তাপ


১।পৰীক্ষাগাৰৰ তাপমেতা আৰু জ্বৰ জোখা তাপমেতাৰ সাদৃশ্য আৰু পার্থক্যসমূহ উল্লেখ কৰা।

উত্তৰঃ

সাদৃশ্যঃ দুয়োটাৰেই এটা মূৰত বাল্ব এটা থাকে। দুয়োটাৰেই বাল্বটো পাৰাৰে পূৰ্ণ হৈ থাকে। দুয়োটাৰেই গাত ছেলছিয়াছ স্কেল থাকে।

পাৰ্থক্যঃ জ্বৰ জোখা তাপমেতাৰ 35 ডিগ্ৰী C ৰ পৰা 5 ডিগ্ৰী লৈ উষ্ণতা জোখিব পাৰি। কিন্তু পৰীক্ষাগাৰৰ তাপমেতাৰৰ পৰিসৰ সাধাৰণতে 10 ডিগ্ৰী C ৰ পৰা 110 ডিগ্ৰী C লৈ থাকে।
পৰীক্ষাগাৰৰ তাপমেতাৰ ডালেৰে উষ্ণতা জোখোতে থিয় কৰি ৰাখিব লাগে কিন্তু জ্বৰজোখা তাপমেতাৰ ডালেৰে জোখোতে হেলনীয়া কৰি ধৰি ৰাখিব লাগে।



২। তাপৰ পৰিবাহী আৰু অপৰিবাহী বস্তুৰ দুটাকৈ উদাহৰণ দিয়া । 

উত্তৰঃ

তাপৰ পৰিবাহী  হ'ল-  লো, তাম।

তাপৰ অপৰিবাহী  হ'ল-   প্লাষ্টিক, কাঠ।



। খালী ঠাই পূৰ কৰা।

(ক) কোনাে এটা বস্তুৰ উত্তাপ ইয়াৰ                       দ্বাৰা নির্ণয় কৰা হয় ।

উত্তৰঃ কোনো এটা বস্তুৰ উত্তাপ ইয়াৰ উষ্ণতাৰ দ্বাৰা নিৰ্ণয় কৰা হয়।

(খ)  উতলা পানীৰ উষ্ণতা                       তাপমেতাৰে জুখিব নােৱাৰি।

উত্তৰঃ উতলা পানীৰ উষ্ণতা ক্লিনিকেল তাপমেতাৰে জুখিব নোৱাৰি।

(গ) ডিগ্ৰী           এককত উষ্ণতা জোখা হয় ।

উত্তৰঃ ডিগ্ৰী এককত উষ্ণতা জোখা হয়।

(ঘ)                       প্রক্রিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়ােজন নহয়।

উত্তৰঃ বিকিৰণ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনত মাধ্য়মৰ প্ৰয়োজন নহয়।

(ঙ) এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে। ই ________ প্রক্রিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰে।

উত্তৰঃ এখন চেঁচা ষ্টীৰল চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে। ই পৰিবহণ প্ৰক্ৰিয়াৰে আনটো মুৰলৈ তাপ সঞ্চালিত কৰে।



৪। তলৰ খালী ঠাইসমূহ পূৰ কৰা।

উত্তৰঃ

ক) স্থলবতাহ - ঘ) ৰাতি
খ) জলবতাহ বলে - গ) দিনত
গ) গাঢ় ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় - খ) শীতকালত
ঘ) পাতল ৰঙৰ  বস্ত্ৰ পচন্দ কৰা হয় - ক) গ্ৰীষ্মকালত



৫। শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ কিয় গৰম হৈ থাকে।

উত্তৰঃ শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ গৰম হৈ থাকে  কাৰণ - সেই একাধিক তৰপৰ কাপোৰৰ মাজত বায়ু আবদ্ধ হৈ থাকে যিয়ে আমাৰ শৰীৰ গৰম কৰি ৰাখে।



৬। তলৰ চিত্ৰ ৪.১৩ টো লক্ষ্য় কৰা। পৰিবহণ, পৰিচলন আৰু বিকিৰণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হোৱা স্থানবোৰ চিহ্নিত কৰা।

উত্তৰঃ এই উত্তৰ তোমালোকে নিজে চিত্ৰ আঁকি কৰিবলৈ চেষ্টা কৰিবা।



৭। উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবােৰৰ বহিঃবেৰত বগা ৰং দিবলৈ পৰামর্শ দিয়া হয় । ব্যাখ্যা কৰা।

উত্তৰঃ উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিঃবেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া হয় কাৰণ বগা ৰঙে তাপ শোষণ নকৰে ওলোটাকৈ তাক প্ৰতিফলিতহে কৰে তেনে কৰিলে ঘৰৰ ভিতৰত ইমান উষ্ণ বা গৰম নোসোমাই ।



৮। ৩০° C ত থকা এক লিটাৰ পানী ৫০° C ত থকা এক লিটাৰ পানীৰ লগত মিহলি কৰা হ'ল । মিশ্রণৰ উষ্ণতা হ’ব -

(ক) ৮০° C
(খ) ৫০° C ত কৈ বেছি কিন্তু ৮০° C তকৈ কম।
(গ) ২০° C 
(ঘ) ৩০° C আৰু ৫০° C ৰ মাজত।

উত্তৰঃ (ঘ) ৩০° C আৰু ৫০° C ৰ মাজত।



৯। মগ এটাত থকা ৪০° C উষ্ণতাৰ পানীত ৪০° C উষ্ণতাৰবােৰ বল এটা ডুবাই দিয়া হ’ল। তাপ
(ক) লােৰ বলৰপৰা পানীলৈ সঞ্চালিত হ’ব।
(খ) লােৰ বলৰপৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লােৰ বললৈ সঞ্চালিত নহয়।
(গ) পানীৰ পৰা লােৰ বললৈ সঞ্চালিত হ'ব।
(ঘ) দুয়ােৰে উষ্ণতা বৃদ্ধি হ'ব।

উত্তৰঃ (খ) লােৰ বলৰপৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লােৰ বললৈ সঞ্চালিত নহয়।



০। আইছ ক্রীমেৰে পূৰ্ণ কাপ এটাত কাঠৰ চামুচ এখন ভৰাই থােৱা হৈছে । চামুচখনৰ আনটো মূৰ

(ক) পৰিবহণ প্রক্রিয়াৰে চেঁচা হ’ব। 
(খ) পৰিচলন প্রক্রিয়াৰে চেঁচা হ’ব। 
(গ) বিকিৰণ প্ৰক্ৰিয়াৰে চেঁচা হয়। 
(ঘ) চেঁচা নহয় ।

উত্তৰঃ (ঘ) চেঁচা নহয়।



১১। নিষ্কলংক তীখা (stainless steel) ৰ কেৰাহীৰ তলিভাগ সাধাৰণতে তামেৰে নির্মিত হয়। ইয়াৰ কাৰণ

(ক) তামৰ তলিয়ে কেৰাহীৰ আয়ুস বঢ়ায়। 
(খ) কেৰাহীটো দেখাত ৰং বিৰঙৰ হয়।
(গ) নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী।
(ঘ) নিষ্কলংক তীখাতকৈ তাম চাফা কৰা সুবিধাজনক।

উত্তৰঃ (গ) নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী।


OLD

আঁহৰ পৰা কাপোৰলৈ
    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQs Answer
    👉Paid Answer (For Membership User)

অনুশীলনী:

১) তোমালোকে তলত দিয়া প্রাক-প্রাথমিক শ্রেণীৰ পদ্যটোৰ লগত বোধ হয় পৰিচিত

i) Baa-Baa black sheep, have you any wool.

ii) Mary had a little lamb, whose fleece was white as snow.


তলত দিয়া সমূহৰ উত্তৰ দিয়া

ক) Black sheep ৰ কোনটো অংশত ঊণ আছে?

উত্তৰঃ Black sheep ৰ ছালখনত ঊণ আছে

খ) ভেড়াৰ পোৱালিৰ বগা নোমবোৰে কি বুজায়?

উত্তৰঃ ভেড়াৰ পোৱালিৰ বগা নোমবোৰে ঊণ বুজায়।


(২) পাটপলু মানে এটা (ক) কেটাৰপিলাৰ (খ) লাৰভা এতিয়া তলৰ কোনটো শুদ্ধ?

i) ক।

ii) খ।

iii) ক আৰু খ দুয়োটা।

iv) ক আৰু খ এটাও নহয়

উত্তৰঃ iii) ক আৰু খ দুয়োটা।

৩) তলত দিয়া কোনটোৱে ঊণ নিদিয়ে

i) য়াক।

ii) উট।

iii) ছাগলী।

iv) নোমাল কুকুৰ

উত্তৰঃ নোমাল কুকুৰ

৪) তলত দিয়া শব্দবোৰ কি বুজায়?

i) ৰিয়েৰিং বা পালন।

ii) শ্ৱীয়েৰিং বা নোম খুৰোৱা।

iii) ৰেচম বা পাট শিল্প।।

উত্তৰঃ i)  ৰিয়েৰিং বা পালন- আহাৰ খোৱা, চৰণ, প্রজনন আদিকে ধৰি তাৰে উপৰিও মাংস, আৰু অন্যান্য উপযোগী সামগ্রীৰ বাবে জন্তুৰ যত্ন লোৱা হয়

    ii) শ্ৱীয়েৰিং বা নোম খুৰোৱা – ভেড়াৰ শৰীৰৰ পৰা পাতল এতৰপ ছালৰ সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয়এই পদ্ধতিটোক মুণ্ডন বা প্রাণীৰ নোম খুৰোৱা বুলি কোৱা হয়

    iii) ) ৰেচম বা পাট শিল্প- পাট সূতা পাবলৈ পাটপলু প্রতিপালন কৰা বা পোহাক ৰেচম বা পাটশিল্প বোলে


৫) তলত দিয়া সমূহ হৈছে ঊণ তৈয়াৰ কৰা প্রণালীৰ স্তৰবোৰনথকা স্তৰবোৰ বাছি লিখা

স্বীয়েৰিং বা নোম খুৰোৱা, ________, চৰ্টিং বা ভাগ কৰা, ___________, ___________, _____________

উত্তৰ: স্বীয়েৰিং বা নোম খুৰোৱা, নির্ঘর্ষণ বা পৰিষ্কাৰকৰণ, চৰ্টিং বা ভাগ কৰা, ৰং কৰা, ফণিওৱা


৭) তলত দিয়াবোৰৰ কোন দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত

ৰেচম শিল্প, পুষ্পোদ্যান বিজ্ঞান, নুনীগছৰ খেতি, মৌ-পালন, বৃক্ষবিজ্ঞান

উত্তৰঃ ৰেচম শিল্প, আৰু নুনীগছৰ খেতি, এই দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত


৮) অংশৰ সৈতে অংশ মিলোৱা

 অংশ                               অংশ

১) স্কাউৰিং বা নির্ঘর্ষণ            ক) পাটৰ সূতা উৎপাদন কৰে

২) নুনী গছৰ পাত                 খ) ঊণ উৎপাদন কৰা প্ৰাণী

৩) য়াক                                গ) পাট পলুৰ খাদ্য

৪) লেটাগুটি                         ঘ) মহুৰা ফুৰা।

                                           ঙ) ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰকৰণ।

উত্তৰঃ

    ১) স্কাউৰিং বা নির্ঘর্ষণ- ঙ) ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰকৰণ

    ২) নুনী গছৰ পাত-     গ) পাট পলুৰ খাদ্য

    ৩) য়াক -                     খ) ঊণ উৎপাদন কৰা প্ৰাণী

    ৪) লেটাগুটি-               ক) পাটৰ সূতা উৎপাদন কৰে



(৯) পাঠৰ ওপৰত ভিত্তি কৰি তলত এটা শব্দ শৃংখল দিয়া হৈছে। শব্দবোৰৰ কাৰণে ইংগিতৰ সহায়ত খালী ঠাইবোৰ বৰ্ণৰে পূৰণ কৰা।

তললৈ
২) এখন ঠাই য'ত য়াকৰ ঊণ যথেষ্ট পৰিমাণে পোৱা যায় আৰু সাধাৰণতে ব্যৱহৃত হয়।- লাডাখত।
৩) ৰেচম বা পাট উদ্যোগ আৰম্ভ কৰা প্ৰথমখন দেশ।- চীন।
৫) পাটৰ আন এটি নাম- ৰেচম ।
পথালিকৈ
১) পাট পলুৰ জীৱন চক্ৰত কণীৰ পিছৰ স্তৰ। - কেটাৰপিলাৰ।
৪) কেটাৰপিলাৰে লেটালৈ ৰূপান্তৰ হোৱাৰ সময়ত নিঃসৰণ কৰা উপাদান।- প্র'টিন।
৬) পাট পলুৰ জীৱন চক্ৰত লেটাৰ পিছৰ স্তৰ।- চকৰী।
৭) ভেড়া, য়াক আদি জণ্ডৰ ছালৰ এক অংশ য'ৰ পৰা আঁহ পোৱা যায়। - নোম।


 

Answered by Dipshikha Das

Last Update by Dipawali Bora (28.04.2022)

 Check By -Mukesh Borah 

-------------------------------

বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------