f জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত ~ Daily Assam

জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত

জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত                          


১/ আগবাৰীত ফুলিলে

আগবাৰীত ফুলিলে 

সোণে মোৰ চম্পা 

সেউজী মালতী

গোন্ধৰ গুটিমালী

ৰঙাকৈ ৰেৱতী 

আমোলে মোলে ঐ

সোণে মোৰ চম্পা।

সোণৰে পখিলা 

ৰূপৰে পখিলা

ফুলনি জিলিকি উৰে মোৰ 

সোণে মোৰ চম্পা।

ক’ৰে বনৰীয়া

ফুটুকা ধুনীয়া

চৰায়ে বিনালে

অময়া সুৰেৰে

সোণে মোৰ চম্পা।।


২/ অ’ আমাৰ গাওঁ

অ’ আমাৰ গাওঁ!

আমাৰ গাৱৰ মান ৰাখি 

মৰিবলৈ যাওঁ আমি

মৰিবলৈ যাওঁ।

ভৰপূৰ তামোলৰে

সেউজীয়া পথাৰেৰে 

দূৰতে জিলিকি থকা

অ’ আমাৰ গাওঁ!

দেশৰ হকে মৰিব পৰা

আমাৰ গাঁৱৰ ডেকা ল’ৰা

ডেকেৰী নহয় পাছ কৰা

অ’ আমাৰ গাওঁ।

একঠা মাটি মই উপজিয়ে পাওঁ

এমুঠি পেটৰ ভাত

এখনি কাপোৰ গাত 

আজি কিয় তাকো নাপাওঁ?

এই মাটি মোৰ অধিকাৰ 

মোৰ ভাত মোৰে কাপোৰ

মোৰে দেশ আজি মই

নিজে ৰখাওঁ।

কালৰ মূৰ্তি ধৰি

শতৰু মূৰত 

আকাশৰ চৰগ পেলাওঁ।।


৩/  গছে গছে পাতি দিলে

(কোনে) গছে গছে পাতি দিলে

ফুলৰে শৰাই (ৰাম ৰাম)

কলীয়া ভোমোৰা গুঞ্জৰি আহে

গোন্ধকে ধিয়াই (ৰাম ৰাম)।

কোনে গোলাপী সখীক এনে হাঁহি দিলে

ৰূপতে ৰঙে চৰাই

ওৰণি তলতে পৰিমলৰেণু

উৰূৱাই পৱনে দিলে বিলাই।।

৪/ জননীৰ সন্তান জাগা

জননীৰ সন্তান জাগা 

জাগা শক্তিমান জাগা মুক্তিপ্ৰাণ।

মৃত্যু গছকি আনা জয়জিনি 

কৰি দু্ৰ্জয় অভিমান।

শক্তি গায়ত্ৰী মনত পেলোৱা

হ’ব দু্ৰ্নিবাৰ 

তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান 

অ’ মোৰ আপোন পাহৰা দুৰ্ম্মদ বীৰ 

অজেয় নৱজোৱান।


৫/ গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে 

বন্তি জ্বলাই যাওঁ আমি 

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে 

বন্তি জ্বলাই যাওঁ।

গাঁৱলীয়া ছোৱালী

শেৱালি মই নেৱালি 

গাঁৱৰ কোলাত হাঁহি মাতি

সোণ ধানৰে জেউতি চৰাম।।

গাঁৱৰ ল’ৰা আগবাঢ়ি যাওঁ

হবি কাটি আগবাঢ়ি যাওঁ

পৰ্বত ভাঙি আগবাঢ়ি গৈ

বাট উলিয়াম নিতৌ নুতন পাম।

জুই সুৰীয়া জয় সুৰীয়া

নতুন নাম গাম।

ৰাইজৰ বৰ নাম ঘৰতে 

সোণৰ ৰূপৰ পাট মেৰিওৱা

বৰখুঁটা লগাম।।


৬/  মোৰে জীৱনৰে সখা কৃষ্ণ 

মোৰে জীৱনৰে সখা কৃষ্ণ 

বজাৱ কি সুৰে বেণু 

কপালতে তোৰ কোনে আঁকি দিলে

ইন্দ্ৰধনু।

পুৱতি নিয়ৰে সানে চৰণতে 

শুকুলা মুকুতা ৰেণু 

শ্যামল  গাতে কোনে 

চন্দন পিন্ধালে 

অ’ তোৰ ফুল কোমলীয়া তনু

বজাৱ সোণৰে বেণু কৃষ্ণ তই 

বজাৱ সোণৰে বেণু।।

সুৰৰে জিঞ্জিৰি পিন্ধালি মোক 

সুৰৰে জিঞ্জিৰি।।


৭/ বনৰীয়া আমি বনৰ চৰাই

বনৰীয়া আমি বনৰ চৰাই

বনে বনে ফুৰোঁ অনাই বনাই

অনাই বনাই আমি

অনাই বনাই আমি

অনাই বনাই অ’ অনাই বনাই

উ-উ-উ-উ-উ-উ, উ-উ-উ।

ভৈয়ামৰে মইনা তই পোহনীয়া পখী

বনৰীয়া মইনাৰে পতালিহি সখী

ঘৰৰ কথা আমি বনত কাতি

বনৰ কথা আমি ঘৰত পাহি

পৰ্বতৰে বননিত ফুৰিম বগাই

অনাই বনাই অ’

অনাই বনাই।।


৮/  সেউজী সেউজী সেউজী অ’

সেউজী সেউজডী সেউজী অ’

সেউজী ধৰণী ধুনীয়া

সোণোৱালী শইচৰ

পথাৰ কোলাত শোভে

ৰ’দালীৰে ফুল ফল 

সেন্দুৰীয়া।

আমাৰ চকুলোৰে 

পানী দি জীয়ালোঁ

মণিকী-মধুৰী ধান,

জগতৰে শইচ

এৰা অ’ নিমাতী মান।।


৯/ জোনাকী কাৰেঙত কোনে বীণ বায়

জোনাকী কাৰৰেঙত কোনে বীণ বায়?

 পোহৰে পোহৰে হাঁহি বিলায়!

আমাৰে নিমাতীৰ কোনে মাত ফুটাব

ওঁঠতে হাঁহিটি দিব ফুলাই।

আমাৰ নিমাতীজনী 

নীল সাগৰৰ হীৰা মণি

অৰুণৰ হাঁহিৰে মুখুনি বোলোৱা

আলাসৰ প্ৰতিমাখনি।

হাঁহো হাঁহোকৈ

চকু দুপাহিয়ে

হঁহা নাই অতদিনে

মাতো মাতোকৈ

ওঁঠ দুখনিয়ে

আমাতেৰে মন জিনে!

ধিয়ানে-গিয়ানে সচিতে-সপোনে

কাকনো বিচাৰে কাকনো চায়?

বীণখনি বায়

কোনেনো দিবহি হাঁহি ফুলাই?

নিমাতী কইনাৰ মাত ফুটা নাই

অ’ মাত ফুটা নাই

জোনাকী কাৰেঙত কোনে বীণ বায়?


১০/ লুইতৰে পাণী যাবি অ’ বৈ

লুইতৰে পানী যাবি অ’ বৈ

সন্ধিয়া লুইতৰ পানী সোণোৱালী

চহৰে নগৰে যাবি অ’ বৈ

জয়াৰে কীৰিতি দেশে-বিদেশে

সাগৰে নগৰে ফুৰিবি কৈ।।

মাটিৰে দেহাটি এৰি জয়মতী

জ্যোতিৰে দেহাটি লৈ

যাউতিযুগীয়া কীৰিতি ৰাখি

চানেকী জগতলৈ।।

এটুপি দুটুপি তেজে তিনি টুপি

দেশৰ হকে জয়াই দিলে বিলাই 

অসমৰ জীয়ৰী অসমৰ বোৱাৰী

এটুপি্ চকুলো যোৱা পেলাই।।


১১/  ৰূপহ কোঁৱৰৰ চুমা পৰশতে

ৰূপহ কতোঁৱৰৰ চুমা পৰশতে

লাজুকী কুঁৱৰী মৰহি যায়।।

সোণতে সুৱগা আহি সানি দিলে

গোলাপী গালতে ৰঙে চৰাই।।

সপোনৰে সখা আহি দিলে দেখা 

দিয়া লখী দিয়া হিয়া বিলাই।।


১২/ বিশ্ববিজয়ী ন১ৱজোৱান২/ 

বিশ্ববিজয়ী নৱজোৱান, বিশ্ববিজয়ী নৱজোৱান!

শক্তিশালী ভাৰতৰ

ওলাই আহা ওলাই আহা 

সন্তান তুমি বিপ্লৱৰ।

সমুখ সমৰ সমুখতে 

মুক্তি যুঁজাৰু হুঁচিয়াৰ 

মৃত্যু বিজয় কৰিব লাগিব

স্বাধীনতাৰ খুলি দুৱাৰ।

অগ্নিবৃষ্টি আহিব লাগিছে

গৰজিছে বজ্ৰপাত

শিলাবৃষ্টি ভুমিকম্প

হ’ব সহস্ৰ উল্কাপাত।।


১৩/  আমাৰে সখিয়া আকুল বিয়াকুলে

আমাৰে সখিয়া আকুল বিয়াকুলে

সপোনৰ হাঁহিটি চাই,

সপোনত কোঁৱকে আহুদি আনিলে

মতলীয়া সখী খাই!

দিঠকৰ বাতৰি সপোনত মিলিলে

আছিল সখী বাটে চাই।

ফাগুনৰ বতাহে গাতে ছাটি মাৰে

গাতে ছাটি মাৰি যায়।

চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ

গাতে উৱাদিহে নাই

সখিয়াৰে গাতে উৱাদিহে নাই।।


১৪/ অ’ সখী আজি যৌৱন বন জুৰি

অ’  সখী আজি   যৌৱন বন জুৰি

   বন বসন্ত মুঞ্জৰি

   পাতে বৰণৰে মেলা,

হাঁহা সখী মোৰ    হাঁহা সখী মোৰ

    হাঁহিৰে ফাকু খেলা।

তোৰ ৰুপৰ ফুলনিতে 

    শেৱালি নেৱালি কতনো ফুল

দশোদিশ আমোলাই   কৰিছে আকুল

ফুলৰ বাতিৰে মৌৰে  নিজৰা বাকি দিয়া

    বিয়াকুল ৰুপ মৌ পিয়া।

আজি অভিনৱ তৰালী পোহৰৰ

      চঞ্চল গীত শুনা-

তাৰ লহৰতে কঁপি কঁপি মোৰ যৌৱনৰ

     জোনাকী কাৰেঙত বাজে বীণা।

তাতে বাসনা-উৰ্বশী

   বিবসনা-

   নৃত্যতে আকুল

  অ’ সখী! যায় যে বেলা-

হাঁহা সখী মোৰ   হাঁহা সখী মোৰ 

হাঁহিৰে ফাকু খেলা।।


১৫/ নূপুৰে মাতে ৰুণ্ জুণ্

নূপুৰে মাতে ৰুণ্ জুণ্ 

নূপুৰে মাতে।

সখী যাবৰ বেলি

আমাৰ হিয়াখনি

বিষাদে ছাটে।।

চলে চলি চকুতে

সখী চকুপানী নাটে।।

যোৱা সখী দিছো বিদায়

যোৱা সখী দিছো বিদায়

মনতে ৰাখিবা সদায়

এৰানো কি স’তে 

সখী এৰানো কি স’তে।

0 comments:

Post a Comment

Write your Comment