫. অক্লান্ত – ভাগৰ নলগা ।
১২৬. অপ্ৰত্যাশিত- আশা নকৰা ।
১২৭. অবিচ্ছেদ্য- এৰিব নোৱাৰা ।
১২৮. অসমৰ্থ- অক্ষম ।
১২৯. অনন্ত- অন্ত নথকা ।
১৩০.  অংশ - ভাগ, পৰিমাণ ।
১৩১. অংশী-অংশ থকা, ভাগ থকা।
১৩২. অংশুমালা- কিৰণ মালা  , ৰশ্মিজাল।
১৩৩. অকৰা- বোবা, কথাকব নোৱাৰা। 
১৩৪. অকটু- যি কটুৰ নহয়।
১৩৫. অকণি-এক কণ, অলপ , অকণমান।
১৩৬. অকথা- বেয়া কথা নাইবা বিষয়, কৰিব নলগা কাম।
১৩৭. অকলকতীয়া-লগ সংগ ভাল নোপোৱা মানুহ, স্বাৰ্থপৰ।
১৩৮. অকৰণ- নকৰা, নিবৃত্তি।
১৩৯. অকলশৰীয়া- লগ নোহোৱাকৈ থকা ।
১৪০. অকালন-মাত নুফুটা, কেঁচুৱা, নিচেই সৰু।
১৫১. অকুটিল- সৰল, অকপট।
১৫২. অকুল- অজাতি , হীন কুল ।
১৫৩. অকূলন- অভাব, অনাটন।
১৫৪. অকৃতী- অপটু, অকামিলা, যোগ্য় নোহোৱা ।
১৫৫. অকোপ- খং নোহোৱা ।
১৫৬. অক্ত- লিপ্ত, মিশ্ৰিত।
১৫৭. অগণন- অলেখ, অসংখ্য়।
১৫৮. অগনি- অগ্নি ।
১৫৯. অগাপিচা- এটাৰ পাচত আনটো।
১৬০. অগৌৰৱ- অসন্মান।
১৬১. অগ্নি সংযোগ- জুই লগোৱা ।
১৬২. অগ্ৰদূত- প্ৰদৰ্শক ।
১৬৩. অগ্ৰাংশ- প্ৰধান  অংশ ।
১৬৪. অগ্ৰিম- আগেয়ে দিয়া ।
১৬৫. অঘৰী -  থিতাপি ঘৰ-বাৰী নথকা এজাতি মানুহ।
১৬৬. অঁচা- খোৱাৰ পিছত মূখ ধোৱা ।
১৬৭. অচিন- অচিনাকি, ৱ , পৰাজয় ।
১৬৮. অজলা- একো নজনা , হোজা  , ভোদা ।নজনা ।
১৬৯. অজন্তা- বুৰঞ্জী প্ৰসিদ্ধ গুহামন্দিৰ।
১৭০. অজয়- জয়ৰ অভা
১৭১. অজিত- কোনেও জয় কৰিব নোৱাৰা। 
১৭২. অজেই- জানিব নোৱাৰা ,দুৰ্জ্জয়।
১৭৩. অজ্ঞান- একো নজনা মূ্ৰ্খ। 
১৭৪. অটল -  অলৰ , স্থিৰ, দৃঢ।
১৭৫. অঠিক- ঠিক নোহোৱা, অনিশ্চিত। 
১৭৬. অডিত- হিচাপ অদিৰ বহী পত্ৰৰ পৰীক্ষা ।
১৭৭. অণু- অতি সূক্ষ্ম বস্তুূবা বস্তুৰ কণা ।
১৭৮. অণ্ঠকণ্ঠ- ওঁঠ আৰু নেলুৰ গুৰিৰ মাজভাগ । 
১৭৯. অতৰ্ক- তৰ্কিব নোৱাৰা, বুদ্ধিৰ অগম্য ।
১৮০. অতল- যাৰ তলি পোৱা নাযায়।
১৮১. অতিৰথী- ডাঙৰ যোদ্ধা বা ৰণুৱা ।
১৮২. অতিৰিক্ত- প্ৰয়োজনতকৈ অধিক ।
১৮৩. অতিশয়- বৰ বেছি, অত্য়ন্ত।
১৮৪. অতীজ- আগেয়ে হৈ যোৱা , পুৰণি।
১৮৫. অতুঙ্গ- অত্য়ুচ্চ, উন্নতি , শূণ্য়।
১৮৬. অতুস্ট- সন্তুস্ট নোহোৱা।
১৮৭. অত্য়াচাৰী- অন্য়ায় আচৰণকাৰী ।
১৮৮. অত্ৰাহি- নিৰুপায়, বিবুদ্ধি।
১৮৯. অথচ- কিন্তু।
১৯০. অথবা- নাইবা, কিম্বা।
১৯১. অদয়- বহুত, প্ৰচুৰ, যথেস্ট।
১৯২. অদক্ষ- যি নিপুণ নহয় ।
১৯৩. অধিৰথ- কৰ্ণৰ  তোলনীয়া পিতূ, কৰ্ণক লালন- পালন কৰা এদন ১৯৪. নীলকুলীয়া  লোক  ।
১৯৫. অধিৰাজ্য- গোটেই  সাম্ৰাজ্যৰ  অধিপতি।
১৯৬. অধীনতা- পৰাধীন, আনৰ তলতীয়া হৈ থকা ।
১৯৭. অধীৰ প্ৰকৃতি- একেথিৰে নথকা, চঞ্চল  স্বভাৱ ।
১৯৮. অধিবাসন- একো নোখোৱাকৈ লঘোনে থকা, অধিবাস ।
১৯৯. অধ্যৱসায়- একেৰাহে  লাগি থকা, নেৰানেপেৰা পৰিশ্ৰম ।
২০০. অনবহিত- অসাৱধান, অমনোযোগী।
২০১. অনভিজ্ঞ একো নজনা ।
২০২. অনাটন- অভাৱ, নাটনি অৱস্থা  ।
২০৩. অনাদি- অসীম, যাৰ সীমা নাই ।
২০৪. অনামিকা- আঙুঠি পিন্ধোৱা আঙুলিটো ।
২০৫. অনাবিল- পৰিস্কাৰ, পৱিত্ৰ।
২০৬. অনাহাৰ-  লঘোন., উপবাস।
২০৭. অনাচাৰ- কু-ব্যৱহাৰ, বেয়া আচৰণ ।
২০৮. অনীশ্বৰ- নাস্তিক, ইশ্বৰ নমনা ।
২০৯. অন্ধলা - অন্ধ মানুহ ।
২১০. অপঘাত- অকস্মাতে হোৱা ডাঙৰ ঘটনা, দূৰ্ঘটনাগ্ৰস্ত  হৈ মূত্যু।
২১১. অপকৰ্ম্ম- কু-কৰ্ম্ম, বেয়া কাম ।
২১২. অপকাৰ- ক্ষতি হোৱা, অনিষ্ট।
২১৩. অপৰিপাটি- পৰিপাটি নোহোৱা, বিশৃঙ্খল ।
২১৪. অবোধ- অজ্ঞান মানুহ, অঁজলা।
২১৫. অদৰকাৰ- - প্ৰয়োজন নথকা,  অত্যাৱশ্যকীয় ।
২১৬. অচেতন- জীৱ নথকা, চেতনাহীন হোৱা, গভীৰ  নিদ্ৰাত থকা ।
২১৭. অচিলা-  অজুহাত, কাৰণ।
২১৮. অজান- অপৰিচিত ব্যক্তি, বিবেচনাহীন ।
২১৯. অজামিল- মহাপাপীলোক, পুৰণি আখ্যানত থকা এটা মহাপাপী বামুণৰ নাম।
২২০. অজীণ-পাতকী- দন্দুৰা লোক, কাৰো সৈতে  মিলিব নোৱাৰা লোক, ২দুষ্ট।
২২১. অৰ্জ্জুনা - ঊষাৰ আন এটা নাম, অনিৰুদ্ধৰ  পত্নী ।
২২২. অট্ৰালিকা- ৰাজপ্ৰসাদ. ডাঙৰ পকীঘৰ ।
২২৩. অডিচি- হোমাৰে লিখা এখন  মহান গ্ৰন্থ।
২২৪. অদৰ্শন- দৰ্শন  নোহোৱা  , নেদেশা।
২২৫. অদল-বদল- সালসলনি. পৰিবৰ্তন ।
২২৬. অধম- পাষণ্ড, নীচ।
২২৭. অধ - তললৈ. তললৈ পতন।
২২৮. অজগৰ- এবিধ ডাঙৰ সাপ।
২২৯. অজাতি- নীচ জাতৰ মানুহ।
২৩০. অটোগ্ৰাফ- লিখকে নিজ হাতে লিখা, নিজৰ হাতৰ লেখা ।
২৩১. অধনুৱা- এনে বা শুদাই পোৱা, ধন নলগা।
২৩২. অদ্ৰোহ- অন্যায় নকৰা কাৰ্য, অহিংসা।
২৩৩. অনৰ্গল- খোকোজা নলগা, বাধা নথকা।
২৩৪. অনশ্বৰ- চিৰস্থায়ী, যাৰ নাশ নাই।
২৩৫. অনয়- বিপদ, ব্যসন।
২৩৬. অনম্বৰ- আকাশ, কাপোৰহীন।
২৩৭. অনমিত-- অজিত, অপৰাভূত, যাক নত কৰা নাই।
২৩৮. অনশন- লঘোন, উপবাস।
২৩৯. অনল- অগ্নি, জুই।
২৪০. অনৰ্থ- অনিষ্ট, অশুভ।
২৪১. অনভ্যাস- অনধ্যয়ন, অভ্যাসৰ অভাৱ।
২৪২. অনভ্ৰ- মেঘহীন।
২৪৩. অনঘ্য- যাৰ পূজা নাই, পূজ্যহীন।
২৪৪. অনৰণ্য- বনশূন্য, বাণৰপুত্ৰ।
২৪৫. অনিল- বায়ু, বতাহ।
২৪৬. অনিষ্ট- ক্ষতি, অপকাৰ, হানি।
২৪৭. অনুগমণ- অনুসৰণ, পাছে-পাছে যোৱা।
২৪৮. অনুখৰ- কঠোৰ, কঠিন।
২৪৯. অনুগ- সেৱক, অনুচৰ, অনুগামী।
২৫০. অনুপযোগী- উপযুক্ত নোহোৱা, অনুপযুক্ত।
২৫১. অকবি- ৰসবোধহীন, যি কবি নহয় ।
২৫২. অকৰণীয়- কৰাৰ যোগ্য।
২৫৩. অকৰুণ-হ্ৰদয়হীন, নিৰ্দ্দয়।
২৫৪. অকলুষ- পৱিত্ৰ, নিৰ্দোষ, নিস্পাপ।
২৫৫. অকল- লগ নথকা, অকলশৰীয়া।
২৫৬. অকূল- অপাৰ, অনন্ত।
২৫৭. অকোৱা- পকোৱা- মেৰখোৱা, পোন নোহোৱা।
২৫৮. অগম্য-দুৰ্গম, যত সহজে যাব বা সোমাৱ নোৱাৰি।
২৫৯. অগধুৰ- পাতল, গধুৰ নোহোৱা।
২৬০. অগতি- উপায়হীন লোক, নিৰাশ্ৰয় মানুহ।
২৬১. অখ্যাত- অপ্ৰতিষ্ঠিত, অপ্ৰসিদ্ধ।
২৬২. অগাধ- বৰদ, তলি-নোহোৱা,আথা-উনি।
২৬৩. অগৰা- আগৰা চোৱা।
২৬৪. অগক- এবিধ সুগন্ধি কাঠ, চন্দন বিশেষ।
২৬৫. অগা-ডেৱা- আগে আগে জপিয়াই ফুৰা, আগঁভেটি ধৰা।
২৬৬. অগৰ-বগৰ- ইফাল-সিফাল, অনৰ্থক কথা।
২৬৭. অগভীৰ- বাম, দ নোহোৱা।
২৬৮. অগঢ়ী- দেখিবলৈ বেয়া, অশুৱনি,  গঢ় নোহোৱা।
২৬৯. অগ- দমন কৰিব নোৱাৰা।
২৭০. অগত্যা- উপায়হীন, টানত পৰি, বাধ্য হৈ।
২৭১. অগম- পৰ্ব্বত, বৃক্ষ, গতিহীন।
২৭২. অখ্যাত- বদনাম, অপযশ।
২৭৩. অগৰ্হিত-  নিন্দিত নোহোৱা, নিৰ্দ্ধোষ।
২৭৪. অগ্নিবাণ- জুই ওলোৱা শৰ, 
২৭৫. অগ্নিশতকাৰ- মৃতকৰ দেহ দাবন কৰা কাৰ্য্য।
২৭৬. অগ্ন্যাধান- হোমাদি স্থাপন।
২৭৭. অগ্ন্যস্ত্ৰ- কামান ইত্যাদি, বন্দুক।
২৭৮. অগিযান- জ্ঞানহীন।
২৭৯. অগ্নিকুণ্ড- জুইশাল, জুই ধৰিবলৈ ব্যৱহাৰ কৰা গাঁত।
২৮০. অগুণ- বেয়া চিন্তা, অপকাৰ, শলাগ নোহোৱা।
২৮১. অগ্নি- জুই, আহাৰ জীৰ্ণ কৰা শক্তি।
২৮২. অগ্নি-পৰীক্ষা- জুইত পুৰি শুদ্ধ কৰা।
২৮৩. অঙহী-বঙহী- সম্বন্ধ থকা, লগাভগা।
২৮৪. অঘাইত- অতিপাত, অতি দুষ্ট।
২৮৫. অচিৰ- অলপ সময়, খন্তেকীয়া।
২৮৬. অজ -যাৰ জন্ম নাই, ইশ্বৰ।
২৮৭. অনাভুৱা- চিনি-নোপোৱা, আচহুৱা।
২৮৮. অনাস্থা- অভক্তি, অশ্ৰদ্ধা, অবিশ্বাস।
২৮৯. অনাহক- অদৰকাৰ, অবাব।
২৯০. অনাহত- আধাত নোপোৱা, অক্ষত।
২৯১. অনাসক্ত- আসক্তি নথকা।
২৯২. অনাবৃত- ঢাকি নোথোৱা।
২৯৩. অনায়াস- যত্নহীন।
২৯৪. অনাবাৰে - অনাহকত, অবাবত।
২৯৫. অনাবাতে- বতাহ নোহোৱাকৈ।
২৯৬. অনাদৃত- আদৰ নোপোৱা।
২৯৭. অনাবাসিক- য'ত বাস কৰা নহয়।
২৯৮. অনাৱশ্যক- দৰকাৰ নোহোৱা, অপ্ৰয়োজন।
২৯৯. অনাময়-  ৰোগাভাৱ, সুস্থ।
৩০০. অনামেঘে- মেঘ নোহোৱাকৈ।
৩০১. অনু - পাছত।
৩০২. অনুকথন- পিছত কোৱা, অনুহবাদ।
৩০৩. অনীক- সৈন্য, সৈন্যদল।
৩০৪. অনুকৃতি- প্ৰতিমূৰ্ত্তি, ছবি।
৩০৫. অনুকম্পা- দয়া, সহানুভূতি, সমবেদনা।
৩০৬. অনুকৰণ- অইনৰ কাৰ্যত  নকল।
৩০৭. অনুক্ৰম-  যথাক্ৰম, ।
৩০৮. অন্গ- অনুগামী, অনুচৰ।
৩০৯. অনুকল্প-  যাক আন এটাৰ ঠাইত ব্যৱহাৰ কৰা হয়।
৩১০. অদৃঢ়- ঢিলা, হালি যোৱা।
৩১১. অচিন্ত-  চিন্তাশূন্য,  চিন্তাৰে ঢুকি  নোপোৱা।
৩১২. অচিন্ত্য- ইশ্বৰ।
৩১৩. অজৈৱ- অজীৱৰ পৰা যাৰ জন্ম।
৩১৪. অজ্ঞাতসাৰে-  গম নোপোৱাকৈ।
৩১৫. অভাব-  অবিদ্যা, মায়া-মোহ।
৩১৬. অজু- মুখ, হাত,  ভৰি আদি।
৩১৭. অতপা- বৰকৈ বঢ়া বা হোৱা, অসাধাৰণ।
৩১৮. অণুভা-  বিদ্যুত।
৩১৯. অনুমাত্ৰিক-  অকণমান, বৰকম।
৩২০. অতনু- কামদেৱ, কামহীন।
৩২১. অতন্ত্ৰ- অপ্ৰধান,  অনৰ্থক।
৩২২. অত্যয়- অপগমন, অতিক্ৰম।
৩২৩. অত্যাগী- নকৰা, কৰ্ম ফল আশা নকৰা।
৩২৪. অতিষ্ঠ-  অস্থিৰ, থাকিবলৈ অসমৰ্থ।
৩২৫. অত্যন্ত-  বৰ বেছি,  অতিশয়।
৩২৬. অত্যভিমানী- বহুত অভিমানীয।
৩২৭. অতীত- হৈ যোৱা, অতিক্ৰম কৰা।
৩২৮. অতিলঘন- অতিক্ৰম।
৩২৯. অতিলোমা- যাৰ বহুত বেছি লোম থাকে।
৩৩০. অতিৰুপ- বহুত ধুনীয়া , অতি সুন্দৰ।
৩৩১. অনুপাম- নিৰুপাম, যাৰ তুলনা নাই।
৩৩২. অকথ্য-অকথনীয়, কব নলগীয়া কথা।
৩৩৩. অকপট- সহজ- সৰল, কপট নথকা।
৩৩৪. অকথা-  বদনাম , বেয়া-কথা।
৩৩৫. অকটুৰ-ৰসাল, কটুৰ নোহোৱা।
৩৩৬. অকলপেটীয়া- আপোনপেটীয়া স্বভাৱৰ।
৩৩৭. অকালী- শিখ সম্পদায় বিশেষ।
৩৩৮. অকৃতিত্ব- অক্ষমতা, অযোগ্যতা।
৩৩৯. অকৃতি- কৰিবনলগীয়া কাম।
৩৪০. অখ্যাতি- অপযশ, বদনাম।
৩৪১. অকৈতৱ- ছলনাহীন, অকপট।
৩৪২. অঞ্জনা- হনুমানৰ মাক, কেশৰী বান্দৰৰ পত্নী।
৩৪৩. অতিৰঞ্জিত- বেছিকৈ ৰহণ লগাই কথা কোৱা।
৩৪৪. অতন্দ্ৰ- জাগৰিত, অনলস, তন্দ্ৰাশূন্য।
৩৪৫. অত্যাধুনিক- অতি আধুনিক।
৩৪৬. অটুট- ক্ৰটিহীন, কম নোহোৱা।
৩৪৭. অটব্য- বৰ ডাঠ, গহীন।
৩৪৮. অটবী- হাবি, বননি।
৩৪৯. অঞ্চল- কাপোৰৰ আচল, গাত লোৱা কাপোৰ বা ৰিহাৰ আগ।
৩৫০. অকল্পিত-- যথাৰ্থ,  অকৃত্ৰিম, প্ৰকৃত।
৩৫১. অকোপ- খঙ নোহোৱা।
৩৫২. অকৃষ্ট- চনমাটি, পতিত।
৩৫৩. অঠাৱৰ- নিশ্চিত নোহোৱা, অঠিক।
৩৫৪. অতুলনীয়- যাৰ তুলনা নাই।
৩৫৫. অতীন্দ্ৰিয়-  ইন্দ্ৰিয়ৰ অগোচৰ।
৩৫৬. অদাহ্য-পাতক- ধন থাকোতেঁও দান নকৰা, পাপ।
৩৫৭. অদাহ্য- যাক পুৰি পেলাব নোৱাৰি, যাক  পুৰি পেলোৱা অনুচিত ।
৩৫৮. অধিকৰণিক- বিচাৰপতি।
৩৫৯. অধিকৰণ- ব্যাকৰণৰ এটা কাৰক, বিচাৰৰ ঠাই।
৩৬০. অধিকৰ- সাধাৰণ কৰৰ  ওপৰত কৰ,  অতিৰিক্ত কৰ।
৩৬১. অধৰ- তলৰ  ওঁঠ।
৩৬২. অধৰপল্লৱ- কোমল পাতৰ দৰে ঁওঠ।
৩৬৩. অধাচাৰ- নিয়ম- নীতি নমনা, অনাচাৰ।
৩৬৪. অধীন- আনৰ তলতীয়া হৈ থকা, আনৰ বশ।
৩৬৫. অধিৰোহণ- ওপৰত উঠা।
৩৬৬. অধিৰোহণ- স্থাপন, ধনুত বাণ সংযোগ কৰা।
৩৬৭. অধিৰুঢ়-  আক্ৰান্ত, আৰুঢ়।
৩৬৮. অধিৰাজ- প্ৰধান ৰজা।
৩৬৯. অধীশ- মহাৰজা, সম্ৰাট।
৩৭০. অধিক্ষেপ-  অৱহেলা, নিন্দা।
৩৭১. অকৃতকাৰ্য- হতাশ, কাৰ্য্য সিদ্ধি কৰিব নোৱাৰা।
৩৭২. অকৃষ্ট- চনমাটি,পতিত।
৩৭৩. অকৃতাৰ্থ- বিফল-মনোৰথ।  
৩৭৪. অকুন্ঠা- নিসংশয়, নিসন্দেহ।
৩৭৫. অকুমাৰ- বয়স পূৰ নোহোৱা লৰা, নাবালক।
৩৭৬. অকাল-বোধন- পূজাৰ কাৰণে অকালত দেৱ-দেৱীক জাগৃত কৰা কাৰ্য্য ।
৩৭৭. অকিঞ্চন- অতি দুখীয়া, গৰীৱ।
৩৭৮. অকাল-পক্ক- বয়সতকৈ বুদ্ধিত  বেছি আগবঢ়া।
৩৭৯. অকুতোভয়- অলপো ভয় নোহোৱা, নিৰ্ভীক।
৩৮০. অকাল- আবতৰ, অসময়।
৩৮১. অকাৰ্য্য-  দুৰ্ঘটনা, বেয়া কাম।
৩৮২. অকামিলা- একো নজনা,কামৰ অযোগ্য ।
৩৮৩. অকলশৰ- লগ নথকা, অকলশৰীয়া।
৩৮৪. অকহি- একৈশ।
৩৮৫. অকল্যাণকৰ- অমংগল, বাধা থকা।
৩৮৬. অকাজভাগী- অবালটন্দ, কামৰ অযোগ্য।
৩৮৭. অকোৱা-পকোৱা- অসৰল, বেকা-বেকি।
৩৮৮. অকাই-পকাই- ঘূৰাই-পকাই।
৩৮৯. অকলুষিত- যি কলুষিত নহয় ।
৩৯০. অকল্যাণ- অমংগল, বিপদ।
৩৯১. অকাতৰ- নিৰ্ভয়, সন্দেহ নকৰা।
৩৯২. অকাম- শূন্য, কামনা।
৩৯৩. অকাণ্ড- অকাল, অসময়, মূল নোহোৱা ।
৩৯৪. অক্ৰিয়- ক্ৰিয়া নাইবা  কাম নথকা, অন্যায় কাম।। 
৩৯৫. অক্ৰোধ- ক্ৰোধ নথকা, ধৈৰ্য্যশীল।
৩৯৬. অক্লান্ত- ক্লান্ত  নোহোৱা, ভাগৰ নলগা।
৩৯৭. অগা-বগা- বাটত বাধা জন্মোৱা, আগচি ধৰা কাৰ্য্য ।
৩৯৮. অগা-ভেটা- বাট আগচি ধৰা, বাধা দিয়া।
৩৯৯. অগুৰুৱা- অপ্ৰকাশিত, অশৰণীয়া।
৪০০. অগোচৰ- ইন্দ্ৰিয়ই ঢুকি নোপোৱা, নজনা-নুশুনা।
৪০১. অগ্নিগৰ্ভ- যাৰ ভিতৰত জুই  থাকে।
৪০২. অগ্ৰহায়ণ- আঘোণ মাহ।
৪০৩. অগ্ৰহণীয়- গ্ৰহণৰ অযোগ্য।
৪০৪. অঘৱন্ত- পাপী।
৪০৫. অঘৈয়া- এফলীয়াকৈ কটা জোঙা হুল।
৪০৬. অঘোৰ-অতি ভয়ানক, ভয় নজন্মোৱা।
৪০৭. অঘিণ- ঘিণ নকৰা।
৪০৮. অগাহ্য- বিশ্বাসৰ অযোগ্য।
৪০৯. অগ্নিময়-জুইৰে পৰিপূৰ্ণ,অগ্নি সদৃশ যুগ।
৪১০. অগ্নিসংস্কাৰ- জুইৰে শোধন কৰা, মৃতদেহ দাহ কৰা কাৰ্য্য।
৪১১. অগ্নিমৃল্য- জুই ছাই দাম।
৪১২. অগ্নিসখা- বায়ু, অগ্নিৰ সখি।
৪১৩. অংকুৰ- গজালি, পোখা।
৪১৪. অজগৌ- জঅধা মূৰ্খ, একো নজনা মানুহ।
৪১৫. অজ- একো নজনা, অজ্ঞানী।
৪১৬. অধ্যাসিত- অধিষ্ঠিত নিৱেশিত, যি স্থানত বাস কৰা যায়।
৪১৭. অধ্যাসীন- উজবিষ্ট, বহি থকা।
৪১৮. অধ্যাত্ম- পৰমাত্মা সম্পৰ্কীয়, যি আত্মাক বিয়পি থাকে, শৰীীৰ চিত্ত সম্পৰ্কীয়।
৪১৯. অধ্যক্ষৰ- ওংকাৰ, প্ৰণৱ।
৪২০. অধোনতি- কৃতকাৰ্য্য নোহোৱা, উন্নতিৰ অভাৱ।
৪২১. অধোবস্ত্ৰ- চুৰিয়া মেখেলা, তলৰফালে পিন্ধা কাপোৰ।
৪২২. অনন্যমন- একে কথাতে লগোৱা চিত্ত, একাগ্ৰমন।
৪২৩. অনন্য বিষয়- আন বিষয়ৰ লগত জড়িত নোহোৱা, প্ৰযোজ্য নহয়।
৪২৪. অনন্তৰ- তাৰ পাছত, অব্য, ওচৰ।
৪২৫. অনসূয়া- পৰৰ দোষ দেখি বিদ্ৰুপ লকৰা, গুণীৰ গুণ নিন্দা নকৰা ।
৪২৬. অনৰ্হ- অযোগ্য, অপূজ্য।
৪২৭. অনমনীয়- নম্য- কঠোৰ প্ৰকৃতিৰ, অনি কঠিন,  যাক নত কৰিব নোৱাৰি।
৪২৮. অনাৰম্বৰ- জাক-জমক নোহোৱা, সমাৰোহ বিহীন  অৱস্থা।
৪২৯. অনাদৰ- অৱহেলা, মৰম নকৰা।
৪৩০. অনিয়ম- নীতিৰ বিপৰীত,  অবিধি।
৪৩১. অনুপান- দৰৱৰ লগত মিহলাই খোৱা বস্তু।
৪৩২. অনুবাদ- তৰ্জ্জমা, ভাঙনি।
৪৩৩. অনুবন্ধ- পূৰ্ব্বৰ পৰা চলি অহা ৰীতি।
৪৩৪. অনুপায়- নিৰুপায়, সহায়হীন।
৪৩৫. অনুসূচী- তপচিল, তালিকা।
৪৩৬. অনুস্বাৰ- নাকেদি মনা আখৰ।অনুলেপ- চন্দনাদি গাত ঘঁহা কাৰ্য্য।
৪৩৭. অনুষ্ঠাতা- কোনো কাম আৰম্ভ কৰোতা।
৪৩৮. অনুৰোধ-ৃ প্ৰাৰ্থনা, খাটনি।
৪৩৯. অন্তিম- মৰিবৰ সময়, শেষ।
৪৪০. অন্তৰাত্মা- জীবাত্মা, বিবেক।
৪৪১. অন্তৰীণ- ৰাজ আজ্ঞামতে নিৰ্দিষ্ট ঠাইত  আবদ্ধ।
৪৪২. অন্তৰ্গত- মাজত থকা, ভিতৰৰ।
৪৪৩. অন্তী- মুনিহ মানুহে  কাণত পিন্ধা  কঁৰীয়া।
৪৪৪. অনতিবিলম্বে- শীঘ্ৰে, পলম নোহোৱাকৈ।
৪৪৫. অধ্যাসন- বহি থকা, অধিষ্ঠান।
৪৪৬. অধ্যাপনীয়- শিক্ষনীয়,পঢ়োৱাৰ যোগ্য, পাঠনীয়।
৪৪৭. অধ্যায়- আধ্যা, পুথিৰ এভাগ।
৪৪৮. অনতিদীৰ্ধ- অতি দীঘলীয়া নহয়।
৪৪৯. অনঘ- নিস্পাপ, পৱিত্ৰ।
৪৫০. অনন্যপৰায়ণ-  অন্য বিষয়ত যি নালাগে।
৪৫১. অনন্যব্ৰতা- পতিব্ৰতা ৰমণী, একমাত্ৰ ব্ৰত পৰায়ণা,  একনিষ্ঠা স্ত্ৰী।
৪৫২. অনন্যবৃত্তি- একাগ্ৰ, একমাত্ৰ বৃত্তি।
৪৫৩. অনুভৱ- উপলব্ধি, জ্ঞান বুজা।
৪৫৪. অনুপলব্ধি- অনুমান বা বোধৰ অভাৱ।
৪৫৫. অনুপাত- এক ৰাশিৰ লগত এক ৰাশীৰ সম্বন্ধ।
৪৫৬. অনুপল - নিমিষ, ক্ষণ।
৪৫৭. অনুপযুক্ত- অক্ষম, অনুচিত অযোগ্য।
৪৫৮. অনুবৰ্তী- অপৰৰ মতে চলা, পাছত থকা।
৪৫৯. অনুবাদক- যি অনুবাদ কৰ্।
৪৬০. অনুষ্ঠান- আৰম্ভ।
৪৬১. অনুশীলন- কোনো কাম কৰাৰৰ আগতে পুনৰ শিকি লোৱা, অভাস।
৪৬২. অনুস্মৰণ- পিছত স্মৰণ, সদায় চিন্তা কৰা।
৪৬৩. অন্ত্য- অতি নীচ, শেহত থকা।
৪৬৪. অন্তৰ্দ্ধান- অদৃশ্য হোৱা, নাইকীয়া হৈ যোৱা।
৪৬৫. অপগমন- আতৰি যোৱা কাৰ্য্য।
৪৬৬. অপকৃত- ক্ষতিগ্ৰস্ত, যাৰ অপকাৰ কৰা হৈছে।
৪৬৭. অপৰিচিত - অচিনাকী, চিনাকী নোহোৱা।
৪৬৮. অপৰাধী- দোষী, অপৰাধ কৰা লোক।
৪৬৯. অপূৰণীয়- পূৰণ কৰিব নোৱাৰা।
৪৭০. অপুস্প- ফুল নোহোৱা।
৪৭১. অপুত্ৰক- সন্তান নথকা, পুত্ৰ নথকা ।
৪৭২. অপাত্ৰ- অযোগ্য।
৪৭৩. অফল- য'ত ফল উতপন্ন নহয়।
৪৭৪. অপ্ৰিয়- ভাল নোপোৱা।
৪৭৯. অপ্ৰীতি- অসন্তোষ, মনোমালিন্য।
৪৮০. অপ্ৰমাদ- সাৱধান, নিৰ্ভূল মনোযোগী।
৪৮১. অপ্ৰামানিক- যাৰ কোনো প্ৰমাণ নাই।
৪৮২. অবিচাৰ- বিচাৰৰ অভাৱ, অবিবেচনা।
৪৮৩. অবিনীত- নম্ৰ নোহোৱা, অবাধ্য।
৪৮৪. অবিবাদে- বিবাদ নোহোৱাকৈ, নিৰ্ব্বিবাদে- ।
৪৮৫. অবিবেক- অজ্ঞান অৱস্থা, হিতাহিত জ্ঞানৰ অভাৱ।
৪৮৬. অভিধেয়- প্ৰকাশক, বোধক।
৪৮৭. অভিজ্ঞা- স্মৃতি।
৪৮৮. অভিনীত- ঊাৱনা কৰি দেখুৱা।
৪৮৯. অভিন্ন- সমান, ভেদৰহিত।
৪৯০. অভিচাৰ- হিংসা, অনিষ্টকৰণ।
৪৯১. অভয়- সাহস, ভয় নথকা।
৪৯২. অভদ্ৰ- অসভ্য, অনিষ্ট।
৪৯৩. অভাষণ- একো নোকোৱা, মৌন।
৪৯৪. অভক্ত-ভক্তি নথকা, ভক্তিহীন।
৪৯৫. অভিসন্ধি- অভিপ্ৰায়, আন্তৰিক ভাৱ।
৪৯৬. অভেদ- প্ৰভেদ নথকা, অভিন।
৪৯৭. অভূত- আগেয়ে নোহোৱা।
৪৯৮. অভিশস্ত- দোষমুক্ত কৰা, যাক মিছাকৈ  দোষাৰোপ কৰা হৈছে।
৪৯৯. অভিমত- ইচ্ছা, মত।
৫০০. অভিভাৱক- সাৱধান লওঁতা, আশ্ৰয়ত ৰাখোঁতা।
৫০১. অভিবাদন-নমস্কাৰ, প্ৰণাম।
৫০২. অভোগ্য- ভোগৰ অযোগ্য।
৫০৩. অভিসাৰ- নায়ক- নায়িকাৰ সংকেত স্থানলৈ গমন।
৫০৪. অভিহীত- জনাজাত, খ্যাত,কথিত।
৫০৫. অভষেক- অবগাহন, কোনো কামত নিয়োগ কৰা ।
৫০৬. অমানৱ- ৰাক্ষস, দেৱতা, যি মানুহ নহয়।
৫০৭. অমানুহ-যাক মানুহ বুলিব নোৱাৰি।
৫০৮. অমাতৃক- মাক নথকা।
৫০৯. অমাত্য- সচিব, মন্ত্ৰী।
৫১০. অমৰলোক- দেৱতাসকল থকা দেশ।
৫১১. অমৰাৱতী- ইন্দ্ৰপূৰী, স্বৰ্গৰ ৰাজধানী।
৫১২. অমায়িক- সৰল, ভদ্ৰ, অহংকাৰ নথকা।
৫১৩. অভ্যাগত- আলহী, ঘৰলৈ নিমন্ত্ৰণ কৰা লোক।
৫১৪. অভ্যৰ্থনা- সমাদৰ, আদৰ, সোধা-পোছা কৰা।
৫১৫. অমনোযোগ- আওকাণ, অৱহেলা, মনোযোগৰ অভাৱ।
৫১৬. অমুখ- অবুজন।
৫১৭. অভ্ৰ- বালিচন্দ্ৰা, মেধ, আকাশ ।
৫১৮. অভ্যাস- স্বভাৱ, পৰিণতি, প্ৰকৃতি।
৫১৯. অমল- নিৰ্মল, মল নথকা, বিশুদ্ধ।
৫২০. অময়া-  মায়া বা ভ্ৰমশূন্য, অকপট, উদাৰ।
৫২১. অমাতৰ মাত- অতি শুৱলা মাত।
৫২২. অমিতভেজা- অসীম ক্ষমতাশালী।
৫২৩. অমিতা- অমৃতা, মধফুল।
৫২৪. অমৰ- দেৱতা, নমৰা, চিৰকলীয়া।
৫২৫. অভ্ৰান্ত- ভূল নকৰা, ভ্ৰম নথকা।
৫২৬. অমিল- মনৰ মিল নথকা।
৫২৭. অমুক্ত- মুক্ত নোহোৱা, মুকলি নোহোৱা।
৫২৮. অমোল- অতি উত্তম, অমূল্য।
৫২৯. অম্বল- টেঙাৰ আ়ঞ্জা।
৫৩০. অম্ভ- পানী।
৫৩১. অম্লান- বিৰ্বণ নোহোৱা, নিৰ্মল।
৫৩২. অযত্ন- যত্নৰ অভাৱ।
৫৩৩. অমূতৰ পুত্ৰ- ভগবানৰ পুত্ৰ, মানুহ।
৫৩৪. অম্বুজ- পদুম।
৫৩৫. এম্বলিকা- কাশী ৰজাৰ সৰুগৰাকী কন্যা, দুৰ্গাৰ এটা নাম।
৫৩৬. অমোচন- যাৰ পৰা উদ্ধাৰ পাব নোৱাৰি।
৫৩৭. অমোঘা -শান্তনু ৰজাৰ পত্নী, এখন বিশেষ  নদী।
৫৩৮. অভিশস্তি- দোষাৰোপ, শাপ, অপমান।
৫৩৯. অভুক্ত- উপবাসী, নোখোৱাকৈ থকা,যাক খোৱা হোৱা নাই।
৫৪০. অভ্দ্য-টান, ভেদিব নোৱাৰা।
৫৪১. অধিকাৰ- দেশ অধিকাৰ আদিৰ বাবে সদলে গমন, যুদ্ধ যাত্ৰা।
৫৪২. অভিভৱ- আকুল ভাৱ, পৰাভৱ, পৰাজয়।
৫৪৩. অভিভূত- পৰাভূত, পৰাস্ত।
৫৪৪. অভিশপ্ত- অভইশাপ, শাও পোৱা।
৫৪৫. অভিৰুচি- ৰুচি প্ৰবৃতি, অভিলাষ।
৫৪৬. অভিপ্ৰায়- উদ্দেশ্য, ইচ্ছা।
৫৪৭. অমলীন- উজ্জল, নিষ্কলংক, নিৰ্দোষ।
৫৪৮. অমান্তি- মত নোহোৱা, অস্বীকাৰ, মানি নোলোৱা।
৫৪৯. অমৰ-কোষ.- অমৰ সিংহই ৰচনা কৰা অএন অভিধান।
৫৫০. অভ্যুদয়- দেখা দিয়া , উদয় হোৱা।
৫৫১. অমানুষী- মানুহৰ অযোগ্য।
৫৫২. অমান্য- বশ নোহোৱা, অসন্মান।
৫৫৩. অমিত -  যাৰ পৰিমান  বা সীমা নাই, অসীম।
৫৫৪. অমত- অসন্মতি, মতৰ অভাৱ।
৫৫৫. অমিশ্ৰ- আচল, বিশুদ্ধ, খাঁটি।
৫৫৬. অৰুণ- বেলি, গৰুড় পক্ষীৰ ককায়েক, সূৰ্য্য।
৫৫৭. অৰতি- অশ্ৰদ্ধা,  ৰাপ নথকা।
৫৫৮. অৰাজক- ভাল শাসন নথকা, ৰজা নথকা।
৫৫৯. অৰখীয়া- ৰখীয়া নখকা।
৫৬০. অযুগ্ম- অকলশৰীয়া, বিযপৰীয়া, অকল।
৫৬১. অযশ- অপযশ, অখ্যাতি।
৫৬২. অৰক্ষনীয়- যাক ৰাখিব নোৱাৰি।
৫৬৩. অৰীতি- অনাচাৰ, অনিয়ম।
৫৬৪. অয়ি- সম্বোধনবাচক  অব্যয়।
৫৬৫. অৰা- নিলগ, মূৰ, দূৰ।
৫৬৬. অৰবিন্দ- নীলা বা ৰঙা পদুম, পদুম।
৫৬৭. অৰসিক- ৰস নথকা।
৫৬৮. অযৌন- জনন যন্ত্ৰবিহীন, জনন শক্তিহীন।
৫৬৯. অৰিয়া- শত্ৰু, বিৰোধী লোক।
৫৭০. অযোধ্য- যাৰ লগত যুঁজ কৰা  অসাধ্য।
৫৭১. অৰুচি- খাবলৈ মন নোযোৱা, অনিচ্ছা।
৫৭২. অযুগু- অনুচিত, অন্যায়।
৫৭৩. অযৌক্তিক- যুক্তিসন্মত নহয়, যুক্তি  বিৰুদ্ধ।
৫৭৪. অৰক্ষক- ৰক্ষাৰ অভাব।
৫৭৫. অৰ্প- শোধা, সমৰ্পণ কৰা।
৫৭৬. অৰ্দদন- যি হিংসা কৰে, মাৰে।
৫৭৭. অৰ্য্যমা- উত্তৰ ফাল্গুনী লক্ষত্ৰ, সূৰ্য্য।
৫৭৮. অৰ্গৰ-মাৰ- বন্দবস্ত  কৰা।
৫৭৯. অৰ্থকৰ- লাভজনক।
৫৮০. অৰ্থৱন্ত- ধনী ব্যক্তি, ধন থকা।
৫৮১. অৰোগী- ৰোগ নথকা, নিৰোগী, সুস্থ।
৫৮২. অৰ্থাগাম- উপাজন, বিত্তলাভ, ধনৰ আগমন।
৫৮৩. অৰ্চ্চি- জুইশিখা, সূৰ্য্যৰ কিৰণ।
৫৮৪. অৰ্চ্চক- পূজক, পূজা কৰোঁতা।
৫৮৫. অৰুপ- যাৰ ৰুপ নাই।
৫৮৬. অৰ্থী- প্ৰাৰ্থী, যি হব খোজে।
৫৮৭. অৰ্ণৱ- সাগৰ।
৫৮৮. অত্যুক্তি- অতিৰঞ্জন, বৰকৈ বঢ়াই কথা কোৱা।
৫৮৯. অদূৰ- নিকট, সমীপ, ওচৰ।
৫৯০. অধিৰোপত- স্থাপিত, কৃতাৰোহণ, আৰোপিত।
৫৯১. অনসচূৰ্ণ- বাৰুদ।
৫৯২. অন্তৰাত্মা- মনৰ শাসন কাৰক, জীৱৰ প্ৰবৃত্তি-নিবৃত্তি নিয়ামক।
৫৯৩. অন্তৰ্ভুক্ত- ভিতৰত নাইৱা মাজত থকা।
৫৯৪. অন্তৰতম- অতিশয় অন্তৰ বা ভিতৰুৱা, বৰ গম্ভীৰ।
৫৯৫. অন্ত্যজ- হীন জাতি, নীচ জাতি।
৫৯৬. অন্তঃ প্ৰৱাহ- ভিতৰুৱা গতি।
৫৯৭. অন্ত- ওৰ, মৰণ, শেষ ভাগ।
৫৯৮. অপখেতি- অনিষ্ট, অপকাৰ।
৫৯৯. অপ-নীচ, উপস।
৬০০. অনূ্যন- সম্পূৰ্ণ, কম নোহোৱা।
৬০১. অপক্ক- কেঁচা, নপকা।
৬০২. অন্নদাতা- প্ৰতিপালক, পোহপাল দিঁওতা।
৬০৩. অন্ধকাৰ- পোহৰ নথকা, আন্ধাৰ।
৬০৪. অপৰিণত- অপূৰঠ, অপঁইতা।
৬০৫. অপবৰ্গ- মোক্ষ, মুক্তি, ফলসিন্ধি।
৬০৬. অপৰাজিতা- এবিধ লতা ফুল।
৬০৭. অপৰাবিদ্যা- ঋকবেদ, যি বিদ্যা শ্ৰেষ্ঠ   নহয়।
৬০৮. অপত্নীক- বঁৰলা বিয়া নকৰোৱা।
৬০৯. অপথ- আওবাট, অপথ।
৬১০. অপবাদ- - বদনাম, নিন্দাকৰণ।
৬১১. অপৰিচ্ছিন্ন- অপৰিস্কাৰ।
৬১২. অপৰ- বেলেগ, অন্য, কোনো বিশেষ  লোকত বাজে আন।
৬১৩. অপব্যয়ী- বেছি খৰচী, বেয়া কামৰত খৰচ কৰা।
৬১৪. অপায়- বিনাশ, আপদ, হানি।
৬১৫. অপহাস- উপহাস।
৬১৬. অপাৰ- ভয়ানক বিপদ, সমুদ্ৰ।
৬১৭. অপ্ৰয়াস- চেষ্টাবিহীন।
৬১৮. অপ্ৰতুল- নাটনি, অভাৱ।
৬১৯. অপ্ৰৰোচিত- প্ৰেৰণা নিদিয়া, উত্তেজিত নকৰা।
৬২০. অপ্ৰত্যক্ষ- নেদেখা।
৬২১. অপ্ৰবাসী- প্ৰবাস বা বিদেশত নথকা।
৬২২. অন্দৰমহল- অন্তঃপূৰ।
৬২৩. অন্বিত- যুক্ত, সম্পন্ন, সংলগ্ন।
৬২৪. অন্যায়- অনুচিত, অযুগুত।
৬২৫. অপকলংক-অপযশ, মিছা অপবাদ।
৬২৬. অপগ্ৰহ- কু-গ্ৰহ, অমংগলকাৰী।
৬২৭. অপৰিগ্ৰহ- চিত্তবৃত্তি নিৰোধৰ উপায়, সা- সম্পত্তি নথকা, ।
৬২৮. অপৰিপূৰ্ণ- অসম্পূৰ্ণ।
৬২৯. অপাৰ- পাৰ বা দাঁতি নথকা, বহুত বহল, বৰ বেছি।
৬৩০. অপ্সৰা- স্বৰ্গৰ পৰী, অপ্সৰী, স্বৰ্গবেশ্যা।
৬৩১. অবিনাশী- সদায় থকা, কেতিযাও  নাশ নোহোৱা।
৬৩২. অবিচল- স্থিৰ, অবিচলিত, অটল।
৬৩৩. অবিদ্যা- মায়া, অজ্ঞান।
৬৩৪. অবিনয়- কঠোৰ ভাৱ, বিনয় বা  নম্ৰভাৱ নথকা।
৬৩৫. অবাক্য- অনুচিত বাক্য, গালি, নিন্দা।
৬৩৬. অব্দ- মেঘ, দিন-ৰাতি স্বৰুপ  যিকালে ত্ৰিজগত  ৰক্ষা কৰে।
৬৩৭. অব্যৱধান- একো নথকা, মাজত একো নথকা।
৬৩৮. অযথা- অযোগ্য, অনুপযুক্ত, অসত্য।
৬৩৯. অমানুষিক- মানুহৰ অতীত, মানুহত নথকা।
৬৪০. অম্বৰ- কাপোৰ, আকাশ, শূন্য।
৬৪১. অমৃত-  দেৱতাৰ পানীয়, যাক খালে মৰণ নহয়।
৬৪২. অমিয়- মধুময়, অমৃত।
৬৪৩. অৰ্ক- আকনৰ গছ।
৬৪৪. অৱকাশ- আজৰি সময়, অৱসৰ, কাম নকৰাকৈ থকা।
৬৪৫. অৱলম্বন- আশ্ৰয়-কৰণ, উপায়।
৬৪৬. অৱধান- কাণ-পাতি শুনা, মনোযোগ।
৬৪৭. অৱতৰণ- তললৈ নামি অহা কাৰ্য্য,অৱৰোহণ।
৬৪৮. অৱজৰ- আজৰি, অৱসৰ।
৬৪৯. অৱৰোধ- অমুক্ত অৱস্থা, 
৬৫০. অৱশেষ- ব্যৱহাৰৰ পাছত  বাকী থকা  ভাগ, অন্ত, শেষ।
৬৫১. অৱসাদ- শ্ৰান্তি, ভাগৰ বিবাদ।
৬৫২. অৱনত- তলমুৱা, চাপৰা।
৬৫৩. অৱচেতন- সামান্যভাৱে চেতনা থকা।
৬৫৪. অশন- ভোজন।
৬৫৫. অশ্ৰদ্ধা- অভক্তি, অনাদৰ, আওহেলা।
৬৫৬. অশোক- শোকহীন, বেজাৰ নথকা।
৬৫৭. অঁহীয়া- আঁহ থকা।
৬৫৮. অখীয়া- আখি থকা, গঁঠীয়া, গাঠি যুক্ত।
৬৫৯. অখাত- স্বভাৱতে হোৱা জলাশয়, উপসাগৰ।
৬৬০. অচিৰে- শীঘ্ৰে, অলপ সময়তে।
৬৬১. অজান্তি-নজনা-নুশুনা।
৬৬২. অজিজ্ঞাাসী- অবিবেচক,ভাল-বেয়া একো বিচাৰ কৰিব নোৱাৰা।
৬৬৩. অণ্ডাধাৰ- মাইকীৰ যি ভাগত সন্তান জন্মোৱা কণী উৎপন্ন হয়।
৬৬৪. অডিচি- হোমাৰৰ এখন মহাকাব্য।
৬৬৫. অতিমানৱ- অলৌকিক শক্তিসম্পন্ন লোক, মহামানৱ।
৬৬৬. অধৰপ্ৰান্ত- ওঁঠৰ আগভাগ।
৬৬৭. অধিকতা- সৰ্ব্বাপেক্ষা অধিক।
৬৬৮. অধোবদন- অপ্ৰতিভ, তলমূৰ  কৰা।
৬৬৯. অনঘ- পৱিত্ৰ, শিৱ, নিৰ্দোষ।
৬৭০. অনগ্ৰসৰ- পিছ পৰা, আগত নোযোৱা।
৬৭১. অনন্য চিন্তা-অন্য বিষয়ৰ ওপৰত চিন্তা নকৰা।
৬৭২. অনন্য- অন্যৰ সৈতে সম্বন্ধ বৰ্জিত।
৬৭৩. অনন্ত পথ- যি পথৰ অন্ত বা শেষ নাই।
৬৭৪. অনন্ত যোনি- অসংখ্য জীৱন।
৬৭৫. অনবৰত- সদায় হৈ থকা, ছেদ-ভেদ নথকা।
৬৭৬. অনভিভূত- অপৰাজিত, অনাক্ৰান্ত, অব্যাহত।
৬৭৭. অনায়াস- যত্নহীন।
৬৭৮. অনাথ- ৰখীয়া নথকা, আশ্ৰয়হীন।
৬৭৯. অনা- আমৰ হতুৱাই দূৰৰ পৰা ওচৰ চপোৱা।
৬৮০. অনাদৰী- শিৱসিংহ ৰজাৰ  পত্নী।
৬৮১. অনুপাতক- মহাপাতক সদৃশ পাপ।
৬৮২. অনুপ্ৰাণিত - উতসাহিত।
৬৮৩. অনুযোগ- তিৰস্কাৰ, দোষাৰোপকৰণ।
৬৮৪. অপঘাত- দুৰ্ঘটনা জনিত মৃত্যু, ডাঙৰ ঘটনা।
৬৮৫. অপমান- অৱমাননা, মানহানি।
৬৮৬. অপপ্ৰচাৰ- মিছা ঘোষণা, অযথা অথবা অযুক্তিকৰ কথাৰ প্ৰকাশ।
৬৮৭. অপৰাজিত- পৰাস্ত নোহোৱা।
৬৮৮. পৰাধ- দোষ, পাপ, ক্ৰটি।
৬৮৯. অপদস্থ- বিষয় গুচা, লাজত পৰা, অপমানিত হোৱা।
৬৯০. অপঠিত -যাক পঢ়া হোৱা নাই।
৬৯১.ত অপূৰ্ণ- অসম্পূৰ্ণ, পূৰ নোহোৱা।
৬৯২. অপ্ৰচলিত- নচলা, চলিত নোহোৱা।
৬৯৩. অপ্ৰশস্ত- অনুপযুক্ত, নিন্দিত, সংকীৰ্ণ ।
৬৯৪. অবিনশ্বৰ- অবিনাশী, কেতিয়াও নাশ নোহোৱা।
৬৯৫. অবালক- অতি কমবয়সীয়া।
৬৯৬. অবিকল- লৰচৰ নকৰা, কোনো ভাগ নেৰা।
৬৯৭. অবাট- যাব নলগীয়া বাট, আওবাট।
৬৯৮. অব্যক্ত- পৰমাত্মা, ইশ্বৰ, মন-বুদ্ধিৰ অগোচৰ।
৬৯৯. অভিনন্দন- অইনক আনন্দ দিয়া, প্ৰশংসা, অভিভাষণ।
৭০০. অভিনৱ- একেবাৰে নতুন।
৭০১. অভিন্ন- বেলেগ নোহোৱা।
৭০২. অমাতৰ মাত- অতি শুৱলা মাত।
৭০৩. অমাত- মান কথা নথকা।
৭০৪. অম্বা- জননী, আই।
৭০৫. অযুক্ত- লগ নলগা, যুক্ত নথকা।
৭০৬. আলম- আশ্ৰয়।
৭০৭. অৱগত- খবৰ পোৱা, বুজি পোৱা।
৭০৮. অৱগাহি- অৱগাহন কৰি।
৭০৯. অলোভ- শূন্য, লোভ।
৭১০. অৱগায় -বিবেচনা, নিমগ্ন ভাৱ, গভীৰ চিন্তা।
৭১১. অলৈ-তলৈ- ইফাল সিফাললৈ।
৭১২. অলুপ্ত- নাইকিয়া নোহোৱা, লোপ নোহোৱা।
৭১৩. অলীক- অসত্য, সাজি লোৱা।
৭১৪. অলোক-সম্ভৱ- অপাৰ্থিব।
৭১৫. অলক্ষণী- কুলক্ষিণী, দুৰ্ভাগী।
৭১৬. অসন্মত- অমত, অমান্তি।
৭১৭. অসংযোগ- একে লগে নথকা অৱস্থা, যোগ নোহোৱা অৱস্থা।
৭১৮. অসামান্য- অসাধাৰণ।
৭১৯. অসাক্ষাত- অনুপস্থিত ।
৭২০. অসমৰ্থ- সামৰ্থ্য নথকা, অপাৰগ।
৭২১. অসাদৰ- অনাদৰ।
৭২২. অস্পষ্ট- সহজে বুজিব নোৱাৰা, ভালকৈ নুফুটা।
৭২৩. অসুস্থ- পীড়িত, যাৰ শৰীৰ বা মন ভাল নাই।
৭২৪. অসুন্দৰ- কুৰুপ, দেখিবলৈ বেয়া, অশুৱনি, ।
৭২৫. অস্মাৰ- স্মৃতি শক্তি লোপ পোৱা ৰোগ।
৭২৬. অস্থায়ী- অলপ দিনীয়া, অনিত্য।
৭২৭. অস্তিত্ব- বিদ্যমানতা, স্থিতি।
৭২৮. অক্ষয়- নাশ নোহোৱা, সদায় থকা।
৭২৯. অক্ষি- চকু ।
৭৩০. অক্ষসুত্ৰ- জপমালা, সুতাৰে জপ-মালা গঁথা হয়।
৭৩১. অহোভাগ্য- বৰ কপাল, পৰম ভাগ্য।
৭৩২. অহিংসা- কাৰো অন্যায় বা অহিত নিচিন্তা স্বভাৱ, হিংসাৰ অভাৱ।
৭৩৩. অক্ষাত- ক্ষতহীন, ঘুণ নলগা।
৭৩৪. অহ্ন- দিন।
৭৩৫. অহা- আগত পোৱা, আগত উপস্থিত হোৱা ।
৭৩৬. অহিপতি- বাসুকী, সাপৰ ৰজা।
৭৩৭. অহিত- অনিষ্টকাৰী, অপকাৰী।
৭৩৮. অহল্যা- গৌতম ় ঋষিৰ পত্নী, পঞ্চ সতীৰ এজনী।
৭৩৯. অহৰহ- নিতৌ, দিন সদায়।
৭৪০. অহৌবলিয়া- বলিয়াৰ দৰে কথা কোৱা বা আচৰণ কৰা।
৭৪১. অক্ষৰ- আখৰ, পৰমাত্মা।
৭৪২. অসাধ্য- ক্ষমতাৰ বাহিৰ, কৰিব নোৱাৰা।
৭৪৩. অসিদ্ধ- নিসিজা, নিষ্ফল, অসম্পন্ন।
৭৪৪. অসাম্য- বিষম অৱস্থা, অসমানতা।
৭৪৫. অসমধ- দেখাদেখি নোহোৱা।
৭৪৬. অসাময়িক- অকালত হোৱা।
৭৪৭. অস্বাভাবিক- স্বভাৱ-বিৰুদ্ধ, অসাধাৰণ।
৭৪৮. অস্থাৱৰ- লৰচৰ কৰিব পৰা, আন ঠাইলৈ নিব পৰা।
৭৪৯. অসম- অতুল্য, সমান নোহোৱা।
৭৫০. অসৰ্তক- অসাৱধান।
৭৫১.  অসঞ্জাত - অপ্ৰত্যয়, অবিশ্বাস।
৭৫২. অসংযোগ- যোগ নোহোৱা অৱস্থা, একে লগে  নথকা অৱস্থা।
৭৫৩. অষ্টৰস- কাব্য বা ভাষা পঢ়োঁতে বা শুনোতে সৃষ্টি হোৱা আঠবিধ ৰস।
৭৫৪. অষ্টনাগ- আঠোটা ডাঙৰ সাপ।
৭৫৫. অশ্বশালা- ঘোঁৰাশাল।
৭৫৬. অশোচনীয়- যাৰ কাৰণে শোক কৰা অনুচিত, শোকৰ অযোগ্য।
৭৫৭. অশোভন- অসুন্দৰ, শোভা নাপায়।
৭৫৮. অশ্ৰান্ত- অবিৰাম, অক্লান্ত।
৭৫৯. অশিথিল- টান, শিথিল নহয়।
৭৬০. অশিষ্ট- দুষ্ট,অসাধু।
৭৬১. অৱধি- অন্ত, সীমা।
৭৬২. অৱসৰ- আজৰি, অৱকাশ।
৭৬৩. অৱসান- সমাপ্তি, অন্ত।
৭৬৪. অৱনমন- হীন অৱস্থালৈ অনা, তলৰ ফালে হলোৱা কাৰ্য্য।
৭৬৫. অৱৰোহ- অবতৰণ।
৭৬৬. অশিৰ- মূৰ নাইকীয়া।
৭৬৭. অশৰণীয়া- শৰণ নোলোৱা।
৭৬৮. অশাসন- শাসনৰ অভাৱ, অৰাজক।
৭৬৯. অশুৱনি- কুশ্ৰী, দেখিবলৈ বেয়া।
৭৭০. অলয়- লয় বা নাশ হীন।
৭৭১. অযুত- দহ হেজাৰ।
৭৭২. অৰণি- ঘঁহিলে জুই উঠা কাঠ।
৭৭৩. অযাত্ৰা- বেয়া বা অমংগলীয়া যাত্ৰা।
৭৭৪. অযাচিত - এনেই বোৱা , নোখোজা।
৭৭৫. অৰ- শলখা।
৭৭৬. অৰিহণা- - দক্ষিণা, সন্মান সহকাৰে দান দিয়া।
৭৭৭. অৰিষ্ট- ৰিষ্ট বা অসংগল নথকা।
৭৭৮. অৰাতি- অৰি, শত্ৰু।
৭৭৯. অৰত্নি- এহাত, কিলাকুটিৰ পৰা কেঞা আঙুলিৰ মুৰ পৰ্য্যন্ত।
৭৮০. অযোনি- যোনিৰ পৰা নোপোজা।
৭৮১. অয়নান্ত- ক্ৰান্তি, সীমা।
৭৮২. অযোগ- একেলগ হৈ নথকা অৱস্থা।
৭৮৩. অমায়িক- অহংকাৰ নকৰা, পৰল ভদ্ৰ।
৭৮৪. অভিশাপ- শাও, শপনি, অইনৰ মংগল বা হানি হওক বুলি কামনা কৰা প্ৰকাশ।
৭৮৫. অভিৰাম- সুন্দৰ, ৰমণীয়, তৃপ্তিদায়ক।
৭৮৬. অংশাঁশ- ভাগৰ ভাগ, পৃথক পৃথক ভাগ।
৭৮৭. অংস-কান্ধ, স্কন্ধ।
৭৮৮. অকন্টক- চিন্তা বা ভয় নথকা, কাঁইট নথকা, নিৰাপদ।
৭৮৯. অংসভাৰ- কান্ধৰ বোজা।
৭৯০. অকৰ্ত্তা- প্ৰভূ নাইবা গৰাকীৰ ভাৰ নথকা, কৰ্মহীন।
৭৯১. অকথন- নোকোৱা।
৭৯২. অকুন্ঠা- অসংকোচ।
৭৯৩. অকাল-কুসুম- অসময়ৰ ফুল, অসম্ভৱ কাৰ্য্য।
৭৯৪. অকাঁৰী- তুঁহ,মল আদি নুগুচোৱা, নিকা নকৰা।
৭৯৫. অকাজী- কামত পাৰ্গত নহয়।
৭৯৬. অকাৰণ- অবাব, অনাৱশ্যক, অসাৰ।
৭৯৭. অকঠিন- কোমল, উজু, ঢিলা।
৭৯৮. অইন- অন্য, আন।
৭৯৯. অংশু- ৰশ্মি, কিৰণ।
৮০০. অংশুধৰ- সূৰ্য্য।
৮০১. অংশুক- বস্ত্ৰ।
৮০২. অঋণী- যাৰ ধাৰ নাই, লিধৰুৱা, ঋণ মুক্ত।
৮০৩. অংসফলক- ত্ৰিকোণাকাৰ অস্থি, কান্ধত থকা অস্থি।
৮০৪. অঁকৰা মৈত উঠা- নভবা নিচিন্তাকৈ কোনো কামত ধৰি তাক ৮০৫. এৰিবৰ মন নকৰা।
৮০৬. অকথনীয়- কথাৰে নাইবা ভাষাৰে প্ৰকাশ কৰাৰ অযোগ্য।
৮০৭. অকটা- আকটা চোৱা।
৮০৮. অঁই- ম'হে মতা মাত ।
৮০৯. অকঠোৰ- অকঠিন, অকৰ্কশ।
৮১০. অকম্পিত- নকঁপা, সযুক্ত, দৃঢ়।
৮১১. অকৰ্ম্মা- এলেহুৱা, অপাত্ৰ, কাম কৰিব নোৱাৰা।
৮১২. অঁৰা- চাৰিটাৰ লেখ।
৮১৩. অঁকা-বঁকা- নানা ৰঙৰ আঁচ থকা, পখৰা-চিতৰা।
৮১৪. অঁটা- যিমান লাগে সিমান কৰা, টানকৈ বন্ধা।
৮১৫. অকাৰান্ত - অ শেষত থকা।
৮১৬.চ অকাট্য- যাক যুক্তিৰে খণ্ডন কৰিব নোৱাৰি, অখণ্ডনীয়।
৮১৭. অকুন্ঠিত - উদাৰ, হেলা নথকা, ভয়শূন্য।
৮১৮. অকাল-বৃষ্টি- অসময়ত হোৱা বৰষুণ।
৮১৯. অকাজ- কুকৰ্ম্ম।
৮২০. অকস্মাতে- হঠাতে, আগেয়ে নজনাকৈ।
৮২১. অভোজন- উপবাস, অনাহাৰ।
৮২২. অভীপ্সিত- অভিলষিত, বাঞ্চিত।
৮২৩. অভেদাত্মা- নলে-গলে লগা, অভিন্ন  হ্ৰদয়।
৮২৪. অভিব্যাপ্ত- পৰিব্যাপ্ত, সকলোফালে বিস্তৃত।
৮২৫. অভিযোজন- উদ্দেশ্য সাধনৰ উপযোগী কৰা।
৮২৬. অভিভাষণ- অভিনন্দন, সম্ভাষণ।
৮২৭. অভিযুক্ত- জগৰত কৰা, যাৰ উপৰত দোষ আৰোপিত কৰা হৈছে।
৮২৮. অভিযাত্ৰী- সাহসিক আৱিস্কাৰ বা অভিজ্ঞতা লাভৰ কাৰণে ৮২৯. অগ্ৰগামী।
৮৩০. অভিলাশ- ইচ্ছা, আশা।
৮৩১. অভিজ্ঞান- যাৰ দ্বাৰা জনা যায়।
৮৩২. অভিগমন- কোনো বস্তৰ ফাললৈ গতিকৰণ।
৮৩৩. অভিনয়- ভাওনাকৰণ, নাট্য প্ৰদৰ্শক।
৮৩৪. অভিনিৱেশ- মনোযোগ, ভিতৰলৈ সোমাই যোৱা।
৮৩৫. অভিনেতা- ভাৱৰীয়া, যি অভিনয় কৰে।
৮৩৬. অভিব্যক্ত- প্ৰকাশিত, প্ৰকাশ, বিকাশ.
৮৩৭. অভিসম্পাত- শপনি,শাও, অভিশাপ।
৮৩৮. অভিমুখ- দিশ, সমুখ।
৮৩৯. অভিমান- প্ৰিয়জনৰ পৰা অনাদৰ পাই অপমান বোধ, ৰোহ।
৮৪০. অভিনেয়- অভিনেয়ৰ যোগ্য।
৮৪১. অভিধা- উপাধি, নাম।
৮৪২. অভি- অভিযান, অভিসাৰ।
৮৪৩. অভয়-পদ- ভয় নথকা অৱস্থা।
৮৪৪. অভাৱে- নথকাত, নহলে।
৮৪৫. অভিমন্য- পৰীক্ষিতৰ পিতা, উত্তৰাৰ স্বামী, সুভদ্ৰাৰ পুতেক।
৮৪৬. অভিজ্ঞতা- দেখি শুনি  লাভ কৰা জ্ঞান, দুৰদৰ্শিতা।
৮৪৭. অভঁজা- কুৰুপ, দেখিবলৈ বেয়া।
৮৪৮. অক্লিষ্ট- কষ্ট নমনা।
৮৪৯. অক্ৰীড়ামোদী- খেলা-ধুলা ভাল নোপোৱা।
৮৫০. অখণ্ড-মণ্ডল- সম্পূৰ্ণ গোলাকাৰ।
৮৫১. অগম্যা- যাৰ সৈতে সহবাগ নিষিদ্ধ।
৮৫২. অকৃতঘ্ন- উপকাৰ স্বীকাৰ কৰোঁতা, কৃতজ্ঞ।
৮৫৩. অক্ৰীড়াসুলভ- খেলা-ধুলাৰ লগত খাপ নোখোৱা।
৮৫৪. অকোপী- খঙ নোহোৱা মানুহ।
৮৫৫. অখণ্ড- পূৰ্ণ, অখণ্ড প্ৰতাপ, নভগা-নিছিগা।
৮৫৬. অগষ্টাচ- ৰোমৰ এজন সম্ৰাটৰ নাম।
৮৫৭. অঘাইত- মহা ডাঙৰ, অতিপাত।
৮৫৮. অঘাসুৰ- অসুৰ বিশেষ।
৮৫৯. অগ্ৰাধিকাৰ- সকলোতকৈ আগে কৰিব লগীয়া বুলি স্বীকাৰ।, ৮৬০. প্ৰাধান্য।
৮৬১. অঘটন- দুৰ্ঘটনা।
৮৬২. অঘ্ৰাত- আগেয়ে ঘ্ৰাণ নোলোৱা।
৮৬৩. অগ্ৰংবগ্ৰং- যিহকে পাই তাকে কৰা বা কোৱা, অৰ্থহীন কথা বা কাম।
৮৬৪. অঘট-ঘটনা- আচৰিত বা বিপৰীত ঘটনা, সদায় নঘটা বা ৮৬৫. নোহোৱা ঘটনা।
৮৬৬. অগ্ৰ- প্ৰথম, ওপৰৰ ভাগ, আগ।
৮৬৭. অঘটনীয়া- অসম্ভাব্য।
৮৬৮. অছিদ্ৰ- নিৰ্দ্দোষ, বিন্ধা নথকা।
৮৬৯. অচনিয়া- চুৱনি, ভাত খাই মুখ বা চুৱা ধোৱা ঠাই।
৮৭০. অচলকন্যা- নদী, পাৰ্বতী।
৮৭১. অচম- আহোম বংশক বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয়।
৮৭২. অচাটুৱা- কাৰো সহায় নলৈ চলা।
৮৭৩. অচেষ্ট- নিশ্চেষ্ট।
৮৭৩. অচাপল্য- অচাঞ্চল্য।
৮৭৪. অছিলা- ছুটা, অবলম্বন।
৮৭৫. অচিন্তিত- নভবা-নিচিন্তাকৈ।
৮৭৬. অচলযুক্তি- যি যুক্তিৰ কোনো ভত্তি নাই।
৮৭৭. অচাক্ষুষ- দৃষ্টিৰ অগোচৰ, অপ্ৰত্যক্ষ।
৮৭৮. অচ্যুত- পৰমেশ্বৰ, যাৰ নাশ বা ক্ষয় নাই।
৮৭৯. অচল- লৰচৰ নকৰা, স্থিৰ, গতিশূন্য।
৮৮০. অচেষ্টা- কাৰবাৰ নকৰা, চেষ্টা নকৰা, হেলা।
৮৮১. অজৰ- অমৰ- নমৰা, বুঢ়া নোহোৱা।
৮৮২. অজীণ- অজীৰ্ণৰোগ।
৮৮৩. অজ্ঞাতবাস- আনে নজনানুশুনাকৈ লুকাই থকা।
৮৮৪. অজীণাশী- কাৰো লগত মিলিৱ নোৱাৰামানুহ, অজীণ পাতকী।
৮৮৫. অজ্ঞ- একো নজনা, মূৰ্খ।
৮৮৬. অজলে-অথলে-অযথা স্থানত।
৮৮৭. অজাত-শত্ৰু- যুধিষ্ঠিৰ, মগধ দেশৰ এদন ৰজা।
৮৮৮. অজাত- নোপোৱা, নজন্মা।
৮৮৯. অজয়খেত্ৰী- দুষ্ট, অবুজন।
৮৯০. অণ্ড- ডিমা, কণী।
৮৯১. অতি- আধুনিক- - বৰ্তমান যুগত সকলোতকৈ নতুন।
৮৯২. অত্যাচাৰ- নিষিদ্ধ আচৰণ, উপদ্ৰৱ।
৮৯৩. অতিবাহন- ক্ষেপণ, যাপন।
৮৯৪. অতিপাতন- যোৰ পাপ, অতি পাতকী।
৮৯৫. অতিকায়- প্ৰকাণ্ড শৰীৰ বিশিষ্ট ৰাৱণৰ পুতেক।
৮৯৬. অতিপাত- অতিৰিক্ত, পৰিমাণৰ বাহিৰ হোৱা।
৮৯৭. অতিথি- অভ্যাগত, আলহী।
৮৯৯. অতীন্দ্ৰিয়বাদ- ইন্দ্ৰিয়াদিৰে ঢুকি নোপোৱা তথ্যাদিৰ বিষয়ে মত।
৯০০. অতিবল- মহাবলশালী।
৯০১. অতৃপ্ত- হেপাহ নপলোবা, তৃপ্তি নোপোৱা।
৯০২. অতিনাটকীয়- নাটকৰ অতীত নাইবা অসাধ্য।
৯০৩. অথাকে- নেৰানেপেৰাকৈ, অনবৰত।
৯০৪. অথিৰ -অস্থিৰ, চঞ্চল, অনিশ্চিত।
৯০৫. অথন্তৰ- আপদ, দুৰাৱস্থা।
৯০৬. অদম্ভ- গপ নথকা, অহংকাৰী নহয়।
৯০৭. অদোষ- দোষৰ অভাৱ।
৯০৮. অদেহী- দেহ নাইকীয়া।
৯০৯. অধস্থ- তলতীয়া, অধীনত থকা।
৯১০. অধমৰ্ণ- যিয়ে ধাক কৰে, ধৰুৱা।
৯১১. অধিবচন- অভিধা, নাম, সংজ্ঞা।
৯১২. অধ্যক্ষ- তত্বাবধায়ক, নেতা, গৰাকী।
৯১৩. অধ্যাহাৰ- উদ্ধাৰ, ব্যাকৰণৰ নিয়মমতে লুকাই থকা কথা পূৰাই লোৱা।

35 comments:

  1. নাৰী অবলা নহয় , নিজৰ thiniking beleg korok 😾😾

    ReplyDelete
  2. অপ্ৰমাদী শব্দৰ অৰ্থ কি

    ReplyDelete
  3. "প্রজ্ঞা" শব্দ ৰ অৰ্থ

    ReplyDelete
  4. অনুৰন ৰ অৰ্থ কি

    ReplyDelete
  5. উপহাস শব্দৰ অৰ্থ কি

    ReplyDelete
  6. অভিব্যক্তি শব্দৰ অৰ্থ কি

    ReplyDelete
  7. বেবেৰিবাং শব্দৰ অৰ্থ কি

    ReplyDelete
  8. অঙ্কুশত শব্দৰ অৰ্থ কি

    ReplyDelete
  9. কিৰণ শদ্বৰ অৰ্থ কি?

    ReplyDelete
  10. আশা শুধীয়া অৰ্থ কি ?

    ReplyDelete
  11. বিয়ংগাতমক

    ReplyDelete
  12. ভেকাহি অৰ্থ কি

    ReplyDelete
  13. অপেক্ষা অৰ্থ কি

    ReplyDelete
  14. বয়োজ্যেষ্ঠ অৰ্থ কি

    ReplyDelete
  15. অতৃপ্ত শব্দৰ অথ কি

    ReplyDelete
  16. "অতিক্রম" Write the answer?


    ReplyDelete
  17. ব্যঙ্গাত্মক অৰ্থ কি

    ReplyDelete
  18. অংশুমান অথ কি

    ReplyDelete
  19. অতিক্ৰম অথ কি

    ReplyDelete
  20. স্যাৎ শব্দ ৰ অৰ্থ

    ReplyDelete
  21. দৈত্যেন্দ শব্দৰ অৰ্থ কি

    ReplyDelete
  22. বয়োজ্যেষ্ঠ

    ReplyDelete

Write your Comment