সমাজ বিজ্ঞান /দশম শ্ৰেণী/ ইতিহাস 

(প্ৰথম অধ্যায়)

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন


অতি চমু উত্তৰৰ প্ৰশ্নঃ

১) বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?
উত্তৰঃ- লৰ্ড কাৰ্জনৰ শাসনকালত।

২) ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?
উত্তৰঃ- ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল।

৩) বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?
উত্তৰঃ- ১৯০৫ চনৰ ২০ জুলাইত দিনাজপুৰৰ মহাৰাজৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ লোৱা হৈছিল।

৪) স্বদেশী আন্দোলনৰ সময়ছোৱাত 'যুগান্তৰ' নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?
উত্তৰঃ- ভূপেন্দ্ৰ নাথ দত্ত।

৫) বংগদেশত 'জাতীয় শিক্ষা পৰিষদ' নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?
উত্তৰঃ- ১৯০৬ খ্ৰীষ্টাব্দৰ ১১ মাৰ্চত।

৬) ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল?
উত্তৰঃ- আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়।

৭) কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে "স্বৰাজ" বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?
উত্তৰঃ- ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰোহিত্যত ১৯০৬ চনত কলিকতাত বহা অধিৱেশনত পোন প্ৰথমবাৰৰ বাবে "স্বৰাজ" দাবী প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

৮) বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল?
উত্তৰঃ- ১৯১১ চনৰ ১২ ডিচেম্বৰত।


চমু উত্তৰৰ প্ৰশ্নঃ

১) বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা।
উত্তৰঃ- বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগ দেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হৈছে 一 ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহী।
 
২) বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।
উত্তৰঃ- লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ কাৰণে বংগ প্ৰদেশৰ আয়তন সৰু কৰাৰ যুক্তি দিছিল যদিও ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল। ব্ৰিটিছ চৰকাৰৰ দ্ৱাৰা বংগ বিভাজনৰ প্ৰধান উদ্দেশ্য়সমূহ চমুকৈ তলত উল্লেখ কৰা হ'ল 一  

            ঐক্যবদ্ধ বংগ শক্তিক দ্বি-খণ্ডিত কৰা। ব্ৰিটিছ সাম্ৰাজ্য়ৰ সুস্থিৰতাৰ ভাবুকিৰ অৱতাৰণাৰ পৰা হিন্দু-মুছলমানৰ মাজৰ একতা বিনষ্ট কৰা। ব্ৰিটিছে বংগ ভংগ আঁচনিৰ জৰিয়তে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বি-খণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। কংগ্ৰছ দলৰ ব্ৰিটিছ বিৰোধী চৰম পন্থীসকলক নিয়ন্ত্ৰণ কৰা।

৩) বংগ বিভাজনবিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা।
উত্তৰঃ- ১৯০৩ খ্ৰীষ্টাব্দৰ ৬ ডিচেম্বৰত বংগ ভংগৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা ১৯০৫ চনৰ ১৯ জুলাইত প্ৰস্তাৱটো চৰকাৰীভাৱে কাৰ্যকৰী কৰালৈকে; এই সময়ছোৱাত বংগৰ বিভিন্ন অঞ্চলত প্ৰতিবাদী সভাৰ জৰিয়তে জাতি, বৰ্ণ নিৰ্বিশেষে জনতাই জনসংগ্ৰামৰ জোৱাৰ তুলিছিল। বংগ ভংগৰ পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জন সভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলনটো ‘স্বদেশী আন্দোলন’ নামেৰে জনাজাত হৈছিল।

৪) স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ- স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত বাৰুকৈয়ে পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R. W. Carlyle য়ে ১৯০৫ খ্ৰীষ্টাব্দৰ ১০ অক্টোবৰৰ দিনা এখন জাননী জাৰী কৰি তেওঁলোকক আন্দোলনত অংশ গ্ৰহণ নকৰিবলৈ সকিয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে বংগত প্ৰৱল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল।

            ১৯০৫ চনৰ ৪ নৱেম্বৰৰ দিনা ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত ‘এন্টি-চাৰ্কুলাৰ ছ’চাইটি’ গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

            বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আব্দুল ৰছুল প্ৰমুখ্যে নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল।

            সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ সম্পাদিত "The Dawn" কাকতখনে কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক তাৰ পৰা ওলাই জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰু দাস বন্দোপাধ্যায়ৰ লগত লগ লাগি "The Dawn Society" নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল। এই Society য়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন (১৯০৪) আৰু কাৰ্লাইল জাননী (১৯০৫)ৰ বিৰোধিতা কৰি জাতীয় শিক্ষাক নতুন ৰূপত গঢ় দিবলৈ আন্দোলন কৰিছিল।

            স্বদেশী আন্দোলনৰ সময়ত বিশেষকৈ বংগত কেইবাটাও জাতীয় শিক্ষা অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম হৈছিল। সেইবোৰ হৈছে 一
    ➤ বংগ জাতীয় বিদ্যালয় (৬ আগষ্ট, ১৯০৫ চন) ৰবীন্দ্ৰনাথ ঠাকুৰ
    ➤ জাতীয় বিদ্যালয়, ৰংপুৰ (৮ নৱেম্বৰ, ১৯০৫ চন)
    ➤ জাতীয় শিক্ষা পৰিষদ (১১ মাৰ্চ, ১৯০৬) অধ্যক্ষ ৰাসবিহাৰী বসু
    ➤ বংগ জাতীয় মহাবিদ্যালয় (১৫ আগষ্ট, ১৯০৬ চন)
    ➤ Banga Technical Institute (পিছলৈ যাদৱপুৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়)
            জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত "বিহাৰ বিদ্যাপীঠ", মহাৰাষ্ট্ৰত "সমৰ্থ বিদ্যালয়", আৰু গুজৰাটত "গুজৰাট বিদ্যালয়" প্ৰতিষ্ঠা হৈছিল।

            স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল।

৫) স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল?
উত্তৰঃ- স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল। ইয়াৰ লগতে সেই সময়ত স্বদেশী দ্ৰব্য আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাও স্বদেশী উদ্যোগ প্ৰতিষ্ঠাত উদগণি যোগাইছিল। 
 
            সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাত শাল উদ্যোগ, সৰিয়হ, তেল, চাবোন, চেনী, জুইশলা, বিস্কুট ইত্যাদি। ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানি।

            স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেতবোৰ উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে 一 
 
(i) ১৮৯৭ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা "স্বদেশী ভাণ্ডাৰ",

(ii) ১৯০৫ চনত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা "ইণ্ডিয়ান ষ্টোৰচ", 

(iii) ১৯০৩ চনত ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে প্ৰতিষ্ঠা কৰা "লক্ষী ভাণ্ডাৰ",

(iv) ১৯০৬ চনত আব্দুল হালিম গজনবিয়ে প্ৰতিষ্ঠা কৰা "ইউনাইটেড বেংগল ষ্টোৰচ"।
            বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদিৰ দৰে ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল ǀস্বদেশী আন্দোলনৰ সময়তে নীলৰতন চৰকাৰৰ উদ্যোগত (১ আগষ্ট, ১৯০৬ চনত) বংগলক্ষী কটন মিল, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ তত্বাৱধানত (২৫ জুলাই ১৯০৬ চনত) বেংগল কেমিকেলছ আৰু জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭ চনত) গঢ়লৈ উঠিছিল।

            বংগদেশৰ দৰে ভাৰতৰ অন্যান্য প্ৰান্তটো বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠান জন্ম হৈছিল। ১৯০৫ চনৰ ৭ ডিচেম্বৰত আৰ. চি. দত্তৰ পৌৰহিত্যত বাৰাণসীত প্ৰথমখন "ভাৰতীয় উদ্যোগ সন্মিলন" অনুষ্ঠিত হৈছিল। এই সন্মিলনত স্বদেশী শিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ লগতে দেশীয় শিল্প উদ্যোগসমূহ পুনৰ জীৱিত কৰাৰ কাৰণে ৰাইজ ঐক্যৱদ্ধ হৈছিল।

৬) স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল?
উত্তৰঃ- স্বদেশী আন্দোলনৰ সময়ত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা ব্ৰিটিছে সহযোগিতাৰ আশা কৰিছিল। সেই উদ্দেশ্যে লৰ্ড কাৰ্জনে এই নেতাসকলক নিজৰ হাতৰ মুঠিত ৰাখিবলৈ তেওঁলোকৰ বহুতকে ব্ৰিটিছ চৰকাৰৰ আৰোপিত উপাধি, পদক আৰু পদ প্ৰদান কৰিছিল।
 
            কংগ্ৰেছৰ উদাৰপন্থী সদস্যসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰ পতিৰ পদ, ব্ৰিটিছ সংসদত সদস্য পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ নতুবা প্ৰাদেশিক পৰ্যায়ৰ লোভনীয় সদস্য পদ যাচি বংগ ভংগ পৰিকল্পনাত তেওঁলোকৰ সহযোগিতা আশা কৰিছিল।

            তাৰ বিপৰীতে কংগ্ৰেছৰ কিছুসংখ্যক শীৰ্ষ নেতা যেনে 一 সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়, গোপালকৃষ্ণ গোখলেৰ বংগ ভংগ বিৰোধী অটল স্থিতিয়ে চৰকাৰক শলঠেকত পেলাইছিল।

            বিপিন চন্দ্ৰ পালে সকলো নেতাক ব্ৰিটিছ পদত্ত উপাধি, পদ, পদবী বৰ্জন কৰিবলৈ অনুৰোধ জনাইছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোপাল কৃষ্ণ গোখলেই পোন প্ৰথমে "নাইটহুদ" উপাধি চৰকাৰক ঘূৰাই দিছিল।

৭) স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।
উত্তৰঃ- স্বদেশী আন্দোলনে ভাৰতৰ জাতীয় সাহিত্য, জাতীয় শিক্ষাৰ বিকাশ ঘটোৱাৰ লগতে মহিলাসকলৰ সাহসী ভূমিকাক দেশৰ প্ৰেক্ষাপটত সবলভাৱে দাঙি ধৰিছিল।
 
(ক) জাতীয় শিক্ষাৰ বিকাশঃস্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত বাৰুকৈয়ে পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য় ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R. W. Carlyle য়ে ১৯০৫ চনৰ ১০ অক্টোবৰৰ দিনা এখন জাননী জাৰী কৰি তেওঁলোকক আন্দোলনত অংশ গ্ৰহণ নকৰিবলৈ সকিয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে বংগত প্ৰৱল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল।

            ১৯০৫ চনৰ ৪ নৱেম্বৰৰ দিনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত "এন্টি ছাৰ্কুলাৰ ছ’চাইটি" গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
            বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আব্দুল ৰচুল প্ৰমুখ্যে নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল।

               সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ সম্পাদিত "The Dawn" কাকতখনত কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক তাৰ পৰা উলিয়াই জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰু দাস বন্দোপাধ্যায়ৰ লগত লগ লাগি "The Dawn Society" নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল। এই "Society" য়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন (১৯০৪) আৰু কাৰ্লাইল জাননী (১৯০৫)ৰ বিৰোধিতা কৰি জাতীয় শিক্ষাক নতুন ৰূপত গঢ় দিবলৈ আন্দোলন কৰিছিল।
        স্বদেশী আন্দোলনৰ সময়ত বিশেষকৈ বংগত কেইবাটাও জাতীয় শিক্ষা অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম হৈছিল। সেইবোৰ হৈছে 一

➤ বংগ জাতীয় বিদ্যালয় (৬ আগষ্ট, ১৯০৫ চন) ৰবীন্দ্ৰনাথ ঠাকুৰ
➤ জাতীয় বিদ্যালয়, ৰংপুৰ (৮ নৱেম্বৰ, ১৯০৫ চন)
➤ জাতীয় শিক্ষা পৰিষদ (১১ মাৰ্চ, ১৯০৬ চন) অধ্যক্ষ ৰাসবিহাৰী বসু
➤ বংগ জাতীয় মহাবিদ্যালয় (১৫ আগষ্ট, ১৯০৬ চন)
➤ Banga Technical Institute (পিছলৈ যাদৱপুৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়)
            জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত "বিহাৰ বিদ্যাপীঠ", মহাৰাষ্ট্ৰত "সমৰ্থ বিদ্যালয়", আৰু গুজৰাটত "গুজৰাট বিদ্যালয়" প্ৰতিষ্ঠা হৈছিল।

        স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল।

(খ) জাতীয় শিল্পৰ বিকাশঃস্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগ দেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল। ইয়াৰ লগতে সেই সময়ত স্বদেশী দ্ৰব্য আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাও স্বদেশী উদ্যোগ প্ৰতিষ্ঠাত উদগণি যোগাইছিল। 
        সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাত শাল উদ্যোগ, সৰিয়হ, তেল, চাবোন, চেনী, জুইশলা, বিস্কুট ইত্যাদি। ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী।

            স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেতবোৰ উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে 一

(i) ১৮৯৭ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা "স্বদেশী ভাণ্ডাৰ"

(ii) ১৯০৫ চনত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা "ইণ্ডিয়ান ষ্টোৰচ" 

(iii) ১৯০৩ চনত ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে প্ৰতিষ্ঠা কৰা "লক্ষী ভাণ্ডাৰ"

(iv) ১৯০৬ চনত আব্দুল হালিম গজনবিয়ে প্ৰতিষ্ঠা কৰা "ইউনাইটেড বেংগল ষ্টোৰচ"

            বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদিৰ দৰে ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল। স্বদেশী আন্দোলনৰ সময়তে নীল ৰতন চৰকাৰৰ উদ্যোগত  (১ আগষ্ট, ১৯০৬ চনত) বংগলক্ষী কটন মিল, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ তত্ত্বাৱধানত (২৫ জুলাই ১৯০৬ চনত) বেংগল কেমিকেলছ আৰু জামসেটজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭ চনত) গঢ়লৈ উঠিছিল।

            বংগদেশৰ দৰে ভাৰতৰ অন্যান্য প্ৰান্তটো বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠান জন্ম হৈছিল। ১৯০৫ চনৰ ৭ ডিচেম্বৰত আৰ. চি. দত্তৰ পৌৰহিত্যত বাৰাণসীত প্ৰথমখন "ভাৰতীয় উদ্যোগ সন্মিলন" অনুষ্ঠিত হৈছিল। এই সন্মিলনত স্বদেশী শিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ লগতে দেশীয় শিল্প উদ্যোগসমূহ পুনৰ জীৱিত কৰাৰ কাৰণে ৰাইজ ঐক্যৱদ্ধ হৈছিল।

(গ) স্বদেশী আন্দোলনত মহিলাসকলৰ সৱল ভূমিকাঃ

➤ ভাৰতবৰ্ষৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত মহিলাসকলে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। পুৰুষৰ সমানে মহিলাসকলেও বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল। সৰলা দেৱী চৌধাৰীণীয়ে মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত পশ্চিম বংগত বীৰ অষ্টমী ব্ৰত, প্ৰজ্ঞাপাদিত্য উৎসৱ আৰু ব্যায়াম সমিতি আদিৰ আয়োজন কৰি যুৱক-যুৱতীসকলক লাঠিখেল, কুস্তি আদিৰ প্ৰশিক্ষণ দিছিল।

➤ সৰলা দেৱী চৌধাৰীণীয়ে "ভাৰতী" নামৰ এখন পত্ৰিকা সম্পাদনা কৰি বংগদেশৰ যুৱ শক্তিক আন্দোলনত জপিয়াই পৰিবলৈ আহ্বান জনাইছিল।

➤ ভগিনী নিবেদিতাই কলিকতাত ইয়ং মেন্ছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হ'বলৈ শিকাইছিল।

➤ স্বদেশী আন্দোলনত বংগদেশৰ মহিলাসকলৰ সাহসিকতাৰ কথা লণ্ডনৰ পৰা ওলোৱা “ডেইলি টেলিগ্ৰাফ’’ত (১৯০৭ চনৰ ১১ অক্টোৱৰত) প্ৰকাশ পাইছিল।

৮) স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা।
উত্তৰঃ- স্বদেশী আন্দোলনৰ অৱদানসমূহ হৈছে 一

(i) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হয়। দেশৰ সমূহ জনগণ একগোট হৈ শক্তিশালী ইংৰাজৰ বিৰুদ্ধে থিয় হ'লে গণ আন্দোলনত যে বিজয় নিশ্চিত, সেই শিক্ষা স্বদেশী আন্দোলনৰ যোগদানৰ জৰিয়তে জানিব পাৰিছিল।

(ii) স্বদেশী আন্দোলনৰ যোগেদি ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰহিত্যত ১৯০৬ চনত কলিকতাত বহা অধিৱেশনত পোন প্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল।

(iii) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল। আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল।

চমু টোকা লিখাঃ

(১) কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰঃকবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক ভাৰতবৰ্ষৰ শিল্প সংস্কৃতি জগতৰ এক উজ্জ্বল নক্ষত্ৰ বুলিব পাৰি। স্বদেশী আন্দোলনৰ সময়ছোৱাত তেখেতে নিজৰ সৃষ্টিৰাজীৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনক এক সুকীয়া মাত্ৰা প্ৰদান কৰি গৈছে।

            স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে সেই সময়ত যি ২৩ টা গীত ৰচনা কৰিছিল সেইকেইটাক আজিও ভাৰতীয় সংস্কৃতিৰ সম্পদৰূপে গণ্য কৰা হয়। "আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালবাসি" শীৰ্ষক গীতটি ১৯৭২ চনত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰূপে মান্যতা দিয়া হয়। "যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে.." ৰ দৰে গীতে দেশবাসীৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল। "জন-গণ-মন" অধিনায়ক শীৰ্ষক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীতৰ স্ৰষ্টা ৰবীন্দ্ৰনাথ ঠাকুৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী আন্দোলনৰ পটভূমিত "ভাই ভাই এক ঠাই" নামৰ এটা বিখ্যাত প্ৰৱন্ধও ৰচনা কৰিছিল।
 
            স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল। তাৰে পৰিপ্ৰেক্ষিতত ১৮৯৭ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে "স্বদেশী ভাণ্ডাৰ" নামৰ এটা বস্ত্ৰ প্ৰতিষ্ঠান জন্ম দিছিল।
            ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী আন্দোলনৰ সময়ত ৰাজনৈতিকভাৱেও সক্ৰিয় ভূমিকা পালন কৰিছিল। স্বদেশী শিক্ষাৰ বিকাশৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯০৫ চনৰ ৬ আগষ্টত বংগ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰে। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R. W. Carlyle য়ে ১৯০৫ চনত এক জাননী জাৰি কৰিছিল। যাৰ বিৰুদ্ধে বংগত প্ৰৱল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল। ১৯০৫ চনৰ ৪ নৱেম্বৰৰ দিনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত "এন্টি ছাৰ্কুলাৰ ছ’চাইটি" গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
            ৰবীন্দ্ৰনাথ ঠাকুৰে, সতীশচন্দ্ৰ মুখোপাধ্যায় আৰু চাৰুদাস বন্দোপাধ্যায়ৰ লগত লগ লাগি "The Dawn Society" নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল।

(২) মাৰ্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা )ঃভগিনী নিবেদিতা যাৰ অন্য এটা নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবোল। তেওঁৰ জন্ম হৈছিল ১৮৬৪ চনত আয়াৰলেণ্ডত। স্বদেশী আন্দোলনৰ সময়ত তেওঁ, নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ভগিনী নিবেদিতাই কলিকতাত ইয়ংমেন্ছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হ'বলৈ শিকাইছিল। এইগৰাকী মহিয়সী নাৰীয়ে ১৯১১ চনত মৃত্যুবৰণ কৰে।


(৩) নবাব ছলিমউল্লাঃস্বদেশী আন্দোলনৰ সময়ছোৱাত ঢাকাৰ নবাব আছিল ছলিমউল্লা। লৰ্ড কাৰ্জনে ছলিমউল্লাৰ জৰিয়তে পূৰ্ব বংগৰ জনতাক একগোট কৰি ব্ৰিটিছৰ অধীন কৰিব বিচাৰিছিল। সেই উদ্দেশ্যে ছলিমউল্লাক নগণ্য সুদৰ বিনিময়ত ১৪ লাখ টকাৰ ধাৰো দিয়া হৈছিল। 
            ১৯০৬ চনত ৩০ ডিচেম্বৰত নবাব ছলিমউল্লাৰ আহ্বানক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান লগলাগি "সৰ্বভাৰতীয় মুছলিম লীগ" গঠন কৰিছিল। "মুছলিম লীগ" গঠন হোৱাৰ দিনাই ছলিমউল্লাই ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য ঘোষণা কৰি কৈছিল যে মুছলমান ৰাইজৰ মনৰ পৰা ভয়, শংকা আৰু পাৰস্পৰিক বিদ্বেষ ভাৱ আতৰাব লাগিব। তেওঁলোকে ব্ৰিটিছ চৰকাৰৰ প্ৰতি থকা আনুগত্য প্ৰসাৰ কৰিব লাগিব আৰু ব্ৰিটিছ চৰকাৰেও মুছলমান ৰাইজৰ অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদায়ে সচেতন হ'ব লাগিব।


Spelling Checked by 一 Sri Mampi Kakati



বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn



ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)




Post Id: DABP000939