১. টঙিঘৰ - এবিধ মাছ ধৰা চাৰিকুণীয়া জাল।

২. টুটি - ভঙা।

৩. টুপুক - টাপাক - খৰকৈ।

৪. টঙিঘৰ - খেতি ৰাখিবলৈ সজা চাংঘৰ।

৫. টিলপাট - আচ্ছাদানৰূপে ব্যৱহিত ধাতুৰ পাট।

৬. ট্ৰে - চাহৰ পিয়লা আদি তুলি নিয়া থাল।

৭. টেটেৰা - খীণাই চেৰেলা হোৱা ; শুকাই লেৰেলি যোৱা।

৮. টুকৰীয়া - টোকাৰী বজোৱা মানুহ।

. ৯টোকাৰী - এবিধ বাধ্য়যন্ত্ৰ।

১০. টুপী - মূৰত পৰিধান কৰা এবিধ পোছাক।

১১. টেঁটু - ডিঙি , গল।

১২. টুনী - ঘৰচিৰিকাৰ গঢ়ৰ এবিধ সৰু চৰাই।

১৩. টিভি - দূৰদৰ্শন।

১৪. টহলদাৰি - টহলদাৰৰ কাম।

১৫. টঙালি - ঢুলীয়া সকলে কঁকালত আঁটি বন্ধা এবিধ পোছাক।

১৬. টাঙোন - মাৰ - পিত কৰা , পিতন দিয়া।

১৭. টুটকীয়া - কথা লগাই ফুৰা স্বভাৱৰ।

১৮. টিপ্পনী - টীকা।

১৯. টঙিয়াল - টঙিত খেতি কৰা লোক।

২০. টাকুৰী - যঁতৰত থকা এটা সজুলি।

২১. টেকেলি - কলহ , পানী থ'বলৈ ব্যৱহাৰ কৰা এক বিশেষ সজুলি।

২২. টঙনা - কাঠৰ দীঘলীয়া খণ্ড।

২৩. টনটনিয়া - বহুত টনাৰ কাৰণে টান হোৱা।

২৪. টকুনা - এবিধ বলৰীয়া আওকাঠি গছ।

২৫. টঙি - ওখ খুটা বা গছৰ ডালত সজা খেতি ৰাখিবলৈ কৰা চাংঘৰ।

২৬. টনি - এখন মাছ ধৰা চাৰিচুকীয়া জাল।

২৭. টগৰ্ বগৰ্ - লৰচৰ কৰি থকা, লৰক ফৰক।

২৮. টেটু - নেলু, ডিঙি।

২৯. টেটেৰা - খীনাই যোৱা।

৩০. টেকটেক - মাইকী পাতি হাহে ঘন ঘনকৈ মাতি থকা মাত।

৩১. টেঙা মৰা - এবিধ টেঙা জাতিয় সাক।

৩২. টেমি - চুন ৰখা টেমা।

৩৩. টেপা - হাতে মৰা টেপা।

৩৪. টেকেলি - কলহতকৈ সৰু ডিঙিৰ মাটিৰে তৈয়াৰ কৰা পাত্ৰ।

৩৫. টেলেগু - দক্ষিন ভাৰতৰ এজাতি মানুহ আৰু তেওলোকৰ ভাষা।

৩৬. টোকা - মনত ৰাখিবলৈ সৰুকৈ লিখি ঠৈ দিয়া।

৩৭ . টোপনি - ঘুমটি মৰি থকা, বৰখি বাই থকা কাৰ্য।

৩৮. টেৰেচীয়া - অকণমান ভাজ থকা।

৩৯. টোকোৰা - এবিধ চৰাই।

৪০. টোপা - পানীয়া বস্তু।

৪১. জা আৰু আকবৰ ঠকা ৰাজসভাৰ অৰ্তচবি।

৪২. টোকোনা - অতি দৰিদ্ৰ মানুহ।

৪৩. টিকটিকী - কোবাবলৈ দুষিক বন্ধা যতন।

৪৪. টায়া - বৰকথীয়া।

৪৫.   টলকি- বুজি চোৱা।

৪৬. টট্টনী- জোঠী।

৪৭. টিপনি- ভাত-ভৰিৰ আঙুলিৰ চেপা।

৪৮. টিক্চালি- দুষ্টামি।

৪৯. টুগ্ৰিক- মংগোলিয়া দেশত চলি থকা মুদ্ৰা।

৫০. টেড়া- বেঁকা।

৫১. টেকেলিপিটা- কলহৰ নিচিনা পেট থকা ।

৫২. টোকন্- সোহা কাৰ্য।

৫৩. ট্ৰেজাৰি- কোষাগাৰ।

৫৪. টেপা- অধিক তিতা।

৫৫. টিপিৰা- ওখ নহৈ চাপৰ হৈ থকা।

৫৬. টিংটিঙা- টিংটিং শব্দ।

৫৭. টঙ- কুঠাৰ।

৫৮. টক্- তধা।

৫৯. টকালি পাৰি খা- আনন্দৰে খাদ্য় খা।


Post Id: DABP000725